Monday, March 23, 2015

অথঃ বিবাহ সংবাদ



মনজিতে ক’লে এই সংখ্যা সাহিত্য ডট অৰ্গ নাৰী বিশেষ সংখ্যা হব, মই পাৰিলে কিবা এটা লিখিব লাগেমই নাৰীবাদ সম্পৰ্কে বৰ বিশেষ নেজানো, তথাপিও মোৰ পিতৃ মাতৃয়ে সৰুতেই নাৰীক সন্মান কৰিব লাগে বুলি ধাৰণা এটা মনত সুমুৱাই দিবলে সক্ষম হৈছিল, জোখতকে  বেছি কিতাপ পত্ৰও পঢ়িছিলো, গতিকে এক নিজস্ব চিন্তাধাৰা গঢ়ি উঠিছিল বুলি কব পাৰোঁ। যিহেতু বিয়াৰ পাছতহে মোৰ ঘৰৰ বাহিৰৰ এগৰাকী নাৰীৰ লগত এক গুৰুত্বপূৰ্ণ সম্পৰ্ক স্থাপিত হব, সেইবাবে মোৰ ভাৱী পত্নীক মই দিব লগা স্থান আৰু সন্মান  সম্পৰ্কে যথেষ্ট ভৱা গুণা কৰি কিছুমান সিদ্ধান্তত উপনীত হৈছিলোহি। সেই  ব্যক্তিগত অভিজ্ঞতাৰ কথাই অলপ  কব বিছাৰিছো, নাৰীবাদৰ লগত নহলেও, নাৰীৰ লগত যিহেতু ইয়াৰ পোনপতীয়া সম্পৰ্ক আছে, গতিকে অলপ বহলাই লিখিলোঁ। ৰাইজে পঢ়ি কিবা ৰস পালে ভাল লাগিব।

পেপছি স্বভাৱ

কলিতাৰ যে স্বভাৱ চৰিত্ৰ ভাল নহয়, তাত তেঁওৰ আচলতে অকনো দোষ নাই, এই জালিম দুনীয়াই তেঁওক তেনেকুৱা হবলৈ বাধ্য কৰিলে।

কেচুৱা কলিতা
মাকঃ- খোৱা বাবা, অকণমান পেপছি খাই দিয়া, ও ও খোৱা খোৱা...এই খাইইইইইইই......দিলে ।।ফিনিছ কৰি দিলে.আদায়য়য়য়য়...আমাৰ কলিতা জল্দি জল্দি ডাঙৰ হৈ যাব।

নাৰীমুক্তি

পাতিৰি  ভিনিহিৰ ১১০% সত্য চাহখোৱা গাজাটোৰ আঁত ধৰি

১৫ ডিচেম্বৰ ২০৪২ চন!!!

পতিয়ে পত্নীক চাহ, তামোল, নিউজপেপাৰ, ধুতি আদি খুজি অত্যাচাৰ কৰা সমস্যাটোৰ স্থায়ী সমাধানৰ অৰ্থে আজি সংসদত এখন বিধেয়ক গৃহীত হয়। এই আইন মতে বিয়া পতাৰ লগে লগে সকলো পুৰুষৰ জিভাখন লেজাৰ অস্ত্ৰোপচাৰৰ দ্বাৰা আঁতৰাই পেলোৱা হব। আজি সংসদত শূন্য কালত উপস্থাপন হোৱা বিধেয়ক খন সৰ্বসন্মতিক্ৰমে গৃহিত কৰা হয়। 0.5 % পুৰুষৰ বাবে সংৰক্ষিত আসনৰ সাংসদ শ্ৰীবিনয়ভূষনে বিধেয়ক খনৰ বিৰোধিতা কৰি কিবা কব বিছাৰিছিল যদিও, বাকী 566 গৰাকী মহিলা সাংসদৰ চিঞৰ বাখৰৰ মাজত তেখেতৰ মাত শুনা নগ’ল।

সন্ধিয়া সংবাদ মাধ্যমৰ আগত “লিপষ্টিক আৰু পেডিকিউৰ” বিভাগৰ কেবিনেট মন্ত্ৰী শ্ৰীমতী চেনেহী বেগমে কয় যে এই বিধেয়ক দ্বাৰা মহিলা সকলৰ এক বহুদিনীয়া সমস্যাৰ সমাধান পোৱা গ’ল। 

১২ জানুৱাৰী ২০৪৪ চন।

দেশত অতি ক্ষীপ্ৰতাৰে বৃদ্ধি পোৱা পুৰুষ ভ্ৰুণ হত্যাৰ ঘটনাসমূহত ৰাজ্যিক গৃহমন্ত্ৰী সুষমা সিনহাই উদ্বেগ প্ৰকাশ কৰে। মানৱ সম্পদ বিভাগৰ পৰা প্ৰদান কৰা এক লিখিত বিবৃতিত কোৱা হয় হয় বিংশ শতিকাৰ শেষৰ ফালে হোৱা ব্ৰেইন ড্ৰেইনৰ দৰে, ভাৰতৰ পৰা পুৰুষ ড্ৰেইনৰ ঘটনা বৃদ্ধি পাইছে, ভাৰতৰ ওচৰ পাজৰৰ দেশবোৰে সৰল টাৰ্মচত বিয়া পতাৰ সুবিধা দি এইসকল পুৰুষক আকৰ্ষণ কৰিছে।

