Wednesday, January 6, 2016

জাননী

!!!এটেনচন!!! 

.....সকলো ভাৰতীয় নাগৰিককে সূচিত কৰি এই জাননী দিয়া হৈছে, যে, .....

যিহেতু, আপোনালোকে আৰু আপোনালোকৰ দেশৰ চৰকাৰ খনে, আপোনালোকৰ দেশখন ভালকৈ চলাব পৰা নাই, আৰু আপোনালোকৰ মাজৰে “ৰত্ন মহাদেৱ” নামৰ এজন লোকে সেই কথাটো আমাৰ ইয়ালৈ আহি সকলোৱে দেখা শুনাকৈ, সজ্ঞানে-সুস্থ শৰীৰে কৈ গৈছে, গতিকেই, আমি আমাৰ নৈতিক দ্বায়িত্ব বুলি গণ্য কৰি, আজিৰ এই মূহুৰ্তৰে পৰা আপোনালোকৰ দেশৰ শাসনভাৰ গ্ৰহণ কৰিলো। এতিয়াৰ পৰা আপোনালোকৰ সকলো ‘স্বাধীনতা’ ৰিভ’ক কৰা অৰ্থাৎ উঠাই লোৱা হ'ল। আজিৰ পৰা আমাৰ ‘মুল্ক’ৰ ৱজীৰ-এ-আজমে আধিকাৰিক ভাৱে ভাৰতৰ সকলো ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, গুণ্ডাৰাজ বা মাফিয়া শাসিত অঞ্চল, সন্ত্ৰাসবিধুষিত অঞ্চল আৰু ওচৰৰ দেশৰ লগত বিবাদমান অঞ্চলসমূহৰ শাসনভাৰ গ্ৰহণ কৰিলে। কেৱল বিহাৰক বাদ দি; ‘ৱজীৰ- এ- আজমে’ বিহাৰখন বৰ এটা ভাল নেপায়,............কিবা বৰ বেছি ঝেং। 


মুল্কৰ ‘ৱজীৰ এ আজম’ৰ হৈ, আমাৰ ‘মুল্ক’ৰ সেনাৰ মুৰব্বী, অৰ্থাৎ মই, আজিৰে পৰা আপোনালোকৰ দেশ শাসন কৰিম।মোৰ আদেশ অমান্য কৰাসকলক, টিকাত চিকুটি দিয়া, ভাকুটকুটাই দিয়া বা কপৌচেলোৱা দিয়াৰ দৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হব। এতিয়াৰ পৰা আপোনাকৰ দেশৰ লোকসভা, ৰাজ্যসভা, বিধানসভা, গাঁও পঞ্চায়ত সভা, ‘আলোকসন্ধানী মইনা পাৰিজাতৰ’ বছৰেকীয়া সভা, হৰেণৰ ঘৈণীয়েকক নৰেনে পলুৱাই নিয়াৰ বিচাৰ কৰা সভা, বাহাৰুল হুছেইন চাৰৰ বিদায় সভা, আদি যিমানবোৰ সভা-সমিতি আছে, এই মূহুৰ্তৰ পৰাই সকলো ভংগ কৰি দিয়া হ’ল!আপোনালোকৰ দেশৰ মন্ত্ৰী-মুদাগৰ, অফিচাৰ-সদাগৰ আদি সকলোৰে সকলোধৰণৰ ক্ষমতা কৰ্তন কৰা হ’ল। আজিৰ এই শুভ মূহুৰ্তৰ পৰা আপোনালোকে আমাৰ মুল্কৰ সুশাসন ঘৰতে বহি উপভোগ কৰিব পাৰিব।
তাৰমাজৰে দুটামান সুবিধা তলত উল্লেখ কৰিলো ....

১। আজিৰ পৰা আপোনালোকে কোনো পুলিচ, আদালত, শাসক প্ৰশাসক আদিক মানি চলিব নেলাগে, আপোনালোকৰ যি মন যায়, যিহকে ভাল দেখে বা ভাৱে, তাকে কৰিবলৈ অনুমতি দিয়া হ’ল। হত্যা-লুটপাত- ধৰ্ষণ আদি ইচ্ছামতে কৰিব পাৰিব আৰু তাকে আইনসংগত বুলি প্ৰতিষ্ঠা কৰিবলৈ আপোনালোকে নিজৰ মতে আইন-কানুন তৈয়াৰ কৰি লব পাৰিব। 

