Tuesday, August 25, 2015

কবিতাৰ বিষয়ে দুটিমান আহুকলীয়া লিমাৰিক;


(১)
কবিতা দেশৰ বাহুবলী নাম চিৰি চিলিম কুমাৰ,
কবিতা লিখি ঘটি থৈছে, গালে গালে পুৰষ্কাৰ;
গৰমা- গৰম কবিতা,
কেঁচা যৌৱনৰ মালিতা।
দুই এটা কবিতা পঢ়িবলে আকৌ হাবিলে যোৱা দৰকাৰ। 


(২)
আধুনিক কবিতাৰ লেকাম বোলে ছিঙা,
অৰ্থতো নোলায়েই, ছন্দও চোন ভঙা,
দেশৰ নিলাজ কথা-মাত,

Monday, August 24, 2015

খেলি-মেলি

(১)
গুৱাহাটীৰ বানপানীক লৈ কিয় বাৰু কৰা শ্লেষ?
বানপানী নোহোৱাকৈ আছে জানো কোনো দেশ?
নেলাগে দিয়া নলা খানিব,
বা ভৰলুখনো মোকলাব;
অসমৰ "ভেনিচ" বুলি লিখি দিলেইচোন লেঠা শেষ।


(২)
সোণাপুৰৰ বৰুৱা চাৰ কলিজাৰ মেকানিক,
জানে বোলে এইডচো ভাল কৰাৰ টেকনিক;

কেইটিমান ৰাজনৈতিক লিমাৰিক

তলৰ লিমাৰিককেইটাই মোৰ ৰাজনৈতিক দৃষ্টিভংগী প্ৰতিফলিত নকৰে, কেইজন মান জনপ্ৰিয় ৰাজনীতিকৰ জীৱনক এক ব্যংগাত্মক দৃষ্টিভংগীৰে চোৱাৰ প্ৰয়াসহে, উদ্দেশ্য কেৱল হাস্যৰস।ইয়াক Satire ৰূপেই গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো। 



(১)
সে সে কৈ হাঁহি থাকো বুলি ভাবিছা নেকি বুৰ্বক,
ৰাজপাট দকচি খোৱাৰ সকলো জানো কচৰৎ;
সাম, দাম, দণ্ড, ভেদ,
বিসম্বাদীৰ ক'লা পেট,
সকলো ইম্পৰটেণ্ট মেটাৰ মোৰ নখ দৰ্পনত। 


(২)
বাবকণে চিনি পাই, মহিলা নে পুৰুষ মাছ,
পৈতৃক সম্পত্তিৰূপে পাইছে ইমান দিমাগ খাছ;

পথবন্ধ

সাহিত্য ডট অৰ্গৰ ছুটি গল্প বিশেষ সংখ্যাত প্ৰকাশিত

http://www.xahitya.org/2015/08/15/pothbondho/

গাড়ীবোৰ অথালি-পথালিকৈ ৰখাৰ বাবে কোনোখনে কোনোফালে লৰচৰ কৰিব নোৱাৰা অৱস্থা। তাৰ প্ৰায় মাজতে ৰৈ আছে পুৰণা বগা ৰঙৰ মাৰুতি ভান খন। পিছৰ ছিটত শুৱাই অনা বুঢ়ী মানুহগৰাকীৰ মূৰৰ পৰা তেজ বৈ আছে, গামোচাখনেৰে বন্ধাৰ পৰাও একো বিশেষ লাভ হোৱা নাই যেন লাগে। চকু মুদ খাই আহিছে, উশাহবোৰ দীঘল দীঘল, বহু সময়ৰ মূৰে মূৰে, হয়তো ৰক্তচাপ একেবাৰে কমি গৈছে। বুঢ়ীক সাৱট মাৰি ধৰি থকা সৰু ল’ৰাটো বুঢ়ীৰ নাতিয়েক, পুৱা আইতাকে পিছল খাই পৰি মূৰত দুঃখ পোৱাৰ পৰাই সি আইতাকক এৰি দিয়া নাই, তাৰ গাটোও বুঢ়ীৰ তেজেৰে ৰাঙলী হৈ গৈছে। মাজে মাজে সি ভুনভুনাই কয়-“তোৰ একো নহয় আইতা, হস্পিটেল গৈ পালেই সকলো ঠিক হৈ যাব, মই আছোঁ নহয়। আমি পামেই গৈ অলপ পাছতে।” এম্বুলেন্স মাতিলে দেৰি হয় বুলি, কাষৰ ঘৰৰ মাৰুতি ভানখনেৰেই বুঢ়ীক মেডিকেল কলেজলৈ লৈ যোৱাৰ সিদ্ধান্ত কৰিছিলে তেওঁলোকে। মাত্ৰ এঘণ্টাৰ বাট, যেনেতেনে মেডিকেল পালেগৈয়ে ৰক্ষা পৰে তেওঁলোক।

অব_তেৰা_ক্যা_হোগা_কালীয়া‬?


এই চকুচৰহাৰ শেন চকু কিছুবছৰ পৰা সমাজৰ ধাৰ্মিক, অতি ধাৰ্মিক, আধ্যাত্মিক, চেনী-ধাৰ্মিক, মিহি-ধাৰ্মিক, গৰম-ধাৰ্মিক, ভোগী-ধাৰ্মিক, চেমি-গ'ড, ডেমি-গ'ড আদি ভগৱানৰ একেবাৰে নিকট সম্বন্ধীয় সকলৰ ওপৰত পৰি আছে। তেওলোকৰ মানব জাতিৰ প্ৰতি অৱদান দেখি অমুকাৰ +২ পাৱাৰৰ চচমা জোৰো গৰম হৈ যোৱা যেন অনুমান হৈছে। হওতে অমুকাইয়ো ভগৱানক বিশ্বাস নকৰা নহয়, মানে সেই "বলে নোৱাৰা শিলৰ পৰি নমষ্কাৰ" ফৰ্মুলা মতে। জীৱনত কেতিয়াবা টানত পৰি, 'হে ভগৱান ৰক্ষা কৰা' বুলি নোকোৱাকৈয়ো থকা নাই, আৰু সেই বিপদৰ পৰা উদ্ধাৰো নোপোৱাকৈ থকা নাই। মানে চকুচৰহাৰ ভগৱানৰ লগত সম্বন্ধটো তেনেই নিম্ন পৰ্যায়ৰ।মানে তুমি তোমাৰ 'জেগা'ত মই মোৰ জেগাত, দৰকাৰ হ'লে লগ পাম টাইপৰ। উদাহৰণ স্বৰূপে, এই চকুচৰহাই ভাৱে, যে ৰাতি বিয়লি অকলে হাবি এখনৰ মাজেৰে পাৰ হৈ যাব লগা হ'লে, অমুকাই "ভগৱান মোৰ লগত আছে, গতিকে বাঘে মোক একো কৰিব নোৱাৰে" বুলি ভাব এটা কৰি আগুৱাই যায়। ইন ডেট কেচ, সঁচাসঁচিকে নৰখাদক বাঘ এটা ওলালে চকুচৰহাক ভগৱানে দ্ৰৌপদীক অন্তহীন শাৰী দিয়াৰ দৰে কামাল কৰি ৰক্ষা যে নকৰে সেইটোও চকুচৰহাই