১৮ নৱেম্বৰ ২০৪৫ চন

যোৱা দুবছৰ ধৰি ভাৰতত এখনো বিয়া নোহোৱা ঘটনাই আজি গিনিজ বুক অৱ ৰেকৰ্ডচ স্থান লাভ কৰে। লগতে ভাৰত পৃথিৱীৰ ভিতৰতে সকলোতকৈ দ্ৰুতগতিত জনসংখ্যা হ্ৰাস পোৱা দেশ বুলিও পৰিগণিত হয়।

১১ জানুৱাৰী, ২০৫০ চন

আজিকালি সমগ্ৰ দেশতে দেখা গৈছে যৈ কোনো পুৰুষেই বিয়া পাতিবলৈ ইচ্ছা নকৰে। কোনো কোনো পুৰুষে সন্তান বিছাৰিলে ক্লনিং কৰাই লোৱা সুবিধা ইতমধ্যে ভাৰতৰ সকলো প্ৰাথমিক চিকিৎসা কেন্দ্ৰতে উপলব্ধ হৈছে। তথাপিও কিছুমান মানবীয় অনুভূতি জীয়াই ৰখাৰ প্ৰয়োজনীয়তা কথা উপলব্ধি কৰি আজি লিডুৰ জয়ৰামপুৰত এক গাম্ভীৰ্য পূৰ্ণ অনুস্থানত বিশ্বখ্যাত খাৰঘৰীয়া এণ্ড কোম্পানীৰ সহযোগত নিৰ্মান কৰি উলিওৱা “ইৰেজেবল, প্ৰগ্ৰামেবল, ডিচপ’জেবল হট এণ্ট ব্ল’ণ্ড ৱাইফি” নামৰ এটা ৰবট বজাৰলৈ মুকলি কৰি দিয়া হয়। অতি অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মান কৰি উলিওৱা এই ৰবটে গৰাকীৰ মুড বা মানসিক অৱস্থা স্বয়ংক্ৰিয় ভাৱে অনুমান কৰি সেই মতে নিজৰ চেহেৰা, মাত, ড্ৰেছ, ফিগাৰ আদি সলাই লব পাৰে, আৰু গৰাকী অকলে থাকিব বিছাৰিলে নিজে নিজে স্লীপ ম’ডত গুচি যায়। সম্পুৰ্ণ চ’লাৰ পাৱাৰত চলা এই ৰবটক কোনো ধৰণৰ মেইণ্টেনেন্সৰ প্ৰয়োজন নহয় বুলি কোম্পানীৰ মূখপাত্ৰ কিনাৰাম খাৰঘৰীয়াই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

