Monday, June 29, 2026

ভাৰতৰ বায়ু সুৰক্ষা ব্যৱস্থা (Indian Air Defense System)

সদ্য়হতে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ৪ দিনীয়া যুদ্ধখন সৰু হলেও আন্তৰাষ্ট্ৰীয় প্ৰতিৰক্ষা ব্যৱস্থাৰ দিশৰ পৰা চাবলৈ গ’লে অতি গুৰুত্বপূৰ্ণ আছিল- দুটা পাৰমাণৱিক শক্তিসম্পন্ন শক্তিৰ মাজত এয়াই প্ৰথম পোনপটিয়া যুদ্ধ। কাৰগিল যুদ্ধৰ সময়তো ভাৰত আৰু পাকিস্তানৰ পাৰমাণৱিক শক্তি আছিল যদিও, দুই দেশেই তেনেই চালুকীয়া অৱস্থাত আছিল, বা দুই দেশৰ হাততে পাৰমাণৱিক বোমা ব্যৱহাৰ কৰিবলৈ পৰিকাঠামোৰ অভাৱ আছিল। কিন্তু অপাৰেচন সেন্দুৰৰ সময়লৈ এই অৱস্থা সলনি হ’ল- দুইখন দেশেই পাৰমানৱিক আক্ৰমণৰ বাবে সম্পূৰ্ণ সক্ষম আছিল- পাকিস্তানে কৈয়ো আছিল- তেওঁলোকে দৰকাৰ হ’লে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ সাজু। আৰু তেওঁলোকে তেনে কাম কৰিলে, ভাৰতো পাকিস্তানক পৃথিৱীৰ মানচিত্ৰৰ পৰা মচি দিবলৈ সক্ষম। বৰ্তমান সময়ত পাকিস্তানৰ হাতত ১৭০ টা আৰু ভাৰতৰ হাতত ১৮০ টা পৰমাণু অস্ত্ৰ আছে বুলি জনা যায়- এই তিনিশৰো অধিক অস্ত্ৰৰে ভাৰত নেলাগে সমগ্ৰ উত্তৰ গোলাৰ্ধকে নিঃশেষ কৰি দিব পৰা যাব, আৰু মানৱ জাতিৰ চিন মোকামো নোহোৱা হব। এখন পাৰমাণৱিক যুদ্ধ সেয়ে কাৰো কাম্য় নহয়। কিন্তু হোৱাৰ সম্ভাৱনা নাইকিয়া কৰিব পৰাকৈ মানৱ জাতি বুদ্ধিমান হৈ উঠা নাই।

ভাৰতৰ পাৰমানৱিক অস্ত্ৰৰ ক্ষেত্ৰত ‘ ন ফাৰ্ষ্ট ইউজ’ নীতি আছে, মানে ভাৰতে কেতিয়াও আগতে পৰামাণু অস্ত্ৰ ব্যৱহাৰ নকৰে, কিন্তু পাকিস্তানৰ তেনে কোনো নীতি নাই- তাতে পাকিস্তান এখন দূৰ্বল আৰু নিয়ন্ত্ৰণহীন দেশ- ভাৰতৰ লগত যুদ্ধ হ’লে পাকিস্তানে সামৰিক নেলাগে অৰ্থনৈতিক ভাৱেই এসপ্তাহ তিস্থিব নোৱাৰে- গতিকে তেনে হ’লে পাকিস্তানে ভাৰতৰ ওপৰত পৰমাণু অস্ত্ৰৰে আক্ৰমণ কৰাৰ সম্ভাৱনা প্ৰচুৰ। বিশ্ব-ৰাজনীতিৰ মেৰপাকৰ বোৰৰ বাবে পাকিস্তানক কুটনীতিৰে বান্ধি পেলোৱাও সহজ নহয়। তাতে আছে চীন- চীনে নিজৰ অস্ত্ৰ উদ্য়োগটো পৰীক্ষণ কৰিবলৈ পাকিস্তানক ব্যৱহাৰ কৰিয়ে থাকিব- মৰিলে পাকিস্তান মৰিব- সেয়ে ভাৰত পাকিস্তানৰ মাজৰ কাজিয়াখন চীনে বন্ধ হবলৈ নিদিয়ে, আমেৰিকায়ো নিদিয়ে।
