Showing posts with label ব্যংগ. Show all posts
Showing posts with label ব্যংগ. Show all posts

Wednesday, November 22, 2023

গ্ৰন্থ সমালোচনা-অভিজিত কলিতা

 ডিচেম্বৰ সংখ্যা ফটাঢোলত প্ৰকাশত

(স্বনামধন্য ভ্ৰমণকাহিনী লিখক দেৱজিত শৰ্মালৈ কৃতজ্ঞতাৰে) 

আপোনালোকে সকলোৱে জানেই, ফটাঢোল অসমীয়া ভাষা সংস্কৃতি সাহিত্যৰ হৈ নিজ নিজ ফটাঢোল কোবাব খোজা সকলৰ বাবে আজিৰ দিনত একমাত্ৰ বিশ্বাসযোগ্য প্লেটফৰ্ম। ফটাঢোলে অনুভৱ কৰে, অসমীয়া জাতিয়ে হোৱাই নোহোৱাই নিজৰ ফটাঢোল কোবাব নজনা বাবেই আজি ভাৰতভূমিত নিজৰ অস্তিত্বক লৈ সংকটত ভুগিব লগা হৈছে। আমি বুজি উঠিছোঁ যে আমাৰ পৰোচী ৰাজ্যৰ বাসিন্দাসকলৰ দৰে প্ৰচণ্ড আত্মবিশ্বাসেৰে নিজ নিজ ফটাঢোল কোবোৱাৰ প্ৰচেষ্টাইহে আমাক আমাৰ অধিকাৰ আৰু প্ৰতিষ্ঠা দিয়াব পাৰিব। আজিকালি ফটাঢোল কোবোৱাৰ যুগ, যি কোবাব নোৱাৰে সি গোল্লাই যাব।

সি যি কি নহওক, ফটাঢোলে আজিলৈকে ফটাঢোল কোবোৱাৰ নিত্য নতুন প্ৰক্ৰিয়া উদ্ভাৱন কৰি আহিছে, আৰু তাৰে এক নতুন পেটেণ্টেড উপায় হ’ল, সাম্ভাব্য গ্ৰন্থ সমালোচনা। 

সাধাৰণতে সমালোচনা লিখা হয়, গ্ৰন্থ এখন লিখা বা প্ৰকাশ হোৱাৰ পাছত, কিন্তু ফটাঢোলৰ ৰসায়নাগাৰত উদ্ভাৱিত এক নতুন প্ৰযুক্তি মতে এই কামটো কিতাপখন লিখাৰ আগতেই কৰিব পাৰি, আৰু তাৰ ফলাফল নৰ্মেল সমালোচনাৰ দৰেই হ’ব। সেয়ে আজি পৰীক্ষামূলক ভাৱে এখন অলিখিত, অপ্ৰকাশিত গ্ৰন্থৰ সমালোচনা আগবঢ়াবলৈ গৈ আছোঁ। আশাকৰোঁ আপোনালোকে এই সম্পৰীক্ষণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আমাৰ এই ফটাঢোল কোবোৱা প্ৰচেষ্টাৰ নিজ নিজ যোগদান দিব।

তো ভাইয়োঁ ঔৰ উনকী বেহেনোঁ‌- আজি আমি সমালোচনা কৰিবলৈ লোৱা অলিখিত, অসম্পাদিত আৰু অপ্ৰকাশিত গ্ৰন্থখনৰ নাম হ’ল- 

“মেকমোহন লাইন গৰকি ৰঙাচীনত দহদিন”,

 এই অবিশ্বাস্য, তথ্য সমৃদ্ধ ভ্ৰমণ কাহিনীটিৰ লেখক হ’ল- স্বনামধন্য, নগৈ গড়গাঁ‌ৱৰ বাতৰি দিয়া অসমীয়া ভ্ৰমণ সাহিত্যৰ কাণ্ডাৰীখ্যাত চিৰি ল চিৰি যুক্ত দেৱজিত শৰ্মা।

