Showing posts with label জীৱনবোধ. Show all posts
Showing posts with label জীৱনবোধ. Show all posts

Wednesday, January 22, 2020

Think or Act Naturally?

When we get educated, what happens? We become logical, smart, and start taking decisions thro' a conventional and time tested thaught process. We reason with the knowledge education gave us, and what we do by this; we do things the way are acceptable, if not the best, according to the cumulative consciousness of humankind. We start to act smart.

But when a person is not educated, or is not depending upon his or her pre-installed logic and values, what does he or she do? They entirely depend on their intuition or natural reflex to take decisions.
I am now kinda ok with both ways, nowadays. Because,  I have seen, those people who are not so-called educated, and they always use their natural instinct to make decisions, however illogical it may seem, since a very young age, their intuition becomes much effective and correct, as compared to educated and conscious people.

আপুনি মোৰ ঘৰ লেতেৰা কৰাৰ অধিকাৰ নাই

ধৰি লওক,
আপুনি আৰু মই ভাল বন্ধু, আমাৰ কিছুমান আদৰ্শগত দিশত মতৰ মিল আছে, বহুদিনৰ পৰা আমি ইজনে সিজনক জানো। বিপদৰ সময়ত আমি ইজন সিজনৰ কাষত ঠিয়ও হৈছো আগতে।
আৰু এটা মন কৰিব লগা কথা হ'ল, আমি দুইজনে মদ খাও, একেলগেও খাইছো বহুবাৰ। আমি দুইজনে বিশ্বাস কৰোঁ‌, সীমিত পৰিমাণে মদ খোৱাতো একো বেয়া কথা নহয়। আজিকালি বহুতেই যে খাই, সেইটো কথাও আমি দুইজনে জানো। আমাৰ পৰম্পৰাত থাকক বা নেথাকক আমি মদ খোৱা কথাটো মোতমোটি মানিয়েই লৈছো বুলি কব পাৰি। আমি মাজে মাজে আলোচনাও কৰিছো যে মদ খোৱাতো এক ব্যক্তিগত বিষয়, কোনোবাই ব্যক্তিগত ভাৱে মদ খোৱাতো একো ডাঙৰ সামাজিক সমস্যা নহয়। কোনো এজন প্ৰাপ্তবয়স্ক লোকে ব্যক্তিগত ভাৱে মদ খাব খুজিলে তেওক আইন কানুন, পৰম্পৰাৰ ভয় দেখুৱাই বাধা দিয়াতো যুক্তিসংগত নহয় বুলিও আমি দুইজনে মানি লও।

ধৰি লওক বুলিহে কৈছো দেই, ইয়াক লৈ বিতৰ্ক নকৰিব। মদ খোৱা নোখোৱা এই পোষ্টৰ বিষয় নহয়।

কব খুজিছো যে মদৰ বিষয়ে আপোনাৰ আৰু মোৰ মনোভাৱ প্ৰায় একেই। কিন্তু অলপ পাৰ্থক্যও আছে।

পেৰেণ্টিং

হোৱাটচ এপ আৰু ফেচবুক মেচেঞ্জাৰত মোৰ কেইবাটও সৰু সৰু গ্ৰুপ আছে, তাত আমি মনে মিলা মানুহ কিছুমান মিলি কিবা কিবি কথা পাতো, ধেমালি কৰোঁ। কেতিয়াবা নিজৰ সমস্যাবোৰৰ কথা কও, বন্ধু বান্ধৱৰ সহায় বিছাৰো। তেনে এটা গ্ৰুপতে এজন বন্ধুৱে আজি এটা বাৰ্তা দিলে, তেও আজি মনটো বেয়া। কাৰণ তেও লক্ষ্য কৰিছে তেও আজিকালি ক্ৰমাৎ খিংখিঙিয়া হৈ পৰিছে, কিবা ভাল নলগা হৈছে। আৰু তেও আজি নিজৰ একমাত্ৰ মৰমৰ ছোৱালীজনীক সৰু কথা এটাতে বৰকৈ খং কৰিলে। সৰু ছোৱালী, তেওৰ এজনীয়ে ছোৱালী। চাকৰিৰ বাবে তেও বহু সময় ঘৰৰ পৰা আঁতৰত থাকিব লাগে। স্বাভাৱিক ভাৱেই তাইক তেও অলপ বেছিকৈ মৰম কৰে। তাইক তেও আজিলৈকে আচলতে কেতিয়াও খঙেই কৰি পোৱা নাই, টানকৈ কথা এষাৰো কৈ পোৱা নাই। দেউতাকৰ খং দেখি তায়ো ভয় খালে, কান্দিলে। তেওৰ পত্নীয়েও ইমান সৰু এটা কথাত ছোৱালীজনীক খং কৰাৰ বাবে তেওক দোষ দিলে। তেওৰ নিজৰো লাগিল তেও আচলতে উৰহৰ খং ভগাধাৰিত জাৰিলে। বন্ধুজন মৰ্মাহত হৈ আছে, নিজকে দোষী অনুভৱ কৰিছে।

