Wednesday, January 6, 2016

কট্টপ্পাই বাহুবলীক কিয় মাৰিলে???Why did Kattappa kill Baahubali?कट्टप्पा ने बाहुबली को क्यों मारा?


 
কেইবাসপ্তাহো দেশখনক জৰ্জৰিত কৰি ৰখা প্ৰশ্নটোৰ উত্তৰৰ অন্বেষণ..

১। খুজলিৱাল:- বাহুবলীক হত্যা কৰিবলৈ কট্টপাক বিজেপিয়ে উচটনি দিছিল, মোৰ হাতত প্ৰমাণ আছে। তাৰোপৰি শান্তি শৃংখলা ৰক্ষাৰ দ্বায়িত্ব আমাৰ নহয়, কেন্দ্ৰৰহে। মোক শান্তিৰে কাম কৰিবলৈ নিদিয়াৰ উদ্দেশ্যেই মোৰ শত্ৰুসকলে এইবিলাক কথা অৱতাৰণা কৰিছে।

২। স্বৰ্গদেউঃ- হে হে, কি কথা কোৱা হে, সবেই দেখিয়েই আছে। বাহুবলীৰ শাসনত থকা কেন্দ্ৰই কট্টপ্পাক কিটো দিলে?দিলেনে কিবা? খালি ফাণ্ড নাই, অমুক নাই, ভুচুক নাই। খং উঠিবই, হয়নে নহয়? সেই কাৰণেই মাৰিলে আৰু....ৰাইজে দেখিয়েই আছে চব...হয়নে নহয়?


৩। নিখিল গগৈঃ- নাম্বাৰ ৱান, বাহুবলীয়ে অন্যায় ভাৱে কট্টপাৰ খেতি মাটিত বিলাসী হোটেল সাজিছিল। নাম্বাৰ টু, কট্টপ্পাৰ তৰোৱাল বনোৱা থলুৱা উদ্যোগটো বিদেশী পূঁজিপতিৰ হাতত তুলি দিয়াৰ ষড়যন্ত্ৰ কৰিছিল। গতিকেই নিস্পেষিত কট্টপ্পাই এই চৰম পন্থা লবলৈ বাধ্য হ'ল । নাম্বাৰ থ্ৰী....এই সমগ্ৰ কাণ্ডটোৰ চি বি আইৰ হতুৱাই তদন্ত কৰাব লাগে, তেতিয়া সকলো কথা ওলাই পৰিব। তাৰ বাবে আমি প্ৰয়োজন হ’লে আমি জংগী আন্দোলন গঢ়ি তুলিম।

৪। হাবিৰাম বৰুৱাঃ- বিপ্লৱী মুক্তিকামী শক্তিক অন্যায় ভাৱে বাধা দিয়া চেষ্টা কৰিলে এনে পৰিণাম আৱশ্যম্ভাৱী। ইয়াৰ যোগেদিয়েই শোষণকাৰীৰ ভেৰোণীয়া গুণ্ডাবাহিনীক সঁকিয়াই দিয়া হৈছে যে....

৫।মানৱেন্দ্ৰ মোডীঃ- ভাইয়োঁ ঔৰ বেহনোঁ, বাহুবলী কো মাৰনে কা ‍‍ষড়য়ন্ত্ৰ কংগ্ৰেছৰ আমোলতে আৰম্ভ হৈছিল। পিছে আমাৰ চৰকাৰ অহাৰ পাছত চাওক, সকলো ফালে জয়জয় ময়ময়। আজি দেশ উন্নতিৰ চৰম শিখৰত, জয়জয় ময়ময়। মই যেতিয়া চীনলৈ গৈছিলো, তাত মোক তাৰ মানুহে কৈছিলে, জয়জয় ময়ময়। ইফালে মোৰ আমৰিকা ভ্ৰমণৰ সময়তো ... জয়জয় ময়ময়....ৰাছিয়া...জয়জয় ময়ময়, বাংলাদেশ ... জয়জয় ময়ময়............জয়জয় ময়ময়...........জয়জয় ময়ময়।

৬। ৰাগাঃ-(হাতৰ মুঠিত থকা পুৰীয়াটো চাই) মোডী ডাঙৰীয়াই কেৱল কংগ্ৰেছক দোষ দিয়েই দায় সাৰিব খুজিছে। তেও প্ৰমাণ কৰক যে কট্টপ্পাইয়েই বাহুবলীক মাৰিলে। থেংক ইউ।(হাত ডাঙি সকলোকে ৱেভ কৰে)

৭। মুখুজ্জল ভট্টাচাৰ্যঃ- কট্টপ্পা খিলঞ্জীয়া লোক হোৱা স্বত্তেও বাহুবলীৰ নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰে তেওক সাংবিধানিক ৰক্ষা কৱচ কিয় নিদিলে, আপোনালোকে সেই প্ৰশ্নটো নিজকে কৰক। বাকীসকলো প্ৰশ্নৰ উত্তৰ তাৰ লগতে জড়িত হৈ আছে।আমাৰ সন্থাৰ ফালৰ পৰা আমি বাৰম্বাৰ এই প্ৰশ্নটো উঠাইছো যদিও, শাসক দলে কৌশলগত ভাৱে সদায় এৰি ছলিছে..............য়েতিয়ালৈকে....

