Tuesday, December 18, 2018

=আত্মধোৱন=

১৯৯৩ চন মানৰ কথা, আমাৰ কলেজত এখন অসমীয়া চিনেমাৰ শ্বুটিং হৈছিল, নাম আছিল একত্ৰিছ জুন। নায়িকা আছিল মণিতা কাকতি,সেই সময়ৰ আটাইতকৈ সুন্দৰী নায়িকা। গতিকে সেইকেইদিন ক্লাছ, প্ৰেক্টিকেল সমুলঞ্চে পৰিহাৰ কৰি শ্বুটিং পাৰ্টিৰ লগত দিনে নিশাই ঘুৰি ফুৰাই আমাৰ কাম আছিল। আমাৰ ধাণ্ডা আছিল যেনেতেনে এবাৰ কেমেৰাত মুখখন উলিওৱা।
কথাতে কয় নহয়, প্ৰৱল ইচ্ছা থাকিলে ভাগ্যইয়ো সহায় কৰে। আমাৰ এগৰাকী সহপাঠী বান্ধৱী অভিনেতা প্ৰাঞ্জল শইকীয়াৰ ভাগিনী। গতিকে তাইকে আমি সকলোৱে নেৰা নেপেৰাকৈ ধৰিলো, কিবা এটা উপায় কৰা, নহ'লে আমাৰ জীৱনেই বিফল হব। তাই কিবা কিবি কৰিলে হবলা, এদিন দেখোন চিন এটাত আমাক সকলোকে মাতি নি ক্লাছৰূমত বহাই দিলে। মই প্ৰথম বেঞ্চেতে ছিট এটা যোগাৰ কৰিলো। সেইটো এজন প্ৰফেচাৰে ক্লাছ লোৱাৰ দৃশ্য।
তাৰ পাছতে হঠাৎ মোৰ ভাগ্যৰ চকৰি ঘুৰিল, এজন সহ-পৰিচালক মোৰ ওচৰলৈ আহি সুধিলে
-"ডাইলগ এটা কব পাৰিবা?"

মৰমৰ হীমা

                                        
  


                                        ॐ শ্ৰীহৰি 
 
 
মৰমৰ হীমা,

মৰম লবি। বহুদিন তোৰ খবৰ বাতৰি পোৱা নাই। এই আপদীয়া মোবাইল নে ফোবাইলটো তোলে লগাই দিবলে মই বাপেৰক কৈ কৈ হাৰি গৈছো। তই হেনো মোবাইলে ঢুকি নেপোৱা ঠাইত আছগৈ, কিবা বিদেশ নে কি? হেৰৌ আজিকালিৰ যুগতো এনেকুৱা পিছপৰা ঠাই আছেনে, যে মোবাইল ফোনো নেবাজে! সেইবোৰ ঘোকোট ঠাইলে কেলেনো যাব লাগে মই তাকে বুজি পোৱা নাই। ইফালে মই মানুহজনীৰ চিন্তাত টোপনি নাই, ভাতমুঠিও পেটলে নোযোৱা হৈছে। সেইকাৰণে হৰেণক কৈ চিঠিখনকে লিখাইছো। চিঠি পালেই উত্তৰ দিবি।
বাৰু সেইবোৰ বাদ, তোৰ ভালেই চাগে। আজি ইমানদিন হ’ল, দং দংকে গাভৰু ছোৱালীজনী ঘৰত নাই, কত কি কৰি আছগৈ মই গম নেপাও, চিন্তা নহবনে মোৰ? পিছে মোৰ কথা শুনে কোনে? মাৰ বাপেৰ কেইটাও সেই- হেৰৌ গাভৰু ছোৱালীজনীক এনেকে অকলে অলৈ তলৈ পঠাই দিব লাগে নে? তেহেলে চৰকাৰেই নকওক কিয়? নাই নুবুজে কোনেও, তয়ো নুবুজ। মই বুঢ়ীজনীয়ে আজিও সকলো ফালে চাব লাগে।