ॐ ঢেমাসুৰায়ে নমঃ



ॐ ঢেমাসুৰায়ে নমঃ

জৰুৰী : IMPORTANT : জৰুৰী : IMPORTANT জৰুৰী : IMPORTANT

এই ছবিখনত ঢেমাসুৰৰ অলৌকিক শক্তি সন্বিবিষ্ট আছে । ভেনিজুৱেলাৰ মঁচিয়ে য়াভিয়াৰ ফাৰ্ডিনাণ্ডো নামৰ এজন লোকে প্ৰশান্ত মহাসাগৰৰ মেৰিয়ানা খাটত ৰসাতলৰ সন্ধান কৰোতে এই ছৱিখন উদ্ধাৰ কৰে। কিন্তু লোকজনৰ তিনিদিনৰ ভিতৰতে অজ্ঞাত কাৰণত মৃত্যু হয়। মৃত্যুৰ আগতে তেঁও ডায়েৰীত লিখি যায় যে, এই ছবিখন যিয়েই ফেচবুকত দেখা পায়, তেঁও লগে লগে দিনে সাত বাৰ কৈ নিজৰ ৱালত এইখন শ্বেয়াৰ কৰিব লাগিব আৰু সত্তৰ জনকৈ লোকক টেগ কৰিব লাগিব। অন্যথা ভীষণ পৰিনাম হব পাৰে। আৰু এই শ্বেয়াৰ আৰু টেগিং সৎ মনেৰে কৰিলে লগে লগে ঢেমাসুৰৰ আশীৰ্বাদত তেওঁৰ যি কোনো ইচ্ছা পুৰণ হব। মাদুৰাইৰ বেঙ্গেনাপ্পা বান্দৰাপ্পা মধুসুদন আয়াৰ নামৰ এজন বেকাৰ যুৱকে এই ছবিখন শ্বেয়াৰ কৰি ৩০০ জন লোকক টেগোৱাৰ লগে লগে তেও ইনফচিচ কোম্পানীত চাকৰি লাভ কৰে। দক্ষিণ আফ্ৰিকাৰ এজন মাছমৰীয়াই এই ছবিখন শ্বেয়াৰ কৰাৰ কিছুদিনৰ পাছত তেঁওৰ জালত এটা ডাঙৰ মাছ আহে আৰু মাছটো কটাৰ পাছত তাৰ পেটত কহিনুৰতকৈয়ো ডাঙৰ হীৰা এডোখৰ ওলায়। চীন দেশৰ গুৱানঝাং গাঁৱৰ এজন কৃষকে এই ছবিখন পায়ো পাত্তা নিদিয়াৰ এসপ্তাহৰ পিছতে তেওৰ একমাত্ৰ মৰমৰ জীয়েক এজন বিবাহিত মানুহৰ লগত পলাই যায়। আৰব দেশৰ এজন দুখীয়া বেদুইনে এই ছৱিখন শ্বেয়াৰ কৰি ১০০ মানুহক টেগোৱাৰ মাত্ৰ দুমাহৰ ভিতৰতে তেও ৰৈ থকা ঠাইত মাটিৰ তলৰ পৰা খাৰুৱা তেল নিজে নিজে ওলাই আহে আৰু তেও অন্যতম ধনী শ্বেখ বুলি পৰিগণিত হয়। কলম্বিয়াৰ এজন ড্ৰাগ মাফিয়াই এই ছৱিখন নিজৰ ফেচবুক ৱালৰ পৰা ডিলিট কৰি দিয়াৰ লগে লগে তেঁওক ৰাছিয়ান পুলিচে গ্ৰেপ্তাৰ কৰে। অষ্ট্ৰেলিয়া কুইনচলেণ্ডৰ এজন ক্ৰিকেট খেলুৱৈয়ে এই ছৱিখন শ্বেয়াৰ কৰাৰ দিনাই এক ইনিংচত সাতটা উইকেট লাভ কৰি বিশ্ব ৰেকৰ্ড গঢ়ে। 

গতিকে সাৱধান, এই ছবিখনক বা কথাখিনি অৱজ্ঞা নকৰিব। ছবিখন দেখা পোৱাৰ লগে লগে নিজৰ ফেচবুক ৱালত শ্বেয়াৰ কৰক আৰু নিজৰ সকলো বন্ধুকে টেগাওক। এনে কৰিলে আপুনি সাত দিনৰ ভিতৰতে আপোনাৰ ইচ্ছ পুৰণ হোৱা দেখা পাব। আৰু যদিহে নকৰে, এই বাৰ্তাক অৱজ্ঞা কৰে, তেন্তে ঢেমাসুৰৰ ক্ৰোধৰ পৰা আপোনাক কোনেও ৰক্ষা কৰিব নোৱাৰে। মনত ৰাখিব যিমানে বেছি লোকক টেগ কৰিব সিমানে আপোনাৰ ইচ্ছা সোনকালে পূৰ্ণ হব !!

=ॐ মন্দবুদ্ধিং, দীৰ্ঘসূত্ৰীং, ব্যভিছাৰীং, পেপছিপ্ৰাণঃ চ ঢেমাসুৰায়ে নমো নমঃ=

নাগ পঞ্চমী

বহু হাজাৰ মিনিটৰ আগৰ কথা। দিল্লী চহৰৰ এটা ভিতৰুৱা অঞ্চলৰ এটা ঠেক গলিৰ, এটা তিনিকুঠলীযা ভাৰাঘৰত সুদুৰ ইবিঝাৰ পৰা অহা ছেংমা নামৰ এজন লোকে ছাংমাই ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। পিছে ৰাজ্য খনত ৰজা ৰাণী যিমান আছিল, প্ৰজাৰ সংখ্যা তাতোতকৈ কমহে আছিল। ( সঁচা কথা কবলে গ’লে প্ৰজা নাছিলেই, কেইদিন মানৰ পাছত হবহে)। ছাংমাই সম্ৰাটে সেই ঘৰটোৰ পাকঘৰতে স্থায়ী ৰাজধানী পাতি, তাৰপৰাই দেশ শাসন কৰিছিল।

এদিন ৰজা ৰাণীৰ মাজত ৰাজ্যৰ পৰৰাষ্ট্ৰ নীতিক লৈ ভীষণ বিবাদ লাগিল। বিবাদ মানে? গৈ থৈ দুৰ্বাদল কাজিয়াত পৰিণত হ’লগৈ। কুটনীতি আৰু অশ্ৰুবাণেৰে ৰজাক পৰাজিত কৰিব নোৱাৰি শেষত ৰাণীয়ে বেলনাষ্ট্ৰ, IRKBM ( ইণ্টাৰ ৰূম কাঁহী বাতি মিছাইল),খকৰা মুকুটি, কপৌচেলোৱা আদি মাৰাত্মক মাৰণাস্ত্ৰ প্ৰয়োগ কৰিলে। ৰজাইয়ো ব্লেকমেইল, বিছনাতল, আদি প্ৰতিৰক্ষা কৌশল প্ৰয়োগ কৰি যুঁজ দিবলৈ ধৰিলে। ৰানীয়ে পিছদিনা ৰাতিপূৱাই ওচৰতে থকা বায়েকৰ ঘৰলৈ গুচি যাব বুলিও হুংকাৰ দিলে।ৰজাই বোলে – “এতিয়াই কিয় নেযোৱা। ভুতৰ ভয়ত?” 