শৰ্মাদেউৰ অসমীয়া সাহিত্যৰ প্ৰতি অৱদান আপোনালোকে সৱেই জানে। তেওঁ‌ আজি ২০ বছৰ ধৰি একাণপতীয়াকৈ অসমীয়া ফেণ্টাছী ভ্ৰমণ কাহিনী লিখি আহিছে আৰু তেওঁৰ সেই তপস্যাত বাধা বিঘিনি হয় বুলি তেওঁ‌ সাংসাৰীক জীৱনৰ মেৰপাকৰ পৰাও নিজকে মুক্ত ৰাখিছে। আজি আলোচিত গ্ৰন্থখনৰ উপৰিও তেওঁ‌ আজিৰ তাৰিখত প্ৰায় ১৫ খন গাজাখুৰী ভ্ৰমণ কাহিনী লিখিছে আৰু ২৫ খন লিখিবলৈ কণ্ট্ৰেক্ট ইতিমধ্যে প্ৰাপ্ত কৰিছে। 

 এইহেন মহান ভ্ৰামণিকৰ অপ্ৰকাশিত অলিখিত গ্ৰন্থ এখনৰ সমালোচনা কৰিবলৈ পাই এই অধম অতিকৈ আনন্দিত।

তো, আমি পাতনি দীঘল নকৰি চিধা মুদ্দে কি বাত কৰোঁ‌-  শৰ্মাদেউৰ এই ভ্ৰমণ হৈছে চীন দেশলৈ আৰু চীন দেশৰ এনে কিছু পৰিস্থিতি বা ঘটনা লিখকে বৰ্ণনা কৰিছে, যি বিশ্বৰ কোনো লেখক সাংবাদিকে আজিলৈকে কৰিব পৰা নাই। শৰ্মাদেৱে জিন পিঙৰ শোৱনী কোঠাৰ যি বাস্তৱ দৃশ্য গ্ৰন্থখনিত তুলি ধৰিছে, সেয়া স্বয়ং চাইনীজ কমিউনিষ্ট পাৰ্টিয়েও কৰিব পাৰিব নে নাই সন্দেহ। 

এতিয়া আপোনাৰ মনত স্বাভাৱিক ভাৱেই প্ৰশ্ন জাগিব, যে শৰ্মাদেউ গ’ল কেনেকৈ তালৈ বা জিন পিঙে সোমাবলৈ কেনেকৈ দিলে তেওঁ‌ৰ  শোৱনী কোঠাত?  এই বিলাক সন্দেহ শৰ্মাদেৱে গ্ৰন্থখনৰ পাতনিতে কিলিয়াৰ কৰি দিছে। 

ভুতৰ ভৱিষ্যত-(শিৰোনাম এখন বাংলা চিনেমাৰ পৰা ধাৰ কৰা)

  (অক্টোবৰ ২০২২ সংখ্যা ফটাঢোলত প্ৰকাশিত)

হয়…. হয়, হয়েই! ভুতেই হয় সেইটো, নহ’লে কি হ’ব, এনে সময়ত? হে ভগৱান, কি উকহে খাইছিল মোক এই সন্ধিয়াখন এইফালে আহিবলে….হৰি ঔম! হৰি ঔম!….জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপিচ তিনো লোক উজাগৰ!…. লা ইলাহা ইল্লালাহো মোহাম্মদুৰ ৰছুলুল্লাহি,…. ঔঁম মণি পদ্মে হুঁম…. ইন দ নেম অৱ দ গ’ড এণ্ড দ হলী স্পিৰিট….আমেন….ক’ত যাওঁ ….ক’ত পলাওঁ…. কোন ক’ত আছ….আজি ৰাতিটোও ইমান এন্ধাৰ হ’ব লাগেনে? আৰু এই গেজেপনি মৰা বাঁহনিখন এইফালে আছে বুলি জনাহেঁতেন মই মৰি গ’লেও এইফালে নাহোঁ। কি হ’ব এতিয়া, আজি মই ‍শেষ…. আজি ভুতে মোৰ তেজকণ শুহি খাব, সেইটো…. সেইটো আহিছে মোৰ ফালে….মই দেখোন দৌৰি পলাবও পৰা নাই….আৰে মোৰ ভৰিকেইটা লৰচৰেই নহয়চোন….খতম মই… শেষ….

