Friday, May 3, 2019

উৰা বাতৰি




১৫ ডিচেম্বৰ ২০৪২ চন!!! 

পতিয়ে  পত্নীক চাহ, তামোল, নিউজপেপাৰ, ধুতি আদি  খুজি অত্যাচাৰ কৰা সমস্যাটোৰ স্থায়ী সমাধানৰ অৰ্থে আজি সংসদত এখন বিধেয়ক গৃহীত হয়। এই আইন মতে বিয়া পতাৰ লগে লগে সকলো পুৰুষৰ জিভাখন লেজাৰ অস্ত্ৰোপচাৰৰ দ্বাৰা আঁতৰাই পেলোৱা হব। আজি সংসদত শূন্য কালত উপস্থাপন হোৱা বিধেয়ক খন সৰ্বসন্মতিক্ৰমে গৃহিত কৰা হয়। ০.৫ % পুৰুষৰ বাবে সংৰক্ষিত আসনৰ সাংসদ শ্ৰীবিনয়ভূষনে বিধেয়ক খনৰ বিৰোধিতা কৰি কিবা কব বিছাৰিছিল যদিও, বাকী ৫৬৬  গৰাকী মহিলা সাংসদৰ চিঞৰ বাখৰৰ মাজত তেখেতৰ মাত শুনা নগ’ল।

সন্ধিয়া সংবাদ মাধ্যমৰ আগত “লিপষ্টিক আৰু পেডিকিউৰ” বিভাগৰ কেবিনেট মন্ত্ৰী শ্ৰীমতী চেনেহী বেগমে কয় যে এই বিধেয়ক দ্বাৰা মহিলা সকলৰ এক বহুদিনীয়া সমস্যা সমাধান পোৱা গ’ল।

১২ জানুৱাৰী ২০৪৪ চন।

দেশত অতি ক্ষীপ্ৰতাৰে বৃদ্ধি পোৱা পুৰুষ  ভ্ৰু হত্যাৰ ঘটনাসমূহত ৰাজ্যিক গৃহমন্ত্ৰী সুষমা সিনহাই উদ্বেগ প্ৰকাশ কৰে। মানৱ সম্পদ বিভাগৰ পৰা প্ৰদান কৰা এক লিখিত বিবৃতিত কোৱা হয় হয় বিংশ শতিকাৰ শেষৰ ফালে হোৱা ব্ৰেইন ড্ৰেইনৰ দৰে, ভাৰতৰ পৰা পুৰুষ ড্ৰেইনৰ ঘটনা বৃদ্ধি পাইছে, ভাৰতৰ ওচৰ পাজৰৰ দেশবোৰে সৰল টাৰ্মচত বিয়া পতাৰ সুবিধা দি এইসকল পুৰুষক আকৰ্ষণ কৰিছে।

প্ৰচলিত কৌতুক কেইটামানৰ লিমাৰিক ৰূপ!



(১)

বিচনাৰ পৰা উঠিব নোৱাৰা অসুখত পৰিল তেওৰ পতি,
বিছাৰি খোচাৰি ৰাখিলে ঘৰত প্ৰফেচনেল নাৰ্চ এটি;
লাভ জানো কি হ’ল?
পইচাও এগাল গ’ল ;
নাৰ্চৰ ওপৰত চকু ৰাখিবলেকে শুব নোৱাৰা হ’ল চিৰিমতী।

(২)

চাইনীজ ছোৱালী বিয়া পাতি গপত উফন্দে মনিলাল,
এবছৰ পিছত পানী লগা জ্বৰত কইনাই পালে পৰকাল;
এনে বন্ধু থাকিলে,
শতৰু লাগে কিহলে?
এবছৰ হেনো যথেষ্ট চলিল গেৰাণ্টী নোহোৱা চাইনিজ মাল।