#ফটাপ্ৰেম

হোষ্টেলত লাইফ আৰু প্ৰেম অভিন্ন বস্তু, প্ৰেম অবিহনে হোষ্টেলৰ কথাৰ অৰ্থই নাই। সেইকাৰণে আজি মোৰ হোষ্টেলৰ কথ কব খুজি কেৱল প্ৰেমৰ কথাই কও বুলি ভাৱিছো।
হোষ্টেলৰ কথা বাদেই, বুজা হোৱাৰ পৰাই মোৰ বদ্ধমুল ধাৰণা আছিল, এই প্ৰেম বোলা মালটো মোৰ বাবে নহয়। মোৰ নিজৰ চেহেৰা, ঔকাত, বাপকা মালৰ পৰিমাণ আৰু মোৰ স্বভাৱ সম্পৰ্কে অতি স্পষ্ট ধাৰণা আছিল, আজিও আছে; গতিকে কোনো সুন্দৰী আৰু বুদ্ধিমান ছোৱালী যে মুৰত বিকৃতি নঘটালৈকে মোৰ প্ৰেমত নপৰে, সেই বিষয়ে মোৰ কোনো সন্দেহ নাছিল। তাতে মোৰ চকুও আকৌ এনে, ৰূপে গুণে বাচৰো বাচ জনীতহে চকু পৰেগৈ।
গতিকেই, যৌৱনৰ দুৱাৰ দলিত ভৰি দিয়ে ভাৱিলো যে বিফলতা অৱশ্যম্ভাৱী বুলি জানিও শক্তি অপব্যৱ কৰাতকৈ, মনত দুখ পোৱাতকৈ, মই সদায় একপক্ষীয় প্ৰেমেই কৰি যাম, সপোনতে ডেটিং মাৰি যাম। আৰু সঁ‌চা সঁ‌চি প্ৰেম বিয়াৰ পাছত ঘৈণীকে দিম, প্ৰেমেৰে ধুৱাই দিম।

=ফটা সাক্ষাতকাৰ= জুন-২০১৭ সংখ্যা ফটাঢোলত প্ৰকাশিত

অংকনঃ- দেৱজিত শইকীয়া 


এই পৰী পাৰবীন ছোৱালীজনী ভাল নহয়। সেইদিনা খবৰ এটা লও বুলি তেখেতৰ অফিচলে গ’লো; বঢ়িয়াকৈ চাহ মিঠাই খুৱাই, মিঠা মিঠা কথা কৈ মোক ফচাই দিলে নহয়- বোলে এই সংখ্যা ফটাঢোলৰ বাবে সা‍ক্ষাৎকাৰ মই লৈ দিব লাগিব। মই চালে বেৰে কোবাই নাই নুই কৰি চালো, পিছে তেও নাচোৰবান্দা। মোক তামাম জেক মাৰিলে- বোলে মই হেনহে, তেনহে, মই নকৰিলে এইটা কাম কোনেও কৰিব নোৱাৰে। মই বুজি পালো যে মোৰ পৰা কাম উলিয়াবলৈ জেক মাৰি আছে- কিন্তু শেষত গৈ না কৰিব নোৱাৰিলোগৈ। এনেয়ো সুন্দৰী মহিলাক না কোৱাৰ অভ্যাস মোৰ কস্মিন কালেও নাছিল। কিন্তু যেতিয়া সা‍ক্ষাৎকাৰ লব লগা মানুহজনৰ নাম ক’লে- মোৰ ফাটমেলা বসুমতী পাতালে লুকাও অৱস্থা হ’ল। সেইজন মানুহৰ সা‍ক্ষাৎকাৰ লম আৰু মই? হে ভগৱান- মোৰ মাতেই নোলাব দেখোন মুখৰ পৰা! এনে বিশাল ব্যক্তিত্বৰ আগত মোৰ পেণ্ট গিলা হৈ গ’লে – ৰিস্ক কোনে লব? পিছে পাৰবীনে নেৰে- নাই আপুনি পাৰিব, পাৰিবই লাগিব। ফটাঢোলৰ ইজ্জতৰ কথা।

Friday, December 14, 2018

=এটা প্ৰশ্ন=

এনেই খোলাখুলিকে সকলোকে,
প্ৰশ্ন এটা সোধো,

মানে,
মোৰ জন্ম অসমৰ এখন গাঁৱত,
তাতে ডাঙৰ দীঘল হলো,
হিন্দী, বাংলা, ইংলিছ মোৰ আয়ে নেজানে,
সেয়ে মই আইয়ে কোৱা ভাষাটোকে শিকিলো,

আন গান শুনিবৰ সুবিধা নাছিল,
সেয়ে জ্যোতি, বিষ্ণু, ভুপেন, ৰূদ্ৰ, জুবিন,
বা বৰগীতকে শুনিলো।

