Wednesday, January 6, 2016

আশাকৰো তোমালোক -২

মৰমৰ মইনাহঁত
তোমালোকে গাজাৰীৰ ৰাজকুমাৰ কাম সন্যাসী চচাৰ নাম শুনিছানে। নাই শুনা যদি ভাল কথা, কিছুমান কথা নুশুনিলেই মংগল। তথাপিও, আজি মই তোমালোক সেইজন মহাপুৰুষৰ জীৱনৰ বিষয়ে কবলৈ ওলাওছো, কিদৰে তেও গাজাৰীৰ প্ৰেম আৰু সম্প্ৰীতিৰ (বিশেষকৈ প্ৰেমৰ) বাণী প্ৰচাৰ কৰিছিল। 



গাজাৰীৰ ৰাজবংশত অতীতৰ এক মাহেন্দ্ৰক্ষণত ৰাজকুমাৰ চচাৰ জন্ম হৈছিল, তেও সৰুৰে পৰা অতি লাহ বিলাহৰ মাজত ডাঙৰ হৈছিল, তেও কেতিয়াও ডেডবডী বা বেমাৰী মানুহ দেখা নাছিল।তেও এনিটাইম আঠুৰ মুৰত পৰা হাফপেণ্ট আৰু ফটা গেঞ্জী পিন্ধিছিল কাৰণে তেওক মানুহে খঙতে “চেমি নেকেড ফকীৰ’ বুলি কৈছিল। তেওৰ সৰুৰে পৰা মতিগতি বৰ ভাল নাছিল আৰু সুন্দৰী নাৰী কন্যা-কুমাৰী দেখিলেই ফুটুংকৈ প্ৰেমত পৰি গৈছিল। এইদৰে প্ৰায় ৪৫৭ গৰাকী প্ৰেমিকাৰ লগত হলিগলি কৰাৰ অন্তত তেও তাৰে এগৰাকীৰ লগত বিবাহ পাশত আৱদ্ধ হয়।পিছে কথাতে কয় নহয় – বাচোতে বাচোতে গেলা বৰালি... বাকী জানাই নহয়। 

চচানী অলপ, অলপ নহয় ভালেখিনিয়েই আৰু, ডাকুনী টাইপৰ মানুহ আছিল। মানে চচাক এনিটাইম নগুৰ নাগতি কৰি থাকিছিল- গতিকে চচাই বিয়াৰ তিনিমাহ মানৰ পাছৰে পৰা, ডাকুনীৰ পৰা ‘কাটি’ খোৱাৰ চান্স বিছাৰি আছিল। 

এদিন চচাই ৰাজপ্ৰসাদৰ বাৰাণ্ডাত বহি বাটৰ ধুনীয়া ছোৱালীবোৰ জুপি জুপি চাই থাকোতে – এটা ডেডবডী আৰু এজন ৰুগীয়া মানুহ দেখা পালে। লগে লগে চচাৰ মগজুলৈ এটা বাম্পাৰ অৰিজিনেল আইডিয়া আহিল। তেও চচানীক ক’লে- “মই আৰু এই মানুহৰ ৰোগ, শোক, জৰা, মৃত্যু সহ্য কৰিব নোৱাৰিছো, গতিকে ইয়াৰ সমাধান বিছাৰি মই ধ্যান কৰিবলৈ যাও”। আৰু চচানীক হা না একো কবলৈ সুযোগ নিদিয়েকে চচা দৌৰ মাৰি মানুহ ভীৰৰ মাজত হেৰাই গ’ল। 

তাৰ পাছৰ ২০ বছৰ চচাই ক’ত আছিল, কি কৰি আছিল সেই বিষয়ে ইতিহাস নিমাত। তথাপিও তেওৰ ধ্যানৰ ফলাফললৈ চাই কিছু অনুমান কৰিব পৰা যায়। চচাৰ মতে – তেও হেনো এই বিশ বছৰ কঠোৰ ধ্যান কৰি কটায়। তেওৰ ধ্যান দেখি ভয় খাই দেৱৰাজ ইন্দ্ৰই হেনো তেওৰ ওচৰলৈ ননষ্টপ ৰম্ভা, মেনকা, উৰ্বশী চাপ্লাই কৰিবলে লয়। অনিচ্ছাস্বত্তেই তেওলোকৰ নাচ-গান চচাই উপভোগ কৰিব লগাত পৰে যদিও, এদিন মৰ আঁউসীৰ ৰাতি, ঔ-টেঙা গছ এজোপাৰ তলত ফেঁচাৰ চিঞৰ শুনি শুনি চচাই পৰমজ্ঞান লাভ কৰে। তেওৰ সেই পৰমজ্ঞানৰ কেইটামান চেম্পল তলত দিয়া হ’ল

১। মানুহ মৰিবই, তাৰ অন্যথা নাই (লা মাইলা, মেৰেক’ ত’ পতাইছ নেই থা)

২। বেমাৰ হোৱাও প্ৰকৃতিৰ নিয়ম, বেমাৰ হ’লে ডাক্তৰৰ ওচৰলে যাব লাগে (য়ে চহী হেঁ ৱীৰু) 

৩। তালিকৰ দৰে বৃদ্ধসকল, যাৰ আয়ুসত আৰু বেছি দিন নাই, তেওলোকে ধৰ্ম-কৰ্ম, শাস্ত্ৰ পাঠ আদি কৰি সময় নষ্ট কৰিব নেলাগে। বৰঞ্চ জীৱনৰ বাকী থকা দিন কেইটা ‘ফুলটু মস্তি’ কৰি কটাবৰ সাধনা কৰিব লাগে।(বলেত' – “দেখ লে..আখোঁ মেঁ আখেঁ ডাল..চিখলে”, এইচা মাফিক না?) 

৪। হিংসা বৰ বেয়া বস্তু। ঘৰত বহি হিংসা কৰি, মুখৰ খজুৱতি মাৰি কাকো একো অপকাৰ কৰিব নোৱাৰি।দৰকাৰ হ’লে ডুবাই ভাইক চুপাৰী দি সেই শত্ৰুবিলাকক চাফা দি দিব লাগে।(থুক্ক’ তাল্লি) 

৫। মাছ মাংস খোৱা পাপ। সেইকাৰণে সেই পাপ খণ্ডন কৰিলে আমিষ ভোজনৰ লগত সদায় ভাষ্কোদামুঁৰ দিব্যবস্তুকণ পান কৰিব লাগে।(কিধৰ? কিধৰ হেঁ..জল্দি মংগাও..) 

৫। মানুহ মৰিলে ভুত হয়।(মা কচম, ঔৰ কুছ ভী ব’লেগা না, আপুন তেৰা চুপাৰী দে দেগা) 

মইনাহঁত, এইজন মহাপুৰুষে দেখুৱা পথেৰে বাট বুলিলে তোমালোকৰ জীৱনো কাল অমানিশাৰ চন্দ্ৰটোৰ দৰে উজলি উঠিব। গতিকে সময় থাকোতেই, গাজাৰী এৰি তোমালোকে “কনফেচন অৱ LOVE/ হহুৱাই হহুৱাই মাৰি পেলাম তোমাক/ fecbuk4evryfone/ গুপুত বিয়নি মেল” আদি গোটত যোগদান কৰা।

মৰমেৰে তোমালোকৰ

No comments:

Post a Comment