মুঠতে কাষৰীয়া ৰাইজে কোৱা মতে –তেনে যুঁজ এই ভূ ভাৰস্তত কোনেও দেখাও নাই , শুনাও নাই। অৱশেষত যেনিবা ভাগৰ লগাত দুয়ু শুই পৰিল। সন্ধি পিছে নহ’ল। দুয়ু ৰজা ৰানী বেলেগ বেলেগ ৰূমত অকলে অকলে অকলে সোমাই পৰৱৰ্তী ৰণনীতি তৈয়াৰ কৰাত লাগিল।

ৰাতিপুৱাল...ৰানীয়ে চকু মেলি দেখে, ৰজাই তেখেতৰ বিচনাৰ কাষত থিয় হৈ মিচিকিয়াই হাঁহি আছে। হাতত এগিলাচ গৰম গাখীৰ। আত্মতৃপ্তিত ৰানীৰ মন আকুলিত হৈ পৰিল। লাহকৈ উঠি, গাখীৰ গিলাচ হাতত লৈ, তীৰ্যক চাৱনিৰে ৰজাৰ ফালে চাই ক’লে

- হুঁহ ..এতিয়া নিজৰ ভুল বুজি পালা তাৰমানে? মই কৈছিলো নহয়, তোমাৰে ভুল বুলি।
>
>
>
- কিহৰ ভুল ? গম নোপোৱা নেকি, আজি নাগ পঞ্চমী, সেই কাৰণেহে কলসাপক গাখীৰ খুৱাইছো..... লে ..পী লে নাগিন ।

পিছত ছেংমা ৰজাক হস্পিটেললৈ লৈ যোৱা সকলে দেখিলে, ছেংমাৰ গালত লাগি আছে---- এটা দগমগীয়া “কটা হাতৰ ৰঙা চাপ” । দাগটো ইমানেই উজ্জল আছিল যে ওপৰৰ সূৰ্যৰ ৰশ্মিও তাৰ ওচৰত ম্লান পৰি গৈছিল।

বি. দ্ৰ. :- তাৰো বহুদিনৰ পাছত ছেংমাই ’মুখ’ৰ সেই দাগটো আঁতৰাবলৈ প্লাষ্টি চাৰ্জাৰীৰ পইচা বিছাৰি চচুৰবাৰীক বাৰে বাৰে ‘আৰ্জি’ দি থকা বাবে দিল্লীৰ সেই অঞ্চলটো ‘ মুখাৰ্জী’ নগৰ বুলি জনাজাত হ’লগৈ।

দাৰু মস্তি

মোৰ নপতা খুলশালীজনীৰ বিয়াৰ পোন্ধৰ বছৰ মানৰ পিছৰ কথা, শালপতি এনেই মানুহটো বৰ ভাল, মানে দিনতহে দেই । ৰাতি তেঁও মস্তিত থাকে। সদায় এঘাৰ – বাৰ বজাত অফিচত গুৰুত্বপূৰ্ণ মীটিং কৰি, ঘুটুং হৈ, ঢুলং পুলং কৈ ঘৰ ওলাইহি। কেতিয়াবা গে’ট খুলি সোমাব নোৱাৰে, কেতিয়াবা খালত পৰি যায়, কেতিয়াবা বাৰান্দাতে দীঘল দি শুই দিয়ে। যত ৰয় তাতে কিশোৰ কুমাৰৰ গান গোৱা আৰম্ভ কৰি দিয়ে। তাতে আকৌ এপাল ল’ৰা ছোৱালী। গোটেই সংসাৰৰ জাঁজ মৰা কাম খুলশালীৰ। মানুহটোৰ সেইবোৰ কথাত কোনো কাণসাৰ নাই। আৰু খুলশালীও পৰি পৰা ভকত নহয়, জনাই জানে। ৰাতি এপৰৰ লৈকে তেঁও গিৰিয়েকক গালি পাৰে, আৰ চুবুৰীয়াই তাকে নিচুকনি গীত বুলি জ্ঞান কৰি শুই যায়। 


-“ এইসোপা ল’ৰা ছোৱালী, অত বোৰ জঞ্জাল, আপুনি কেতিয়াবা কিবা কৰি পাইছেনে, খালি নিজৰ মস্তি চিনি পায়। দ্বায়িত্বজ্ঞান বোলা বস্তুটোৰ নাম শুনিছেনে? অকল মস্তি আৰু মস্তি। ব্লাহ .. ব্লাহ .. ব্লাহ .. ব্লাহ ..

