Wednesday, January 6, 2016

ঘৰুৱা দিহা


আপোনাৰ ঘৰত সাপ ওলাইছেনে কেতিয়াবা? ঘৰৰ ভিতৰত সাপ ওলোৱাটো সঁচাকৈয়ে বিপদজনক কথা, মাৰিবলৈয়ো বেয়া লাগে, ভয়ো লাগে(জয় মনসা মাতা)..মুঠতে হুলস্থুলীয়া কাৰবাৰ এটা, কি কৰিব, কাক মাতিব, কেনেকে খেদিব নানান টা প্ৰশ্ন। এনেধৰণৰ আৰু বহুত সমস্যা আছে জীৱনত। গতিকে অমুকাই  আপোনালোকৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি, এনেবোৰ ঘৰুৱা সমস্যা সমাধানৰ অৰ্থে, অভিজ্ঞ সদস্য সকলৰ মতামতৰ ভিত্তিত এখন পুথি প্ৰস্তুত কৰিছে, যাৰ নাম- ঘৰুৱা দিহা(ৱিথ এ টুইষ্ট)। 



কিতাপখনত দিয়া চিয়'ৰ শ্বট উপায় বিলাকৰ নমুনা হিচাপে এই সাপ ওলোৱা চেপ্টাৰটো তলত দিয়া হ'ল। অভিজ্ঞ জ্ঞানী লোক সকলে এই সমস্যাটোৰ পৰা হাত সাৰিবলৈ কিছুমান উপায় দেখুৱাইছে, আপোনালোকে তাৰে যিকোনো এটা বা তাতোধিক বিনামূল্যে ব্যৱহাৰ কৰিব পাৰিব। 


ঘৰত সাপ ওলালে কি কৰিব লাগে ? 

দেয়াৰ আৰ চেভেৰেল ৱেইজ টু হেণ্ডল দা প্ৰব্লেম, চাম আৰ গিভেন বিল':-

দা জুই ভাই ৱেঃ- 
নেমাৰিব তাক, নেখেদিব...ফেনাইলো নচটিয়াব, ড'ণ্ট ডেয়াৰ। সাপে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষ্যা কৰে,এনহে কৰে, হেনহে কৰে, তেনহে কৰে। গতিকে আপুনিয়েই পৰিয়ালসহ ঘৰৰ পৰা ওলাই যাওক। 

দা চেংমাই ৱেঃ- 
চুপ চাপ কোনে কি কৰিছে চাই থাকক, পিছত ৰাতি ২-৩০ মান বজাত লুইতৰ শিহুটোৰ দৰে ভুটুং কৈ ওলাই চিঞৰ বাখৰ কৰি মানুহ গোটাওক..মানে গোটাবৰ চেষ্টা কৰক।

দা চচাংক ৱেঃ- 
যেনে তেনে সাপটোৰ লগতে নিজৰ মুখখন ওলোৱাকে (এন্ধাৰ মুন্ধাৰ হলেও একো নাই) ফটো এখন তুলি ফেচবুকত আপডেট দিয়ক -কেপচন দিব " Meehhh n maah snakiee

দা ঢেমা ৱেঃ- 
পৰিয়ালৰ যি বিপদ হয় হওক, আপুনি মোবাইলটো অফ কৰি 'গায়ব' হৈ যাওক। পিছত নিজে নিজে সাপ ওলাই গ'লে ঘুৰি আহি কমেণ্ট কৰক 'মই চব জানো, চব হিচাপ আছে মোৰ'

দা পল্লু ৱেঃ- 
চিঞৰক,... হিষ্টিৰিয়া ৰোগীৰ দৰে চকু কেইটা ডাঙৰ ডাঙৰ কৰি দহ কিলোমিটাৰ দুৰলৈকে শুনাকৈ প্ৰাণপনে চিঞৰক। সাপটো ওলোৱাৰ বাবে ওচৰ-চুবুৰীয়া, ফৰেষ্ট ডিপাৰ্টমেণ্ট, মোডী চৰকাৰ, নিজৰ মানুহজন সকলোকে দায়ী কৰি হোৱাই নোহোৱাই গালি পাৰক। সাপটো কোনোবাই আঁতৰাই দে বুলি ৰাউচি জুৰি কান্দক আৰু কোনোবাই সাপটো আঁতৰাবৰ যোগাৰ কৰিলে তেওক গালি দি খেদি দিয়ক।

দা ভাষ্কো ৱেঃ- 
মানুহ গোট খোৱা আৰু চিৰিমতীৰ মনোযোগ সাপৰ ফালে যোৱাৰ সুবিধা লৈ কলগছৰ তলত লুকুৱাই থোৱা কোৱাৰ্টাৰটো পানী দুনি নোহোৱাকৈয়ে ঘুটুক কৈ একে শোহাই মাৰি দিয়ক। 

দা ৰিণ্টুমনি ৱেঃ- 
..... হুটুৰ................ !!

দা মান্তা ৱেঃ- 
আপুনি একো কৰিব নেলাগে, চচাৰ ফটোখনৰ তলত লাইক মাৰক আৰু স্মাইলি এটাৰে কমেণ্ট দিয়ক। 

দা বিজুই ৱেঃ- 
প্ৰথমতে আঁতৰে আঁতৰে থাকক, পিছত ৰিণ্টুৱে সাপটো ফিনিছ কৰাৰ পাচত, সাপটো পেলাই দিয়া, তাৰ মুখত চাধা এপালি সুমুৱাই দিয়া আদি কাম কৰি নিজৰ বীৰত্ব জাহিৰ কৰক।

দা চিখৰ ৱেঃ- 
কীবৰ্ডত নাগিন চিনেমাৰ বীণৰ সুৰটো বজাই সাপটোক নচুৱাবলে চেষ্টা কৰক। নেনাচিলে নিজেই হাত দুখন মূৰৰ ওপৰত সাপৰ ফেঁটৰ দৰে কৰি হিলাই হিলাই তাক নাচিবলে উৎসাহিত কৰক। 

দা নন ৱেঃ- 
আপুনি প্ৰথমতে চাওক সাপটো মতা নে মাইকী। মতা হ'লে চুপচাপ কাটি খাওক, মাইকী হ'লে- মিচিকিয়া হাঁহি এটা মাৰি, চকু টিপ মাৰি সাপজনীক পটাবলে চেষ্টা কৰক। এবাৰ পটি গ'লে আৰু চিন্তা নাই, তাইক নাকত ধৰি চাকত ঘুৰাব পাৰিব। 

দা তালিক ৱেঃ- 
গোটেই চিনটোৰ পৰা আঁতৰত থাকক, বহুদিনৰ মূৰত ঘটনাটোৰ ওপৰত জুক এটা লিখি নিজৰ হেৰোৱা সন্মান পুণৰোদ্ধাৰ কৰাৰ চেষ্টা কৰক।

No comments:

Post a Comment