Wednesday, January 6, 2016

বেলা বোস -অঞ্জন দত্ত

চাকৰিতা আমি পেয়ে গেচ্ছি বেলা শুনছ'?
অঞ্জন দত্তৰ সেই বিখ্যাত গানটোৰ কথাখিনি অমীয়াকৰণৰ প্ৰচেষ্টা ......

চাকৰিটো মই পাই গ'লো বেলা শুনিছা?
এতিয়া কোনেও নোৱাৰে বাধা দিব,
ল'ৰাঘৰক তুমি এতিয়া উভোটাই পথাব পাৰা,
মাক কৈ দিয়া, বিয়া তুমি নকৰোৱা।


সঁচাকে মই চাকৰিটো পাই গ'লো বেলা,
আৰু মাত্ৰ কেইমাহ মান,
ষ্টাৰ্টিঙতে ১১০০ দিব, তিনিমাহ পাছত কনফাৰ্ম,
নিশ্চুপ কিয়, তুমি একোকেই কোৱা নাই?

এইটো হয়নে টু ফ'ৰ ফ'ৰ ৱান ৱান থ্ৰী নাইন,
বেলা শুনিছা নে তুমি?



দহ-বাৰ বাৰ ৰং নাম্বাৰ লগাই পাইছো তোমাক,
কোনোমতেই এৰিব নোৱাৰি টেলিফোন,
হেল্ল, টু ফ'ৰ ফ'ৰ ৱান ৱান থ্ৰী নাইন


এবাৰ বেলাক মাতি দিয়কচোন প্লীজ,

বাঢ়িছে তীব্ৰধাৰ, এই পি চি অ'ৰ মিটাৰ,
জৰুৰী, বৰ জৰুৰী দৰকাৰ,


সপোন এইবাৰ হবই দিঠক,
অতদিনৰ এই অপেক্ষা,
বাটৰ কাষৰ সস্তা হোটেলৰ, বন্ধ কেবিনত দুজন বন্দীৰ,
ৰূদ্ধশ্বাস কত প্ৰতীক্ষা, 


আৰু কেইদিন মান বেলা, তাৰ পিছত মুক্তি
কচবাৰ সেই নীলা দেৱালৰ ঘৰ,
বগা ক'লা এই জঞ্জালে ভৰা মিছা কথাৰ চহৰ,
তোমাৰে মোৰে ৰঙা-নীলা সংসাৰ
মনে মনে কিয়? কান্দিছা নেকি তুমি,
চাকৰিটো মই পাই গ'লো সঁচাকৈ,
কন্দা কটা, হুলস্থূলৰ সময় হ'ল পাৰ,
হেল', তুমি শুনিছা নে বাৰু নাই?

এইটো কি টু ফ'ৰ ৱান ৱান থ্ৰি নাইন
হেল' টু ফ'ৰ ৱান ৱান থ্ৰি নাইন
মোক লাগে টু ফ'ৰ ৱান ৱান থ্ৰি নাইন

No comments:

Post a Comment