Wednesday, January 6, 2016

ভীক্ষু

কৌতুক লিখিবলে একেবাৰে মন নাই, মই আজিকালি চিৰিয়াচ মানুহ আৰু বুঢ়াও হৈছো। অলপ ধৰ্ম কৰ্মত মন দিছো,গতিকে মোৰ জীৱনৰ সত্য ঘটনা এটাকে কও...মোৰ দৰে গুৰু গোঁসাই নমনা মানুহ এটা কিয় ধাৰ্মিক হব লগা হ'লগৈ
******

বহু দিনৰ আগৰ কথা, মই হাবি এখনৰ মাজেৰে অকলে গাড়ী চলাই গৈ আছিলো, হঠাতে গাড়ীখন বেয়া হৈ গ’ল, সন্ধিয়াও হৈ আহিল, অলপ ভয় ভয় লাগিল। তেনতে অলপ দূৰত ধুনীয়া ঘৰ এটা দেখা পালো, গৈ দুৱাৰত টুকুৰীয়ালো, বৌদ্ধ ভিক্ষুনী এগৰাকী ওলাই আহিল, সেইতো হেনো এটা বৌদ্ধ মন্দিৰ হে। এন্ধাৰত মই ভালকে ধৰিবই নোৱাৰিলোঁ। ভিক্ষুনীগৰাকী অকলে থাকে, অতীৱ সুন্দৰী আৰু কম বয়সীয়া। ভিক্ষুনী গৰাকীয়ে মোক আদৰ সাদৰ কৰি ভিতৰলে মাতি নিলে, মুখ হাত ধুবলৈ সুশীতল পানী দিলে, সুস্বাদু খাদ্য খাবলৈ দিলে আৰু ৰাতিটো তাতে কটাবলৈ অনুৰোধ কৰিলে। আটাইতকৈ আচৰিত কথা হ’ল তেও মোৰ গাড়ীখন পৰীক্ষা কৰিলে আৰু পলকতে বেমাৰটো ধৰা পেলাই ভাল কৰিও দিলে। ৰাতি ধকধকীয়াবগা বিচনা এখনত নিশ্চিন্ত মনে শুই পৰিলো। 


 
তেতিয়া মাজ ৰাতি!!!!! - হঠাত এটা প্ৰচণ্ড শব্দত মই সাৰ পাই গ’লো। বাহিৰলৈ ওলাই চাবলৈয়ো ভয় লাগিল, .....পিছে শব্দটো আকৌ নহ’ল, ময়ো ভাগৰত কেতিয়া টোপনি গ’লো কবই নোৱাৰিলোঁ। পূৱা মই শুই উঠাৰ আগতেই সুন্দৰী ভিক্ষুনী গৰাকীয়ে গা পা ধুই, মোক বিছনাতে কিবা কিবি খাবলে দিলে, মই ৰাতি হোৱা শব্দটোৰ বিষয়ে সুধিলোঁ। এটা ৰহস্যময় হাঁহি মাৰি ভিক্ষুনী গৰাকীয়ে ক’লে

-“ মই সেই বিষয়ে একো কব নোৱাৰিম, কাৰণ আপুনি বৌদ্ধ ভিক্ষু নহয়”

নিৰাশ হৈ মই তেখেতৰ পৰা বিদায় লৈ গুচি আহিলো। 

কিছুবছৰৰ পাছত মই আকৌ সেই বাটেৰে যাব লগা হ’ল আৰু আচৰিত ভাৱে সেই বৌদ্ধ মঠটোৰ ওচৰতে আকৌ মোৰ গাড়ী বেয়া হ’ল। আকৌ মঠলৈকে গ’লো, আৰু ভিক্ষুণীগৰাকীয়ে মিচিকিয়া হাঁহিৰে দু্ৱাৰ খুলি দিলে। তেও দেখিবলৈ একেবাৰে আগৰ দৰেই হৈ আছে, বয়স যেন এদিনো বঢ়া নাই তেতিয়া দেখাতকৈ। আকৌ তেও মোক খাবলৈ দিলে, গাড়ীখনো ভাল কৰি দিলে আৰু ৰাতি শুই থাকিবলৈ অনুৰোধ কৰিলে। 

