Wednesday, January 6, 2016

17.95+ জ’ক ( পোৱালীকেইটা ফুট..)


 জুইভাইৰ ডেকাকালৰ কথা, বজাৰ কৰিবলে বঙাইগাও চিটিলৈ আহিছিলে পিছে সেইদিনা বজাৰ বাছ   ঘুৰি গৈ পাওতে ৰাতি হ’ল। সকলো মানুহ নামিল, শেষত কেৱল এঞ্জেল প্ৰিয়ংকা প্ৰিয়দৰ্শিনী আৰু জুই ভাই বাকী ৰ’ল, দুয়ু একেখন গাঁৱৰে। তাতে আকৌ বাছৰ পৰা নামি হাবিতলীয়া বাটেৰে দুমাইল মান গ’লেহে তেওলোকৰ গাঁও পাইগৈ। আকাশত জোনৰ পোহৰ, তলত ঘিটমিটিয়া এন্ধাৰ, জুইভাই আগে আগে, ....এঞ্জেল পিছে পিছে। জুইভাইৰ ইফালে বজাৰ হেভী,........ ছাগলী এটা, মূৰ্গী এটা, মৰাপাটৰ পঘা এডাল, লাখুটি এডাল আৰু এলুমিনিয়ামৰ বাল্টি এটা, যেনেতেন গোটেইকেইটা মাল দুখন হাতেৰে মেনেজ কৰি গৈ আছে, সংসাৰ চলাবলে এইবোৰ বস্তু লাগেই দিয়কচোন।


তেনেতে এঞ্জেলে মাত লগালে 

- আপোনাৰ পিৰিক পাৰাক চাৱনি মোৰ ভাল লগা নাই দেই, আপুনি মোক মিচবিহেভ নকৰেতো, এই ৰাতিখন অকলে পাই??

- হৌৰা... কি ফাল্টু কথা কোৱা হে? দেখিছা মোৰ হাতত কিমানবোৰ বস্তু..হেঁ!!! মই ইচ্ছা কৰিলেও একো বদমাছী কৰিব নোৱাৰোঁ, দুইখন হাত পুৰা ব্লক দেখা নাই ??? আৰামত আহি থাকা, মোৰ চকুকেইটা জন্মৰ পৰাই পিৰিক পাৰাক, সেইবোৰত মাথা নেমাৰিবা! 

- হুঁহ, মই জানো নহয় মতা বোৰক। চবৰে একে ধাণ্ডা, মই বিশ্বাস নকৰো যে আপুনি ইচ্ছা কৰিলেও বদমাছী কৰিব নোৱাৰে!!

- কি কোৱা হে? তোমাৰ নিজ চকুৰে দেখা নাই নেকি, মই কিমান কষ্টেৰে ইমানগাল বস্তু কঢ়িয়াই লৈ গৈ আছো।

- হ’লে কি হব? আপুনিতো এতিয়াই, লাখুটিডাল মাটিত পুতি, পঘাডালেৰে ছাগলীটো লাখুটিডালত টানকৈ বান্ধি, মূৰ্গীটোৰ ওপৰত বাল্টিটো ওভোটাই থৈ, তাৰ ওপৰত ডাঙৰ শিল এটা দি, ইচ্ছা কৰিলেই মিচ-বিহে’ভ কৰিব পাৰে!!

No comments:

Post a Comment