ভণ্টী
নাজমাই একেলগে দুটা সঁচা কাহিনী লিখিলে-বিশ্বাস আৰু অবিশ্বাসৰ দোমোজাৰ কাহিনী।
প্ৰথম কাহিনীত এটা আত্মীয় ল'ৰাই ছোৱালীজনীৰ ওপৰত যৌন অত্যাচাৰ
চলালে। আনটো কাহিনীত পাঁচজন অচিনাকী অসম্পৰ্কীয় লৰাই, ছোৱালীজনীৰ আশংকাক মিছা
প্ৰমাণিত কৰি তাইক সুন্দৰ ভাৱে অপ্যায়িত কৰিলে। এনে ব্যৱহাৰ কৰিলে যে শেষত তাই
নিজৰ আশংকাৰ বাবে লজ্জানতহে হ'ল। সেই পাঁচজন বন্ধুৰ এজনক
পোষ্টটোত টেগ কৰি হয়তো নাজমাই নিজৰ ভুল আশংকাৰ বাবে ক্ষমাও খুজিলে।
এটা
নষ্ট যোৱা পেহীয়েকৰ পুতেকৰ বাবে সকলো পুৰুষকে লম্পট বুলি ধৰি লোৱা
ছোৱালীকো লগ পাইছো, আৰু দুটা ভাল বন্ধুৰ বাবে
সকলো পুৰুষেই ভাল বুলি ধৰি লৈ বিপদত পৰা নাৰীও দেখিছো। বিপৰীত মেৰুৰ দুটা কথা, আৰু
দুইটাই বাস্তৱ সত্য।
এক
ৰূদ্ধদ্বাৰ, কোন ভাল কোন বেয়া নজনা
অৱস্থা, নিজকে বিপদৰ মুখলৈ ঠেলি
দিয়া বা কাকো বিশ্বাস নকৰি তিল তিল কৈ মৰি যোৱা। কোনটো পথ লম, কোনটো এৰিম?
এক
উত্তৰবিহীন প্ৰশ্নৰ উত্তৰ মই পালো, নাজমাৰ কাহিনীৰে এটা সৰু
অংশত।
উত্তৰ
পালো বুলি ক'লে ভুল হব; মই শুদ্ধ বুলি ভাৱি থকা উত্তৰটো নাজমাৰ কাহিনীটোৱে সমৰ্থন
কৰিলে। নিজৰ পেহীয়েকৰ পুতেকৰ অত্যাচাৰৰ বলি হোৱা ছোৱালীজনীৰ লগ হৈ নাজমাই সেই
লম্পটটোৰ মুখত বিহজলকীয়াৰ আচাৰৰ তেল ছটিয়ালে! আৰু সেই লম্পটটো এনেকৈ পলাল, যে আৰু ঘুৰি নাহিল।
সেইটোৱেই
সকলোতকৈ উত্তম উপায়, অন্ততঃ আজিৰ পৰিস্থিতিত, মোৰ বোধেৰে।(বিহ জলকীয়াৰ তেল টো ৰূপক, তাৰ জ্বলনটো বাস্তৱ)
কাৰণ
বেছিভাগ, নহয় সকলো লম্পটেই এটা কথাৰে
সদায় সুযোগ লয়, সেইটো হ'ল ছোৱালী বোৰৰ লাজ আৰু সম্ভ্ৰম। সিহঁতে সেইটো "টেকেন
ফ'ৰ গ্ৰাণ্টেড" বুলি লয়। বেছিভাগ ক্ষেত্ৰতে যেতিয়াই
ছোৱালীজনীয়ে প্ৰতিবাদ কৰে, সিহঁতৰ প্ৰায়বোৰেই পলাবলৈ
বাট বিছাৰি নোপোৱা হয়।
মোৰ
ছোৱালী ডাঙৰ হৈছে, মই তাইৰ লগত এইবোৰ কথা
খোলাখুলি কৈ পাতিবৰ চেষ্টা কৰি আছো। কিন্তু সমস্যাটো একেই- মই তাইক কি শিকাম?
সকলো
মতা মানুহ বেয়া, সকলোৰে বেয়া ধাণ্ডা? সেইটো শিকালে তাইৰ জীৱনটোৱেই নিৰস হৈ নেযাব জানো? আৰু সেইটো সত্য নহয় বুলি ময়ো জানো। কোনো পুৰুষকে বিশ্বাস
কৰিব নোৱাৰিলে তাই এজনী Moron হবগৈ, সেইটোও মই নিবিছাৰো।
আৰু
যদি শিকাও যে সকলোকে বিশ্বাস কৰ, তেনে তাই নিশ্চিত ভাৱে
বিপদত পৰিব। তাইৰ লগত খোজকাঢ়ি ফুৰিবলৈ যাওতে বয়স নিৰ্বিশেষে পুৰুষৰ চকুৰ চাৱনি
(সকলো নহয়) মই বুজি নেপোৱা নহয়।
তাইক
কেনেকৈ বুজাম, কোনটো মতা মানুহ ভাল- কোনটো
বেয়া? সদায় তাইৰ দেহৰক্ষীও হৈ
থাকিব নোৱাৰো।
মই
নিজে মতা মানুহ, সেই বাবে হয়তো মতা মানুহৰ চৰিত্ৰ
মই অলপ বেছিকৈ বুজি পাও। গতিকে বহুত ভাবি চিন্তি মই তাইক শিকাইছো...
-বিশ্বাস কৰিবি, সকলোকে কৰিবি, কিন্তু চকু কাণ খোলা ৰাখিবি, অন্ধ নহবি।সকলো পুৰুষ আধা ভাল আধা বেয়া, আন নেলাগে মইয়ো তেনেকুৱা। গতিকে তোৰ নিজৰ ইণ্টেলিজেন্স
ব্যৱহাৰ কৰিবি। আৰু দৰকাৰ হ'লে, প্ৰয়োজন বুলি অনুভৱ হ'লে - মিডল ষ্টাম্প গুড়ি কৰি
দিবি। জীৱনলৈ নাৰীক বেয়া দৃষ্টিৰে চোৱাৰ ক্ষমতা হেৰুৱাই পেলাব।
আৰু
কেনেকে কৰিব লাগে সেইটোও মই শিকাম। বৰ টান কাম নহয়।
No comments:
Post a Comment