Wednesday, January 6, 2016

!!!চেইন ষ্টৰী গ’ন বেড!!!


প্ৰতিভূদাৰ ‘ভূ-ভাৰস্ত’ৰ তামাম সফলতা দেখি মোৰো এখন কিতাপ লিখিবলে মন গ’ল! পিছে ভাবিলোঁ কামটো অকলে কৰিব পৰা বিধৰ নহয় । গতিকে বহুত ভাবি চিন্তি চিৰিমতীকে খটনি ধৰিলোঁ, বোলো তুমিও অলপ সহায় কৰা!

লৰাই থকা পটলৰ ভাজিখনৰ পৰা মূৰ তুলি তেও বোলে,

-"মোৰ কাম নাই নেকি আৰু? আৰু তুমি আৰু মই মিলি লিখিম কেনেকে, আজিলেকে এটা কথাত একমত হোৱাৰ উদাহৰণ আছে নেকি?"

-এস, বুজা নাই তুমি! একমত হোৱাৰ দৰকাৰ নাই নহয়! নহ'লে ভালহে, কণ্ট্ৰাডিকচন আহিব। মই এটা পেৰেগ্ৰাফ লিখিম আৰু তোমাক দিম, তুমি ভালদৰে পঢ়িবা। তাৰ পাছত তুমি এটা পেৰেগ্ৰাফ লিখিবা।মই তোমাক একো হকাবাধাও নকৰো, উপদেশো নিদিও, তুমি নিজৰ মতে লিখিবা। তাৰ পাছত মই আকৌ লিখিম অলপ!! তুমি কিন্তু তেতিয়া পিছ ফালৰ পৰা চাই থাকিব বা তোমাৰ এক্সপাৰ্ট কমেণ্ট দিব নোৱাৰিবা। এনেদৰেই চলি থাকিব। ২৫০ পৃষ্ঠামান হ’লেই কাম খতম। কোনোবা সম্পাদক এজন খাটনি ধৰি একেবাৰে উপন্যাস এখন বনাই পেলাম নহয়। আৰে ফেমাচ হৈ যাবা বুজিছা! আজিলেকে কোনো পতি-পত্নী মিলি এনেকৈ উপন্যাস লিখা নাই অসমীয়াত। পি‍ছে এটা কাম কৰিবা, মই ওপৰত লিখা কথাখিনি পঢ়ি লবা, নহ’লে পাঠকক পিছত প্ৰসংগ সংগতি দেখুৱাই ব্যাখ্যা কৰি থাকিব লাগিব। 


মোৰ কপালেই বেয়া আছিল নেকি, “সাহিত্যিকা” হোৱাৰ সপোনত বিভোৰ হৈ তেও মোৰ প্ৰস্তাৱ স্বীকাৰ কৰিলে। 

সি যি কি নহওক....এতিয়ালৈকে আমি ইমানখিনি লিখি উলিয়াইছো, এনেই ৰাইজক দেখুৱাই চাইছো আৰু....ৰাইজে ভাল বুলিলে ...পকেটৰ ধন ভাঙি হ’লেও প্ৰকাশ কৰিম আৰু সকলোৰে ঘৰে ঘৰে গৈ বেচিম।

(লেডিচ ফাৰ্ষ্ট বুলি প্ৰথম সুবিধা তেওক দিয়া হ’ল দেই)

