Tuesday, October 28, 2014

ৱি ডিন্ট ষ্টাৰ্ট ডা ফায়াৰ

ৱি ডিন্ট ষ্টাৰ্ট ডা ফায়াৰ, ন’ ৱি ডিদন্ট লাইট ইট, বাট ৱি ট্ৰাইড টো ফাইট ইট,
ৱি ডিন্ট ষ্টাৰ্ট ডা ফায়াৰ ইট হেজ বিন অলৱেইজ বাৰ্ণিং চিন্‌চ ডা ৱৰ্ল্ড ইজ টাৰ্ণিং !!
তৰুন গগৈ, বিসম্বাদ, চাই বাবাৰ আশীৰ্বাদ,
পৰেশ বৰুৱা, চালফা, ইনকম টেক্স, প্ৰতিবাদ;
আইনাম, বিয়ানাম, বিদ্যুতৰ নাটনি,
এডিডাচ, বাইক ষ্টাণ্ট, অপহৰণ, ডাইনী
বেইজিং, ইব’লা, অবামা, আইচিচ,
দূৰ্নীতি, মিলিটেৰী, দ্ৰ’ন আৰু ব্ৰাহমচ,


বৰবৰুৱাৰ পুনৰাগমন



 ত প্ৰকাশিত






আগকথা: ৰসৰাজৰ কৃপাবৰ বৰবৰুৱা অসমীয়া ব্যংগ সাহিত্যৰ উৎকৃষ্টতম নিদৰ্শন। সেই লিখনিৰ ধাৰাক অনুসৰণ কৰাৰ এক নিঃকিন প্ৰচেষ্টা, ৰসৰাজৰ ন্মানাৰ্থে আগবঢ়ালোঁ



আসামবাসী ৰাইজ, ৰাইজ মানে, সেই নদাই ভদাইৰ পৰা ধৰি একেবাৰে মন্ত্ৰী মুদাগৰ গোটেই সোপাকে জাকৈয়াই খালৈত পুথি খলিহনা, শিঙৰা, চেলকণা, চেঙেলীৰ পৰা গংগাটোপলৈকে ভৰাই লোৱাৰ দৰে, একেলগ কৰি ,মাতষাৰ মাতি, দুটামান কথা কবলৈ মুখ মেলিলোঁ। হওতে বৰবৰুৱাৰ এই কেলেহুৱামখাৰ বা-বাতৰি লোৱাৰ মন মেজাজ একেবাৰে নাই। নোৱাৰাতহে আজি আহি আসামৰ ৰাইজৰ মুখামুখি হ’ব লগাত পৰিল। ৰাইজে জানেই, যোৱাবেলি স্বৰ্গফেৰৎ বৰবৰুৱাই আসাম মুলুকৰ ৰাইজৰ হিতাৰ্থে অনেক আঁচনি দি যোৱাৰ লগতে অসমীয়াক চকু ফালি নিজৰ ভুল বিলাক দেখুৱাই তাৰ সমিধানৰ উপায়ো দি নোযোৱা নহয়। পিছে “গালো বালো খোলাকটিৰ তাল” , বৰবৰুৱাৰ হিতোপদেশক বুঢ়া আঙুলি দেখুৱাই এই মুলুকৰ ৰাইজে মনখুচি কামত লাগিল, দুখতে বৰবৰুৱাই ‘পুনৰ’মুচিকো ভবঃ’ বুলি শাওপাত দি ঘৰৰ ল’ৰা ঘৰলে যোৱাদি স্বৰ্গলৈ গ’লগৈ।