কুঁহিপাঠকে পঢ়িলো,
মোৰ গাঁৱত আন ভাষাৰ কিতাপ পঢ়ুৱাব পৰা
মাষ্টৰেই নাছিল। 


#কণপাইজম


 


আজি গধূলি বিশেষ কৰিব লগা কাম নাছিল। দিনৰে ডাইল, ভাজি আছেই, ভাত কেইটা পাতি দিলেই হ'ল। গতিকে এনেই থকাতকৈ নতুন ধৰ্ম এটাকে প্ৰৱৰ্তন কৰি পেলালো। 

আচলতে আজিকালিৰ এই ধৰ্মক লৈ চলি থকা খাম খেয়ালিবোৰ মোৰ ভাল লগা নাই, সেয়ে সেই খামখেয়ালিবোৰ আৰু বেছি বঢ়াবলৈ, মই এই নতুন ধৰ্মটো প্ৰৱৰ্তন কৰিলো। বৰ সুন্দৰ, সস্তা আৰু টিকাও ধৰ্ম, আপোনালোকে গ্ৰহণ কৰিলে আৰাম পাব।

সবিশেষ নকও, কিন্তু এটা কথা জানি থওক, মই আজি প্ৰৱৰ্তন কৰা ধৰ্মটোৰ ভগৱানজনৰ নাম "কণপাই"। আৰু ধৰ্মটোৰ নাম "কণপাইজম!"

=স্বাস্থ্য ৰক্ষা=


বয়স হোৱাৰ সকলোতকৈ নিৰ্ভৰযোগ্য চিন হ’ল – স্বাস্থ্যৰ প্ৰতি সজাগতা। বয়স বাঢ়ি অহাৰ লগে ৰাইজে অসু্খ বিসুখ হওক বা নহওক, স্বাস্থ্য বোলা বস্তুটোক লৈ বেছিকৈ মাথা মৰা দেখা যায়। শকত হৈছো নে ক্ষীণাইছো, বিপি, চুগাৰ ঠিকে ঠাকে আছেনে নাই, চাল সোঁতোৰা পৰিছে নেকি? ডিহাইডেছন হৈছে নেকি? সুষম খাদ্য, তেল কম , চেনী কম! 

মুঠতে ডেকা আৰু বুঢ়াৰ মাজত সেইটোকে মুল পাৰ্থক্য বুলি কব পাৰি। ডেকাকালত মানুহে স্বাস্থ্য ধ্বংস কৰিবলৈ পাৰেমানে সকলো কৰে, আৰু বুঢ়া বয়সত সেই ভগ্ন স্বাস্থ্য উদ্ধাৰ কৰিবলৈ। যিদিনাৰ পৰাই আপুনি স্বাস্থ্য ভালে ৰাখিবলৈ চেষ্টা কৰা আৰম্ভ কৰে, সেইদিনাৰ পৰাই, লাগিলে আপোনাৰ বয়স যিয়েই নহওক, আপুনি বুঢ়া হোৱা বুলি ধৰিব পাৰি। কথাটোত আন এটা যুক্তিও আছে, স্বাস্থ্যৰ প্ৰতি মন কৰিলেই আপুনি ডেকা কালত কৰিবলৈ মন যোৱা প্ৰায় সকলো কামেই বাদ দিব লাগিব, গতিকে প্ৰেক্টিকেলী আপুনি বুঢ়া হবই লাগিব। 

Saturday, December 1, 2018

=টইলেট, এক সৃষ্টিশীলতা=

নিজৰ পইচাৰে খাই-বই জীয়াই থকা জীৱনটোতে মই যে দেশ, জাতি, মাটি, ভেঁটি, সাহিত্য, কলা, সংস্কৃতি, আৰু অভাৰ অল মানৱ জাতিৰ কল্যাণৰ অৰ্থে যিমানবোৰ বাম্পাৰ বাম্পাৰ আইডিয়া উলিয়াইছো, সেই আইডিয়াবোৰৰ কেৱল নামবোৰ লিখি গ’লেও এখন মিডিয়াম চাইজৰ মহাকাব্যই হবগৈ।

