Wednesday, January 6, 2016

নৰকত দুৰ্দিন

 যোৱা কিছুদিন ধৰি নৰকত আগতে নোহোৱা সমস্যা কিছুমানে মুৰ তুলি উঠিছে। যমৰজা অতি চিন্তিত: । সেয়ে আজি তেখেতৰ অফিাচত গুৰুত্বপূৰ্ণ এক ৰূদ্ধদ্বাৰ বৈঠক । সমস্য গুৰুতৰ দেখি,  আজিকালি কৰ্পৰেট জগতৰ নিয়ম অনুসৰি দুজন অভিজ্ঞ কনচালটেন্টও উপস্থিত আছে;  বৃদ্ধ গগৈ আৰু অসুৰেশ খালমাটি । দুয়ুজন এনে বহু সমস্যা তিলিকিতে সমাধান কৰাৰ অভিজ্ঞতাৰে পুষ্ট। গতিকে আজি বৈঠকত কেৱল দুই কনচালটেন্ট, এচিচটেন্ত হিমগুপ্ত ( চিত্ৰগুপ্তৰ পু্ত্ৰ) , আৰু নৰক সামৰিক বাহিনীৰ সৰ্বাধিনায়ক জেনেৰেল কন্ধ । আনকি পিয়ন চাপ্ৰাচীৰ প্ৰৱেশো নিষিদ্ধ কৰা হৈছে। গুৰুগম্ভীৰ পৰিৱে‍শ, যমৰাজৰ চিন্তাক্লিষ্ট মুখ। কেৱল বৃদ্ধ গগৈয়ে  দুই এটা পাতলীয়া কথা কৈ পৰিবেশটো সহজ কৰাৰ চেষ্টা কৰি আছে। তেঁওৰ গাজা বিলাকত কোনেও হঁহা নাই, আচলতে হঁহাৰ পৰিবেশো নাই, কিন্তু গগৈয়ে চেষ্টা এৰি দিয়া নাই ।

 সমস্যা এদিনীয়া নহয়। এই নৰক ৰাজ্যৰ অতীজৰে পৰা একছত্ৰী সম্ৰাট কেৱল যমৰাজ। কোনেও তাত একো আপত্তি কেতিয়াও কৰা নাই। কৰিবৰ প্ৰয়োজনো হোৱা নাই। কিন্তু লাহে লাহে কথাবিলাক সলনি হৈ আহিল । দ্ৰুত গতিত জনসংখ্যা বৃদ্ধি পালে ( তাৰ কাৰণে অৱশ্যে নৰক চৰকাৰৰ কোনো দোষ নাই, মৰতত জনসংখ্যাৰ লগতে নৰকলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰা মানুহৰ সংখ্যা ইমান বাঢ়িছে যে, নৰকৰ মেচিন বিলাক সদায় অভাৰ ৰেটিঙত চলাব লগা হৈছে।) জনসংখ্যাৰ লগতে বাঢ়িল নানান সমস্যা, চাকৰি নাই, খেতি কৰি খাবলে মাটি নাই, ল’ৰাবোৰক মটৰ চাইকেল কিনি দিবলে বাপেক হঁতৰ দৰমহা নাই, ৰাষ্টা-ঘাটৰ অৱস্থা ‍শোচনীয়। তাৰ উপৰি বছৰি হোৱা মাৰাত্মক বানপানী। অবৈধ অনুপ্ৰৱেশ আছেই, তাৰ লগতে আছে  একেবাৰে তলিলৈকে শিপোৱা দুৰ্নীতি। নৰকবাসী লাহে লাহে অতীষ্ঠ হৈ পৰিছে। ইতিমধ্যে গঢ়লৈ উঠিছে কেইবাটাও বিদ্ৰোহী সংগঠন । অনেকে প্ৰশ্ন তুলিছে যমৰাজৰ যোগ্যতাৰ ওপৰত। ভাগ্য ভাল,  প্ৰায় বিলাকেই  অলপ পইচা পাতি, দুটামান চাকৰি, কণ্ট্ৰেক্ট আদি পালেই মেনেজ হৈ যায়। কিন্তু তাৰো তো এটা সীমা আছে। আজি এটা ইচু, কালিলৈ আন এটা। দুটামানে আকৌ চাইনীজ বন্দুক কেইটামান  কিনি হাবিত সোমাই এক্সটৰচন চলাই আছে, তাতো ৰাইজৰ অশান্তি। সকলোতকৈ গন্দগোল লগাই থকা কেইটা হ’ল ‘ নৰক আবাল বৃদ্ধ ছাত্ৰ সংগঠন’ আৰু এটা খেতিয়ক। ইঁহতে সদায় নতুন নতুন ইচু বিছাৰি উলিয়ায়েই, যমৰাজৰ ভুল ধৰাতোৱেই যেন সিঁহতৰ কাম। ভাবি চিন্তি কিবা এটা আঁচনি লয়, তাতো ইহঁতে হেজাৰটা ভুল উলিয়াই আন্দোলন কৰে, কেৱল আন্দোলন আৰু আন্দোলন। বছৰত ৩০০ দিনেই   “নৰক বন্ধ” ।

