Wednesday, January 6, 2016

সুখ-সান্নিধ্য আদি - প্ৰথম অধ্যায়


ক’ৰাত(www.quora.com) এটা প্ৰশ্ন সোধা হৈছিল – How can we define a Happy person, - এজন সুখী মানুহৰ সংজ্ঞা কি?

মনোবিজ্ঞান ছাত্ৰী জয়শ্ৰী শৰ্মাই প্ৰশ্নটোৰ এনেকৈ দিছে

“ একঃ- মোৰ প্ৰতিবেশী মহিলা এগৰাকী, তেও এক কোটিমান টকীয়া 3BHK ফ্লেট এটাত থাকে, ঘৰত কাম কৰা মানুহ আছে, সপ্তাহত এদিন হলেও ভাল ৰেষ্টোৰাঁত খায়েই, এখন SUV চলাই ফুৰে, আৰু কেতিয়াও একেজোৰ সাজকে দুবাৰ নিপিন্ধে। তথাপিও 


- তেওৰ সৰু সুৰা কথাক লৈ আপত্তিৰ অন্ত নাই

- ওচৰ ছুবুৰীয়া প্ৰতি সততে ইৰ্ষান্বিত হয়

- নিজৰ সমস্যাবোৰৰ কাৰণে নিজৰ বন্ধু আৰু সম্পৰ্কীয় লোকসকলক দোষী কৰে

- সন্তানৰ পৰীক্ষাৰ নম্বৰ লৈ সদায় অসন্তুষ্ট হৈ থাকে


- নিজৰ প্ৰয়োজনতহে আনৰ লগত যোগাযোগ কৰে, 

দুইঃ- মোৰ ঘৰত পাৰ্ট টাইম কাম কৰা মহিলা গৰাকী, চহৰৰ শ্লাম অঞ্চলৰ এটা সৰু ভাৰা ঘৰত থাকে, চাৰিটা ল’ৰা ছোৱালী, আমাৰ দৰে মানুহে দিয়া পুৰণা কাপোৰৰ বাদে বেলেগ একো পিন্ধি পোৱা নাই, আনৰ আৱৰ্জনা চাফ কৰাই তাইৰ একমাত্ৰ কাম, কিন্তু


- ল’ৰাই পৰীক্ষাত যেনে তেনে পাছ কৰিলেই আনন্দত কব নোৱাৰা হয়, 

- মোৰ ঘৰ পৰিষ্কাৰ কৰি থাকোতে গুনগুনাই গান গাই থাকে, 

- যি পাই তাতে আনন্দিত হয়, আৰু অপূৰ্ণ প্ৰয়োজন বিলাকৰ কথা ভাবি সময় নষ্ট নকৰে, 

- হাঁহি থাকে

গতিকে দ্বিতীয়গৰাকীহে আচলতে সুখী মহিলা।“ 

জয়শ্ৰীৰ উত্তৰটোৱে আমি সকলোৱে জনা কথা এটাকে আকৌ সহজ ভাৱে বুজাই দিলে। সামাজিক সফলতাৰ মাপত হয়তো তেও বহুত পিছ পৰি আছে, কিন্তু সুখৰ সন্ধানত তেও প্ৰথমগৰাকীতকৈ বহুত আগবঢ়া। 

আন এটা তেনেধৰণৰ প্ৰশ্ন:- মানুহে জীৱনত শিকিব পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ বিদ্যা(Skill) টো কি? তাৰ উত্তৰত অনুভা সিনহাই লিখিছে, - To learn to be happy alone” – নিজৰ লগতে সুখী হব পৰা গুণটোৱেই মানুহ শিকিব লগা আটাইতকৈ প্ৰয়োজনীয় বস্তু। কথাটোৰ লগত পোন পোনে একমত হবলৈ অসুবিধা যদিও এটা কথা নিশ্চিত, যি নিজকে ভাল পাব নোৱাৰে; অকলে থকা, মানে কেৱল নিজৰ সৈতে কটোৱা সময়খিনি উপভোগ কৰিব নেজানে (প্ৰথমতে ‘নোৱাৰে’ বুলি লিখিছিলো, পিছে ‘নোৱাৰো কথাটি হেৰা বেয়া কথা বৰ’ পদ্যটোলৈ মনত পৰিলত ‘ নেজানে’ কৰি দিলো) , তেওৰ বাবে সুখী হোৱা প্ৰায় অসম্ভৱ কাম।