২। আপোনালোকে নিজৰ নিজৰ ঘৰত সন্ত্ৰাসবাদী তৈয়াৰ কৰা স্কুল, মাধ্যমিক স্কুল, বিশ্ববিদ্যালয়, আদি খুলি ইচ্ছামতে ধন উপাৰ্জন কৰিব পাৰিব। কাৰো অনুমতি নোলোৱাকৈ ওচৰ পাজৰৰ দেশবোৰলৈ সন্ত্ৰাসবাদী পথাব পৰিব আৰু তাত গৈ নিৰপৰাধী-নিৰস্ত্ৰ মানুহক উধাই মুধাই গুলীয়াই, বম ফুটাই নিজৰ মনোৰঞ্জন কৰিব পাৰিব। আপোনালোকে নিসংকোচে এই স্কুলৰ উৎপাদিত সামগ্ৰীসমূহ যিকোনো ঠাইলৈ ৰপ্তানি কৰিব পাৰিব, তাৰ বাবে আপোনালোকে কোনো ৰপ্তানি শুল্ক দিব নেলাগিব। বৰঞ্চ, আমাৰ হুজুৰে আপোনালোকক মাজে মধ্যে পুৰষ্কৃতহে কৰিব। 

৩। আন আন দেশৰ 'মষ্ট ৱাণ্টেড' চোৰ-ডকাইত, হত্যাকাৰী, ক’লা বজাৰী, ড্ৰাগছৰ বেপাৰী আদিক আপোনালোকে নিজৰ ঘৰত ‘সাদৰৰ নিমন্ত্ৰিত অতিথি’ হিচাপে অনিৰ্দিষ্ট কাললৈ খুৱাই বুৱাই ৰাখিব পাৰিব। নিজৰ ধুনীয়া ছোৱালী থাকিলে সেইসকললৈ বিয়া-বাৰু দিয়াতো কোনো বাধা নেথাকিব।

৪। দেশৰ অলপ আওহতীয়া ঠাইবিলাকত আপোনালোকে কাণি, ভাং আদিৰ খেতি কৰিব পাৰিব(মুকলি ঠাইতো কৰিব পাৰে, কেৱল আমেৰিকাই নেদেখিলেই হ’ল)। এই ড্ৰাগছ বিলাক কাৰখানাত প্ৰচেছ কৰি আমেৰিকা ইউৰোপৰ ফালে বিক্ৰী কৰিবলৈ চৰকাৰে আপোনালোকক ‘ভিতৰপকীয়া’ সুবিধা প্ৰদান কৰিব। 

৫। আপোনালোকৰ যাৰে হাতত পইচা আছে তেওলোকে নিৰ্বিবাদে ‘চাইনিজ’ নিউক্লিয়েৰ ব'ম বা মিছাইল কিনিব পাৰিব আৰু ঘৰৰ পিছচোতালত সেইবোৰ বহুৱাই, কাষৰ মানুহঘৰক ভয় খুৱাই, দম-ধমকি দি থাকিব পাৰিব। যদি কাষৰ ঘৰেও তেনেকুৱা এটা কিনে, তেন্তে আপুনি দহটা কিনিব, মুঠতে কাষৰ জনতকৈ আপোনাৰ ঘৰত বেছি নিউক(Nuke) থাকিব লাগিব, তাৰ বাবে যিমান পাৰে সিমান পইচা খৰছ কৰিব। লাগিলে আপোনাৰ খাবলেকে নাটনি হওক।

৬। আজিৰ পৰা আপোনালোকে নিজৰ কথা চিন্তা নকৰিব, খাবলে পাইছে নে নাই, আপোনাৰ ল’ৰা ছোৱালীয়ে পঢ়িছে নে নাই, বেমাৰ হ’লে খাবলে দৰৱ আছেনে নাই, এইবিলাক চিন্তা বন্ধ। দিনটোৰ ২৮ ঘণ্টা আৰু বছৰৰ ৩৬৫ দিন আপোনালোকে আপোনাৰ প্ৰতিবেশীয়ে কি কৰিছে, ক’ত ভুল ধৰিব পাৰি, কি নতুন বস্তু কিনিলে সেইবোৰ শেণচকুৰে চাই থাকিব, আৰু প্ৰয়োজন সাপেক্ষে য'তে ত'তে হৈ-ছৈ কৰিব। আপোনাৰ চিঞৰ-বাখৰ কোনেও নুশুনিলেও আপোনালোকে পাত্তা নিদিব।"নিজৰ হেৰিয়েই লুজ মচনত লেপেট-পেট, আকৌ লোকৰ হেৰি ধুৱাবলে যায়" জাতীয় প্ৰবচন আজিৰ পৰা এই দেশত নিষিদ্ধ কৰা হ'ল।