 এনে এটা দিন আহিব বুলি যমৰাজে কেতিয়াও কল্পনা কৰা নাছিল। ভবাই নাছিল যে কেতিয়াবা কোনোবাই তেখেতৰ আসনক লৈয়ো প্ৰশ্ন উঠাব । হয়, দেশ চলোৱাৰ লগে লগে তেও পৰিয়ালো চলাব  লগা হৈছে, আৰু পৰিয়ালৰ কাৰণেই,  আঁচনি বিলাকৰ পৰা অলপ অচৰপ কমিচন নোলোৱাও নহয়। আজিকালিনো কোনে নলয়? লগতে তেখেতৰ পাৰিষদবৰ্গকো সুবিধা কণ দিছিল তেও। দেশৰ কাম কৰিবলেকে তেঁওলোকে ভাল ভাল বস্তু খাই নিজকে সুস্থ কৰি ৰখা প্ৰয়োজন দেখোন। যমৰাজে অৱসৰ লোৱাৰ লগে লগে, যম জুনিঅ’ৰেই যে ৰজা হব সেইটোৱো খাটাং আছিল। কিন্তু কথাবোৰ দেখোন কিবা ভাল লগা নাই। হাজাৰ বছৰ যোৰা অভিজ্ঞতাৰে পুষ্ট যমৰাজে পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰাত পলম নকৰিলে । সেই বাবেই এই বৈঠক আজি। যমৰাজে- পুতেককো মীটিঙত উপস্থিত থকাতো বিছাৰিছিল। কিন্তু তাৰ গাৰ্লফ্ৰেণ্ডৰ লগৰ ছোৱালী এজনীৰ বাৰ্থডে’ থকা বাবে সি বাপেকক এইবিলাক ব'ৰিং মীটিং কৰি থাকিব নোৱাৰে বুলি স্পষ্টকৈ কৈ দিলে। অলপ আঘাত পালে যমৰাজে মনতে, ইমান দৰকাৰী কথাৰ এটাৰ গুৰুত্ব উপলব্ধি কৰিব নোৱাৰিলে কেনেকে দেশ চলাব  এদিন?? কিন্তু কি হব, বাপেকৰ মনহে, তাৰ বাবেটো ব্যৱস্থা তেখেতেই কৰি যাব লাগিব ।

ডচিয়াৰ খন লাহে লাহে সকলোৱে শুণাকৈ পঢ়ি ৰিডিং গ্লাছযোৰ খুলিলে যমৰাজে। এচি ৰুমতো কপালত দুটোপাল ঘাম বিৰিঙি উঠা দেখা গ’ল । সকলোৱে একান্ত মনে শুণিলে। মাজে মাজে খালমাটিয়ে চিগাৰেট ধৰালে। বৃদ্ধ গগৈয়েহে মাজে মাজে স্থুল মন্তব্যৰে সকলোকে বিৰক্ত কৰিবলে এৰা নাছিল এই সময়তো। যমৰাজে মাজতে ৰূমৰ পৰা আউট কৰি দিয়াৰ কথা নভবা নহয়, কিন্তু মানুহটো বৰ কামৰ   বুলি তেঁও জানে। সেয়ে খং সম্বৰণ কৰি তেও কনচালটেন্ট কেইজনক উদ্দেশ্য কৰি কবলে ধৰিলে-

--“মেনেজমেন্টৰ উদ্দেশ্য স্পষ্ট । যিকোনো উপায়ে আগৰ অৱস্থা ঘুৰি আহিব লাগে, আৰু এই অশান্তি বিলাক নোহোৱা কৰিব লাগে ,যাতে বিভিন্ন উন্নয়ন মূলক আচঁনি বিলাকৰ যোগেদি দেশৰ সমাজ বৱস্থালৈ আমূল পৰিবৰ্তন আনিব পাৰি আৰু অপশক্তি  বিলাকক ৰোধ কৰিব পাৰি, লগতে দেশৰ জলন্ত সমস্যা বিলাকৰ ফলপ্ৰসু সমাধান উলিয়াব পাৰি।   আপোনালোকক ইমান পইচা খৰছ কৰি এই কাৰণেই মাতি অনা হৈছে, যে আপনালোকে ইয়াৰ আশু সমাধান দিব। “

- ‘হে, কিনো ডাঙৰ কথাটো হ’ল , হয়নে নহয়?? এনেকুৱা প্ৰব্লেম আমি কিমান চল্ভ কৰিছো তাৰ সীমা সংখ্যা নাই । হৈ যাব , আমি চব ঠিক কৰি বুইছেনে নাই” গগৈয়ে মাত দিলে

- “হৈ যাব লাগে, মোক আৰু কেইটামান ডিটেইল লাগিব । “ খালমাটিয়ে ক’লে।

- আপোনালোকক যি ডাটা লাগে হিমগুপ্তৰ পৰা লৈ লব’’  যমৰাজে কৈ গ’ল – “ কিমান দিনৰ ভিতৰত আপনালোকৰ ৰিপৰ্ট আশা কৰিব পাৰোঁ ??”