কালি ৰাতিও সেই একেই কেচ। মানুহটোৱে বাৰান্দাত লাং খাই পৰি “ য়ে লাল ৰং ..” বুলি আৰম্ভ কৰিছিল হে, খুলশালী ছুৰু হৈ গ’ল নহয়..

- “নিজৰ মস্তিৰ কাৰণে মোৰ জীৱনটো ধ্বংস কৰিলে...চম্ভালিব নোৱাৰে যদি ল’ৰা ছোৱালী...ব্লাহ .. ব্লাহ .. ব্লাহ .. ব্লাহ ..

কালি কিন্তু খেলটো অলপ বেলেগ হ’ল । শালপতিৰ বৈদ্য খং উঠিল। ইমান সোপা ধন ভাঙি বনাই অহা মুডটো এইজনীয়ে বিগাৰি দিলে..খং মানে তামাম খং ..তুমি ..ডাৰ্লিঙ..ৰ পৰা গৈ একেকোবে তই।

- হোঁ তই (**) কি ভাব। মই সদায় মস্তি কৰোঁ ..হুঁহ?

- অঁতো, আৰু কি কৰে আপুনি, সদায় সদায় ..কেৱল নিজৰ মস্তি..মই মানুহজনীয়ে কেনেকে..

- চুপ ! মই মস্তি কৰো ন? হোঁ। ব’ল এতিয়াই । ওলা মোৰ লগত।

- কলৈ ? 

- চুপ ..প্ৰশ্ন নকৰিবি, ওলা বুলিছো ওলা।

খুলশালীয়ে অলপ ভয় খালে, অলপ হেহোঁ নেহো কৰা এইবাৰ শালপতিয়ে হাত ধৰি চোঁচৰাই নিয়াদি নি গাড়ীত উঠালে। 140 KMPH ত গাড়ী গৈ , মিণ্টু বাৰৰ সমূখত ৰলগৈ ..ক্ৰেএএএছছছছ!!

- হেৰি কলৈ আনিছে মোক হয়নে? চিঃ চিঃ .এইবোৰ জেগাত মোক মানুহে দেখিলে কি বুলি ভাবিব? পগলা হৈছে নেকি আপুনি?

- চুপ, একদম চুপ বুলিছো নহয়। 

এইবুলি খুলশালীক টানি নি একেবাৰে বাৰটেণ্ডাৰৰ ওচৰলে লৈ গৈ অৰ্ডাৰ মাৰিলে 

– ব্লেণ্ডাৰছ প্ৰাইড ..লাৰ্জ..অন দা ৰকছ !

সেইমতে বস্তু আহিল। শালপতিয়ে বোলে – “ খা এতিয়া...একে সোহাই খা ......বটম‍ছ আপ কৰ”

- “ হে মোৰ কলীয়া গোঁসাই, আজি কিহে পালে হয়। পগলা হ’ল মোৰ মানুহটো, মই এইবোৰ কেনেকে খাম, আৰু মানুহবোৰে দেখি আছে, কি কৰিছে হয়নে, আপুনি হুচত নাই .....হেৰি শুনিছেনে” – খুলশালীয়ে কাবৌ কৰাত লাগিল।

- ন’ ..নাথিং ডুইং..খাবই লাগিব..খা বুলিছো নহয়...খা!!!!!!!!!!!!!!!!!!!!!!

এইবুলি শালপতিয়ে খুলশালীক ধৰি লৈ গ্লাছটো মুখত লগাই কতিয়াই দিলে..গালৌপকে গোটেই গিলাছ দ্ৰব্য, একেকোবে খু্লশালীৰ পেট পালেগৈ। খুলশালীয়ে চিঞৰি উঠিল। 

- আআআআআআআ...

- কেনে লাগিছে ? – শালপতিৰ গহীন মাত

- কেনে লাগিছে মানে? মা ঔ, মৰিলো ঔ..এই ৰাক্ষসটোৱে খালে ঔ মোক।।গোটেই মুখ...ডিঙি ..পেট চব জ্বলি গ’ল ..আই ঔ..মোক কোনে পাৰ বচা ঔ..ওৱাক ..কেনে অকটা ঐ..মৰি যাম মই এতিয়া ... .. ব্লাহ .. ব্লাহ .. ব্লাহ ..

শালপতি এইবাৰ অলপ আৰামকৈ বহিল, নাটকীয় প’জ এটা দিলে ..আৰু ছটফটাই থকা খুলশালীৰ ফালে চাই ক’লে..

