Wednesday, August 26, 2020

দাপোন

দাপোনখনত এখন ছৱি!

কি বা কয় তাক মান্য অসমীয়াত?


মনত পৰিল ৰব- ‘প্ৰতিবিম্ব’;

আকৌ ভালকৈ লিখো,

দাপোনখনত এটা প্ৰতিবিম্বৰ সাধুটো কব খুজিছিলো।

এটা নে দুটা ছাঁ?

দুটাই হব পায়।

ছাঁ-পোহৰৰ খেল চলিছিল,

ৰব! নে বিম্ব প্ৰতিবিম্বৰ?

আকৌ লাগিল নহয় খেলিমেলিখন।

ৰব! প্ৰথমতে সাধুটো কও, তাৰ পাছত ভাৱিম!

দাপোনত প্ৰতিবিম্ব দুটা গলিছিল বৰফৰ দৰে।

গৰমত!!

নে ভয়ত? অনিশ্চিত!

পিছে সাধুটো তেনেই ছুটি,

মাত্ৰ দুটা শাৰীতে শেষ!

চোতালত,

আইতাৰ কোলাত,

আৰামেৰে শুই শুই শুনিব পৰা সাধু নহয়।

Wednesday, January 22, 2020

অকবিতা

(১) = প্ৰেম=

মোলৈ হোৱাটএপচ কল কৰিবা সোণজনী;
মোৰ প্ৰিয়তমা পত্নীয়ে,
ফোনটো এনগেজ থাকিলে
সন্দেহ কৰে!

(২) =ভোক=

আস! ভোকৰ কি যান্ত্ৰণা!!
ইফালে ঘৰত মেগী এপেকেটো নাই।
কাষৰ ঘৰৰ খুড়ীয়ে
চাহ খাবলৈ মাতিব বুলি
বাট চাই থাকোতে,
বেলি দেখোন মুৰৰ ওপৰেই পায়।
খুড়ীওচোন আজি,
বাৰান্দালেকে ওলোৱা নাই।

=কভী কভী লগতা হেঁ=

আজি গধূলি বিশেষ কৰিব লগা কাম নাছিল। দিনৰে ডাইল, ভাজি আছেই, ভাত কেইটা পাতি দিলেই হ'ল। গতিকে এনেই থকাতকৈ নতুন ধৰ্ম এটাকে প্ৰৱৰ্তন কৰি পেলালো।

আচলতে আজিকালিৰ এই ধৰ্মক লৈ চলি থকা খাম খেয়ালিবোৰ মোৰ ভাল লগা নাই, সেয়ে সেই খামখেয়ালিবোৰ আৰু বেছি বঢ়াবলৈ, মই এই নতুন ধৰ্মটো প্ৰৱৰ্তন কৰিলো। বৰ সুন্দৰ, সস্তা আৰু টিকাও ধৰ্ম, আপোনালোকে গ্ৰহণ কৰিলে আৰাম পাব।

সবিশেষ নকও, কিন্তু এটা কথা জানি থওক, মই আজি প্ৰৱৰ্তন কৰা ধৰ্মটোৰ ভগৱানজনৰ নাম "কণপাই"। আৰু ধৰ্মটোৰ নাম "কণপাইজম!"

হাঁহিছে কিয়? কি হ'ল? - ভগৱানৰ এনেকুৱা নাম থাকিব নোৱাৰে নেকি? ভগৱানৰ নাম সংস্কৃত, আৰৱী, হিব্ৰু, বা লেটিন ভাষাতেই হব লাগিব বুলি কি কথা আছে? মই নিজে বুজা ভাষাটোত ভগৱানৰ নাম ৰাখিছো, তাতে কি হ'ল আপোনাৰ?

স্বাস্থ্য ৰক্ষা!

বয়স হোৱাৰ সকলোতকৈ নিৰ্ভৰযোগ্য চিন হ’ল – স্বাস্থ্যৰ প্ৰতি সজাগতা। বয়স বাঢ়ি অহাৰ লগে ৰাইজে অসু্খ বিসুখ হওক বা নহওক, স্বাস্থ্য বোলা বস্তুটোক লৈ বেছিকৈ মাথা মৰা দেখা যায়। শকত হৈছো নে ক্ষীণাইছো, বিপি, চুগাৰ ঠিকে ঠাকে আছেনে নাই, চাল সোঁতোৰা পৰিছে নেকি? ডিহাইডেছন হৈছে নেকি? সুষম খাদ্য, তেল কম , চেনী কম!

মুঠতে ডেকা আৰু বুঢ়াৰ মাজত সেইটোকে মুল পাৰ্থক্য বুলি কব পাৰি। ডেকাকালত মানুহে স্বাস্থ্য ধ্বংস কৰিবলৈ পাৰেমানে সকলো কৰে, আৰু বুঢ়া বয়সত সেই ভগ্ন স্বাস্থ্য উদ্ধাৰ কৰিবলৈ। যিদিনাৰ পৰাই আপুনি স্বাস্থ্য ভালে ৰাখিবলৈ চেষ্টা কৰা আৰম্ভ কৰে, সেইদিনাৰ পৰাই, লাগিলে আপোনাৰ বয়স যিয়েই নহওক, আপুনি বুঢ়া হোৱা বুলি ধৰিব পাৰি। কথাটোত আন এটা যুক্তিও আছে, স্বাস্থ্যৰ প্ৰতি মন কৰিলেই আপুনি ডেকা কালত কৰিবলৈ মন যোৱা প্ৰায় সকলো কামেই বাদ দিব লাগিব, গতিকে প্ৰেক্টিকেলী আপুনি বুঢ়া হবই লাগিব।