ৰাতি ১২ বজাত আকৌ সেই প্ৰচণ্ড শব্দ!! পূৱা সোধাত ভিক্ষুনীয়ে আকৌ ক’লে 

– আপোনাক কব নোৱাৰিম, কাৰণ আপুনি বৌদ্ধ ভিক্ষু নহয়।

মই কিন্তু এইবাৰ নেৰিলো- কাৰণ মোৰ কৌতূহ’লে সীমা চেৰাই গৈছেগৈ তেতিয়া। মই ক’লো- 

- “ এই ৰহস্য জানিবৰ কাৰণে মই দৰকাৰ হ’লে বৌদ্ধ ভিক্ষুয়েই হৈ যাম, কওক কেনেদৰে বৌদ্ধ ভিক্ষু হব পাৰি?

- “আপুনি তাৰ বাবে সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰিব লাগিব, আৰু পৃথিৱীত কিমান শিলগুটি আৰু কিমান ঘাঁহ আছে সেইটো হিচাপ কৰি আহি মোক কবহি লাগিব। শুদ্ধকৈ কব পাৰিলে আপুনি বৌদ্ধ ভিক্ষু হব পাৰিব” 

ময়ো জেদী মানুহ, ওলাই গলো খোজকাঢ়ি পৃথিৱী ভ্ৰমণ কৰিবলৈ, হাতত এখন ডায়েৰী আৰু এটা কলম লৈ। হিচাপ কৰি গলোঁ এফালৰ পৰা ঘাঁহ আৰু শিলগুটি!!!!

*********

পঞ্চলিশ বছৰ পাৰ হৈ গ’ল- এদিন সন্ধিয়া মই কাম শেষ কৰি সেই মঠটো পালোহি। আচৰিত কথা ভিক্ষুনী গৰাকী দেখিবলৈ একেই আছে, এদিনো বয়স বঢ়া নাই। মই হিচাপ দিলো-


- “পৃথিৱীত ********* টা শিলগুটি আৰু ###### জোপা ঘাঁহ আছে”

-“ অভিনন্দন !! আপোনাৰ উত্তৰ শুদ্ধ !! আপুনি আজিৰ পৰা এজন ভিক্ষু হ’ল, স্বাগতম”

তাৰ পিছত তেও মোক গা ধুবৰ বাবে সুগন্ধি যুক্ত পানী দিলে, সেই পানীৰে গা ধোৱাৰ লগে লগে মই অনুভৱ কৰিলো মোৰ যেন বয়স বহুত কমি গ’ল, আকৌ ডেকা ডেকা অনুভৱ কৰিলো। ভিক্ষুনীয়েও মোৰ ফালে চাই মিচিকিয়াই হাঁহিলে। তাৰ পাছত আমি দুয়ু মিলি সুস্বাদু ভোজন কৰিলোঁ, হাঁহি ধেমালিৰে ভোজন কৰাৰ পাছত মই মোৰ আচল উদ্দেশ্যৰ কথা কলোঁ

- 'এতিয়াতো মোক কওক সেই শব্দটো ক’ৰ পৰা আহিছিল?'

- 'আপুনি আৰু অলপ ধৈৰ্য ধৰিব লাগিব, কাইলৈ ৰাতিপূৱাহে মই আপোনাক সেই ৰহস্যৰ ভেদ জনাম।' 

সেই ৰাতি মোৰ কৌতূহল আৰু উৎকণ্ঠাত টোপনিয়েই নাহিল- পূণৰ ৰাতি শব্দটো হ’ল, এইবাৰ মোৰ ভয় নেলাগিল। মই এই শব্দৰ ৰহস্যভেদ কৰিবলৈ প্ৰায় সক্ষম হৈছোহি আৰু। মাত্ৰ ৰাতিপূৱাৰ অপেক্ষা!!