আমি মিলি তেওক কিবা কিবি ক’লো, আচলতে সমাধান দিয়া নাই, কথা বতৰাৰ মাজেৰ আমি আমাৰ নিজৰো কিছুমান সমস্যাৰ সমাধানৰ অন্বেষণহে কৰিলো। সেইকথা খিনিকে অলপ বহল ভাৱে আলোচনা কৰিব খুজিছো।

মোৰ এজনী ছোৱালী। স্বাভাৱিক ভাৱেই তাইক মৰম কৰোঁ, এই মুহুৰ্তত মোৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ মানুহ তাই। তাইৰ ভাল বাবে সকলো পিতৃৰ দৰেই মই যিকোনো ত্যাগ কৰিবলৈ প্ৰস্তুত। সকলো বাপেকেই কৰে, তাত বিশেষ কব লগীয়া একো নাই।

= ভেন গঘ, উদয়ভানু, স্কাৰলেট অ'হাৰা ইত্যাদি=

এবাৰ ফেচবুকতে লিখিছিলো, বালি আৰু শিলগুটিৰ সাধু বুলি! নিজৰ জীৱনটো বালিৰে ভৰাই পেলোৱাৰ বাবে দুখো কৰিছিলো! কিন্তু কালি হঠাত পাহৰি যোৱা কথা এটা মনত পৰিল। মনে মিলা মানুহৰ লগত কথা পাতিলে কিছুমান দৰকাৰী কথা মনত পৰে। পাবলেহে টান তেনে মানুহ।
মোৰ এজন মামা আছিল, মাৰ সৰু ককায়েক, আজি তেও ঢুকোৱা বহু বছৰেই হ’ল। পাতনি নেমেলাকৈ কব খুজিলে, আপাতঃ দৃষ্টিত তেও এজন বিফল মানুহ আছিল, টকা পইচা, সামাজিক প্ৰতিষ্ঠা, সকলো ফালৰ পৰাই। সকলোৱে জানিছিল তেও অসম্ভৱ ধৰণে প্ৰতিভাশালী মানুহ, কিন্তু তেও সেই প্ৰতিভা নিজৰ তথা পৰিয়ালৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰিব নেজানিছিল। আমাৰ অঞ্চলটোত তেওক প্ৰায় সকলোৱে চিনি পাইছিল, কাৰণ তেও ডিগ্ৰীবিহীন হোমিঅপেথী ডাক্তৰ আছিল, আৰু একেবাৰে দুখ নোপোৱাকৈ বেজী দিব জানিছিল। বহু কঠিন অসুখো তেও চিকিৎসা কৰি ভাল কৰিছিল বুলি আজিও কোনো কোনোৱে কয় পিছে সেই কামটোও তেও ব্যৱসায় হিচাপে নল’লে বা লব নুখুজিলে। কেতিয়াবা এনে লাগে যেন, তেও এই পইচা ঘটা কামটোকে মনে প্ৰাণে ঘৃণা কৰিছিল। সেই কামটোত তেও অলপো সময় বা শক্তি খৰছ কৰিবলৈ বেয়া পাইছিল। দৰিদ্ৰতালৈ তেওৰ কেতিয়াও কোনো অভিযোগ নাছিল, আৰু তাৰ ফলত বাকীবোৰে কষ্ট পাইছিল। কিন্তু তেওলোকৰ প্ৰতিও তেও উদাসীনেই আছিল যেন লাগে।