- আৰু তই ভাব মই খুব মস্তি কৰোঁ সদায়? হুঁহ? হয়েন? গম পালি কিমান কষ্ট হয় এইবোৰ খাঁওতে? দেখিলি, কিমান কষ্ট সদায় সহ্য কৰিব লাগে মই ?? এপেগ খোৱাৰ জ্বালাই সহ্য কৰিব নোৱাৰিলি তই...ভাবি চা মই সদায় কিমান কষ্টেৰে পাঁচ ছটা পেগ খাই ঘৰলে যাঁও..আৰু তই অকনমানো মোৰ কষ্ট বুজিবলে চেষ্টা নকৰ!!

মৰেলঃ - ভিনিয়েকৰ বুকুত শাল মাৰি খুলশালীয়েকৰ পতি হোৱা বাবে সেইসকল লোক শাল+পতি=শালপতি বোলে ।

চোৰ পুলিচ

অপু পুলিচে সেইদিনা ভাস্কো দস্যুক দেখা পাই খেদি গ’ল, বোলে ইয়াক ধৰি আজি প্ৰমোচনটো লমেই। গৈ আছে গৈ আছে, মাজতে দুইটাই ৰৈ বাটৰ কাষতে চুচুও কৰি ল’লে, আকৌ খেদি আছে.. খেদি আছে, ভাগৰ লাগিলগৈ ..দুইটাই দৌৰিবলে বাদ দি খোজ কাঢ়িবলে লাগিল..তথাপিও অপুৱে পিছ এৰা নাই। কিন্তু কপাল বেয়া ছেণ্টুৰ দোকানৰ সমুখতে হঠাৎ ভাস্কো নাইকীয়া হ’ল ..

অপুৱে হেফাই ফোপাই ছেণ্টুক সুধিলে – হেৰৌ সেই দস্যুটো কেনি গ’ল তই দেখিলিনে?

ছেণ্টু : চাৰ, আপুনি বহকচোন, পানী গিলাছ খাওক, মই চব কৈ আছো...

অপু: ঘট ঘট ঘট ঘট..গাৰাওক....ক এতিয়া!!

ছেণ্টু: - এইফালে চাৰি মাইল মান গ’লে আপুনি এটা চাৰি আলি পাব, তাৰে চাৰি নম্বৰ আলিটোৱেদি গৈ থাকিলে চাৰিটা গলি দেখা পাব। তাৰে চাৰি নম্বৰ গলিটোৱেদি সোমাই গ’লে চাৰিটা বিল্ডিং দেখা পাব। তাৰে চাৰি নম্বৰ বিল্ডিং টোলে সোমাই যাব, তাত চাৰিটা ফ্ল’ৰ আছে। একেকোবে চাৰি নম্বৰ ফ্ল’ৰলে গ’লে দেখিব তাত চাৰিটা ঘৰ আছে, তাৰ চাৰি নম্বৰ ঘৰটোলে সোমাই যাব, চিন্তা নাই ঘৰ খোলা পাব। সেইঘৰটোত আকৌ চাৰিটা কোঠা আছে, তাৰ চাৰিনম্বৰ কোঠাটোত চাৰিটা আলমাৰি দেখিব। চাৰিনম্বৰ আলমাৰিটো খুলিলে তাত চাৰিটা চেল্‌ফ দেখিব আৰু চাৰি নম্বৰ চেল্ফখনতে এখন গীতা ভালকৈ ৰাখি থোৱা আছে। সেই গীতাখনৰ শপত চাৰ ..মই কোনো চোৰ দস্যুক এইফালে যোৱা দেখা নাই।



পিছত ছেণ্টু দোকানীৰ এনকাউণ্টাৰ হোৱা বাবে ঠাইখিনিৰ নাম নৰকাসুৰ পাহাৰ হ’ল !!

বুঢ়ী আইৰ সাধু ৰি-ল’ডেড :--- চিখৰ আৰু জুতি বাই


বহুদিনৰ আগতে স্কাণ্ডিনেভিয়াৰ এখন গাঁৱত এহাল বায়েক ভায়েক বাস কৰিছিল, সিঁহত ইমানেই দুখীয়া আছিল যে সিহঁতৰ ৰলচ ৰয়েছ খনত তেল ভৰাবলেও পইচা নাছিল। ভায়েকে সৰুৰে পৰা চিখৰ খাইছিল কাৰণে তাৰ দাঁত কেইটা ক’লা হৈ গৈছিল, আৰু মানুহে তাক চিখৰ বুলিয়েই মাতিছিল, যদিও তাৰ আচল নাম চিখৰহে আছিল। বায়েকে অকলে অকলে জুতি লগাই ৰান্ধি খাইছিল আৰু চিকেন কাৰী বনালে ভায়েকৰ ভাগত ডিঙি, পাখি আদিহে পৰিছিল । সেইকাৰণে গাঁৱৰ ৰাইজে তাইক খঙতে জুতি বাই বুলি মাতিছিল, আছলতে তাইৰ স্কুলৰ নাম আণ্ডাৰ টেকাৰ হে আছিল। 