-হাঃ হাঃ হাঃ – ৰিপৰ্ট ?? কিহৰ ৰিপৰ্ট লাগে আকৌ, এতিয়াই আপনাক সৱ চলিউচন দি দিম , নে কি কয় খালমাটি? মই আজি ঘুৰি যাবগে লাগিব। আধাৰশিলা কেইটামান উন্মোচন  কৰিব লগা আছে।“

বৃদ্ধৰ কথা শুণি যমৰাজ আচৰিত হ’ল – “এতিয়াই ???” তেখেতে খালমাটিলৈ চালে। খালমাটিয়ে মিচিকিয়াই হাঁহি মূৰ  দুপিয়ালে ।

- "হেৰি নহয় , বোপাই হিম, আমি  কৈ যাম তুমি লিখি যাবা দেই । ভালকে লিখিবা, তোমালোকেও এইবিলাক কথা জানিব লাগে বুইছানে নাই। দিচ ইজ আলচো ইম্পৰটেন্ট মেটাৰ হয়নে নহয় ??

শুণক যমচাৰ, মোৰ চিধা কথা, হয়নে নহয়??  আপোনাৰ এইলেখীয়া সমস্যা আমি হেজাৰটা তিলিকিতে উৰুৱাই দিও, সকলোৱেই দেখি আছে। আপোনাৰ আচল কথাটো হ’ল 

১। আপোনাৰ কমিচন আহি থাকিব লাগে

২। আপোনাৰ আলগদ্ধ পুত্ৰই ৰাজপাত পাব লাগে

৩। চিঞঁৰি থকা বোৰ মেনেজ হব লাগে আৰু নতুনকে ওলাব নেলাগে

 হয় নে নহয় ?সেয়া,  আমাৰ আগত সকলো ফটফটীয়াকৈ ওলাই পৰিল, হয়নে নহয়? সে: স: সে:..."

এই বহুবল্কী মানুহটোৰ প্ৰতিভা দেখি আচৰিত হ’ল যমৰাজ। তেখেতৰ হিডেন এজেণ্ডা অনায়াসে পঢ়ি পেলালে তেঁও। মুৰ তললে কৰি যমৰাজে ক’লে

- “তাৰোপৰি এই বানপানী আৰু ৰাষ্টা-ঘাট, নিবনুৱা সমস্যা, এই বিলাকো অলপ কমিলে ভাল, নহলে বেয়া দেখি !”

 
হাঃ হাঃ হাঃ , হাঁহিত বাগৰি পৰিল দুয়ুজন কনচালটেন্ট , সাধাৰণতে গহীন হৈ থকা খালমাটিয়েও হাঁহি ৰাখিব নোৱাৰিলে।

- “কি অবুজনৰ লেখিয়া কথাবোৰ কয়হে যমদেও। এইবোৰ নেথাকিলে কি লৈ দেশ চলাব। দেশ চলোৱাৰ প্ৰথম কিটিপ-   সমস্যাবোৰ কেতিয়াও পাৰমানেন্ট সমাধান নকৰিব । তাৰ পৰা দুটা লাভ- বছৰি সমস্যা আহিব, মানে ফাণ্ড আহিব, আৰু আপোনাৰ কমিচন আহি থাকিব । দ্বিত্বীয়তে মানুহবোৰক এই কেইটাৰ লগতে বিজি কৰি ৰাখি আপুনি ভিতৰি ভিতৰি আপোনাৰ কাৰনামা বিলাক কৰি থাকিব পাৰিব , বুইছে নে নাই । ৰব আপোনাক উদাহৰণ দি কও – ধৰি লওক বানপানী, আমি জানো আপোনাৰ ওচৰত বানপানী একেবাৰে বন্ধ কৰিব পৰা উপায় আছে, সেইবুলিয়েই কৰিব নে ??? পকা মথাউৰি সাজিব নে? নদীখন খানি দ কৰিব নে ?? নকৰিব । কৰিলেই সান্দহখোৱা বালি তল যাব । আৰু চাওকচোন আপোনাৰ লগতে বানপানী আহিলে কিমান মানুহৰ ৰোজকাৰ ওলায়, আপুনি তেঁওলোকৰ বধৰ ভাগি হবনে?  সদায় বাৰিষা অহাৰ আগে আগে টেম্পৰেৰী মাথাউৰী মাৰিব, বানত ভাগিব, পিছবছৰ আকৌ মাৰিব । পিছে এটা কথা চাব-কন্ত্ৰেক্ট যাতে লোকেল দাদা কেইজনক দিয়া হয় সেইটো মন কৰিব । চিন্তা নকৰিব, সিঁহতি নিজৰ মাক বাপেক মৰি গলেও মাথাউৰি ভালকে নবনাই । মুঠতে বাৰিষা মাথাউৰি ভাগিবই, আৰু – হাঃ হাঃ.... চিলচিলা চলতা ৰহেগা।বাকী সমস্যা বিলাকতো একেই কথা, বুজিছে ছাগৈ আপুনি।