আহক, লেঠা লগাও

ৰাইজে অলপ অচৰপ বুজি উঠিছেই হয়তো, কণপাই ধৰ্মী সকলৰ মূল কাম হ'ল- সকলোতে লেঠা লগোৱা। লেঠা লগাই ফুৰাই এই ধৰ্মৰ মূলমন্ত্ৰ। ধৰক কোনোবাই ক'লে- "বাটে ঘাটে মুত্ৰ বিসৰ্জন নকৰিব" - বচ আৰু কি লাগে? কণপাই সকল জঁপিয়াই পৰিব তাত। কিয় নকৰিম? এয়া এক প্ৰাকৃতিক আহ্বান! চৰকাৰে তেনে দহফুটৰ মুৰে মুৰে টইলেট সাঁজি দিয়া নাই কিয়? চৰকাৰ হায় হায়! মু্ত্ৰ বিসৰ্জন আমাৰ অধিকাৰ, সংবিধান সংশোধন কৰি মুত্ৰ বিসৰ্জনৰ অধিকাৰক মৌলিক অধিকাৰ কৰিব লাগে। হেনহে তেনহে!

এইবিলাক বিতৰ্কৰে আচল সমস্যাবোৰৰ পৰা মনোযোগ আঁতৰাই ৰখাৰ লগতে ৰাইজৰ মনোৰঞ্জনো কৰি থকা কণপাইজমৰ অন্যতম বৈশিষ্ট।

=থলুৱা ব্যৱসায়- প্ৰত্যাহ্বান আৰু কৰণীয়=

এই হাই-কাজিয়া, বিতৰ্ক, অত্যধিক ৰাজনীতি, খিয়লা খিয়ালি, মূল্যববোধৰ পতন আদিৰ মাজতে কিছুমান ভাল লগা খবৰে মন প্ৰাণ ভৰাই তোলে। তেনে এটা ভাল লগা খবৰ হ'ল 'থলগিৰি'। থলগিৰিৰ প্ৰতি ৰাইজৰ উৎসাহ আৰু মনোযোগে মোক আনন্দিত কৰিছে। থলগিৰিৰ খবৰটোৰ সমসাময়িক ভাৱে আৰু এটা খবৰে উৎসাহিত কৰিলে, জিতেন দত্ত ডাঙৰীয়াই, থলুৱা সূতা আৰু শিপিনীৰ যোগে আমাৰ ঘৰুৱা তাঁতশালত অসমীয়া আৰ্হিৰ গামোচা তৈয়াৰ কৰৰা উদ্যোগ কৰিছে, ইতিমধ্যে উৎপাদন আৰম্ভও হৈছে।

আৰু মোৰ মৰমৰ ভাই দেবাংগ পল্লৱে ইতিমধ্যে 'খাৰখোৱা ফুডচ্' ব্ৰেণ্ডেৰে থলুৱা আচাৰৰ ব্যৱসায়টোত প্ৰতিষ্ঠা লাভ কৰিছে। নগাঁৱৰ ভাতৃপ্ৰতীম মৃদু মৌচম বৰাই সাঁচিপাত, হেঙুল হাইতাল তৈয়াৰ কৰা পদ্ধতি পুণৰোদ্ধাৰ কৰি নিয়মীয়া ভাৱে উৎপাদন কৰি আহিছে। বিগত দুই এবছৰ ধৰি আৰু কেইবাজনো লোক বা অনুষ্ঠানে এনেধৰণৰ উদ্যোগ হাতত লোৱা দেখা পাইছো।

অসমীয়া মানুহ ব্যৱসায়ত কেঁচা, ইয়াৰ কাৰণ স্বাভাৱিক। অসম বা উত্তৰ পূৱ ইমানেই সমৃদ্ধ যে এই ঠাইত মানুহে খোৱা বোৱাৰ বাবে কেতিয়াও কষ্ট কৰিব লগা হোৱা নাছিল, যেতিয়ালৈকে পশ্চিমীয়া ভোগবাদৰ সৈতে আমাৰ পৰিচয় নাছিল। ঘৰখনতে ধান চাউল, মাছ- পুঠিৰ পৰা আৰম্ভ কৰি তামোল-পাণলৈকে উভৈনদীকৈ আছিল। লগতে আছিল এক সুসংগঠিত সমাজ ব্যৱস্থা, যাতে কোনো বিপদত নপৰে। "মাজু ছোৱালীজনীৰ বাবে ল'ৰা এটা ওলাইছে, ৰাইজে এতিয়া সেৱকীক উদ্ধাৰ কৰিব লাগে"- বুলি নামঘৰত আঁঠু লৈ দিলেই- বিয়াৰ আধাতকৈয়ো বেছি কাম হৈ গৈছিল। ৰভা পৰলা, চিৰা দৈ, চেলেং চাদৰ, সকলো কেনেবাকৈ যোগাৰ হৈ গৈছিল। সসন্মানে ছোৱালীজনী উলিয়াই দিয়া সমাজখনৰ দ্বায়িত্ব আছিল, কেৱল পিতৃ-মাতৃৰ নহয়।

=দৈহিক=

কামনা বাসনা অপৱিত্ৰ বস্তু! মানুহৰ গাত থকা কামনা বাসনা আচলতে একপ্ৰকাৰৰ ৰোগ!! যৌনতাৰ কথা কোৱা পাপ!! মহিলাৰ বাবেটো একেবাৰেই নিষিদ্ধ!! মহিলাৰ ভিতৰত কেৱল বেশ্যাৰ হে কামনা বাসনা থাকিব পাৰে!!