পূৱা কালিহি কালিহি হৈ থাকোতেই শুই উঠি গা পা ধুই আমি দুইজন সাজু হলোঁ, ভিক্ষুনীয়ে মোক মাটিৰ তললৈ সোমাই যোৱা চিৰি এটাৰ মাজে আগুৱাই লৈ গ’ল। মাটিৰ তলৰ সুৰংগটোত মই কোনো চাকি-জোঁৰ আদি নেদেখিলোঁ যদিও চাৰিওদিশ এক অলৌকিক পোহৰেৰে উজলি আছিল। কিছুদূৰ যোৱাৰ পাছত এখন বন্ধ কাঠৰ দূৱাৰৰ ওচৰত গৈ সুৰংগটো শেষ হ’ল গৈ। দূৱাৰত এটা তলা।

ভিক্ষুনীয়ে ক’লে শব্দটো এই দূৱাৰৰ ভিতৰৰ পৰাই অহিছে। মই চাবি বিছাৰিলোঁ- তেও হাঁহি মাৰি মোলৈ বহু পুৰণা যেন লগা চাবি এটা আগবঢ়াই দিলে- মোৰ কৌতূহ’লে চৰম সীমা পালেগৈ যদিও, ইমান দিনৰ অভ্যাসে মোক শান্ত হৈ থাকিবলৈ শিকালে। মই দূৱাৰখন খুলিলোঁ- কিন্তু ই কি? ভিতৰত আৰু এখন দুৱাৰ, এইখন আকৌ শিলৰ, তাতো তলা। তেও মোক আৰু এটা চাবি দিলে আৰু মই তাৰে দুৱাৰখন খুলিলো। এইবাৰো মই নিৰাশ হ’লো কাৰণ ভিতৰত আৰু এখন দূৱাৰ, সেইখন আকৌ সোণৰ, সেইখনো খুলিলো।

এইদৰে মই দুৱাৰ খুলি গৈ থাকিলোঁ, আৰু ভিতৰত এখনৰ পাছত এখন কৈ দুৱাৰ ওলাই গৈ থাকিল। কোনোখন ৰূপৰ, কোনোখন মূল্যবান ৰত্নৰ, কোনোখন লোহাৰ, কোনোখন অচিন কিবা পদাৰ্থৰ। খুলিয়েই থাকিলো আৰু দুৱাৰ ওলাইয়েই থাকিলে। 

এবাৰ এখন হীৰাৰ দৰে উজ্জ্বল দুৱাৰ পোৱাত ভিক্ষুনীয়ে ক’লে

-“এইখনেই শেষ দূৱাৰ আৰু এইটো আপোনাৰ শেষ চাবি, খোলক আৰু আপোনাৰ কৌতূহল নিৰসন কৰক” 

এই বাৰ মোৰ কিন্তু হাত কঁপিল- জীৱন জোৰা সাধনাৰে মই মোৰ লক্ষ্যত উপনীত হলোহি, আচৰিত কথা – মোৰ মনটো অলপ সেমেকিও গ’ল !! লক্ষ্য প্ৰাপ্তিৰ আনন্দৰ লগতে যাত্ৰা সমাপ্তিৰ দুঃখো থাকে। 

মই চাবি খুলি অলপ ঠেলি দিওতেই লাহেকৈ দুৱাৰ খন খোল খাই গ’ল, সামান্য শব্দ কৰি। আৰু উশাহ বন্ধ কৰি মই ভিতৰলৈ ভুমূকিয়াই চালোঁ- আচৰিত!! মই দেখা পালোঁ..........

পাঠক সকল!! মই অতি দূঃখীত..ইয়াৰ পিছৰ খিনি কব নোৱাৰিম...

.......... কাৰণ আপোনালোক বৌদ্ধ ভিক্ষু বা ভিক্ষুনী নহয়...........!!!!!

No comments:

Post a Comment