যমৰাজৰ যেন দিব্যচক্ষু মূকলি হ’ল। গগৈক ভৰিত ধৰি প্ৰণাম কৰিবৰ মন গ’ল তেঁওৰ। এইবাৰ খালমাটিয়ে আৰম্ভ কৰিলে

 -“সমস্যা তমস্যা বাদ দিয়ক । মই এই আপৰাইজ বিলাকৰ কাৰণ বিছাৰি পালোঁ। নৰকৰ ৰাইজৰ এক্সপজাৰ টু দা আউটাৰ ৱৰ্ল্ড অলপ বেছি হৈছে। বাহিৰত ভাল বস্তু দেখি দেখি ইয়াতো বিছৰা হৈছে । গতিকে প্ৰথমতে সিহঁতৰ ইনটেলেক্টত আঘাত কৰিব লগিব । তাৰ বাবে প্ৰয়োজন শিক্ষা ব্যৱস্থাক নিয়ন্ত্ৰণ কৰা। এনে ধৰণৰ ‍ শিক্ষা ইনট্ৰডিউচ কৰক যাতে সি মানুহৰ চিন্তা কৰিব পৰা শক্তি, লীডাৰচিপ কোৱালিটি নষ্ট কৰি দিয়ে, গোলামীকে জীৱনৰ প্ৰাপ্তি বুলি সিঁহতে অনুভৱ কৰে। টি ভি, ইন্টাৰনেটৰ যোগেৰে এনে কিছুমান বস্তু প্ৰচাৰ কৰক যাতে মানুহ কেৱল তাৰ পিছতে লাগি যায়, আৰু মানুহ বাস্তৱৰ পৰা আঁতৰি আন এখন দুনীয়াত থাকিবলে লয়”  “ আই স্ট্ৰংলী চাজেষ্ট পৰ্ণ” – গগৈলৈ চালে খালমাটিয়ে।

-- “গলিয়ে গলিয়ে ৱাইন চপ খুলি দিয়ক , ইয়ো বৰ কাম কৰে ।“ গগৈ বেছি দেৰি মুখ বন্ধ কৰি থাকিব পৰা মানুহ নহয় ।

-- “হয় । এইকেইটা কাম আপুনি কৰক । দেখিব আপোনাৰ উদ্দে‍শ্য আৰামত সিদ্ধি হৈ যাব । আৰু কিছুমান  টেকতিকচ আছে, ডিটেইলচ মই হিমগুপ্তৰ হাতত দি যাম । আপুনি কৰি চাওক , বিশ্বাস নাই হোৱা যদি আমাৰ ‌ফিজৰ ১০% পাৰফৰমেন্স গেৰান্টি হিচাপে ৰাখি থওক” ।

শ্ৰদ্ধাত মূৰ দোখাই আহিল যমৰাজৰ। গদগদহৈ কবলৈ ধৰিলে

-“নাই নাই ,আপোনালোকৰ অভিজ্ঞতাৰ ওপৰত মোৰ পুৰা বি‍শ্বাস আছে। কাম হব বুলি মোৰ ধাৰণা হৈছে । কিন্তু...

হঠাৎ কিবা এটা মনত পৰি যমৰাজে ক’লে

-‘এই বৃদ্ধ ছাত্ৰ সংগঠন আৰু ‘খেতিয়কক’ কেনেকে মেনেজ কৰা যায়, সেইটো অত্যন্ত জৰুৰী, জলাকলা কৰি মাৰিছে..

..টিৎ টিৎ টিৎ টিৎ..........টিৎ টিৎ টিৎ টিৎ..........টিৎ টিৎ টিৎ টিৎ........

কি হ’ল আকৌ ?? অহহ... যমৰাজৰ অফিচৰ ফুলদানীটোত লগাই থৈ অহা মোৰ কৰ্ডলেচ স্পাই মাইক্ৰফ’নতোত বেটেৰী শেষ হ’ল বোধহয় । ধুৰ... আচল কথাটোৱেই ‍শুনিবলে নেপালোঁ ।।

No comments:

Post a Comment