আজি পূৱাৰ কথাকে কও,

চাহ কাপ খাই উঠাৰ লগে লগে মোৰ বৰ জোৰকৈ লাগে,  দৌৰ মাৰিবলাগে। আকৌ সেইখিনি সময়তে মোৰ সৃষ্টশীলতা, সামাজিক দ্বায়িত্ব আদিও জোৰকৈ 'লাগে'।

আজি তেনে  সময়চোৱাত মোৰ অসমীয়া চিনেমাৰ দূৰ্গতিৰ কথা মনত পৰি বুকু বিষাই উঠিল। নাই এনেকৈ নহব, আনৰ ওপৰত ভৰষা কৰি লাভ নহব। মই নিজেই কিবা এটা কৰিব লাগিব। চিনেমা বনাব লাগিব! প্ৰথমমতেই স্ক্ৰীপ্টখন লিখি লও। এলাপেচা চিনেমা নহয়, অস্কাৰ, কাঁ ৰ তলত নেভাবোয়েই। কাহিনী হব মামনি বাউদেউৰ “উদয়ভানু চৰিত্ৰ”। অসমীয়া মানুহে নেচায়, নেলাগে চাব। মোৰ টাৰ্গেট অডিয়েন্স হব, ইউৰোপ আৰু দক্ষিণ আমেৰিকা, তেওলোকে উদয়ভানুৰ শিল্পীসূলভ ইডিয়’ চিংক্ৰেচী তেওলোকৰ পচণ্ড হব। তাতে উদয়ভানু চিত্ৰকৰ! আস!!! আৰু কি লাগে?

=এজন কবিতাৰ মিস্ত্ৰি=

এই কামটো কৰিব ওলাইছো, কেৱল এটা কাৰণতে, যে মই জানো, মোৰ এই ‘আইধা’ ‘বাইখা’ পঢ়ি মুৰ গৰম হ’লেও মনোজে কব- ‘দাদা, অশেষ ধন্যবাদ! আগলৈয়ো দিহা পৰামৰ্শ দি থাকিব’! নহ’লে মই সাধাৰণতে এনে হঠকাৰী সিদ্ধান্ত নলও।


কিছুমান কিতাপ কিনিলো বুলিয়েই পঢ়ি পেলাব নোৱাৰি, পঢ়িবলৈ অলপ মানসিক প্ৰস্তুতি গোটাব লাগে। এইখনো তেনে কিতাপ, এইখন কিতাপ হওক বুলি মনে প্ৰাণে আশা কৰিছিলো, সময় লাগিল, কেনেবাকৈ হ’লগৈ। ইমান বেছি আশা থকা বাবেই হয়তো, পোনচাটেই খুলি পঢ়িবলৈ সাহস নকৰিলো। সময় ল’লো। ইয়াৰ কেইবাটাও কবিতা আগতে ফেচবুকত পঢ়িছো, বেছিভাগ ফেচবুকত দিছে যদিও ‘miss’ কৰিছো। কিতাপখনো এফালৰ পৰা পঢ়া নাই, গাৰুৰ কাষত লৈছো, চাইছো, হঠাতে পৃষ্ঠা এটা উলুটিয়াই এটা কবিতা পঢ়িছো, আকৌ জপাই থৈছো, আৰু ভাৱিছো। আজিও পঢ়ি শেষ হোৱা নাই, পঢ়ি হ’লে কিজানি বুকচেল্ফলৈ পঠাব লাগে! সেয়ে অলপ অলপ কৈ খৰছ কৰিছো কিতাপখন, ৰিচাইকল কৰিছো, ৰি –ইউজ কৰিছো, একেটা কবিতাকে।

=অকবিতা=

(১) = প্ৰেম=
মোলৈ হোৱাটএপচ কল কৰিবা সোণজনী;
মোৰ প্ৰিয়তমা পত্নীয়ে,
ফোনটো এনগেজ থাকিলে 
সন্দেহ কৰে!