এদিন চিখৰে জুতি বাইক ক’লে-

“জুতি বাই, জুতি বাই, কে’ক খাবৰ মন যায়”

সেইসময়ত জুতিবাইয়ে ফেচবুক কৰি আছিল, গতিকে ভায়েকে ধিচতাপ কৰাৰ কাৰণে তাইৰ খং উঠিল আৰু ওচৰতে থকা লাঠি এডালেৰে চিখৰৰ মুৰতে হুটুৰ কৈ মাৰ মাৰি দিলে। চিখৰে মৰমতে লাজে ওভতে মাতি বায়েকক গালি পাৰি বৰচাঙৰ ওৰত উঠি শুই থাকিল। তাৰপাছত বাঘ এটা ওলাই জুতিক খাব খুজিলে, আৰু জুতিয়ে বাঘটোক আই লাভ ইউ বুলি কৈ ভেলেণ্টাইন ডে' বুলি ডিঅ'ডৰেণ্টৰ বটল এটা আৰু ২০০ টকাৰ লাপু সৰকালে।

তাৰ পাছত দুই বাই ভাই মিলি চুনেৰে বনোৱা পিঠা খাই উগাৰ মাৰি অগি এণ্ড দা কক্ৰচ চোৱাত লাগিল।

তাৰপাছত ডাক্তৰে জুতিক ক’লে যে চিখৰৰ এটা অসুখ হৈছে, সি কেইদিন মানৰ ভিতৰতে এটা ফ্ৰিজলৈ পৰিবৰ্তন হৈ যাব। জুতিবাইয়ে সুধিলে- হায় হায় ... তেনেকুৱা হ’লে মোৰ বিয়াত কোনে আখৈ দিব, আৰু মই কেনেকে গম পাম সি ফ্ৰিজ হৈ গ’ল বুলি, কাৰণ বাহিৰৰ পৰা দেখিতো একো ধৰিব নোৱাৰি, সেই এনেই দেখিবলে ফ্ৰিজটোৰ নিচিনাই। তেতিয়া ডাক্তৰে উপায় দি ক’লে বোলে, সি যেতিয়াই মু্খ মেলিব, তুমি চাই থাকিবা। সি ফ্ৰিজ হৈ যোৱাৰ পাছত সি মুখ মেলিলেই ভিতৰত লাইট এটা জ্বলা দেখা পাবা। লাইট জ্বলা দেখিলেই তুমি তাৰ মোবাইলটো চেক কৰিবা আৰু যিমান ছোৱালীৰ নাম্বাৰ দেখা পোৱা চব ডিলিট কৰি দিবা। তেতিয়া সি ফ্ৰিজেই হৈ থাকিব, তোমাৰো জঞ্জাল আঁতৰিব। সেইমতে কাম হ’ল আৰু জুতিয়ে ফু্তিটে নিজৰ ফ্ৰিজটো বিক্ৰী কৰি সেই পইচাৰে গল্ড ফেচিয়েল কৰালে। সেই দুখতে চিখৰে ৰজনীগন্ধা খাবলে ধৰিলে আৰু তাৰ পেটলে যোৱাৰ পাছত ৰজনীগন্ধা পান মচলা গুচি আইচ ক্ৰীম মচলা হৈ গ'ল।

তেতিয়াৰ পৰাই মানুহে গৰু পুহি গাখীৰ খিৰাই খাবলে শিকিলে। আমাৰো কাপোৰ কানি ক’লা হ’ল, আমি গুচি আহিলো।

বুঢ়া কালৰ প্ৰেম

অভিজিত বুঢ়াক চিনি পাই নহয়, নেপালেও কথা নাই, বুঢ়া ৮৫ বছৰ বয়সত ৮০ বছৰীয়া বুঢ়ী এজনীৰ প্ৰেমত পৰিল। বুঢ়ীজনীৰ নামটো আণ্ডাজ কৰি মনগলত কাহিনী বনাই থাকিব নেলাগে, আৰু কোনেও মিছাতে আশাও কৰি থাকিব নেলাগে; ময়েই কৈ দিছো, .....পল্লৱী। বুঢ়া বুঢ়ীৰ প্ৰেমৰ বাহাৰ দেখি বিজুই, চিখৰৰ দৰে নাতিয়েকবোৰেও তৌবা তৌবা কৰি গৈছিলগৈ। এনিটাইম পাৰ্ক ৰেষ্টুৰেণ্ট, - ভেল ডে' চকলেট ডে' ৰ'জ ডে' ....মুঠতে ৰাইজে নহবৰ হ'লহে বুলিলে আৰু। পিছে বুঢ়া বুঢ়ীয়ে কাকো পাত্তা নিদিয়ে...ৰোমান্সেই ৰোমান্স !!