এনে পৰিস্থিতিত ভাৰতৰ হাতত নিজকে পাকিস্তানৰ আণৱিক আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰাৰ বাদে আন উপায় নাই। এই কথা উপলব্ধি কৰিয়ে ভাৰতে এই সহস্ৰাব্দৰ আৰম্ভনিৰে পৰা নিজৰ বায়ু সুৰক্ষা ব্যৱস্থা বা এয়াৰ ডিফেন্স চিষ্টেম উন্নত কৰিবলৈ চেষ্টা আৰু তাত বিনিয়োগ কৰি আহিছে।
একেবাৰে সৰল ভাষাত কবলৈ গ’লে বায়ু সুৰক্ষা ব্যৱস্থাৰ কাম হ’ল আকাশমাৰ্গৰ পৰা হব পৰা যিকোনো আক্ৰমণৰ পৰা প্ৰতিৰক্ষা দিয়া। বায়ু সুৰক্ষাই কিদৰে কাম কৰে সেই বিষয়ে আলোচনা কৰাৰ আগতে আমি বুজিব লাগিব, আকাশমাৰ্গেৰে আক্ৰমণ কি কি আৰু কেনেকৈ হব পাৰে, পৰমাণুয়ে হওক বা সাধাৰণেই হওক। তথাপিও আমি ৱৰ্ষ্ট কে’ছ চিনেৰিঅ’ মানে পৰমাণু আক্ৰমণৰ কথাই আলোচনা কৰিম। পৃথিৱীৰ প্ৰথম আৰু আজিলৈকে একমাত্ৰ পাৰামাণৱিক আক্ৰমণ হিৰোচিমা আৰু নাগাছাকিত বোমাৰু বিমান ব্যৱহাৰ হৈছিল, অৰ্থাৎ বোমাৰু বিমান এখনে বোমাটো কঢ়িয়াই নি জাপানৰ নিৰ্দিষ্ট ঠাইখনত আকাশৰ পৰা পেলাই দিছিল। বৰ্তমান তাতকৈ বহু বেছি কাৰ্যক্ষম উপায় ওলাইছে, তাৰ ভিতৰত সকলোতকৈ সুবিধাজনক ব্যৱস্থা হৈছে, মিছাইল বা ক্ষেপনাস্ত্ৰ। স্থল-জল বা আকাশমাৰ্গৰ পৰা মাৰিব পৰা পৰমাণুসক্ষম মিছাইলেৰে সকলো বৃহৎ সামৰিক শক্তিৰে ভঁড়াল ভৰি আছে। ক্ষেপনাস্ত্ৰ য’ৰ পৰাই নিক্ষেপ কৰা নহওক লাগে সি কিন্তু আকাশমাৰ্গেদিয়েই উৰি আহি লক্ষ্য়স্থানত আঘাত কৰিব- সেয়ে পৰমাণু আক্ৰমণ ৰোধ কৰিবলৈ আকাশমাৰ্গক সুৰক্ষিত কৰা অতি প্ৰয়োজনীয়। এইবাৰ অপাৰেচৰ সেন্দুৰৰ সময়ত S-400 আৰু HQ-9 আদি বায়ু সুৰক্ষা প্ৰণালীৰ কথা প্ৰথমবাৰৰ বাবে বহল পৰিসৰত আলোচনা হৈছে। তাৰ আগতে আকাশমাৰ্গেৰে অহা এই ক্ষেপনাস্ত্ৰ বা মিছাইল বিলাকৰ বিষয়ে অলপ আলোচনা কৰা হওক।
