Wednesday, January 6, 2016

== অহেতুক (মাইক্ৰ হৰৰ গল্প, পেৰেনচিয়েল ডিচক্ৰিচন এডভাইজড) ==


ভূতৰ কাহিনীটোৱে গোটেই অঞ্চলটোকে এইকেইদিন ত্ৰাসত ৰাখিছে। এজনী ছোৱালী, ৰাতি দহ মান বজাৰ পাছৰে পৰা হেনো চহৰখনৰ আওহতীয়া ঠাই বোৰত লগ পোৱা যায়। দেখাত একো ধৰিব নোৱাৰি, কিন্তু তাইৰ ভৰিৰ পতা কেইখন হেনো ওলোটা। আৰু তাই হেনো অলপ পাছতে নিজৰ মূৰতো ১৮০ ডিগ্ৰী ঘুৰাই পিঠিৰ ফালে কৰি দিয়ে আৰু খোজ কাঢ়ি আঁতৰি যায়, যিয়েই সেই দৃশ্য দেখা পাই, তেওৰ হেনো লগে লগে মৃত্যু হয়। আচৰিত ভাৱে চহৰখনত এই কেইদিনত কিছু অদ্ভূত মৃ্ত্যুৰ ঘটনা ঘটিছেও। কেইবাটাও মৃতদেহ পোৱা গৈছে, বিভিন্ন আওহতীয়া ঠাইত, সকলো হৃৎপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ হোৱা মৃত্যু। কোনো প্ৰত্যক্ষদৰ্শী নাই, ...থাকিব ক’ৰ পৰা? মানুহবোৰৰ মতে সেই ডাইনীজনীক দেখা পোৱা লগে লগে, দেখা জন মৰিয়েই থাকে, গতিকে দেখা সাক্ষী কোনে দিব? মুঠতে এইকেইদিন চহৰ খনত কেৱল ভূতৰে চৰ্চা, মানুহবোৰে সন্ধিয়া হোৱাৰ পাছত ঘৰৰ পৰা ওলোৱাই কমাই দিছে। 


কিন্তু ভাগ্য সকলো সময়তে ভালে নেযায়। আজি মই বহু চেষ্টা কৰিও ৰাতি এঘাৰ বজাৰ আগতে আহি শিৱসাগৰ চহৰ সোমাব নোৱাৰিলো। ভাগ্য ভাল, বাচ ষ্টেণ্ডৰ ওচৰতে অট’খন পাই গ’লো, মই থকা ঠাইৰ ফালেই তেও যাবলে ওলাইছিলে, মোক পাই ভালেই পালে, এনেই ভুতৰ বতৰ। বৰ কথকী ড্ৰাইভাৰ জন- উঠাৰ লগে আৰম্ভ হ’ল ভূতৰ কাহিনী। মোৰ অলপ ভয় লাগিছিল যদিও, মই এনেই কৈ চালো- বাদ দিয়া হে, এই বোৰ মানুহৰ ভ্ৰম। কিন্তু নিজে আশ্বস্ত হব নোৱাৰিলো।
তেনেতে ঘটনাটো ঘটি গ’ল। বাচষ্টেণ্ডৰ পৰা আহি সেই মুকলি ঠাইখিনিৰ ওচৰ পাইছোহি, ৰাষ্টাটো একেবাৰে ভঙা, লাহে লাহে গৈ আছো, মাজতে ৰব লগাও হৈছে। হঠাতে মহিলা এগৰাকী দৌৰা দৌৰিকৈ আহি চলি থকা অটখনতে উঠি দিলেহি। উঠাৰ পাছতহে মোক দেখা পালে। অপৰাধী ভাৱেৰে কৈ উঠিল, 

-" অহহ, বেয়া নেপাব দেই, ইমান দেৰি হ’ল, যাবলে একো নেপাই ৰৈ আছিলো। আপুনি অট’ত বহি আছে বুলি ভবাই নাছিলো। আমি একেলগে যাব পাৰিম নেকি বাৰু? নহ’লে মোৰ বৰ বিপদ হব। ভাড়া সমানে দুইজনে ভগাই লম।" 

মোৰ কব লগীয়া একো নাছিল, কিন্তু সমস্যা হ’ল সেই ভুতটো। ড্ৰাইভাৰ জনো অলপ সন্ত্ৰস্ত হৈ পৰিল। মহিলা গৰাকীলৈ চালো- ঠিক মহিলা বুলিলে ভুল হব। ২০-২২ বছৰীয়া গাভৰু এগৰাকী।এন্ধাৰ যদিও দেখাত ধুনীয়া যেনেই লাগিল। আকৌ ভূতৰ চিন্তাটো মনলে আহিল- ছোৱালী,তাতে নিজান ঠাই। কথাবোৰ সঁচা নহয়তো।? 

ছোৱালীজনী প্ৰয়োজনতকৈ বেছি শান্ত হৈ বহি আছিল, সেই কথাটো মোক একেবাৰে সহজ হবলৈ নিদিলে। মই যিমান পাৰো তাইৰ পৰা আঁতৰি অট’ৰ দুৱাৰখনত চেপেটা লাগি বহি ৰ’লো আৰু মনটো প্ৰবোধ দিয়াবলে যত্ন কৰিলো ।

