Wednesday, January 6, 2016

নন-ভেজ জুক

হা হা হা! আই হেভ হেকড অভিজিত কলিতা’জ  একাউণ্ট, এণ্ড পষ্টিং ইন হিজ নে’ম। ৱণ্ট ষ্ট’প টিল হিজ ৰেপ’ ইজ ৰুইনড লাইক হে’ল। পে’ টাইম.......চিউড’ গড অভিজিত কলিতা .... গ’ টু হে’ল ......
>
নন-ভেজ জুক নং ১:- ( মানে ননৰ ভেজা ফ্ৰাই জুক)
>
>

পুলিচঃ- তুমি যিখন ষ্কুটিত খুন্দিয়ালা, সেইখনৰ ৰং কি আছিল? 


চিখৰঃ- সেইটো মনত নাই নহয় চাৰ, .........কিন্তু যিজনী ছোৱালী চলাই আছিল, তাই অলপ মিঠা বৰণীয়া, ৫ ফুট ৪ ইঞ্চি মান ওখ, চুলিখিনি কান্ধত পৰা, কাণত দীঘলীয়া কাণফুলি, সোণৰ নহয় দেই চাৰ, আজিকালি যে কিনিবলে পাই তেনেকুৱা!! বগা ৰঙৰ চিফনৰ কুৰ্তা আৰু লেগিংছ পিন্ধিছিলে, কুৰ্তাটোত ৰাণী কালাৰৰ ফুল আছিল, একেবাৰে আচল গোলাপ ফুলপাহৰ সমান। পিঠি ফালে অলপ, মানে অলপ নহয় ভালকৈয়ে ডীপ কাট আছিল, আৰু পিঠিখনৰ যিখিনি ওলাই আছিল, কি কম চাৰ... একেবাৰে নিমজ, চিতল মাছটোৰ নিচিনা (হুমুনিয়াহ) । ওৰ্ণাখন য’ত থাকিব লাগে তাত নাছিল দেই চাৰ, বতাহৰ কোবত একেবাৰে ডিঙিতহে যেনে তেনে গৈ ওলমি আছিল। চুলিখিনি ছাগে যোৱাকালি মানেহে স্পা কৰিছিল, একদম ফিৰিফিৰিয়া হৈ আছিল নহয় চাৰ। পাম্প শ্বু যিযোৰ পিন্ধিছিল, বৰ ধুনীয়া মেটচ কৰিছিল দেই, ড্ৰে‍ছটোৰ লগত। পিছে লিপষ্টিক লগাওতেহে বৰ লৰালৰি হৈছিল যেন পাও, লিপ লাইনটো অলপ মাজে মাজে মিছ কৰিছিল নহয়। হাতত ফাষ্টট্ৰেকৰ ঘড়ীটো পিন্ধি আছিল হয়, দামী ঘড়ীয়েই হয় XYO540 মডেলৰ, পিছে ঘড়ীটো তিনিঘণ্টা ওঠৰ মিনিট লে’ট চলি আছিল।

বাকী মোৰ ধ্যান অকল গাড়ী চলোৱাতহে থাকে দেই চাৰ, কাষেৰে যোৱা স্কুটিৰ ৰং ছং, সেইবোৰলে মন কৰি থাকিলে গাড়ী গৈ খালত সোমাব দেখোন!!!

No comments:

Post a Comment