এই ক্ষেপনাস্ত্ৰ বিলাক মূলতঃ দুই প্ৰকাৰৰ- বেলিষ্টিক মিছাইল আৰু ক্ৰু’জ মিছাইল- পৰিসৰ বা গতি আদি আন কথাবিলাক আছেই। আৰু এবিধ আছে- হাইপাৰচনিক মিছাইল, সেই বিষয়ে পিছত আলোচনা কৰা যাব। ক্ৰুজ আৰু বেলিষ্টিক মিছাইলৰ দুবিধৰ মূল পাৰ্থক্য বিলাক এনে ধৰণৰ
১। ক্ৰুজ মিছাইল কম গতিসম্পন্ন (অতিশাব্দিক বা চুপাৰচনিক) আৰু ই বায়ুমণ্ডলৰ মাজেৰেই গতি কৰে, ইয়াৰ শুদ্ধতা বা একুৰেছী বহু বেছি মানে লক্ষ্যক একেবাৰে সঠিক ভাৱে আঘাত কৰাৰ ক্ষমতা আছে। ক্ৰুজ মিছাইলক এখন মানৱ বিহীন বিমান বুলি ধৰিব পাৰি, কেৱল তাত এসোপা বিষ্ফোৰক বান্ধি দিয়া থাকে। উৰাৰ পৰা আঘাত কৰালৈকে ইয়াৰ গতিপথ, বেগ, দিশ, আদি নিয়ন্ত্ৰণ কৰি থাকিব পাৰি, ই ভূপৃষ্ঠাৰ একেবাৰে ওচৰেৰে গতি কৰিব পাৰে(সেয়ে ৰাডাৰত ধৰা পেলোৱা কঠিন), সেয়ে ই একেবাৰে সঠিক ঠাইত আঘাত কৰে। উদাহৰণ স্বৰূপে ভাৰতৰ ব্ৰামোছ মিছাইলৰ নাম লব পাৰি। ইয়াত সাধাৰণতে জেট ইঞ্জিন ব্যৱহাৰ হয়।
২। বেলিষ্টিক মিছাইল অতি উচ্চ গতিসম্পন্ন (পৰমশাব্দিক বা হাইপাৰচনিক) আৰু ই প্ৰথমতে পৃথিৱীৰ বায়ুমণ্ডলৰ বাহিৰেৰে গতি কৰে, আৰু লক্ষ্যস্থান পোৱাৰ পাছত পুণৰ বায়ুমণ্ডলত সোমাই (ৰী-এণ্ট্ৰী) আঘাত কৰে। ইয়াৰ উৰণ প্ৰক্ৰিয়া ক্ৰুজ মিছাইলৰ দৰে নহয়, ইয়াক প্ৰথমতে বুষ্টাৰ বা ৰকেটৰ সহায়ত বহু ওপৰলৈ মাৰি পঠোৱা হয়, (বন্দুকৰ গুলীৰ দৰে) আৰু তাৰ পাছত ইয়াৰ পৰা ইঞ্জিনটো পৃথক হৈ পৰে। বাকীখিনি ই নিজৰ ভৰবেগ আৰু মধ্যাকৰ্ষণ শক্তিৰ সহযোগত গৈ থাকে, আৰু শেষত আতি উচ্চ বেগত লক্ষ্যস্থানত আঘাত কৰে। ইয়াৰ শুদ্ধতা তুলনামূলক ভাৱে কম হ’লেও ই ভয়ংকৰ ধ্বংসলীলা কৰিবৰ ক্ষমতা ৰাখে। ইঞ্জিনটো আঁতৰাই পেলোৱাৰ বাবে ইয়াৰ আকাৰ অতি সৰু হৈ যায়, লগতে ৰী-এণ্ট্ৰীৰ সময়ত বায়ুৰ ঘৰ্ষণত ইয়াৰ উপৰিভাগ ইমান উতপ্ত হৈ পৰে যে তাক ৰাডাৰে সঠিক ভাৱে চিনাক্তই কৰিব নোৱাৰা হয়। আৰু অতি উচ্চ গতিবেগৰ বাবে (মেক ২০-২৫, শব্দৰ গতিৰ ২০/২৫ গুণ), ধৰা পেলালেও তাক নিৰাপদ দূৰত্বত ধ্বংস কৰিবলৈ অতি কম সময় পোৱা যায়।