এদিন বুঢ়াই ভাবিলে এনেকে থাকি আৰু কিদাল হব, বিয়াখন পাতি পেলোৱাই ভাল। সেইকাৰণে ভাল দিন বাৰ এটা চাই, ৫ ষ্টাৰ ৰেষ্টোৰাঁ এখনত বুঢ়ীক এসাজ খুৱাই, দিলে প্ৰপ'জ মাৰি....আই লাভ ইউ বুঢ়ী, ৱিল ইউ মেৰী মি? ধেং তে তেং .......
.
ৰাতি বুঢ়াৰ বৰ ভাল টোপনি হ'ল, ৰাতিপূৱা সাৰ পায়েই ওঁঠৰ ওপৰত লাজকুৰীয়া মিচিকি হাঁহি এটা খেলি গ'ল....আসস...কালি ইমান দিনৰ পৰা ভাবি থকা কামটো কৰা হলগৈ....কিমান যে উৎকণ্ঠা, লাজ সংকোচ!! পিছে......

হঠাৎ বুঢ়াৰ খেয়াল হ'ল, কালি বুঢ়ীয়ে কি ৰিপ্লাই দিলে? ইয়েচ নে ন? হে ভগৱান, মনত নপৰা
হ'ল নহয় এতিয়া!! হাজাৰ চেষ্টা কৰিও বুঢ়াই ৰিপ্লাইটো মনত পেলাব নোৱাৰিলে। চেহ ....বৰ বেয়া কথা হ'ল !! বহুত ভাবি গুনি বুঢ়াই বুঢ়ীলে ফোনকে লগালে-

- হাই,,, গুডমৰ্ণিং !! এটা বিশেষ কথাৰ কাৰণে ফোন কৰিলোঁ,,, কবলে লাজেই লাগিছে, কিন্তু উপায় নাই । হেৰি নহয়, কালি তুমি মোৰ প্ৰপ'জেলৰ কি ৰিপ্লাই দিছিলা বাৰু? য়েচ নে ন? মই একেবাৰে পাহৰি গ'লো জানা, কি কৰিবা এনেকুৱা বয়সত এইবোৰ হয়েই আৰু।


- থেংক গ'ড, তুমি যে ফোন কৰিলা, মোৰো একে প্ৰব্লেম নহয়!! মোৰ মনত আছে, কালি কোনোবা এটাক য়েচ কৈছিলো, পিছে কাক কৈছিলো একদম পাহৰি গ'লো নহয়!!

মই কবিতাৰ ৰজা

মই কবিতাৰ ৰজা,
কবিতা যে লাগে মোৰ মজা,
বাটে ঘাটে, হাটে বজাৰে
কবিতা লিখি যাও অনবৰত,
তাৰ বাবে কিছু কমিছন পাও,
সেই পইচাৰে ফটিকা খাও
আৰু বেশ্যালয়লৈ যাও!!
কবিতা প্ৰাণ যে মোৰ চৰিত্ৰ,
নৰ্দমাৰ বোকাইয়ো
কৰিব নোৱাৰে তাক কলুষিত !!!

সুন্দৰী নাৰী, ৰূপকুমাৰী, মোৰ প্ৰথম পচণ্ড
কলমেৰে অনায়াসে তেওক কৰি দিও বিবস্ত্ৰ!!
উন্মেষণ কৰো, লেহন কৰো,
দেহৰ গোপন মাধুৰ্য্য,
এয়া মোৰ অধিকাৰ, কবিতাৰ ৰজা হোৱাৰ,
অশ্লীলতাৰ দোষৰ পৰা মই সদায়ে মুক্ত !!

মোৰ টেবুলত, আলনাত, বিচনাত
অনাদৰে পৰি থাকে,
লাখ লাখ অনুৰাগীৰ মৰম আৰু হৃদয়;
কেতিয়াবা মন গ'লে তাৰে এটা
চেলেকি চাও,
বা দলিয়াই পেলাও লগে লগে,
এয়ে মোৰ নিচা, এয়ে মোৰ খেলা!!
কাৰণ মই এক সৃষ্টিশীল কবি,
মোৰ লাগে নিত্য নতুন প্ৰেৰণাৰ উৎস।
সকলো দোষৰ পৰা মই সদায়েই মুক্ত !!


{শ্ৰদ্ধাৰ কবি লিলিমাই কুমাৰলৈ উৎসৰ্গিত }

বে’ড টাইম ষ্টৰি : (1-15 মাৰ্চ, ২০১৫ সংখ্যা প্ৰান্তিকত প্ৰকাশিত )





-    দেতা, তুমি আজি সাধু কম বুলি কৈছিলা।

-   হাঃ , হয় নেকি?

-   তুমি সব পাহৰি যোৱা ন?

-   কম ৰসাধু মনতেই পৰা নাই নহয়।

-   ৰবা মই সাধু কিতাপ এখন আনি দিছো, তুমি পঢ়ি দিলেই হব

*******
-   কি আনিলি এইখন?  ভক্ত প্ৰহ্লাদ । বঢ়িয়া ।তই প্ৰহ্লাদৰ নাম শুণিছনে নাই ?

-   ওঁহো।