ৰব, এয়া বাতুলামি নহয়, বৰঞ্চ অসমীয়া সমাজৰ এক অলিখিত নিয়ম! আৰু এই শুচিবায়ুগ্ৰস্ততা ই বৰ বেয়াকৈ চুই গৈছে অসমীয়া সাহিত্যকো। আন কলাকো! ন্যুড অঁকা অসমীয়া শিল্পীক চৰিত্ৰহীণ বুলি ভৱা হয়, তেনে আৰ্টৰ প্ৰদৰ্শনী নহয়। অৱশ্যে মাজে মাজে দুই এটা ব্যতিক্ৰম দেখা পাও, আজি তেনে এক সাহসী ব্যতিক্ৰম দেখা পালো এই মাহৰ 'সাতসৰী'ত প্ৰকাশিত জুৰী বৰা বৰগোঁহাইৰ "দৈহিক" নামৰ গল্পটোত।

কিন্তু যৌনতা সচাকৈয়ে পাপ নে? যৌনতাৰ কথা পতাতো সঁচাকৈয়ে Taboo জানো? আমিনো কোনে নেজানো যে, ভোক- পিয়াহ, উশাহৰ দৰেই যৌনতাও মানুহৰ এক প্ৰাকৃতিক প্ৰবৃতি, তাক নস্যাৎ কৰি কৰা এই তথাকথিত শুচিবায়ুগ্ৰস্ততা একধৰণৰ হিপ'ক্ৰেছী নহয় নে? মোৰ বোধেৰে হয়। আমি যদি খাদ্যৰ অভাৱৰ বাবে হোৱা মানুহৰ কষ্টক লৈ গল্প উপন্যাস লিখিব পাৰো, তেনে যৌনতাৰ অভাৱক লৈ কিয় নোৱাৰো? এই সাহস কৰিছে জুৰী বৰা বৰগোঁহায়ে।

দুগৰাকী বিবাহিতা মহিলা, সদ্য বিবাহিতা গাঁৱলীয়া মহিলা দুইগৰাকীৰে স্বামী মাহ মাহ ধৰি কামৰ প্ৰয়োজনত আঁতৰত থাকে। তাৰে এগৰাকীয়ে আন এজন যুৱকৰ সৈতে সম্পৰ্ক স্থাপন কৰে, ইগৰাকীয়ে গম পাই! প্ৰথমতে আশ্চৰ্য, তাৰ পাছত লাহে লাহে ইৰ্ষাৰ দাবানলে দহি পেলাই মানুহগৰাকীক। আৰু বহু দিন নিজৰ মাজতে যুঁজ বাগৰ কৰি এদিন নায়িকাইে আনগৰাকীৰ পৰা সেই যুৱকজনক ধাৰলৈ খোজে, এৰাতিৰ বাবে।

জুৰীৰ লিখনি সম্পৰ্কে আলোচনা কৰাৰ ধৃষ্টতা নকৰো, কেৱল কম, এটি নিটোল গল্প, তেওৰ আনবিলাক গল্পৰ দৰেই। কিন্তু যিটো বিষয় তেও বাচি লোৱাৰ সাহস কৰিছে, তাৰ বাবে তেও ধন্যবাদৰ পাত্ৰ। পাঠক হিচাপে মই গল্পটোত এক সুক্ষ্ম মানৱীয় আবেদন আৰু সততা বিছাৰি পালো। মোৰ মনত কিছু প্ৰশ্ন জাগিল, যিবোৰ প্ৰশ্ন মই আগতে নিজকে কৰিবলৈ সাহস কৰা নাছিলো। হয়তো সেই শুচিবায়ুগ্ৰস্ততাই মোকো চুইছিল অলপ। সেয়ে পাঠক হিচাপে মোৰ বাবে 'দৈহিক' এক সফল গল্প।

অসমীয়া সাহিত্যৰ মংগল আৰু স্থায়িত্বৰ বাবেই কিছুমান জেওৰা ভাঙিবৰ হ'ল।

বি. দ্ৰ. :- যিসকল পাঠকে এনে গল্পত সুৰসুৰনি তোলা মছলা বিছাৰি পায়, তেওলোকক কও, আপোনালোকে Erotica বা Pornography কাক কয় নেজানেই। আজিকালি ইণ্টাৰনেট হ'ল- হাতৰ মুঠিতে সকলো পোৱাৰ ব্যৱস্থা হ'ল- নিজকে অলপ আপডেট কৰক হে!

= নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬; মই যিদৰে বুজিছো=

॥ আগকথা॥

দুদিনমান আগতে মোৰ টাইমলাইনত নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে এক ফেচবুক প'ল আপডেট কৰিছিলো। ইচ্ছা আছিল সামগ্ৰিক ভাৱে মোৰ বন্ধু বান্ধৱ সকলৰ ( যিসকল সচেতন আৰু অসমপ্ৰেমী মানুহ বুলি মই নিশ্চিত) মাজত বিধেয়ক সম্পৰ্কে এক স্পষ্ট ধাৰণা লোৱা। হয় মোৰ বন্ধু বান্ধৱ সকলে হয়তো সমগ্ৰ অসমৰ জনসংখ্যাক প্ৰতিনিধিত্ব নকৰে, কিন্তু মোৰ হিচাপত মোৰ বন্ধুসকল সাক্ষৰ আৰু সচেতন লোক সকলৰ এক "ৰিপ্ৰেজেণ্টেটিভ চেম্পল"- আজিও তেনেকৈ ভাৱো। তাত কোনো আলোচনা কৰাৰ মন নাছিল, কিন্তু শেষত গৈ আলোচলা হ'লগৈয়ে। কিন্তু মোৰ বন্ধুসকলৰ ৯২% ই এই বিধেয়কৰ বিৰূদ্ধে মত ৰাখিলে, সি আজিৰ অসমীয়াৰ প্ৰতিক্ৰিয়াৰ প্ৰাকচিত্ৰ আছিল বুলি এতিয়া কবলৈ মোৰ কোনো আক্ষেপ নাই।