হাইপাৰচনিক মিছাইলৰ কথা আলোচনা কৰা হোৱা নাই, কাৰণ ই এতিয়াও পৰীক্ষামূলক পৰ্যায়তে আছে। মন কৰিব লগা যে, বেলিষ্টিক মিছাইল বিলাকে হাইপাৰচনিক বা পৰমশাব্দিক বেগতে গতি আৰু আঘাত কৰে, কিন্তু হাইপাৰচনিক মিছাইল বুলিলে আমি নিয়ন্ত্ৰণ কৰিব পৰা বেলিষ্টিক (Hypersonic Glide Vehicle) আৰু শব্দৰ ৫ গুণতকৈ অধিক বেগত গতি কৰিব পৰা ক্ৰুজ মিছাইল হে বুজিব লাগে। ভাৰতৰ ব্ৰাহ্মোচ-২ হাইপাৰচনিক ক্ৰুজ মিছাইল হবগৈ। এই বিষয়ে আৰু বহুত লিখিব লগীয়া আছে। বেছি দীঘল হোৱাৰ ভয়ত কেৱল বায়ু সুৰক্ষা ব্যৱস্থা বুজিবৰ বাবে প্ৰয়োজন হোৱা কথা খিনিহে দিয়া হ’ল।
বায়ু সুৰক্ষাই ক্ৰুজ আৰু বেলিষ্টিক মিছাইলকে প্ৰতিহত কৰাৰ উপৰিও প্ৰতিপক্ষৰ যুঁজাৰু বিমান, ড্ৰোণ, ৰকেট, ৰাডাৰ আৰু আন নিয়ন্ত্ৰণ ব্যৱস্থা, এয়াৰবৰ্ণ ৱাৰ্ণিং এণ্ড কন্ত্ৰল চিষ্টেম (AWACS) আদিক চিনাক্ত আৰু ধ্বংস কৰাৰ ক্ষমতা ৰাখিব লাগিব।
ভাৰতৰ বায়ু সুৰক্ষা ব্যৱস্থা:
ভাৰতৰ বায়ু সুৰক্ষা ব্যৱস্থাটো স্তৰীয় বা কেইবাতৰপীয়া, প্ৰত্যেকৰে নিজ নিজ কাম আছে। আক্ৰমণৰ প্ৰকাৰভেদে ইয়াৰ প্ৰতিৰোধ প্ৰণালী পৃথক হয়।
PAD
প্ৰথমতে আমি ভাৰতৰ বেলিষ্টিক মিছাইল বা বায়ুমণ্ডলৰ বাহিৰেৰে আহি আঘাত কৰিব পৰা মিছাইল প্ৰতিহত কৰা প্ৰণালীটোৰ কথা পাতিম। ইয়াৰ প্ৰথম স্তৰটোক “পৃথৱী এয়াৰ ডিফেন্স” চিষ্টেম বা PAD বোলা হয়, ই ৰাডাৰ(ৰাজেন্দ্ৰ LRTR), কৃত্ৰিম উপগ্ৰহ, AWACS, যোগাযোগ আৰু প্ৰতিঘাতী ক্ষেপনাস্ত্ৰ বা ইণ্টাৰচেপ্তিং মিছাইলেৰে এক স্বয়ং সম্পূৰ্ণ প্ৰতিৰক্ষা ব্যৱস্থা। ইয়াৰ কাম হ’ল শত্ৰুৰ কোনোবা বেলিষ্টিক মিছাইল ভাৰতৰ ফালে উৎক্ষেপন হোৱাৰ লগে লগেই বায়ুমণ্ডলৰ ওপৰতে গৈ তাক ধ্বংস কৰি পেলোৱা। শত্ৰুৰ মিছাইলক আক্ৰমণ কৰিবলৈ PAD এ ভাৰতত স্থানীয় ভাৱে নিৰ্মিত পৃথৱী মিছাইল ব্যৱহাৰ কৰে। পৃথিৱী দুটা ইঞ্জিনযুক্ত গোটা ইন্ধনত চলা পৰমশাব্দিক বা হাইপাৰচনিক মিছাইল যি ২০০০ কিলোমিটাৰ দুৰত্বটো গৈ প্ৰতিপক্ষৰ মিছাইল ধ্বংস কৰিব পাৰে। বৰ্তমান ভাৰতে ইয়াক আৰু উন্নত কৰিবলৈ পৃথৱী ডিফেন্স ভেহিকল নামৰ এক ব্যৱ্স্থাৰ পৰীক্ষণ কৰি আছে।
AAD
ইয়াৰ পাছৰ স্তৰটোত নাম হ’ল এডভান্স এয়াৰ ডিফেন্স বা AAD – ই PAD ৰ দৰেই কাম কৰে, কিন্তু মূল পাৰ্থক্যটো হ’ল ই নিম্ন উচ্চতাত হস্তক্ষেপ বা ইণ্টাৰচেপ্ট কৰে। মানে বায়ুমণ্ডলৰ ভিতৰত সোমোৱাৰ পাছতহে ই শত্ৰুৰ মিছাইলক আক্ৰমণ কৰে। কেনেবাকৈ PAD ৰ পৰা সাৰি আহিব পাৰিলেও শত্ৰুৰ মিছাইল পূণৰ AAD পৰিসৰত সোমাব পৰিব।
মন কৰিবলগা এই দুইটা ব্যৱস্থাই ক্ৰুজ মিছাইল, যুদ্ধ বিমান বা ড্ৰোণ আক্ৰমণ প্ৰতিহত কৰিব নোৱাৰে- তাৰ কাম সেইটো নহয়েই।
এই দুটা ব্যৱস্থাৰ উপৰিও ভাৰতে AD-1 আৰু AD-2 নামৰ দুটা অধিক ক্ষমতাসম্পন্ন মিছাইল চিষ্টেমৰ সফল পৰীক্ষণ কৰিছে।
AKASH আৰু S-400
পৰৱৰ্তী পৰ্যায়ৰ বায়ু সুৰক্ষা ব্যৱস্থাটো বেছি জঁটিল আৰু পাৰস্পৰিক যোগাযোগৰ ওপৰত প্ৰতিস্থিত- ইয়াৰ বাবে ভাৰতৰ হাতত ‘আকাশ এয়াৰ ডিফেন্স’ আৰু ৰাছিয়াৰ পৰা কিনা S-400 আছে। এই ব্যৱস্থাবিলাকৰ কাম বহুত বেছি, এইবিলাকে ক্ৰুজ মিছাইল, যুঁজাৰু বিমান, ড্ৰোণ, ৰকেট আদি সকলো প্ৰতিহত কৰিব পাৰে। তুলনামূলক ভাৱে নিম্ন উচ্চতাত কাম কৰা বাবে ইয়াৰ সক্ষমতা আৰু শুদ্ধতা অতি উচ্চ পৰ্যায়ৰ হোৱা উচিত। হলেও মূলতঃ সকলোৰে কাম কৰাৰ প্ৰক্ৰিয়া প্ৰায় একেই- শত্ৰুৰ মিছাইল বা বিমান ইয়াৰ পৰিসৰৰ ভিৰতৰলৈ অহাৰ লগে লগে ৰাডাৰৰে তাক ধৰা পেলাই আৰু আৰু তাক ধৰিবৰ বাবে স্বয়ংক্ৰিয় ভাৱে কেইটা প্ৰতিঘাতী মিছাইল কোন ঠাইৰ পৰা কিমান সময়ত মাৰিব লাগিব তাৰ হিচাপ উলিয়াই উৎক্ষেপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে, আৰু সেইমতেই প্ৰত্যাক্ৰমণ কৰে। হলেও এই