ছোৱালীজনীক কোনোপধ্যেই অশৰীৰি বা তেনে ধৰণৰ কিবা কিবিৰ লগত মিলাব নোৱাৰি।সাধাৰণ অৱস্থাত হ'লে অলপ ৰোমাণ্টিক কল্পনাই হয়তো কৰি পেলালোহেঁতেন। কিন্তু সঁচা কথা কবলে গ'লে এই ভূতৰ কাহিনীটোৱে বৰ বেছিকৈ প্ৰভাৱ পেলাইছে মনত।নাই, এইজনী ছোৱালী তেনেকুৱা একো হবই নোৱাৰে। তথাপিও মনত খুদুৱনি লাগি থাকিল, কেনেবাকে ছোৱালীজনীৰ ভৰিৰ পতা দুখন চাব পাৰিলে একেবাৰে নিসন্দেহ হব পাৰিলোহেঁতেন। চেষ্টা কৰি চালো,.. নাই মিছা, এফালে এন্ধাৰ, আনফালে তাইৰ দীঘল শাৰীখনে ভৰিখন একেবাৰে ঢাকি ৰাখিছে। 

অট’খন চলি গৈ থাকিল, ওপৰত জোনৰ পোহৰ, কথকী ড্ৰাইভাৰৰ মুখতো মাতবোল নাই, কেৱল ইঞ্জিনৰ গুৰ গুৰ শব্দ। অলপ পাছতে আমি দৰিকা দলংখন পাৰ হম, ওচৰ পাজৰৰ ৰাইজে সেইখিনি ঠাইত অশৰীৰি আত্মাই বিৰাজ কৰে বুলি বিশ্বাস কৰে। হঠাৎ দৰিকা দলঙৰ জনশ্ৰুতি বিলাকৰ কথা মনত পৰি মোৰ কাণমূৰ গৰম হৈ আহিল। বুকুৰ ধপধপনি বাঢ়িবলৈ আৰম্ভ কৰিলে, জিভাখন শুকাই গ'ল। ছোৱালীজনী যদি ভুত হয়, সেইখিনি ঠাইতেই ছাগে তাই নিজৰ ৰূপ দেখুৱাব। কি কৰা যায় এতিয়া? মগজটোৱে কাম নকৰা হৈ আহিল। ছোৱালীজনী কিন্তু শান্ত হৈ বহি আছে, মোৰ মনৰ এই ধুমুহাৰ কোনো খবৰেই নাই।অহহ, তাইৰ ভয় লগা নাই কিয়? আচৰিত কথা। দৰিকা দলঙেদি পাৰ হওতে সকলোৰে বুকু কঁপে, কিন্তু ছোৱালীজনী ইমান শান্ত কিয়? নিশ্চয় তায়েই...হয় তায়েই... নাই নাই আৰু নোৱাৰি...

- ‘ড্ৰাইভাৰ’... মই চিঞৰি উঠিলোঁ। ‘মোক ইয়াতে নমাই দিয়া – মই খোজকাঢ়ি যামগৈ। এইখন অট’ত যাব নোৱাৰো মই।'
মোৰ চিঞৰত ড্ৰাইভাৰে হঠাতে অট’খন ব্ৰেক মাৰি ৰাখি দিলে, আৰু আচৰিত হৈ মোৰ ফালে চালে।


- কি হ'ল আকৌ আপোনাৰ?

মই জপিয়াই অট’ৰ পৰা নামি গ’লো।

- মই খোজ কাঢ়ি যাম। এইয়া লোৱা তোমাৰ ভাড়া। 

মই খপজপাই জেপৰ পৰা নোট দুখনমান উলিয়াই ড্ৰাইভাৰৰ হাতত গুজি দিলো। লৰালৰিতে মোৰ হাতৰ পৰা খুচুৰা পইচা কেইটামান মাটিত পৰি গ’ল, তাকে বুটলিবলৈ চাপৰি দিওতেই মই জোনৰ পোহৰত ছোৱালীজনীৰ ভৰি কেইটা দেখা পালো !!!!!

হঠাতে কি হ’ল জানো, মই যেন নিজৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ গ’লো, কি কৰিছো মই নিজেই কব নোৱাৰা হ’লো। দৰিকাৰ চেঁচা বতাহৰ লগত ভাঁহি অহা কোনো অদৃশ্য শক্তিয়ে যেন মোক কাবু কৰি পেলালে। ক'ৰ পৰা কি হ'ল গমেই নেপালো। লাহে লাহে মই নিজৰ মূৰটো পিঠিৰ ফাললৈ ঘুৰাই ল'লো আৰু ... ছোৱালীজনী আৰু ড্ৰাইভাৰৰ বিষ্ফোৰিত দৃষ্টিৰ সমূখতে.... এখোজ এখোজ কৈ নদীখনলৈ নামি গ’লো। মোৰ ভৰিৰ পতা দুখন ওলোটা বাবে মুৰটো এনেকে পিঠিৰ ফালে ঘুৰাই নল’লে মোৰ খোজ কাঢ়িবলে বৰ অসুবিধা হয়। 

এই সাধাৰণ কথাটোকে মই ইমানদিন চেষ্টা কৰি চহৰখনৰ মানুহবোৰক বুজাব পৰা নাই- যে ওলোটা মুৰ আৰু ভৰিৰ পতা থকা ভুতটো মাইকী নহয়,.... মতাহে। 

উপসংহাৰঃ- 

পিছদিনা দৰিকা দলঙৰ কাষত আৰু দুটা মৃতদেহ উদ্ধাৰ হ’ল, এটা এজন অট’ চালকৰ আৰু আনটো বিশ্ববিদ্যালয়ত পঢ়ি থকা ওচৰৰ গাঁৱৰে ছোৱালী এজনীৰ। পুলিচে প্ৰেমজনিত হত্যাকাণ্ড বুলি সন্দেহ কৰিলেও ওচৰ পাজৰৰ ৰাইজৰ দৃঢ় বিশ্বাস, এইয়া সেই ডাইনীজনীৰে কাম।

No comments:

Post a Comment