এইটো পোষ্ট আলোচনাৰ বাবে দিছো। বিধেয়ক খন সম্পৰ্কে এক স্পষ্ট আৰু শুদ্ধ ধাৰণা প্ৰতিষ্ঠিত হোৱা উচিৎ! ইয়াত মোৰ যিখিনি ভুল আছে, যুক্তিৰে উপস্থাপন কৰক, মই সংশোধন কৰিবলৈ সাজু আছো। কিন্তু যদি কোনোবাই ইয়াৰ মাজত মোৰ বাংলাদেশী মুছলমান সমৰ্থকৰ ৰূপ দেখা পাই, তেনে অনুগ্ৰহ কৰি মোৰ বিৰূদ্ধে বিহীত ব্যৱস্থা লওক, ইয়াত তৰোৱাল নুঘুৰাব।

নিৰপে‍ক্ষতা আপে‍ক্ষিক বস্তু, জানো। মোৰ নিৰপেক্ষতা সদায় অসম আৰু অসমীয়াৰ ওচৰে পাজৰে থাকে, অস্বীকাৰ নকৰো। গতিকে স্পষ্টৰূপে আৰু যুক্তিৰে আলোচনা কৰক, ই বৰ প্ৰয়োজনীয় কাম এতিয়া। কিবা যুক্তিসংগত ভুল ওলালে এই পোষ্টতে এডিট কৰি সংশোধন কৰিম।

×××××
প্ৰথমতেই বিধেয়কখন পোনে পোনে লিখি দিব খুজিছো, অসমীয়ালৈ অনুবাদ কৰি

×××××××

Think or Act Naturally?

When we get educated, what happens? We become logical, smart, and start taking decisions thro' a conventional and time tested thaught process. We reason with the knowledge education gave us, and what we do by this; we do things the way are acceptable, if not the best, according to the cumulative consciousness of humankind. We start to act smart.

But when a person is not educated, or is not depending upon his or her pre-installed logic and values, what does he or she do? They entirely depend on their intuition or natural reflex to take decisions.
I am now kinda ok with both ways, nowadays. Because,  I have seen, those people who are not so-called educated, and they always use their natural instinct to make decisions, however illogical it may seem, since a very young age, their intuition becomes much effective and correct, as compared to educated and conscious people.

=তাই তাক আজিকালি নমতা হ’ল=

ঘটনাটোৱে সৰু চহৰখন একেবাৰে জোঁকাৰি পেলালে। আজি কিছুদিনৰ আগলৈকে এনে চহৰবোৰত এনে ঘটনা হ’ব পাৰে বুলি কোনেও অনুমানেই কৰিব পৰা নাছিল, কোনেও শুনাও নাছিল। জনজাতীয় লোক অধ্যুষিত চহৰখনত মহিলাসকল এনেয়ো আগৰণুৱা, মহিলাক আনকি বেয়া দৃষ্টিৰে চোৱাও এই চহৰখনৰ সংস্কৃতিৰ বাহিৰৰ বস্তু। কথাটো চহৰখনৰ মানুহবোৰৰ চকুতে জলজল পটপটকৈ দেখা পোৱা গৈছিল। সেইখন চহৰতে ছোৱালীজনীক কেইবাজনো লোকে মিলি ওৰে ৰাতি ধৰ্ষণ কৰিলে, আৰু পুৱা প্ৰায় মৃত অৱস্থাত তাইক পাহাৰখনৰ মাজত পেলাই থৈ গ’ল। পিছে তাই আছিল খাটিখোৱা মানুহৰ ছোৱালী, শৰীৰৰপৰা একেৰাহে হোৰাহোৰে ওলাই থকা তেজবোৰেও তাইক নিঃশেষ কৰিব পৰা নাছিল, তাই তেনেকৈয়ে যেনে তেনে বগুৱা বাই ৰাষ্টাটোৰ কাষ পালেহি। তেতিয়াই তাইক মানুহে দেখিলে, এখন অটোৰিক্সাত ভৰাই তাইক স্থানীয় হস্পিটেলখনলৈ লৈ গ’ল মানুহবোৰে, তাৰপৰা আকৌ এম্বুলেন্সত ডাঙৰ হস্পিটেললৈ।

ভাষাৰ দূৰ্বলতা

কোনো এটা ভাষা দূৰ্বল বা সৱল বুলি কোৱা ভুল।যদি এটা জনসমুদায়ে হাজাৰ বছৰ ধৰি এটা নিৰ্দিষ্ট ভাষাৰে কাম চলাই জীয়াই আছে, তেনে সেই ভাষাটো দূৰ্বল বা সবল বুলি আজি কোৱা নিৰৰ্থক।


কিন্তু অজিকালি ভাষাৰ উপযোগীতা কেৱল দৈনন্দিন প্ৰয়োজন পূৰণ কৰাতে সীমাৱদ্ধ হৈ থকা নাই। যি সময়ত এক বিশেষ জনসমূদায়ে বিভিন্ন ভাষাৰ বিভিন্ন সমল চুই চাব পৰা হৈছে, সেই সমূদায়ে আশা কৰে যে তেওলোকৰ মাতৃভাষাও আন বৃহৎ ভাষাবোৰৰ দৰে ব্যাপক ভাৱে ভাৱব্যঞ্জক হওক। এটা সময়ত মই নিজেও অনুভৱ কৰিছিলো যে মোৰ মনৰ কথাখিনি উপযুক্ততাৰে আনৰ আগত উপস্থাপন কৰিবলৈ মোক কেইবাটাও ভাষাৰ (বা সেইবোৰৰ মিক্সাৰ) প্ৰয়োজন হয়। নহ'লে মোৰ কথাখিনি কৃত্ৰিম শুনাই, তাৰ গ্ৰহণ যোগ্যতা কমি যায়। আৰু তাকে কৰিলেও ৰাইজে ভাষা খিছিৰি কৰি জাতিটোক ডুবালি বুলি গালি দিয়ে। সেইটো ভাল কথা নহয়ো।