ব্যৱস্থাবোৰ অতি উচ্চ প্ৰযুক্তিৰে নিৰ্মিত, ইয়াৰ প্ৰতিঘাতী মিছাইল বিলাক আৰু নিয়ন্ত্ৰণ ব্যৱস্থা মাজবাটত প্ৰয়োজন অনুসৰি নিজৰ পথ বা গতি সলনি কৰিবলৈ সক্ষম। ভাৰতে নিজস্ব ভাৱে “আকাশতীৰ” নামৰ কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন নিয়ন্ত্ৰণ ব্যৱস্থা উদ্ভাৱন কৰিছে যি সকলো আক্ৰমণ প্ৰত্যাক্ৰমণ ব্যৱস্থাক আৰু বেছি দক্ষ কৰি তুলিবলৈ সক্ষম। এইবাৰ অপাৰেচন সেন্দুৰত আকাশতীৰো ব্যৱহাৰ হৈছে বুলি শুনা গৈছে।
Barack – 8
ইয়াৰ লগতে ভাৰতৰ হাতত ইজৰাইলৰ সহযোগত নিৰ্মাণ কৰা বাৰাক-৮ মিছাইল চিষ্টেম আছে, যি সৰু বৰ সকলো উৰন্ত লক্ষ্যকে প্ৰত্যাক্ৰমণ কৰিবলৈ সক্ষম। এই ব্যৱ্স্থাৰ বিশেষত্ব হ’ল ই সকলো ধৰণৰ উৰন্ত বস্তুকে লক্ষ্য কৰি লব পাৰে। ৭০-১০০ কিলোমিটাৰ পৰ্যন্ত প্ৰত্যাক্ৰমণ কৰিব পৰা বাৰাক-৮ অপাৰেচন সেন্দুৰৰ উপৰিও আজিৰ তাৰিখত ইজৰাইলে ইৰাণৰ বিৰূদ্ধেও ব্যৱহাৰ কৰি আছে।
Anti Aircraft Guns

ইয়াৰ পিছৰ পৰ্যায়ত আহে বিমান প্ৰতিৰোধী বন্দুক বা এণ্টি এয়াৰক্ৰাফ্ট গান। এইবিলাক মুলতঃ শত্ৰুৰ বিমান বা ড্ৰোণক আক্ৰমণ কৰিবলৈ ব্যৱহাৰ হয়। ভাৰতৰ হাতত L-70, zu-30 Shilka আদি বিমান প্ৰতিৰোধী বন্দুক আছে।
Directed Energy Weapon

অৱশ্যে এয়াই শেষ নহয়, আজিকালি বায়ু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত Directed Energy Weapon বা উচ্চ শক্তিসম্পন্ন লেজাৰ, গামা আদি ৰশ্মিৰ ব্যৱহাৰো কৰা হয়- যদিও ই আজিও পৰীক্ষামূলক অৱস্থাতে আছে। ইজৰাইলে আইৰন বীম নামৰ ব্যৱস্থা এটা সদ্যহতে যুদ্ধত ব্যৱহাৰ কৰিছে বুলি দাৱী জনাইছে। ভাৰতৰো প্ৰজেক্ট কালী নামেৰে এনে ধৰণৰ অস্ত্ৰৰ পৰীক্ষামুলক ব্যৱহাৰ সম্পুৰ্ণ হৈছে বুলি শুনা গৈছে। ব্যক্তিগত খণ্ডটো এনে দুই এটা উদ্ভাৱন হৈ আছে।