Saturday, December 1, 2018

=জীৱনে মৰণে=

এনেই খোলাখুলিকে সকলোকে,
প্ৰশ্ন এটা সোধো,
মানে,
মোৰ জন্ম অসমৰ এখন গাঁৱত,
তাতে ডাঙৰ দীঘল হলো,
হিন্দী, বাংলা, ইংলিছ মোৰ আয়ে নেজানে,
সেয়ে মই আইয়ে কোৱা ভাষাটোকে শিকিলো,
আন গান শুনিবৰ সুবিধা নাছিল,
সেয়ে জ্যোতি, বিষ্ণু, ভুপেন, ৰূদ্ৰ, জুবিন,
বা বৰগীতকে শুনিলো।
কুঁহিপাঠকে পঢ়িলো,
মোৰ গাঁৱত আন ভাষাৰ কিতাপ পঢ়ুৱাব পৰা
মাষ্টৰেই নাছিল।
যৌৱন কালত ৰঙিলীৰ জীয়েকক
লৈ আনো যেন লগাত,
বিহুকে মাৰিলো।
মাঘবিহুত চুৰ কৰি আনি কোমোৰাৰে ভাজিলো হাঁহ!
আলফা নহ'লো। বহু কাৰণত! নকও আজি
জাতীয়তাবাদো নুবুজিলো চাগৈ।
পিছে, শংকৰদেউ বোলা বুঢ়াটোৱে
কত জানো কেনেকে,
ধৰ্ম প্ৰচাৰৰ নামত,
কেনেকে মানুহ হিচাপে জীয়াই থাকিব লাগে,
তাকে শিকাইছিল যেন লাগিল।
আই বোপায়ে তেওকে ভজিলে,
ময়ো তাকে কৰিলো।
নাজানোহো আৱাহনত, নাজানোহো বিসৰ্জনত
নিজকে বিছাৰি পালো।

Thursday, October 11, 2018

আলিবাটটো - (মাৰ্চ -২০১৮ সংখ্যা 'ফটাঢোল'ত প্ৰকাশিত)

আমাৰ গাঁৱৰ ঘৰৰ আগেদি এটা কেঁচা আলি আছিল, একা বেঁকাকৈ যোৱা আলিটোৱে কেইবাখনো গাঁও চুই গৈছিল। মূল বাটৰ পৰা সোমাই বহুদূৰলৈকে মানুহৰ ঘৰ নাছিল, দুইফালে কেৱল ধাননি পথাৰ। বাৰিষা দুইকাষৰ পথাৰবোৰ পানীৰে চপচপীয়া হৈ পৰিলে আলিটো ৰূপত বন্ধা সেউজীয়া মণি এধাৰ এটা যেন লাগিছিল। তথাপিও দূৰৰ গাঁৱৰ পৰা স্কুলত কলেজত পঢ়িবলৈ অহা ছোৱালীবোৰে কিন্তু পথাৰৰ মাজৰ ‘শ্বৰ্টকাট’ বাটটো এৰা নাছিল। চেণ্ডেলযোৰ হাতত লৈ মেখেলা কোঁচাই সিপাৰৰ গাঁওখনৰ পৰা পথাৰৰ বোকা পানী ফালি আহিছিল। আলিটো পোৱাৰ পাছত পথাৰৰ পানীৰে ভৰি ধুই চেণ্ডেলজোৰ পিন্ধি লৈছিল। খেতিয়কৰ ঘৰৰ ছোৱালী আছিল সেইবোৰ, বোকা পানীলৈ ভয় নকৰিছিল। আমাৰ বাবে বৰ আকৰ্ষণীয় দৃশ্য আছিল সেইটো, মেখেলা কোঁচাই স্বচ্ছ পানীৰ মাজেৰে দপদপাই অহা ছোৱালীবোৰ। নিষিদ্ধ জগতখনৰ সৈতে প্ৰথম পৰিচয়।

কাচপিঠীয়া আলিটো ঘাঁহেৰে ভৰা আছিল, মাজতে এটা সৰু বগা লোৰ। ঘাঁহ মৰি নাইকীয়া হৈছিল লোৰটোত, সেয়া চাইকেল চলোৱা বাট। লোৰটো কেতিয়াবা ইমানেই দ’ হৈ পৰিছিল যে চাইকেলৰ চকা তাৰ পাৰত লাগিলে আৰোহী লুটিখাই পৰাৰ সম্ভাৱনা আছিল। লোৰটোৰ মাজেৰে চাইকেলখন পোনাই লৈ যোৱা নশিকাৰুবোৰৰ বাবে সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল।

Monday, December 18, 2017

=দীপ=



সমাজখনৰ এটা নিভৃত কোণত এটুকুৰা সৰু ঠাই, চাৰিওফালে এটা দ খাল খনা আছে। অৱশ্যে খালটো জঁপিয়াই ইপাৰ সিপাৰ হব পাৰি।

সেই দ্বীপটোতে মই থাকো, আৰু থাকে নিজৰ বুলি কিছুমান মানুহ, তাৰে কিছুমান সম্পৰ্কীয়, কিছুমান নহয়, কিছুমান ৰিয়েল, কিছু আকৌ ভাৰ্চুয়েলো। কিন্তু তেওলোকো মোৰ লগতে মোৰ দ্বীপটোতে থাকে।

দ্বীপটোৰ সিপাৰেও বহুত মানুহ থাকে, তেওলোকৰো একোটা দ্বীপ আছে। সিপাৰে থকা মানুহবোৰৰ বিশেষত্ব হ, মই সেই মানুহবোৰক কেতিয়াও বেয়া নেপাও, খং নকৰো, তেওলোকৰ ওচৰত অভিমানো নকৰো, দাবীও নজনাও....

