Wednesday, January 6, 2016

পতি-পত্নী

পিকলু বৌ ( ফ'ৰ দা ৰুকিজ, চি ইজ মিছেচ ভূ-দা) য়ে ব্ৰেকফাষ্ট বনাই(ৰান্ধি??) আছিল, ব্ৰেকফাষ্ট মানে পাওৰুটি গৰম কৰি অলপ বাটাৰ সানিব, আকৌ গৰম কৰি বাটাৰখিনি গলাব, আৰু লগত কণীৰ অমলেট। 

হঠাতে ভূদা দৌৰাদৌৰিকৈ পাকঘৰত সোমালহি। আহিয়েই চিঞৰ বাখৰ আৰম্ভ...
-" হেই ....হেই,...... কি কৰিছা? কৰিছা কি তুমি? তুমি একদম কেয়াৰফুল নহয়, গেছটো ইমান বেছিকে কেলে দিছা, চব ব্ৰেড জ্বলি যাব এতিয়া,..... হে ভগৱান!
আৰু চাৰি পিচ ব্ৰেড একেলগে কিয় দিছা, ইমানকণো কাণ্ডজ্ঞান নাইনে তোমাৰ। আৰু সেইটো কি? তেৱাখনত তেল দি ইমানকে কিয় গৰম কৰিছা, জুই লাগি গ'লে কি হব? অমলেট বনাবা যদি আগতে কণী কেইটা ফেটি লোৱা নাই কিয়? অ'..ফেটি লৈছা বাৰু, কিন্তু নিমখ জোখত দিলা নে নাই? তুমি সদায় নিমখ হয় কমকে দিয়া, নহয় বেছিকে দিয়া, মই জানো নহয়। হালধী অকণমান দিলা নে নাই? 

এইইইইইইই ইইইইই.. ..ধোঁৱা ওলাইছে দেখোন তেৱাখনৰ পৰা..হে ভগৱান কি হব এতিয়া? তোমাৰ এই পাত্তা নিদিয়া স্বভাৱটোৰ কাৰণেই চব গন্দগোল হয়। মই বুজি নেপাও, এটা কামো তুমি ঠিকমতে কৰিব নোৱাৰা কিয় ! উসসসস....আজি অলপতে জুই ওলালেহেঁতেন তেৱাৰ পৰা, ভগৱানৰ কৃপাত বাছি গ'লো আমি। তুমি যে এনেকে কামবোৰ কৰা, বিপদ হব পাৰে বুলি ভাবিব নোৱাৰা নেকি? এএএএএ.........সেইটো কি, জলকীয়াটো কিয় দিছা অমলেটত? মই জ্বলা খাব নোৱাৰো বুলি নেজানা নেকি? জানিলেও কিয় পাত্তা দিবা তুমি, মইনো কোন হয় তোমাৰ? হেইইইই.......সাৱধান.......কি কৰিছা এইবোৰ? শুনা, ৰন্ধা বঢ়া কৰোতে তুমি আন কথা বাদ দি, কেৱল মোৰ কথা মন দি শুনিবা, বুজিছা? মনে মনে থাকা তুমি, মোৰ কথা শুনা। তোমাৰ যি কব লগা আছে, ব্ৰেকফাষ্ট ৰেডী হোৱাৰ পাছত কবা। আৰে, গেছটো ইমান কমাই দিছা কিয়? এনেকে হ'লে আমি আজি দুপৰীয়া ২ টা বজাত ব্ৰেকফাষ্ট খাব লাগিব।তোমাৰ সময়ৰ জ্ঞান যে অলপো নাই দেই,...... হে হৰি!! "


অসহ্য হৈ বৌয়ে মাত দিলে-

-" তোমাৰ হৈছে কি আজি ? কি আবোল-তাবোল বকি আছা? মই কি আজিহে ব্ৰেড গৰম কৰিছো নেকি? নে মই জীৱনত আজিহে প্ৰথম অমলেট বনাইছো? 
"ভূ-ভাৰস্ত" হিট হোৱা দেখি তোমাৰ ওপৰ ফালৰ বেলেন্স হেৰাই গ'ল হব পায়? "

-"একো আবোল তাবোল বকা নাই, মোৰ বেলেন্সো ঠিক আছে। মই মাত্ৰ তোমাক বুজাব বিছাৰিছো, ........................... গাড়ী চলাই থাকোতে মোৰ কেনেকুৱা লাগে।" 

(চিৰিমতীৰ পৰা শুনা কথা, সত্যাসত্য লেডীছ পাৰ্টিয়ে কনফাৰ্ম কৰিব)

No comments:

Post a Comment