আধ্যত্মিক গুৰু ৰবিশংকৰে এটা টিভি অনুষ্ঠানত এই বিষয়ে বৰ সুন্দৰকৈ আলোকপাত কৰিছে। মানুহে সাধাৰণতে কোৱা ‘ অকলে থাকি আমনি লাগিছে’ বোলা কথাষাৰ আচলতে সাংঘাটিক গুৰুত্বপূৰ্ণ কথা, তাৰমানে মানুহজনে নিজে যি ভাবিছে, কৰিছে, নিজৰ ব্যৱহাৰ, এইবোৰত সুখী হোৱা নাই। আন এজন লোকৰ ব্যৱহাৰ যেতিয়া আমি ভাল নোপোৱা বা সহ্য কৰিব নোৱাৰা বিধৰ হয়, তেতিয়া আমি বিৰক্ত হৈ তেওৰ সান্বিধ্য ত্যাগ কৰাৰ চেষ্টা কৰো। গতিকে ‘অকলে থাকি আমনি লগা’ মানুহজনে তাৰমানে নিজৰ ওপৰতৰ বিৰক্ত হৈছে, নিজৰ কামবোৰেই সহ্য কৰিব পৰা হোৱা নাই। 

সুখৰ সন্ধান সকলোৰে জীৱন মূখ্য উদ্দেশ্য, কিন্তু আমি প্ৰায়ে ভুল পথেৰে সুখৰ সন্ধান কৰো। সুখী হবলৈ শিকিব লাগে, আৰু তাৰ বাবে নিজকে প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন আছে। ঐশ্বৰ্য বিভূতিও লাগে মানুহক, প্ৰয়োজনবিলাক পূৰ কৰিবলৈ টকা পইচা লাগেই লাগে, পিছে কথাটো হ’ল এই টকা পইচা, সা- সম্পত্তি আদিৰ লগত ‘সুখ’ বোলা বস্তুটোৰ কোনো সম্পৰ্ক নাই। 

“Happiness is an inner state of mind, it is hardly dependent on outside circumstances” 

বহুলোকে এই বিষয়ে অধ্যয়ন কৰিছে, আমাৰ ধৰ্মশাস্ত্ৰ বিলাকতো আচলতে পৰম সুখৰ সন্ধানেই কৰা হৈছে। তাৰে মাজৰ পৰা কেইটামান উপায় আজিৰ যুগত প্ৰাসংগিক বুলি ধৰিব পাৰি 

১। ক্ষমা কৰাৰ চেষ্টা কৰা- প্ৰতিশোধ পৰায়নতা সুখৰ মূল শত্ৰু। 

২। কাৰো সহায় নোহোৱাকে কৰিব পৰা এটা ‘হবি’ বিচাৰি উলিওৱা। 

৩। ভৱিষ্যত নিৰাপত্তাৰ প্ৰতি প্ৰয়োজনতকৈ বেছি সজাগ নোহোৱা। 

৪। সমাজৰ প্ৰতি মানুহৰ প্ৰতি চিৰস্থায়ী কিবা এটা কৰাৰ বাসনা গঢ়ি তোলা

৫। শৰীৰৰ যত্ন লোৱা, প্ৰয়োজনাধিক খাদ্যৰ পৰা বিৰত থকা, 

৬। মনখুলি হাঁহিবলৈ যত্ন কৰা

৭। নিজৰ জীৱনৰ ওপৰত সপ্তাহত কমেও এবাৰ ৰেট্ৰস্পেক্ট বা পুণৰাৱলোকন কৰা।

৮। কাৰোবাক নিজতকৈয়ো বেছি ভাল পোৱা আৰু তেওৰ বাবে নিজকে দ্বায়িত্বশীল বুলি ভবা। 

৯। নিজৰ মনৰ মাজত থকা শিশুসুলভ অনুভূতিবোৰক মাজে মাজে বাহিৰলৈ উলিয়াই অনা। 

১০। বিশ্বাস কৰা, - বৰ কঠিন কাম। কিন্তু সৰ্বাত্মক বিশ্বাসে সহজে সুখৰ সন্ধান দিয়ে। 

ইত্যাদি।
আগলৈ............

No comments:

Post a Comment