বতৰৰ লিমাৰিক

 (১)
লোল আৰু ইণ্টাৰনেচনেল খিলাড়ী একে লগে বহি;
লিখিছে সৰ্বহাৰাৰ কবিতা দুয়ো হাঁহি হাঁহি;
ইংৰাজীলে অনুবাদ হব,
হাইলেভেলত প্ৰকাশ পাব,
শুনি লোৱা কেকোঁৰা পাৰ্টি “তোহাৰ নিস্তাৰ নাহি”।

(২)
টেটুলেকে খাই উগাৰোতেই মোৰ মনত পৰিল,
আজিচোন শ্ৰেণী সংগ্ৰাম কৰিবলৈকে থাকিল;
জ্বালাময়ী ভাষাৰে,
সৰ্বহাৰাৰ দুখেৰে,
লিখি দিলো এটা কবিতা, মাথোঁ দহ মিনিট লাগিল।

(৩)
কেঅ’ছ থিয়ৰী, পীছ কনফ্লিক্ট পঢ়িলো ভাগে ভাগে,
পঢ়া শুনা জোখতকৈ অলপ বেছিয়েই হ’ল চাগে;
জ্ঞানে কৰে পেটত লৰফৰ,
ওলাবলৈ লগাইছে খৰধৰ,
থিয়ৰীবোৰ সিঁচিবলেকে মোক পথাৰ এখন লাগে।

আপুনি মোৰ ঘৰ লেতেৰা কৰাৰ অধিকাৰ নাই

ধৰি লওক,
আপুনি আৰু মই ভাল বন্ধু, আমাৰ কিছুমান আদৰ্শগত দিশত মতৰ মিল আছে, বহুদিনৰ পৰা আমি ইজনে সিজনক জানো। বিপদৰ সময়ত আমি ইজন সিজনৰ কাষত ঠিয়ও হৈছো আগতে।
আৰু এটা মন কৰিব লগা কথা হ'ল, আমি দুইজনে মদ খাও, একেলগেও খাইছো বহুবাৰ। আমি দুইজনে বিশ্বাস কৰোঁ‌, সীমিত পৰিমাণে মদ খোৱাতো একো বেয়া কথা নহয়। আজিকালি বহুতেই যে খাই, সেইটো কথাও আমি দুইজনে জানো। আমাৰ পৰম্পৰাত থাকক বা নেথাকক আমি মদ খোৱা কথাটো মোতমোটি মানিয়েই লৈছো বুলি কব পাৰি। আমি মাজে মাজে আলোচনাও কৰিছো যে মদ খোৱাতো এক ব্যক্তিগত বিষয়, কোনোবাই ব্যক্তিগত ভাৱে মদ খোৱাতো একো ডাঙৰ সামাজিক সমস্যা নহয়। কোনো এজন প্ৰাপ্তবয়স্ক লোকে ব্যক্তিগত ভাৱে মদ খাব খুজিলে তেওক আইন কানুন, পৰম্পৰাৰ ভয় দেখুৱাই বাধা দিয়াতো যুক্তিসংগত নহয় বুলিও আমি দুইজনে মানি লও।

ধৰি লওক বুলিহে কৈছো দেই, ইয়াক লৈ বিতৰ্ক নকৰিব। মদ খোৱা নোখোৱা এই পোষ্টৰ বিষয় নহয়।

কব খুজিছো যে মদৰ বিষয়ে আপোনাৰ আৰু মোৰ মনোভাৱ প্ৰায় একেই। কিন্তু অলপ পাৰ্থক্যও আছে।

পেৰেণ্টিং

হোৱাটচ এপ আৰু ফেচবুক মেচেঞ্জাৰত মোৰ কেইবাটও সৰু সৰু গ্ৰুপ আছে, তাত আমি মনে মিলা মানুহ কিছুমান মিলি কিবা কিবি কথা পাতো, ধেমালি কৰোঁ। কেতিয়াবা নিজৰ সমস্যাবোৰৰ কথা কও, বন্ধু বান্ধৱৰ সহায় বিছাৰো। তেনে এটা গ্ৰুপতে এজন বন্ধুৱে আজি এটা বাৰ্তা দিলে, তেও আজি মনটো বেয়া। কাৰণ তেও লক্ষ্য কৰিছে তেও আজিকালি ক্ৰমাৎ খিংখিঙিয়া হৈ পৰিছে, কিবা ভাল নলগা হৈছে। আৰু তেও আজি নিজৰ একমাত্ৰ মৰমৰ ছোৱালীজনীক সৰু কথা এটাতে বৰকৈ খং কৰিলে। সৰু ছোৱালী, তেওৰ এজনীয়ে ছোৱালী। চাকৰিৰ বাবে তেও বহু সময় ঘৰৰ পৰা আঁতৰত থাকিব লাগে। স্বাভাৱিক ভাৱেই তাইক তেও অলপ বেছিকৈ মৰম কৰে। তাইক তেও আজিলৈকে আচলতে কেতিয়াও খঙেই কৰি পোৱা নাই, টানকৈ কথা এষাৰো কৈ পোৱা নাই। দেউতাকৰ খং দেখি তায়ো ভয় খালে, কান্দিলে। তেওৰ পত্নীয়েও ইমান সৰু এটা কথাত ছোৱালীজনীক খং কৰাৰ বাবে তেওক দোষ দিলে। তেওৰ নিজৰো লাগিল তেও আচলতে উৰহৰ খং ভগাধাৰিত জাৰিলে। বন্ধুজন মৰ্মাহত হৈ আছে, নিজকে দোষী অনুভৱ কৰিছে।

