Wednesday, January 6, 2016

আশাকৰো তোমালোক -৬

মৰমৰ অকণ-অকণিহঁত



আজিৰ পৰা প্ৰায় তিনিহেজাৰ বছৰৰ আগতে যেতিয়া মানৱ জাতিৰ আন আন সদস্যসকলে প্ৰায় জন্তুৰ দৰে জীৱন নিৰ্বাহ কৰিছিল, তেতিয়াই  সভ্যতাই চূড়ান্ত শিখৰত অৱস্থান কৰিছিল।  শ্ৰীশ্ৰী ছেংমায়ন দেৱে এখন গ্ৰন্থ প্ৰণয়ন কৰিছিল, যিখনৰ নাম আছিল “টইলেট সূত্ৰ”। এই গ্ৰন্থখনত পাইখানা কৰাৰ ভিন ভিন নিয়ম আৰু তাৰ উপকাৰ বা অপকাৰ সম্পৰ্কে বিশদ বিৱৰণ দিয়া হৈছে। ইয়াৰ উপৰিও পাইখানা কৰাৰ নানান আসন বা প’জ আৰু তাৰ সুবিধাসমূহ বৰ্ণনা কৰা হৈছে। বিশ্বৰ কোন কোন প্ৰান্তৰ কোন কোন লোকে কেনেদৰে পাইখানা কৰে, পাইখান কৰাৰ আচল সুখ কেনেকে অনুভৱ কৰিব পাৰি, তাৰ ইতিহাস আৰু প্ৰক্ৰিয়া গ্ৰন্থখনত চিত্ৰসহকাৰে দিয়া হৈছিল। এই গ্ৰন্থখনৰ প্ৰভাৱ আজিও আমাৰ সমাজত বিৰাজমান! তাৰ প্ৰমাণস্বৰূপে তোমালোকে হনী সিঙৰ ‘me and friends latring in field’ নামৰ ৭১ জন লোকক টেগোৱা ফটোখনলৈ মন কৰিব পাৰা। 

পাইখানা কৰা মানুহ এক সহজাত প্ৰবৃত্তি, হলেও পাইখানা কৰাৰ ইমান বিষদ বিৱৰণ থকা গ্ৰন্থ বিশ্বত বিৰল। বিখ্যাত জাৰ্মান সংস্কৃত পণ্ডিত লানী চিয়নে এই গ্ৰন্থখনৰ সম্পৰ্কে এইবুলি মন্তব্য কৰিছে - Though taking shit is a natural process, it’s still a taboo to talk about it in public, but the great Pundit Chengmayan has studied it is so detail, that too 3000 years back, and turned the mere act of taking shit to a graceful form of Art. 

ভাবি চোৱাচোন মইনাহঁত, যিসময়ত আন মানুহে পশুৰ দৰে জীৱন কটাইছিল, নিজৰ পাইখানাকে খাদ্য বুলি গ্ৰহণ কৰিছিল, সেই সময়তে এই দেশত পাইখানা কৰাৰ ওপৰত গ্ৰন্থ প্ৰণয়ন কৰা হৈছিল। গতিকে মইনাহঁত, তোমালোকে আমাৰ ঐতিহ্যৰ সম্পৰ্কে সচেতন হোৱা প্ৰয়োজন, আজিলৈ এৰিলো।

মৰমৰে
তোমালোকৰ

No comments:

Post a Comment