চিৰিমতীঃ- শাৰদী পূৱাৰ কোমল ৰ’দজাকে আজি শ্যমলীক অলপ ‘নষ্টালজিক’ কৰি তুলিছে। সৰি থকা শেৱালী জোপাৰ তলৰ নিয়ৰ খিনিত শুদা ভৰিৰে থিয় হৈ থাকি তাই ভাল পায়। আজি কিবা মনটো ভাল নহয় তাইৰ..কিয় জানো এটা অহেতুক ভাৱে তাইক আজি ব্যাকূল কৰি তুলিছে!! তাই বাৰু সুখী নে আচলতে?তাইৰ স্বামী ‘অৰুণাভ’ এজন সফল ব্যৱসায়ী, বিয়াৰ পাছৰে পৰা তাই অভাৱ নামৰ শব্দটোৰ মুখামুখি হব লগা হোৱা নাই, প্ৰকাণ্ড এটা অট্টালিকাৰ তাই একছত্ৰী সাম্ৰাজ্ঞী, চাকৰ নাকৰ-গাড়ী, তাই ভাবিব পৰা সকলো সূখ-সমৃদ্ধি আজি তাইৰ হাতৰ মুঠিত।কিন্তু এয়াই জানো সকলো, এইয়াই জানো তাইৰ সৰ্বস্ব!!
কিয় জানো, নিবিছৰাকৈয়ে আজি তাইৰ মনলে আহিছে-কলেজৰ সেই অহৌবলীয়া সমীৰ নামৰ কবিতা লিখা ল’ৰাটোলৈ। তাইক ভাল পাইছিল সি, হয়তো তায়ো ভাল পাইছিল তাক। ক্লাছবোৰৰ মাজত নিৰলস দৃষ্টিৰে সি তাইলৈ চাই থকা দেখিছিল! কিন্তু তাই তাক গুৰুত্ব দিবলৈ ভয় কৰিছিল, কাৰণ কবিতা লিখা মানুহ আছিল সি। জীৱনত পাব বিছৰা সকলো সুখ সচ্ছলতা তাই জানো কেৱল প্ৰেমৰ বাবেই উচৰ্গা কৰিব পাৰিব? 

মইঃ- সেইদিনাই সন্ধিয়া, চহৰৰ উপকণ্ঠৰ আটাইতকৈ দামী কিন্তু অলপ বদনামী হোটেল’ ‘লা মেৰিডিয়ান’ৰ সমূখত ৰৈছিলহি এখন কলা ৰঙৰ বিদেশী চেডান কাৰ। কাৰ খনৰ পৰা নামি আহিল এটা ছায়ামূৰ্তি, সৰ্বাংগ ক’লা কাপোৰেৰে ঢকা। ৰাতিও ছায়ামূৰ্তিৰ চকুত এযোৰ ক’লা চচমা। দৃপ্ত খোজেৰে ছায়ামূৰ্তি হোটেলৰ ৰিচেপচনলৈ সোমাই গ’ল। নিজৰ সুঠাম দেহটো পাৰ্যমানে প্ৰদৰ্শন কৰিব পৰা পোচাক এজোৰ পিন্ধি থকা ৰিচেপচনিষ্ট ‘মিছ মনা’ই বিনা বাক্যব্যয়ে ছায়ামূৰ্তিক এটা চাবি আগবঢ়াই দিলে, আৰু ছায়ামূৰ্তি চিৰি বগাই হোটেলৰ এটা নিৰ্দিষ্ট কোঠালৈ আগবাঢ়িল। কৰিডৰৰ উজ্জ্বল পোহৰত ছায়ামূৰ্তিৰ মুখখন দেখা পোৱা গ’ল, আৰু সেয়া কোনো নহয়, চহৰৰ অন্যতম ব্যৱসায়ী “অৰুণাভ বৰ্মণ।“

তেও:- শ্যামলীৰ অৰুণাভক কেতিয়াবা বৰ আচৰিত যেন লাগে। তাই অৰুণাভৰ ব্যৱসায়ৰ বিষয়ে একো নেজানে, কেতিয়াও সোধাৰ প্ৰয়োজন বোধ কৰা নাই। কিন্তু অৰুণাভ যেন জোখতকৈ বেছি ভাল, ইমানেই ভাল যে ওচৰ চাপিবলৈকে অসুবিধা। সকলো নিয়ন্ত্ৰিত, কথা-বতৰাও সীমিত, তাইৰ প্ৰতিটো প্ৰয়োজন ততালিকে পূৰণ কৰাই যেন স্বামী হিচাপে অৰুণাভৰ একমাত্ৰ দ্বায়িত্ব। কিবা যেন বৰ বেছি পাৰফেক্ট!! আৰু সমীৰ..সমীৰ আছিল সকলো ফালৰ পৰাই ‘নন-পাৰফেক্ট’। দুখীয়া ঘৰৰ ল’ৰা, কাপোৰ কানি, কথা বতৰাৰ একো সঁজাত নাই, পঢ়া-শুনাতো বৰ বিশেষ গুৰুত্ব নিদিয়ে, জীৱনত কি কৰিব, কি কৰি খাব সেইবোৰ চিন্তা একেবাৰে নাই, সদায় নিজৰ ক্ষতি হোৱা কামবোৰ কৰি ফুৰে। কোনো কথাতে চিৰিয়াচ নহয়...নহয় ..সি এটা বিষয়ত কিন্তু চিৰিয়াচ আছিল!তইক ভালপোৱাৰ বিষয়টোত। তাইৰ বাদে তাৰ চিনাকী সকলোকে কৈছিল,
- মই শ্যামলীক ভাল পাও, কিন্তু মই তাইক বিয়া নেপাতো। তাইক বিয়া পাতিলে মই মোৰ প্ৰেমক অসন্মান কৰা হব। শ্যামলী সদায় হৈ ৰব মোৰ স্বপ্নৰ প্ৰেমিকা, বিয়া পাতি মই মোৰ প্ৰেমক কলুষিত নকৰোঁ। শ্যামলীৰ মনত বাজি উঠিল লতাজীৰ সেই অমৰ গীতটি