আমি মিলি তেওক কিবা কিবি ক’লো, আচলতে সমাধান দিয়া নাই, কথা বতৰাৰ মাজেৰ আমি আমাৰ নিজৰো কিছুমান সমস্যাৰ সমাধানৰ অন্বেষণহে কৰিলো। সেইকথা খিনিকে অলপ বহল ভাৱে আলোচনা কৰিব খুজিছো।

মোৰ এজনী ছোৱালী। স্বাভাৱিক ভাৱেই তাইক মৰম কৰোঁ, এই মুহুৰ্তত মোৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ মানুহ তাই। তাইৰ ভাল বাবে সকলো পিতৃৰ দৰেই মই যিকোনো ত্যাগ কৰিবলৈ প্ৰস্তুত। সকলো বাপেকেই কৰে, তাত বিশেষ কব লগীয়া একো নাই।

অপদাৰ্থ বিজ্ঞান পৰিচয়, প্ৰথম ভাগ

=পাতনি=

সমগ্ৰ পৃথিৱী নহয় এই বিশ্ব ব্ৰহ্মাণ্ডতে যত বয় বস্তু বা পদাৰ্থ আছে তাক সামৰি, পঢ়ি, শুনি, পৰীক্ষা কৰি, তাৰ বিষয়ে কিছুমান দাঁত ভঙা নীতি নিয়ম, সূত্ৰ আদি বনাই থকা বিজ্ঞান বিধকে পদাৰ্থ বিজ্ঞান বোলে। আমাৰ এই পদাৰ্থবোৰৰপৰাই এল্গিৰপৰা আৰম্ভ কৰি পথালিচকুৱাকে ধৰি নেবুলা, নিহাৰীকালৈকে সকলোৰে সৃষ্টি। দুনীয়াৰ পদাৰ্থ বিজ্ঞানীসোপাই এচি ৰূম বা লেবেৰেটৰীত বহি এই পদাৰ্থবোৰক খোঁচা বিন্ধা কৰি দাঁত ভঙা নীতি প্ৰয়োগ কৰি, এই পদাৰ্থবোৰৰ ধৰ্ম, ব্যৱহাৰ আদিৰ বিষয়ে নানান তথ্য বিচাৰি উলিয়াই হায়াৰ চেকেণ্ডেৰী পঢ়ি থকা ল’ৰা ছোৱালীবোৰক হাৰাশাস্তি কৰে যদিও, পদাৰ্থৰ গুৰুত্ব অপৰিসীম। এফাল যদি ঈশ্বৰ কণা, আনফালে কৃষ্ণ গহ্বৰ, সকলো পদাৰ্থৰে মায়া। সেয়ে পদাৰ্থৰ বিষয়ে জ্ঞান লোৱা অতি আৱশ্যক, সেয়ে আজি তিনিশ বছৰ ধৰি মানুহে হোৱাই নোহোৱাই পদাৰ্থ বিজ্ঞানৰ ওপৰত লাখে লাখে কিতাপ লিখিছে। কোনোবাই আকৌ পদাৰ্থৰ জাত শতৰু প্ৰতি-পদাৰ্থও বিচাৰি উলিয়াইছে। আজি এজনে কিবা এটা হয় বুলি প্ৰমাণ কৰি নোবেল বঁটা লৈছে; কাইলৈ আকৌ আন এজনে তাকে নহয় বুলি প্ৰমাণ কৰিবলৈ আহোপুৰুষাৰ্থ কৰিছে আৰু শেষত গৈ সেইজনেও নোবেল বঁটা লৈ গহীনত বহি আছে। মুঠতে পদাৰ্থ বৰ দৰকাৰী বস্তু আৰু মানুহে তাক যথোপযুক্ত গুৰুত্ব দিয়াতো আজিলৈকে কৃপণালি কৰা নাই।

কিন্তু পদাৰ্থৰ সামনেই আন এটা গুৰুত্বপূৰ্ণ বস্তু আমাৰ চকুৰ আগতে কিলবিলাই ফুৰিছে, সেই বিষয়ে মানুহৰ কাণষাৰ নাই। এইবিধৰ গুৰুত্বও মানৱ জীৱনত আৰু সভ্যতাত পদাৰ্থতকৈ কোনো গুণে কম নহয়। কিন্তু দুখৰ বিষয় এই বস্তুটোৰ ওপৰত আজিলৈকে যথোপযুক্ত গৱেষণা হোৱা নাই। গতিকে অমুকাই, মানৱ জাতিয়ে কৰা এই মহাভুলৰ প্ৰতিকাৰ কৰোঁ বুলি লৈ, আজিৰপৰা বিজ্ঞান অধ্যয়নৰ এটি নতুন শাখা আৰম্ভ কৰিছো। শাখাটোৰ নাম –“অপদাৰ্থ বিজ্ঞান”। এই বিজ্ঞানৰ মূল উদ্দেশ্য হ’ল – আমাৰ আগে পিছে, তলে ওপৰে, সোঁৱে-বাঁৱে যিমানবোৰ অপদাৰ্থ আছে, সেইবিলাকৰ গুণ, নাম, ধৰ্ম, ব্যৱহাৰ, উৎপত্তিত কাৰণ আদি বিচাৰ, বিশ্লেষণ কৰা আৰু সেইবিলাকৰ উপকাৰিতা-অপকাৰিতা আৰু ব্যৱহাৰৰ সময়ত ল’ব লগা সাৱধানতাসমূহৰ বিষয়ে মানৱ জাতিক জ্ঞান দিয়া।

=অপদাৰ্থৰ সংজ্ঞা=

The reasons why I hate snakes;

1. It doesn't have a brain, however, it gives final judgment of life or death to anyone it wants.

2. It can't see properly, it thinks everything small is food, everything big is an enemy.

3. Though it has a physical spine, that is practically useless, it can twist and turn itself the way situation needs.

4. It is exceptionally silent, a stealth predator

5. It stays in places u least want it to stay, maybe in ur bedroom. But if u go there, he kills u instantly.

6. Its bite is fatal, but the victim hardly has the time to react, even feel the pain. It doesn't give u scope or chance to justify urself.