৭। আপোনালোকে হোৱাই-নোহোৱাই আপোনাৰ প্ৰতিবেশীৰ ঘৰত শিলগুটি, পাথৰ, মাটিৰ লদি, বাঁহৰ ফৰ্মুটি, বাটলু গুটি আদিৰে আক্ৰমণ কৰি থাকিব পাৰিব। প্ৰতিবেশীয়ে “কাৰা” জবাব দিলে আপোনালোকে ৰাতিৰ এন্ধাৰত, মনে মনে এইবোৰ কাম কৰিব পাৰিব। 

৮।আগতে আপোনালোকে কেৱল দেৱালীৰ দিনা ফটকা-বম ফুটাই আনন্দ কৰিছিল, তাকো বছৰত এদিন। আজিৰ পৰা আপোনালোকে যেতিয়াই মন যায় তেতিয়াই, স্কুল, শ্বপিং মল, পাৰ্ক আদিত আগতকৈ ৫০০০ গুণ ডাঙৰ আকাৰৰ ফটকা ফুটাই থাকিব পাৰিব। দুই এটা প্ৰাণ হানি-বিঘিনি হ'লেও আমাৰ চৰকাৰৰ ফালৰ পৰা আপোনাক সকলো নিৰপত্তা দিয়া হব। 

এই সুবিধাসমূহ ভোগ কৰিবলৈ হ'লে আপোনালোকে কিছুমান প্ৰাপ্যও দিব লাগিব,...'নাথিং কামচ্ ফ্ৰী ইন দিছ ৱৰ্ল্ড' ! তাৰে কেইটামান তলত দিয়া হ'ল, কিন্তু মনত ৰাখিব, এইেকেইটাতে শেষ নহয়, পিছত আৰু ওলাব পাৰে।

১। আপোনালোকে ক্ৰিকেট খেলিব পাৰিব, কিন্তু বেট ধৰা ( batting) একেবাৰে নিষিদ্ধ, আপোনালোকে কেৱল দীঘল দীঘল ৰাণ আপ লৈ ফাষ্ট বলিং কৰিব পাৰিব। স্পিন বল কৰিব বিছাৰিলে কৰিব পাৰিব, কিন্তু চিধা চিধি নিয়ম মতে নহয়, দুচৰা, তিচৰা, ছৌথৱা, পাঁচৱা আদি কিবা কিবি হে কৰিব পাৰিব। এক অভাৰত ছটা ছিক্স খালেও আপোনালোক টিঙৰপৰা নেনামিব।

২। বলীউডৰ চিনেমা চাব পাৰিব, কিন্তু চিনেমা হললে গৈ টিকট কাটি নহয়। চিনেমাখন কোনোমতে চাব পৰা হোৱাৰ দিনাই, তাৰ কেমৰিপ, ডিভিডি-ৰিপ, প্ৰি-ডিভিডি-ৰিপ আদি তৈয়াৰ কৰি টৰেণ্টত ৰাইজক বিলাই দিব লাগিব, পাইৰেচী নকৰাকে কোনো গান শুনা বা চিনেমা চোৱা আজিৰ পৰা নিষিদ্ধ। সেইদৰে আপোনালোকৰ কম্পিউটাৰ প্ৰগ্ৰেমিঙো কৰাৰ অনুমতি থাকিব, কিন্তু কেৱল 'ভাইৰাচ'ৰ বাদে আন কোনো ছ‌ফট্‌ৱেৰ নিৰ্মাণ কৰিব নোৱাৰিব। অন্যথা আনইমতে দণ্ডণীয় হব। 

৩। ইনকাম টেক্স আগতকৈ বহুত কম হব, কিন্তু আপুনি আপোনাৰ উপাৰ্জনৰ ৯৫% কাৰোবাক নহয় কাৰোবাক গুণ্ডাকৰ হিচাপে দিব লাগিব। নহ'লে আপোনাৰ জীৱনৰ দ্বায়িত্ব কেৱল আপোনাৰ। অৱশ্যে এনেয়ো আমাৰ চৰকাৰ খন কাৰো জীৱন-যৌৱনৰ দ্বায়িত্ব লবলৈ 'লাইনত খাৰা' হৈ থকা নাই।

আজিলৈ ইমানেই - ইয়াতকৈ বেছি আৰু কি কি কৰিব লাগিব আমি সদ্যহতে ঠিক কৰিব পৰা নাই, সিদ্ধান্ত হোৱাৰ লগে লগে আপোনালোকে নিজে আহি আমাৰ পৰা জানি লব। 

ইতি
য়'ৰচ চিনচিয়েৰলী
য়'ৰ হুজুৰ-এ-আলা

No comments:

Post a Comment