Wednesday, January 6, 2016

আশাকৰো তোমালোক-১

তোমালোকে নোৱা (Noah) ৰ সাধুটি শুনিছানে? সেইযে পৃথিৱীত প্ৰলয় আহিল, আৰু ভগৱানে নোৱাক এখন নাও সাজিবলে হুকুম দিলে। সেই নাৱত নোৱাই সকলো প্ৰাণী আৰু গছৰ গুটি লৈ ৪০ দিন উটি ভাঁহি ফুৰিলে, তাৰ পাছত পানী শুকুৱাত সেইবোৰেৰে সৃষ্টিখন ৰক্ষা কৰিলে। নিশ্চয় শুনিছা। কিন্তু তোমালোকে জানিবলে পালে সুখী হবা যে, এজন গাজাৰীৰ বাবেই পৃথিৱীখন তেনে এটা ধ্বংসৰ মুখৰ পৰা বাছিল, মাত্ৰ কেইদিন মান আগতে। 


 পৃথিৱীত পাপ বেছি হৈ, তেনেই ধপাত হোৱাৰ গতি দেখি ভগৱানে আকৌ এবাৰ এনেদৰে পৃথিৱীখন ধ্বংস কৰিবলে মন মেলিলে, মানে প্ৰলয় আনিব খুজিলে, যত পাপীবোৰ পানীত ডুবি মৰিব আৰু এজন ভাল মানুহে সকলো বস্তুৰে সঁচ ৰাখি থব। পিছে নোৱা তো কেতিয়াবাই মৰি ভূত হ’ল, হাড়ত বন গজিল, গতিকে তেও বহুত ভাৱি গুণি আমাৰ মাজৰে চিৰিমান চিখৰক সেই কামটো দিবলে সিদ্ধান্ত কৰিলে।

সেইমতেই এদিন ভগৱানে চিখৰক সোঁশৰীৰে লগ কৰি আদেশ কৰিলে, -

"বোপাই, তই নাও এখন সাজ যেনেতেনে, আৰু প্ৰাণীবোৰো গোটা, - ছমাহ সময় দিলো তোক।"

পিছে চিখৰে সেই সময়ত  জুক পঢ়ি হাঁহি আছিল বাবে কথাটো তাৰ বৰ ভালকে কাণত নোসোমাল, আৰু কেইদিন মানৰ পাছত পাহৰি থাকিল।

তিনিমাহ পাৰ হ’ল, ভগৱানে ফোন কৰি খবৰ ল’লে- কাম কিমান আগবাঢ়িছে। তেতিয়াহে চিখৰৰ মনত পৰিল, আৰু ক'লে

- "এইকেইদিন মানে বিৰাটেই বিজি বুইছে, কামৰ পৰা মুৰ ডাঙিবই পৰা নাই। চিন্তা নকৰিব- মই গাত ল’লো যেতিয়া কাম হৈ যাব।"

চাৰিমাহ- ‘অ’ চাৰ, কাঠ পাবলে নাই নহয় ইয়াত আজিকালি। আৰু যিকিখন বি ক্লাছ তক্তা পাইছো, কেবি ৭০০ টকাকে লাগে। তথাপিও চিন্তা নকৰিব, মই চেনেল এটা লগাইছো, মানুহ এটাই দুই নম্বৰী কাঠ দিম বুলি কৈছে, ৫০০ টকা মানকেই পাই যাম।‘

চাৰে চাৰি মাহ:- ‘বৰ ডাঙৰ কথা হ’ল নহয় চাৰ, গোটেই কাঠ খিনি ফৰেষ্টে ধৰিলে, এতিয়া কি কৰো মই ভাবিৱেই পোৱা নাই। ‘

পাঁচ মাহ:- ‘চিখৰৰ ফোন দুসপ্তাহ ধৰি চুইচ অফ।‘

পাঁচ মাহ ২০ দিন:- ‘নকব আৰু চাৰ, আগৰ ফোনটো মোৰ হেৰালে নহয়, আপোনাৰ নম্বৰটোও পাহৰিলো, আপুনি ফোন কৰি বৰ ভাল কৰিলে। হেৰি নহয়, কামটোটো ডাঙৰ, বহুত খৰছা পৰিব- অলপ এডভান্স কিবা দিব পৰা যাব নেকি? আপুনি চিন্তা নকৰিব, নাও হৈ যাব টাইমত।‘

পাঁচ মাহ ২২ দিন:- ‘ভাল খবৰ চাৰ, একদম সস্তাত কাঠ পাইছো, ভাল কাঠ। লোডিং হৈ আছে ট্ৰাকত। মোৰ মিস্ত্ৰী ৰেডী, কাঠ আহি পালেই ধাম ধুম কাম লাগি যাম। ইফালে আপোনাৰ কথা মতে মণিপুৰীয়া গৰু এহালো কিনিলো, এতিয়া বাকী জীৱজন্তু কেইটা গোটালেই হৈ গ’ল।‘

পাঁচ পাহ ২৮ দিন:- ‘চাৰ বৰ ডাঙৰ ঘটনা হ’ল নহয়। ট্ৰাকখন এক্সিডেণ্ট হ’ল, এতিয়া কাঠখিনি পুলিচে ধৰি থৈছে। মই গৈ আছো, কেনেবাকে মেনেজ কৰি উলিয়াই আনিম।আপুনি চিন্তা নকৰিব‘

ছমাহ পুৰা হোৱাৰ দিনা আগৰ প্ৰগ্ৰেম মতেই, আকাশ ডাৱৰীয়া হৈ আহিল, কলহৰ কাণে বৰষিবলে লাগিল। ভগৱানে কিবা অলপ সন্দেহ কৰি এইবাৰ নিজেই আহিল।
চিখৰ ফস্তি মাৰি শুই আছে।

- ‘কি হ’ল? নাও ক’ত- আৰু জীৱ জন্তু? গছ-গছনি? হোৱাট ইজ দিছ?’

- ‘চাৰ, কি কম আৰু আপোনাক, কালিৰ পৰাই মানুহজনীৰ গাটো বেয়া, গোটেই ঘৰৰ কাম কাজ কৰিব লগা হৈছে, একদম সময়েই পোৱা নাই।‘

ভগৱানে কিবা অলপ চিন্তা কৰিলে, আৰু অলপ পাছতে আকাশ মুকলি হৈ আহিল, বৰষুণো এৰিলে।

চিখৰে সুধিলে- কি হ’ল চাৰ, প্ৰলয় কেনচেল নেকি?

- অ’ কেনচেল, প্ৰলয়েৰে পৃথিৱীৰ পাপৰ বোজা কমোৱা আইডিয়াটোৱেই কেনচেল। তঁহতবোৰ জীয়াই থাকিও মৰা, তহতক মাৰি কি লাভ?

এইদৰেই চিখৰৰ বুদ্ধিমত্তাৰ বাবে পৃথিৱী ধ্বংসৰ পৰা বাছি গ’ল।

                                                                          মৰমেৰে তোমালোকৰ

No comments:

Post a Comment