“হামনে দেখি হেঁ ইন আখোঁ কি মেহেকতী খুছবু,
হাত চে ছুকে উচে ৰিস্তোঁ কা ইলজাম না দো,
চিৰ্ফ এহচাচ হেঁ য়ে, ৰূহ চে মেহচুচ কৰোঁ,
প্যাৰ ক’ প্যাৰ হি ৰেহনে দো কই নাম না দো!”


মইঃ- কোঠাটোৰ সমুখ পাই ‘অৰুণাভে’ নিশব্দে দুৱাৰখন খুলিলে, ভিতৰত জিৰ’ পাৱাৰৰ বাল্ব এটা জ্বলি আছে। ভিতৰত কেইজনমান ক’লা কাপোৰ পিন্ধা মানুহ ঠিয় হৈ আছে, আৰু আছে এখন চকী।চকীখনত এজন মানুহক হাত ভৰি বান্ধি বহুৱাই থোৱা হৈছে। বন্দীজনে তলমূৰ কৰি আছে। ‘ছায়ামূৰ্তি’ৰ চকুত জিঘাংসাৰ জিলিকনি দেখা গ’ল। তেও পোনে পোনে গৈ বন্দীজনৰ ডিঙিত ধৰি তেওৰ মুখখন ওপৰলৈ কৰি দিলে। জিৰ’ পাৱাৰৰ বাল্বৰ পোহৰতো বন্দীৰ মুখখন চিনিব পৰা গ’ল।বন্দীজন আন কোনো নহয়, চহৰৰ এজন কুখ্যাত ড্ৰাগ এডিক্ট আৰু ড্ৰাগ পেডলাৰ সমীৰ বসুমতাৰী। 

তেওঃ- সমীৰে আজিকালি কি কৰে, ক’ত থাকে শ্যামলীয়ে নেজানে, কিন্তু সমীৰৰ সেই উদভ্ৰান্ত সৰল চেহেৰাটো তাই চেষ্টা কৰিলেও মনৰ পৰা আঁতৰাব নোৱাৰে।
(বি.দ্ৰ.- মই এখন ৰোমাণ্টিক উপন্যাস লিখিবলে চেষ্টা কৰি আছো, বুজি পাইছানে?মোৰ ৰোমাণ্টিক হিৰ’ জনক ড্ৰাগ পেডলাৰ সজাই তুমি মোক অপমান কৰিছা, মই কিমান কষ্ট কৰি তোমাৰ সেই সস্তীয়া কেৰেক্টাৰ কেইটাৰ লগত মিলাই আছো দেখিছা নে নাই?)


মইঃ-অৰুণাভৰ মুখত এটা বেঁকা হাঁহি জিলিকি উঠিল। গম্ভীৰ মাতেৰে তেও ক’লে
- “কুকুৰ পোৱালী, তই ভাবিছিলি নেকি, মোৰ পইচা ‘হৰপ’ কৰি তই বাছি যাবি? ক’ ক’ত লুকুৱাই ৰাখিছ’ মোৰ পইচা, নহ’লে আজি তোৰ জীৱনৰ শেষ দিন”

লগে লগে অৰুনাভৰ সহযোগী এজনে ধাৰাল চুৰি এখন সমীৰৰ ডিঙিত লগাই দিলে, চুৰিখন লগা ঠাই ডোখৰত অলপ তেজ বিৰিঙি উঠিল। সমীৰে বৰ কষ্টৰে মুৰটো ডাঙি অৰুণাভৰ ফালে চালে। আঘাতত বিদিৰ্ণ হোৱা সমীৰৰ মুখখনত জান নেজানকৈ বিৰিঙি উঠিল এটা বিদ্ৰূপৰ হাঁহি, আৰু হঠাৎ সমীৰে অৰুণাভৰ মুখতে থুৱাই দিলে।

- থু!!!!