7. Its is so scared of everything that it bites u, even if u were there to help it, or u r just an innocent toddler playing in the garden.

8. It is always hiding from the public eye.

9. It can open it's mouth as much it wants, so mostly bites more than it can swallow

10. Given a ladder, it can climb very high.

Now the fact is that I am more or less OK with the real snakes, despite having so many drawbacks, it helps in maintaining ecological balance, and sometimes in controlling population too
My problem is with the snake-like people.

আমিষ


প্ৰথমতে আন এখন চিনেমাৰ কথা কও, কিছুবছৰৰ আগতে ওলাইছিল চিনেমাখন, নাম আছিল A Serbian Film. ভাল নে বেয়া নকও, অফবীট চিনেমা আছিল। “থীম” আছিল আণ্ডাৰগ্ৰাউণ্ড পৰ্ণ। তেতিয়া আছিল টৰেণ্টৰ যুগ, ডাওনলোড কৰি, ঘৰৰ সকলোকে শুবলৈ পঠাই, দূৱাৰ বন্ধ কৰি চিনেমাখন চাবলৈ লৈছিলো। অলপ চোৱাৰ পাছত কিবা এক অদ্ভূত অনুভৱে ক্ৰিয়া কৰিছিল মনত, চিনেমাখন চোৱাৰ বাবে নিজকে দোষী বুলি অনুভৱ কৰিছিলো। আধাতে বন্ধ কৰি শুবলৈ উঠি গৈছিলো, কিন্তু টোপনি অহা অসম্ভৱ আছিল, অস্থিৰ হৈছিলো, হতাশাত ভুগিছিলো, খং উঠিছিল। আৰু সেই খঙৰ ভমকতে শোৱাৰ পৰা উঠি আহি চিনেমাখন ডিলিট কৰিছিলো, যাতে ভৱিষ্যতে কেতিয়াও ভুলতো চাব লগা নহয়, চিনেমাখনৰ নামটোও চাবৰ মন নাছিল। কিন্তু চিনেমাখনৰ আৱেশৰ পৰা মুক্ত হব নোৱাৰিছিলো, পাহৰিব পৰা নাছিলো। কিছুদিনৰ মূৰত আকৌ ডাওনলোড কৰিছিলো। আকৌ চাইছিলো, সেইবাৰ পাৰিছিলো।

কথাখিনি কব লগা হ’ল কাৰণ মই বহুতো এনে ধৰণৰ চিনেমা চাইছো, “টেক্সাছ চেইনশ্ব মাছেকাৰ”ৰ দৰে বীভৎস ৰসাত্মক চিনেমা হেলাৰঙে উপভোগ কৰিব পৰা মানুটোৱে কিয় চিনেমাখন চাব নোৱাৰিছিলো? হেনিবেল, আদি চিনেমাবোৰ উপভোগ কৰাত মোৰ একো অসুবিধা নাই। তেন্তে এ চাৰ্বিয়ান ফিল্ম চাই মই কিয় ইমান প্ৰতিক্ৰিয়া কৰিছিলো? আকৌ মই পিছত কিয় চালোগৈ? সেইটো মোৰ বাবে বহুদিনলৈকে এটা অবুজ সাঁথৰ হৈ আছিল। পিছত অনুভৱ কৰিলো, সেই চিনামখনৰ মোৰ দেহ মন, ৰুচিবোধক জোকাৰি গৈছিল, সেয়ে প্ৰথমতে মোৰ ঋণাত্মক প্ৰতিক্ৰিয়া হৈছিল। কিন্তু চিনেমাখন যে আকৰ্ষণীয় আছিল, তাত কোনো সন্দেহ নাই।

==এডাল মালা আৰু এজন ওখ মানুহ==

এসময়ত এখন প্ৰাচীন ফুলনি আছিল, অতি প্ৰাচীন। তাত নানান ৰঙৰ ফুল নিজ ইচ্ছাৰে নিজ সময়মতে ফুলি আছিল। ফুল দেখি ভোমোৰাও আহিছিল, কেতিয়াবা উদঙীয়া গৰু সোমাইছিল, কোনোবা হিংসাকুৰীয়া মানুহে কেতিয়াবা এনেই কোবাই ফুলনিখন তহিলং কৰিছিল। এসময়ত এনে এটা দিন আহিল যে, অত্যাচাৰীবোৰে ফুলবোৰক নিজৰ মতে ফুলিবলৈকে নিদিয়া হ’ল- এটাই বোলে ধেই এইটো ৰঙ ভাল নহয়, তই ৰং সলাই বগা হ। আন এটাই বোলে ইমান অকণমানি ফুল হলে কিডাল হব। ডাঙৰ হব লাগে, ইমাআআআআন... ডাঙৰ হব পাৰিলেহে ফুল, নহ’লে কিটো হব? ফুলবোৰে বুজিয়েই নোপোৱা হ’ল- কি ভাল কি বেয়া। বহুদিন ফুলবোৰ আনৰ ইচ্ছা আকাংখ্যা পুৰা কৰিয়ে চলি আছিল। উত্থান পতন বহুত আহিল, কিন্তু শেষত যেনেকৈয়ে নহওক, ফুলবোৰে এসময় নিজৰ ইচ্ছাৰে ফুলাৰ অধিকাৰ পালেগৈ।