Thursday, December 14, 2017

কি শিকাম ছোৱালীক



ভণ্টী নাজমাই একেলগে দুটা সঁচা কাহিনী লিখিলে-বিশ্বাস আৰু অবিশ্বাসৰ দোমোজাৰ কাহিনী। প্ৰথম কাহিনীত এটা আত্মীয় ল'ৰাই ছোৱালীজনীৰ ওপৰত যৌন অত্যাচাৰ চলালে। আনটো কাহিনীত পাঁচজন অচিনাকী অসম্পৰ্কীয় লৰাই, ছোৱালীজনীৰ আশংকাক মিছা প্ৰমাণিত কৰি তাইক সুন্দৰ ভাৱে অপ্যায়িত কৰিলে। এনে ব্যৱহাৰ কৰিলে যে শেষত তাই নিজৰ আশংকাৰ বাবে লজ্জানতহে হ'ল। সেই পাঁচজন বন্ধুৰ এজনক পোষ্টটোত টেগ কৰি হয়তো নাজমাই নিজৰ ভুল আশংকাৰ বাবে ক্ষমাও খুজিলে।

Saturday, June 18, 2016

= মধ্যমপন্থা =


আজি অগ্নিভ দত্তৰ এটা আপডেটত দেবকান্ত সন্দিকৈৰ কথা পঢ়ি কিছুমান কথা মনত পৰি গ'ল। আমি উচ্চতৰ মাধ্যমিকত পঢ়ি থকা সময়ত তেখেতে প্ৰথমতে ৺ পৰাগ দাসৰ 'বুধবাৰ' কাকতত নিয়মীয়াকৈ লিখা আৰম্ভ কৰিছিল, আমি আছিলো তেওৰ অনুৰাগী পাঠক। গৌতম বৰদলৈ,  মহৎ সোণোৱাল আৰু মই মিলি তেওৰ লিখনি বিষয়ে পথোৱা চিঠি এখনো বুধবাৰতে প্ৰকাশ পাইছিল। 


মই নিজকে 'যুক্তিবাদী' মানুহ বুলি ভাৱো, ঈশ্বৰ সম্পৰ্কে এটা নিজস্ব ধাৰণা তৈয়াৰ কৰিছো আৰু মই সেইটোকে মানি চলো, ভুত প্ৰেত, জৰা ফুকা বা কোনো অলৌকিক ক্ৰিয়া কলাপ মই লেশমানো বিশ্বাস নকৰো, ৰু কোনোবাই কিবা কব খুজিলেও 'চেলেঞ্জ' কৰি দিও। আৰু এই যদি ভাল কথা, তেনে তাৰ সিংহভাগ কৃতিত্ত্ব সন্দিকৈদেৱৰ লগতে ড° ভৱেন্দ্ৰ নাথ শইকীয়া চাৰৰ প্ৰাপ্য। তেওৰ যুক্তিপুৰ্ণ লেখনিয়ে আমাৰ মনত সুদূৰপ্ৰসাৰী প্ৰভাব পেলাইছিল, যদিও তেওৰ সকলো কথা আখৰে আখৰে মানি লবলৈ আজিও অসুবিধা পাইছিলো। আজিও পাও। 

Thursday, February 18, 2016

অলপ অফবীট চিন্তা

কালি ছোৱালীজনীক শিক্ষা দি আছো- 

মাঘ বিহুৰ দিনা ৰাতিপূৱা ইমান কষ্টেৰে সঁজা ভেলাঘৰটো জ্বলাই দিয়ে কিয়? বহাগত হুঁচৰি উৰুৱা দিনা ঢোলৰ কোবনি চালখন ফুটাই দিয়ে কিয়? 

Wednesday, January 6, 2016

সুখ-সান্নিধ্য আদি - প্ৰথম অধ্যায়


ক’ৰাত(www.quora.com) এটা প্ৰশ্ন সোধা হৈছিল – How can we define a Happy person, - এজন সুখী মানুহৰ সংজ্ঞা কি?

মনোবিজ্ঞান ছাত্ৰী জয়শ্ৰী শৰ্মাই প্ৰশ্নটোৰ এনেকৈ দিছে

“ একঃ- মোৰ প্ৰতিবেশী মহিলা এগৰাকী, তেও এক কোটিমান টকীয়া 3BHK ফ্লেট এটাত থাকে, ঘৰত কাম কৰা মানুহ আছে, সপ্তাহত এদিন হলেও ভাল ৰেষ্টোৰাঁত খায়েই, এখন SUV চলাই ফুৰে, আৰু কেতিয়াও একেজোৰ সাজকে দুবাৰ নিপিন্ধে। তথাপিও