(২) =ভোক=
আস! ভোকৰ কি যান্ত্ৰণা!!
ইফালে ঘৰত মেগী এপেকেটো নাই।
কাষৰ ঘৰৰ খুড়ীয়ে
চাহ খাবলৈ মাতিব বুলি
বাট চাই থাকোতে,
বেলি দেখোন মুৰৰ ওপৰেই পায়।
খুড়ীওচোন আজি,
বাৰান্দালেকে ওলোৱা নাই।

= এসন্ধিয়া মহাকাব্য=


আজি সন্ধিয়া বজাৰলৈ গ'লো,
ঘৰত কেইটামান বেচিক বস্তুয়েই নাই,
পটেছৰিজনীও গুৱাহাটীত, 
কি কৰি আছে নেজানো পাই!
পকেটো খালি,
নাই মানে, দহ টকাও নাই।
এটিএমত সোমালো,
সেইটোৰ স্ক্ৰীণ দেখোন একেবাৰে ক'লা যি ক'লাই!
আকৌ বেয়া হ'ল হবপায়!
আমাৰ ইয়াত ডিজিটেল ইণ্ডিয়া তামাম হাই ফাই!
এটাই মাথো এ টি এম,
তাৰো ঘেণ্টা সদায় চিগো চিগো চিলাই!
উপায় নাই!
নাৰায়ণেই সাৰথি ভাই।
তাৰ দোকানলৈ গৈ ইম্পৰেছন জমাই ক'লো
- "কস্ত ছ' দাঈ?
হামকো পেইচা ঔৰ চামান দোনো চাহিয়ে?
দেনা হেঁ তো দো,
নহ'লে গিৰিধাৰী হেঁ দুচৰা উপায়"

=ক্ৰিঞ্জ=

ইংৰাজীত cringe pop বুলি এটা শব্দ আছে। আজিকালি বহুতেই ইয়াক সংগীতৰ এক ধাৰা বা genre বুলি কব খোজে। ৱিকিপেডিয়াত ইয়াৰ অৰ্থটো সৰল ভাৱে এনেকৈ দিয়া আছে- so bad that you cannot stop watching them, অৰ্থাৎ ইমানেই বেয়া, ইমানেই বেয়া যে আপুনি নুশুনি বা নেচায় নোৱাৰো। এইবোৰ গানৰ কথা, সুৰ, তাল মান ভিডিঅ সকলোফালেই তথৈবচ হোৱা প্ৰয়োজনীয়। শুনি আপোনাৰ বমিৰ ভাৱ আহিলেহে সেই গানটোৱে ক্ৰিঞ্জ পপৰ খিতাপ পাবলৈ সক্ষম হয়।

এই ধাৰাৰ সংগীতৰ জন্মদাত্ৰীৰ সন্মান দিয়া হয় আমেৰিকাৰ ৰেবেকা ব্লেক নামৰ এগৰাকী সুন্দৰীক। তেও ২০১১ চনত মুক্তি দিয়া ফ্ৰাইডে নামৰ গানটোৱে মানুহক ইমানেই বিৰক্ত কৰিছিল যে তেওক কেইবাবাৰো হত্যাৰ ধমকি দিয়া হৈছিল। ৰেবেকাৰ পাছত এই ধাৰাটোৰ ধ্বজা বহন কৰি ইয়াক খ্যাতিৰ শিখৰলৈ লৈ যায় পাকিস্তানৰ তাহিৰ শ্বাহ আৰু আমাৰ ভাৰতবৰ্ষৰ জেচিন্থা মৰিচ, ভীম নাৰুলা আদিয়ে। ভাৰতৰ শ্ৰে‍‍ষ্ঠতম আৰু সকলোতকৈ জনপ্ৰিয় ক্ৰিঞ্জ শিল্পী হ'ল আমাৰ অতি আদৰৰ, অতি হেঁপাহৰ গানৰো গানৰ, প্ৰাণৰো প্ৰাণৰ "ধিনচাক পূজা"। আজিৰ দিনত যদি আপুনি ধিনচাক পূজাৰ গান বা নাম শুনা নাই তেনে আপোনাৰ জীৱনেই বৃথা বুলি কব পাৰি। আন কে'চ বিলাকত অসম আনঠাইতকে বিশ বছৰৰ মান পিছুৱাইত থকিলেও, cringe pop ৰ ক্ষেত্ৰ কিন্তু বিশ্বৰ যিকোনো ঠাইৰ লগতে টক্কৰ দিব বহুকেইজন স্বনামধন্য শিল্পী আমিও জন্ম দিব পাৰিছো। গৌৰৱ কৰিবলগীয়া কথা।

