Wednesday, April 21, 2021

বাংলা বিজয়

মোৰ প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ, অতি মৰমৰ, অতি হেঁপাহৰ, অতি চেনেহৰ, শ্ৰদ্ধেয়, প্ৰাতঃস্মৰণীয় অসমীয়া ৰাইজ, আজি আমাৰ জাতিটোৰ বাবে অতি শুভদিন, আজি বিশ্ববাসীয়ে আমাৰ অসমীয়াসকলৰ বীৰত্ব আৰু বুদ্ধিমত্তাৰ আগত সেও মানিছে। আজি আমি দেখুৱাই দিব পাৰিছোঁ, আমাৰ প্ৰকৃত শক্তি, আমাৰ জাতিপ্ৰেম, আমাৰ একতা। আজি আমি প্ৰমাণ কৰি দিছোঁ, আনে যিমানেই আমাক ৰঘুমলা, পৰাশ্ৰয়ী, হিংসুক, মৌলবাদী, লেতেৰা, জধামূৰ্খ, অশিক্ষিত, চোৰ, ডকাইত, দগাবাজ বুলি নেহাঁহক কিয়, আজি আমি এক পৰাক্ৰমী, হাজাৰ বছৰীয়া ঐতিহ্যৰে শক্তিশালী এক জাতিক পদানত কৰি আমাৰ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছোঁ আৰু আমি সেই কাম মূৰ্খৰ দৰে যুদ্ধ কৰি কৰা নাই; কৰিছোঁ আমাৰ বুদ্ধি, একতা আৰু কঠোৰ পৰিশ্ৰমেৰে। আহক আমি সকলোৱে একেমুখে কওঁ,

– “জয় আই অসম! অসমীয়া জিন্দাবাদ! অসমীয়া মৰিও অমৰ! জয় আই অসম!”
 
****
 
ৰ’ব! আপোনালোকে মোক হয়তো চিনি পোৱা নাই, নোপোৱাই স্বাভাৱিক। আচলতে এনে কভেট অপাৰেচনবিলাকত নিজৰ চিনাকি লুকুৱাই ৰখাই ভাল। ইমান দিনে মই নিজকে বাংলাদেশী বুলি দাবী কৰি আহিছিলোঁ আৰু বিশেষ ভূ-ভা নৰখা আপোনালোকেও মোৰ সেইবুলিয়েই ভাবি আছিল। তাত কাৰো কোনো দোষ নাই, আচলতে সেয়া আমাৰ পৰিকল্পনাৰে এটি অংশ আছিল। কিন্তু আজি যিহেতু সফলতাই আমাৰ কদম চুমিলে, আজি মই মোৰ পৰিচয় বেকত কৰাত কোনো বাধা নাই।
 

কেৰিয়াৰ গাইডেন্স

ফটাঢোলৰ ৰাইজে কেৱল খাওঁ খাওঁকৈয়ে নেথাকে, জাতি-মাটি-ভেটিৰ নিমিত্তেও বহুত কাম কৰে। তাৰ ভিতৰত এটা হ’ল কেৰিয়াৰ কাউন্সেলিং।

চাকৰি পোৱা সহজ, কৰা টান বুলি কোৱা কথাটোক সৰোগত কৰি ফটাঢোলে বিভিন্ন কেৰিয়াৰত সফলতা পোৱাৰ টিপচ কিছুমান দি আহিছে, লগতে মাইনা-বাবুসকলক নতুন নতুন কেৰিয়াৰৰ কথাও জনাই আহিছে। কিছুদিনৰ আগতে প্ৰশাসকবৃন্দৰ আদেশত ভাৰতৰ ৰাষ্ট্ৰপতিৰ চাকৰি পালে কি কি কৰিব লাগিব, সেই বিষয়ে বিস্তৃত প্ৰতিবেদন এই ফটাঢোলতে প্ৰকাশ কৰিছোঁ।

সি যি কি নহওক, আমি আজি আলোচনা কৰিব লগা চাকৰিটো হ’ল, অসমীয়া নিউজ চেনেলৰ মুখ্য সম্পাদকৰ চাকৰিটো।

এইটো চাকৰি পাবলৈ মোটামোটি সাংবাদিকতাৰ লগত চিনাকি থাকিলেই হ’ল, বিশেষ একো জানিব নেলাগে, বা মেট্ৰিক পৰীক্ষা কেইবাৰ দি কি ডিভিজনত পাছ কৰিছে সেইবোৰ কথাৰ কোনো মূল্য নাই।

এই চাকৰিটোৰ বাবে আটাইতকৈ প্ৰয়োজনীয় অৰ্হতা হ’ল, কোনোবা শক্তিশালী ৰাজনীতিকৰ আস্থাভাজন হোৱা। কাৰণ আজিকালি সকলো নিউজ চেনেলৰ আচল মালিক এজন ৰাজনীতিকেই হয়, আন কোনো তিষ্ঠিব নোৱাৰে। চেনেলে তেওঁলোকৰ ক’লা টকা বগা কৰাত সহায় কৰাৰ লগতে প্ৰপাগাণ্ডা মেচিন হিচাপেও ভাল চাৰ্ভিচ দিয়ে। ৰাজনীতিকজন বিৰোধী পাৰ্টিৰ হ’লেও কোনো কথা নাই।

কথা হ’ল সাংবাদিকতাৰ মিছা ডিগ্ৰী আৰু ফকতী