পলকতে অৰুনাভৰ বলিষ্ঠ হাতৰ প্ৰচণ্ড ঘোঁচাত চকীৰে সৈতে সমীৰ মজিয়াত বাগৰি পৰিল।

(বি.দ্ৰ.:-হৌৰা,আজিকালি তোমাৰ ৰোমাণ্টিক উপন্যাস কোনেও নপঢ়ে, উপন্যাসত থ্ৰিল লাগিব, ৰহস্য লাগিব, একচন লাগিব, চেক্স লাগিব। মই অলপ পাছতে মিছ ম’নাক আনিমেই চিনত, বুজিছাতো? অৰুণাভৰ অবৈধ প্ৰেমিকা আৰু সকলো অপৰাধৰ সংগী। ইফালে সমীৰো ভাল মানুহ নহয়, জমি গৈছে খেল। কিতাপ লিখিলেই নহবতো, বিক্ৰিও হব লাগিব। ইনভেষ্টমেণ্টৰ কথা আছে। আৰু, সেই কোনেও নজনা নুশুনা প্ৰত্নপ্ৰস্তৰ যুগৰ গানবোৰ দি মোৰ উপন্যাসখন পনীয়া নকৰিবা)

তেওঃ- সমীৰৰ কথা ভাবি ভাবি কিমান সময় পাৰ হে গ’ল, শ্যামলীৰ মনত নাই, আৰু ভাবি কিবা ভালো লাগিল দেখোন, যদিও অপ্ৰাসংগিক কথাবোৰ...ধুৰ ..আৰু নোৱাৰো...লিখাত নাই মই(বি.দ্ৰ.:- এইবিলাক ফাল্টু সস্তীয়া ডিটেকটিভ উপন্যাস লিখিবলে মন আছিল যদি, মোক কিয় মাতিছিলা? প্ৰথমতে তোমাৰ মগজৰ এক্সাৰচাইজ কৰা, মোৰ দৰে মানুহজনীয়ে এতিয়া কি সাহিত্যৰ নামত ‘মিছ মনা’ৰ ৰূপ যৌৱনৰ বৰ্ণনা দিব লাগিব নেকি? তোমাৰ বুদ্ধিমত্তা বোলা বস্তুটো যে সপ্তম শ্ৰেণীতে গেঠেলা মাৰিলে মই নজনা নহয়, ১৪ বছৰ একেলগে কটাইছো এনেই নেকি? নাৰী দেহৰ পুংখানুপুংখ বৰ্ণনা দিব নোৱাৰিলে তোমালোক পুৰুষবোৰৰ সাহিত্য নোলায়েই)

মইঃ- সমীৰৰ কোঁৱাৰিৰ পৰা এসোতা তেজ ওলাই মজিয়াই দি বাগৰি গ’ল। (বি. দ্ৰ.:- কি, তুমি তাৰমানে মোক লম্পট বুলি কব বিছাৰিছা? নে কি? প্ৰথমতে তোমাৰ এই সন্দেহ কৰা স্বভাৱটো গুছোৱা, তেতিয়াহে বুজি পাবা,মই কি কৰি আছো, বা মই কিমানৰ মানুহ। কথা নাই বতৰা নাই, কেৱল সন্দেহ। মোক মোৰ মা-দেউতাইয়ো এনেকুৱা কথা কৈ পোৱা নাই! কি বুলি ভাবিছা, বিয়া পাতিলো কৰণে মই তোমাৰ গোলাম হৈ গ’লো?)