=জীৱনে মৰণে=

এনেই খোলাখুলিকে সকলোকে,
প্ৰশ্ন এটা সোধো,
মানে,
মোৰ জন্ম অসমৰ এখন গাঁৱত,
তাতে ডাঙৰ দীঘল হলো,
হিন্দী, বাংলা, ইংলিছ মোৰ আয়ে নেজানে,
সেয়ে মই আইয়ে কোৱা ভাষাটোকে শিকিলো,
আন গান শুনিবৰ সুবিধা নাছিল,
সেয়ে জ্যোতি, বিষ্ণু, ভুপেন, ৰূদ্ৰ, জুবিন,
বা বৰগীতকে শুনিলো।
কুঁহিপাঠকে পঢ়িলো,
মোৰ গাঁৱত আন ভাষাৰ কিতাপ পঢ়ুৱাব পৰা
মাষ্টৰেই নাছিল।
যৌৱন কালত ৰঙিলীৰ জীয়েকক
লৈ আনো যেন লগাত,
বিহুকে মাৰিলো।
মাঘবিহুত চুৰ কৰি আনি কোমোৰাৰে ভাজিলো হাঁহ!
আলফা নহ'লো। বহু কাৰণত! নকও আজি
জাতীয়তাবাদো নুবুজিলো চাগৈ।
পিছে, শংকৰদেউ বোলা বুঢ়াটোৱে
কত জানো কেনেকে,
ধৰ্ম প্ৰচাৰৰ নামত,
কেনেকে মানুহ হিচাপে জীয়াই থাকিব লাগে,
তাকে শিকাইছিল যেন লাগিল।
আই বোপায়ে তেওকে ভজিলে,
ময়ো তাকে কৰিলো।
নাজানোহো আৱাহনত, নাজানোহো বিসৰ্জনত
নিজকে বিছাৰি পালো।

=গাঁওবুঢ়াৰ চোতালত=( 'ফটাঢোল' ডিচেম্বৰ-২০১৮ সংখ্যাত প্ৰকাশিত)




গোটেই গাঁওখন আজি গাঁওবুঢ়াৰ চোতালত উবুৰি খাই পৰিছেহি। ওচৰ কেইঘৰৰ কথাই নাই, একেবাৰে সিমুৰৰ চেঁচুক বাঁহনিখনৰ তলৰ কেইঘৰ, ধোবাৰ কাম কৰা পৰশুৰাম, মৈমনসিঙৰ পৰা আহি গাঁৱে গাঁৱে হাজিৰা কাম কৰা কামালুদ্দিন, চাউলৰ মিলৰ মহৰী ভজহৰিৰ লগতে নামনিৰ পৰা উঠি অহা বিকৰ্ণ বসুমতাৰীৰ পৰিয়াল, গাহৰি মাংস নহ’লে এসাজো পেটলে নেযোৱা ধনেশ্বৰ গগৈ, গাহৰি খাই ধনেশ্বৰে গাঁওখনৰ জাত-পাত মাৰিলে বুলি মত পোষণ কৰা বিজয় মহন্ত মাষ্টৰ, মুঠতে গাঁৱৰ সকলো Who’s Who আজি গাঁও বুঢ়াৰ চোতালত পাটি পাৰি বহিছেহি। নবহিবনো কিয়? আজি গাঁওবুঢ়াই ৰাইজৰ সৈতে ‘মন কী বাত’ কৰিব বোলে। গাঁওবুঢ়াক ভাল নোপোৱা মানুহ গাঁওখনত নাই। লোদোৰ পোদোৰকৈ সভাশুৱনি মানুহজনে আজিলৈকে কাকো খঙেৰে মাত এষাৰ দি পোৱা নাই। এইহেন পদৱীত থাকিও মানুহজনৰ গপ ভেম বোলা বস্তুটো নাই, মুখৰ পৰা ভগৱানৰ নাম নুগুচেই। বয়সত অলপ ডেকাচানেকীয়া হ’লেও গাঁওবুঢ়াৰ ব্যক্তিত্ব কিন্তু সকলোকে মুহিব পৰা, কি ল’ৰা, কি বুঢ়া সকলোৰে প্ৰিয় তেওঁ। আনকি তেখেতে গাঁওবুঢ়া নিৰ্বাচিত হোৱাৰ সময়ত গাঁৱৰ কেটেঙ মেটেঙ, মূৰ খুৰোৱা গায়ক এজনে গান এটাও লিখিছিল, বৰ জনপ্ৰিয় হৈছিল গানটো। মুঠতে ক’বলৈ গ’লে গাঁওখনত সকলোফালে আনন্দময় পৰিবেশ আজি।