এইখিনিতে আৰু এটা কথা মন কৰিব লগীয়া, যদিও কোৱা হয়, S-400 বেলিষ্টিক মিছাইলৰ বাবে সজা হোৱা নাই, কিন্তু এটা তেনে মিছাইল PAD আৰু AAD কেনবাকৈ পাৰ হৈ আহিলে S-400 এ ধৰিব নে নাই- নিশ্চয় ধৰিব, নিজৰ পৰিসৰত পালে ধৰিব- হয়তো ধ্বংসও কৰিব। কিন্তু মূল কথা হ’ল ইয়াক বেলিষ্টিক মিছাইল ধৰিব বাবে নিৰ্মাণ কৰা হোৱা নাই। ইজৰাইলৰ আইৰণ ডমো প্ৰায় তেনেকুৱাই- ই ক্ৰুজ মিছাইল, ড্ৰোণ বা ৰকেট আদিৰ ক্ষেত্ৰতহে বেছি ফলপ্ৰসূ হব। বেলিষ্টিক মিছাইলৰ বিৰুদ্ধে ইজৰাইলৰ ডেভিডচ শ্লিং, এৰ’ আদি আন ব্যৱস্থা আছে।
সামৰণিত এটা কথাই কব লাগিব, কোনো বায়ু সুৰক্ষা ব্যৱস্থা ১০০% ফলপ্ৰসূ নহয়, ইজৰাইলৰ বিখ্যাত আইৰণ ড’মৰ মাজেৰেও সুৰুঙা উলিয়াই ইৰাণৰ মিছাইল পৰিয়ে আছে।
আৰু এটা সমস্যা হ’ল ই যথেষ্ট ব্যয়বহুল আৰু এইবোৰ সক্ষম কৰি ৰাখিবলৈ উচ্চ পৰ্যায়ৰ মেৰামতিৰ প্ৰয়োজন হয়, লগতে খৰছ হৈ থকা মিছাইল বোৰৰ দামো অতি বেছি। সৰু এখন ৫০০ ডলাৰৰ ড্ৰোণ ধ্বংস কৰিবলৈ মিলিয়ন ডলাৰ মূল্যৰ মিছাইল মাৰিব লগা হয়। পৃথিৱীৰ অতি কম দেশৰ হাততহে এনে ব্যৱস্থা আছে- এইবোৰ চলাবলৈ যাওতে ভাৰতৰ ৰাজকোষৰ এজন বুজন অংশ খৰছ হয়, যাক হয়তো উন্নয়নৰ কামত ব্যৱহাৰ কৰিলে পৰিস্থিতি সুকীয়া হ’লহেতেন। কিন্তু যেতিয়া যুদ্ধোন্মাদ পাগল প্ৰতিবেশীৰ হাতত বিশ্বই পৰমাণু বোমাৰ দৰে প্ৰলয়ংকৰী শক্তি গতাই দিয়ে আৰু সেই বলিয়ালিত সাৰ পানীও যোগাই থাকে- তেনে আন একো উপায় বাকী নেথাকেগৈ।
আশাকৰোঁ পাকিস্তানে এদিন এই আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ মুৰ্খামিৰ পৰা বাহিৰ ওলাই চাব, বা তাত সঁচা অৰ্থত জনগণৰ সৱল চৰকাৰ এখন হব- তেতিয়া হ’লে হয়তো এনে পৰিস্থিতি নাইকিয়া হব। কিন্তু অস্ত্ৰ বিক্ৰী কৰি মুনাফা ঘটাৰ ধাণ্ডাত থকা আমেৰিকা আৰু চীনে সেইটো হবলৈ নিদিয়ে- পাকিস্তান মৰি হজি শেষ হ’লেও তেওঁলোকৰ হাতৰ পুতলা হৈয়েই থাকিব লাগিব- আৰু সেই সমদলত বাংলাদেশেও যোগ দিছে।
বি.দ্ৰঃ- ফটো ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা




No comments:

Post a Comment