তেওঃ-সমীৰৰ...... (বি.দ্ৰ.:- গোলাম বুলি কেতিয়া ক’লো মই? মোৰ কথাৰ ওলোটা পোলোটা অৰ্থ উলিওৱা তোমাৰ স্বভাৱেই। মা-দেউতাৰ কিমান মৰমত ডাঙৰ হোৱা ছোৱালী মই, তুমি কি বুজিবা? হাতখন লেতেৰা হয় বুলি মোক মা-দেউতাই একো কামেই কৰিবলে নিদিছিল। কিন্তু তোমাৰ লগত বিয়া হোৱাৰ পাছত মই কি বান্দীৰ দৰে জীৱন কটোৱা নাই? তথাপি তুমি মোক বুজিবলে অলপো চেষ্টা নকৰিলা)

মইঃ- বাদ দিয়াহে বি.দ্ৰ. /চি.দ্ৰ. , চিধাচিধি শুনা, মই কি তোমাক তোমাৰ মাৰ বাপেৰৰ ভৰিত পৰি তোমাক খুজি আনিছিলো নেকি? মোৰ ঘৰলে আহিছা, মোৰ মতে চব চলিব লাগিব। তোমাৰ ৰোমান্স বাদ দিয়া, ফাল্টু ৰোমান্স!! আৰু সেই ‘সমীৰ’ বোলাতো কোন? তোমাৰো ছাগে আছিল কোনোবা সমীৰ ফমীৰ কলেজৰ দিনত! 

তেওঃ- আৰু তুমি, তুমি কি ধোৱা তুলসীৰ পাত?হুহ? তোমাক যে সেইজনীয়ে ফেচবুকত মিহি মিহি কমেণ্ট দি থাকে, মই কি বুজি নেপাও। লম্পট কৰবাৰ! ঘৈণী, ল’ৰা-ছোৱালী থকা আদবয়সীয়া মানুহে এইবোৰ কৰিলে ৰাইজে ‘ভীমৰতি’য়ে ধৰা বুলি কয়! বুজিছা নে নাই? প্ৰথমতে গৈ নিজৰ মগজটোৰ চিকিৎসা কৰোৱা গৈ, 'থৰকি' বুঢ়া বুলি ৰাইজে হাঁহে তোমাক বুজিছা! মিড লাইফ ক্ৰাইছিছ হৈছে তোমাৰ।“ মই সীতা হৈ থাকিবলে আশা কৰাৰ আগতে নিজে ৰাম হবলে চেষ্টা কৰা। 

মইঃ- দিছ ইজ দা লিমিট! হাউ ডেয়াৰ ইউ? মোক কি বুলি ভাবিছা তুমি? লোকৰ পৰা লাইন চুৰি কৰি সাহিত্যিক ফলাবলে আহিছা? লাজ নাই? মোৰ ফেচবুকত কোনে কি কমেণ্ট দিয়ে তাকে চাই ফুৰাৰ বাদে আৰু কিডাল কাম আছে তোমাৰ? তোমাৰো প্ৰফাইলত দেখোন সৰু সৰু ল’ৰা বোৰে - nice looking..looking beautiful madam..এইবোৰ কমেণ্ট দি থাকে। মই কিবা কৈছো নেকি আজিলেকে? বিয়া পাতিলোঁ বুলি কি ইমান অপমান সহ্য কৰি থাকিম মই? আজি কিবা হেস্ত নেস্ত হৈ যাব কিন্তু কৈ দিলোঁ। 

তেওঃ- কি? কি হেস্ত নেস্ত কৰিবা তুমি? সাহস আছে? আৰু মই এটা শাৰী চুৰি কৰিছো, তুমি লিখা প্ৰত্যেকটো শাৰীয়েই তেজপুৰৰ হাজৰিকাদাৰ কপিৰাইটেড! বুজিছা? উপন্যাস লিখিব আহে? তৃতীয় শ্ৰেণীৰ সাহিত্যৰ প্ৰশ্নকাকতখনৰ উত্তৰ লিখাৰো যোগ্য নহয় তুমি!
>
>
>
>
>
>
মইঃ- (বি.দ্ৰ.:-..অলপ খং উঠি গ’ল।... বেয়া নেপাবা!!)


তেওঃ- (বি.দ্ৰ.:-ইটচ অকে’ ! ময়ো অলপ বেছিকৈয়ে ক’লো নেকি জোখতকৈ!! চৰি)
মইঃ- (বি.দ্ৰ.:-অ’কে!! আজি কি বনাইছা ৰাতি ভাতৰ লগত খাবলে?অমিতা দি ৰহৰ ডাইল বনোৱাচোন, বিৰাট খাবৰ মন গৈছে)

No comments:

Post a Comment