Wednesday, January 6, 2016

আশাকৰো তোমালোক -৪

মৰমৰ মইনাহঁত

আমাৰ মাজত কেৱৰ বীৰ বীৰাংগনাই নহয়, ইয়াত কেইবাজনো যুগান্তকাৰী বিজ্ঞানীও আছে, তেনে দুজন লোকৰ কথা আজি মই তোমালোকক কম। 




আমাৰ দেশৰ  আটাইতকৈ বিখ্যাত বিজ্ঞানীগৰাকীৰ নাম হ'ল মৌছুমাইনষ্টাইন। তেওৰ পঢ়া শুনা বৰ বেছি নাছিল, তেও পোষ্ট ডক্টৰেট ফেল'শ্বিপ কৰি থাকোতেই, এটা ইউনিট টেষ্টত ১০০ ভিতৰত ৯৯.৫ পোৱাৰ কাৰণে , তেওক পাঠশালাৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। হ'লেও প্ৰতিভা কেতিয়াও লুকাই নেথাকে। তেও পাঠশালাৰ পৰা বাহৰি হৈয়ো, একান্ত মনে ফেচবুক অধ্যয়ন কৰে, আৰু শেষত "থিঅ'ৰি অৱ ইৰৰিলেটিভিটি" বুলি এটা কোনেও নুশুনা আৰু নুবুজা সূত্ৰ আৱিষ্কাৰ কৰে।
আচলতে সেই থিঅ'ৰিটো আজিলৈকে কোনেও বুজা নাই, সেইকাৰণে সকলোৱে বিৰাট ডাঙৰ কিবা এটা বুলি ভাবে। যি কি নহওক, সেই থিঅ'ৰি মতে 'মাছ আৰু এনাৰ্জি' ইণ্টাৰচেঞ্জিয়েবল, মানে মাছক এনাৰ্জিলৈ সলনি কৰিব পাৰি। তাকে অলপ সৰলকৈ বুজালে তোমালোকে বুজি পাবা। 

তোমালোকে নিশ্চয় মন কৰিছা, কেঁচা মাছ ভাজিলে তাৰ ওজন কমি যায়, যায় নে নেযায়? কত যায় সেই ওজন খিনি? আকৌ ... ভজা মাছ খিনি খাই পেলালে, মাছ খিনি নাইকিয়া হৈ যায়, কিন্তু মানুহে গাত বহুত এনাৰ্জি পায়, হয়নে নহয়? তাৰ পাছত ৰাতিপূৱা সেই এনাৰ্জি অলপ হালধীয়া বৰণ লৈ বাহৰিলে ওলাই বাগৰি-জুগৰি নদীৰ পানী পাইগৈ, তাকে সাৰ বুলি গ্ৰহণ কৰি কণীৰ পৰা ডাঙৰ ডাঙৰ মাছৰ সৃষ্টি হয়। গতিকে তোমালোকে বুজি পালা, যে মাছক এনাৰ্জিলৈ কনভাৰ্ট কৰিব পাৰি, এণ্ড ভাইচি ভাৰ্চা। 


মৌছুমাইনষ্টাইনৰ এই সূত্ৰৰ ওপৰতে ভিত্তি কৰি আন এজন  বিজ্ঞানী "বাহুবলী জয়দ্বীপ হ'কিন্স"এ বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি সম্পৰ্কে The Big বেং Theory আগবঢ়ায়। এই থিঅ'ৰি মতে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি প্ৰকাণ্ড এটা 'বেং' বা ভেকুলীৰ পৰা হৈছে। তাৰ প্ৰমাণ স্বৰূপে তোমালোকে এই কথাটোলৈ মন কৰিবা, ব্ৰহ্মাণ্ডৰ গ্ৰহ, উপগ্ৰহ, তৰা, নক্ষত্ৰ, সকলো গোলাকাৰ.... .সেইদৰেই ভেকুলীৰ কণীও গোলাকাৰ। ব্ৰহ্মাণ্ডত অসংখ্য গ্ৰহ, নক্ষত্ৰ আছে, আৰু বেঙেও এবাৰতে অগণন কণী পাৰে। গতিকে আমি বাস কৰা এই বিশ্ব ব্ৰহ্মাণ্ডখন সেই বেংটোৱে (নে জনীয়ে) পৰা কণীৰ পৰা উদ্ভৱ হোৱা বুলি প্ৰমাণ হয়। 

আশাকৰোঁ তোমালোকে এই বিজ্ঞানীসকলে দেখুৱা পথ অনুসৰণ কৰি নিজৰ "হাতৰ কুঠাৰ ভৰিত মাৰিবলে" শিকিব পাৰিবা। 

ইতি

মৰমেৰে

No comments:

Post a Comment