৮।ভদৰুদ্দিন ভাচমলঃ- কিটা আৰু, NRCৰ লাইগ্যা খট্টফ্ফাৰ লিগেছি ডাটা ছিল না যে, ছাগল বিক্ৰীৰ ৰছিদটাও হেৰা মানে না।কি ৰকম খটা এইটা? হেঁ? এত বছৰ থেকে ঐখানেই খাঝ-খৰ্ম কৰে, আঁতৰৰ বেপচা কৰে, তাৰফৰেও, NRC, লিগেছী, কত গুল' ঝামেলা। মানুহেৰ মাথা কি ঠিক থাকবে? আগামীবাৰ কট্টপাক আমৰ পাৰ্টি থেকে তেজপুৰৰ পৰা টিকেট দিমু।

৯। বুদ্ধিজীৱি দত্তঃ- সমগ্ৰ প্ৰক্ৰিয়াটোত দুটা দিশ জড়িত হৈ আছে। প্ৰথমতে এক ভয়ংকৰ ৰাজনৈতিক ষড়যন্ত্ৰ, বোকা চটিওৱাৰ ৰাজনীতি আৰু দূৰ্নীতি। আমি আজিৰ আৰ্থ সামাজিক দিশটো ফঁহিয়াই চালে দেখিম যে, কট্টপ্পা এক শোষিত শ্ৰেণীৰ প্ৰতিভূ, আৰু এই শ্ৰেণীটোৱে কেতিয়াবা বিদ্ৰোহ কৰিবই, ইতিহাসেও তাকে কয়। মন কৰিবলগীয়া দ্বিতীয় দিশটো হ'ল ..ৰব..মোক মোৰ কথাখিনি শেষ কৰিবলৈ দিয়ক, ..আপুনি ভদ্ৰতাৰ সীমা চেৰাই গৈছে। (সপ্তম স্বৰত) ..ইয়াৰ দ্বিতীয় কাৰণ অন্ধবিশ্বাস, ..হয়...অন্ধবিশ্বাস...মোৰ হাতত তথ্য আছে, কোনোবাই বাহুবলীক ডাইনী বুলি ষড়যন্ত্ৰমূলক ভাৱে প্ৰচাৰ কৰাৰ বাবেই, শুনক...অশিক্ষিত কট্টপ্পাই ....ভুল ধাৰণাৰ বশৱৰ্তী হৈ.....(আঙুলি টোঁৱাই) ৰব আপুনি....আৰু ইয়াৰ পৰাই বৰ্তমানৰ চৰকাৰখনৰ নিস্ক্ৰিয়তা প্ৰমাণ হয়। গতিকে....... ৰব .....মোক কবলে দিয়ক...গতিকেই ....(Muted)

১০। আমাৰ এওঃ- (শোৱনী কোঠাত, ফুচফুচাই) হেৰা, তুমি কথাটো মন কৰিছা নে নাই? কট্টপ্পাৰ যে সৰু ল'ৰাটো, দেখিছানে? খেলটো বেলেগ বুইছা, কাকো নকবা, নাক কাণ কটা যোৱা কথা এইবোৰ। ল’ৰাটোৰ মূৰত এগাল মান চুলি, দেখিবলৈ বগা , আৰু ওখও। দেখিলেই গম পাই...হেৰি বুলি....বুজিছানে নাই?..... মই আগতেই গম পাইছিলো কিবা এটা গন্দগোল হব। সেইদিনা নামঘৰত বৰুৱানীহঁতেও কথাটো কৈ ফিচফিচাই হাঁহিছে। কট্টপ্পাৰ ঘৈণীয়েক জনীও দেখিছো নহয়, ৰচকী একেবাৰে। তাইৰ বোলে বিয়াৰ আগতেও গন্দগোল আছিল, শইকীয়াৰ মিচেছে কৈছে নহয়। কট্টপ্পাৰ বোলে এই কথাটো লৈ ঘৈণীয়েকৰ লগত এবছৰ মানৰ পৰা মাতবোলেই নাই। সেইদিনা যুদ্ধত ছাগে চান্স পাই গ’ল কট্টপ্পাই.. বেয়াই লাগে বেছেৰালে, ঘৈণীয়েকজনীয়েই যতকুটৰ ঘাই।আৰু বাহুবলীয়েও নো..............ইইই... শুলাই নেকি তুমি?

No comments:

Post a Comment