এজন বৰ ওখ মানুহ আছিল, পৃথিৱীৰ সকলোতকৈ ওখ মানুহ। কিছুমানে মিলি তেওক দ্বায়িত্ব দিলে বোলে- নাই, ফুলসোপা এনেকে থকা ভাল হোৱা নাই। তুমি ফুলবোৰেৰে এধাৰ মালা গাঁঠা। মানুহজন কিন্তু বৰ হিম্মত থকা মানুহ আছিল, মালা গাঁঠিম বুলি থিৰ কৰিলে যি, এদিন গাঁঠিহে এৰিলে। বৰ জাকত জিলিকা, দহো ৰাইজে জনা মালা এডাল হ’লগৈ সেইডাল। দুই এপাহ ফুলে অৱশ্যে মালাত নোলমো, অকলেই ফুলিম বুলি হেঁহো নেহো কৰিছিল; কিন্তু ওখ মানুহজনৰ একে ধমকিতে চুপ থাকিল। গৰিষ্ঠসংখ্যক ফুলেই মালাডালৰ অংশ বুলি পৰিচয় দিবলৈ ভাল পোৱা হ’ল। মালা ডাল হোৱাত বৰ ভাল হ’ল। সকলোৱে সজ সজ বুলিলে।

= ভেন গঘ, উদয়ভানু, স্কাৰলেট অ'হাৰা ইত্যাদি=

এবাৰ ফেচবুকতে লিখিছিলো, বালি আৰু শিলগুটিৰ সাধু বুলি! নিজৰ জীৱনটো বালিৰে ভৰাই পেলোৱাৰ বাবে দুখো কৰিছিলো! কিন্তু কালি হঠাত পাহৰি যোৱা কথা এটা মনত পৰিল। মনে মিলা মানুহৰ লগত কথা পাতিলে কিছুমান দৰকাৰী কথা মনত পৰে। পাবলেহে টান তেনে মানুহ।
মোৰ এজন মামা আছিল, মাৰ সৰু ককায়েক, আজি তেও ঢুকোৱা বহু বছৰেই হ’ল। পাতনি নেমেলাকৈ কব খুজিলে, আপাতঃ দৃষ্টিত তেও এজন বিফল মানুহ আছিল, টকা পইচা, সামাজিক প্ৰতিষ্ঠা, সকলো ফালৰ পৰাই। সকলোৱে জানিছিল তেও অসম্ভৱ ধৰণে প্ৰতিভাশালী মানুহ, কিন্তু তেও সেই প্ৰতিভা নিজৰ তথা পৰিয়ালৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰিব নেজানিছিল। আমাৰ অঞ্চলটোত তেওক প্ৰায় সকলোৱে চিনি পাইছিল, কাৰণ তেও ডিগ্ৰীবিহীন হোমিঅপেথী ডাক্তৰ আছিল, আৰু একেবাৰে দুখ নোপোৱাকৈ বেজী দিব জানিছিল। বহু কঠিন অসুখো তেও চিকিৎসা কৰি ভাল কৰিছিল বুলি আজিও কোনো কোনোৱে কয় পিছে সেই কামটোও তেও ব্যৱসায় হিচাপে নল’লে বা লব নুখুজিলে। কেতিয়াবা এনে লাগে যেন, তেও এই পইচা ঘটা কামটোকে মনে প্ৰাণে ঘৃণা কৰিছিল। সেই কামটোত তেও অলপো সময় বা শক্তি খৰছ কৰিবলৈ বেয়া পাইছিল। দৰিদ্ৰতালৈ তেওৰ কেতিয়াও কোনো অভিযোগ নাছিল, আৰু তাৰ ফলত বাকীবোৰে কষ্ট পাইছিল। কিন্তু তেওলোকৰ প্ৰতিও তেও উদাসীনেই আছিল যেন লাগে।

চিনেমাৰ বিষয়ে দুটামান কথা

কিতাপ এখন পঢ়োতে skip কৰিব পাৰি, সেই সুবিধাটো আছে। পাঠকৰ গ্ৰাহ্য ক্ষমতা আৰু সোৱাদ অনুসৰি সকলো পাঠকেই skip কৰে। আগতে পঢ়ি থাকোতে স্কিপ কৰা কামটো চুৰি যেন লাগিছিল, নিজৰ পঠন ক্ষমতা বা ধৈৰ্যৰ ওপৰত সন্দেহ হৈছিল।

কিন্তু পিছত চমাৰচেট মমে লিখা পঢ়িলো, বোলৰ স্কিপ কৰাতো নিয়মেই, ব্যতিক্ৰম নহয়। পঢ়াত গতি বজাই ৰখা বেছি গুৰুত্বপূৰ্ণ, ডিটেইলচ নহয়। আৱশ্যক হলে ঘুৰি আহিও পঢ়িব পৰা যায়। কথাখিনি জানি পুৰণিকলীয়া দোষবোধ এটাৰ পৰা মুক্ত হলো।যিকোনো পাঠকৰ বাবেই সাধাৰণতে যিকোনো লিখাতে স্কিপ কৰিব লগীয়া অংশ থাকে, সেয়া লেখকৰ দোষ নহয়, পাঠকে লিখাতো কিদৰে গ্ৰহণ বা হজম কৰিব বিছাৰে, তাৰ দোষ।