তেনেকুৱাতে মই সম্বিত হেৰুৱাই বাগৰি পৰিলোঁ…. তাৰ পাছত মোৰ একো মনত নাই। 
*
ভুতৰ প্ৰতি মোৰ ভয়টো এতিয়াৰ নহয়, কাছুটি লোৱা দিনৰে পৰা ভুতে মোক খেদি ফুৰিছে। কিমান ৰাতি মই ভুতৰ ভয়ত নোশোৱাকৈ আছোঁ হিচাপ নাই। ৰাতি শুবলে লওঁ- লাগে যেন কোনোবাই খিৰিকীৰে বা ভেণ্টিলেটৰেৰে মোক চাই আছে। অকলে খোজকাঢ়িলে দিনতে লাগে যেন কোনোবা মোৰ পিছে পিছে আহি আছে….কিমান বাৰ ৰাতি মোক কোনোবাই টেঁটু চেপি ধৰিছে, ধৰফৰাই সাৰ পাইছোঁ…. চিঞৰিছোঁ…. অকলে থাকিলেই অদ্ভূত মাত কিছুমান শুনো। ৰাতি দূৰত লাইট এটা জ্বলা দেখিলেই লাগে যেন সেইটো ধনগুলৈ, মোক খেদি আহিছে। আৰু তাৰো ওৰপৰত এই ভুতৰ চিনেমাবোৰ….”আমি মঞ্জলিকা!!!” মঞ্জলিকাৰ চকুকেইটাই এমাহ মানলৈ মোৰ পিছা কৰি ফুৰে। কিয় বনাই এইবোৰ চিনেমা মই বুজি নেপাওঁ, এনেই ভুতৰ উৎপাতত মোৰ জীৱন নৰক হৈ গৈছে, তাৰ ওপৰত আকৌ নিত্য নতুন ভুতৰ আইডিয়া। কনজিউৰিং, দা নান কত কি? মুঠতে ভুত আৰু ভুতৰ চিনেমাই মিলি মোৰ জীনা হাৰাম কৰি দিছে….সেয়ে মই পৰাপ‍‍ক্ষত ভুতৰ কথা নেপাতোঁ, আৰু ভুতীয়া ঠাইবোৰলৈ নে‍যাওঁ। ৰাতি শোৱা বিছনাখনৰ তলত সৰিয়হ, কেঁচা নহৰু, লোহাৰ কটাৰী সকলো ৰাখোঁ, আৰু সেইবোৰ সাৱটিয়েই শোওঁ।  পগলা বাবাৰ পৰা অনা চাৰিটা ভুত প্ৰতিৰোধী তাবিজ সকলো সময়তে মোৰ গাত থাকেই, নেৰোঁ সেইকেইটা। সেইবোৰ প্ৰটেকচন লোৱাৰ বাবেই হয়তো আজিলৈকে মোক ভুতে ভয় খুওৱাৰ বাদে বিশেষ একো অপকাৰ কৰিব পৰা নাই। পিছে আজি কথাটো পুৰা গৰবৰ হৈ গ’ল।

অচিন ঠাই এখনলৈ বিশেষ চিন্তা অনুসন্ধান নকৰাকৈয়ে আহি গ’লোঁ। শুনিছিলোঁ ইয়াত বোলে পগলা বাবাতকৈয়ো শক্তিশালী তান্ত্ৰিক এজন আছে, পগালা বাবাৰ চাৰিটা তাবিজে কৰিব নোৱাৰা কাম, তেওঁৰ এটা তাবিজেই কৰি দিয়ে। গতিকে তেনে চাৰিটা তাবিজ যদি মই পিন্ধি লওঁ, তেনে মোৰ ভুত প্ৰতিৰোধী ব্যৱস্থাটো S-400  মি‍ছাইল ডিফেন্স চিষ্টেমৰ দৰে হৈ যাব। ভুতে মোৰ ফালে মূৰ ডাঙিয়েই চাব নোৱাৰিব। এনে সুবিধা পালে মই এৰি দিয়াত নাই, ভুতে মোক ইতিমধ্যে বহুত জ্বলাকলা দিছে, আৰু নোৱাৰি আৰু, লাগিলে পইচাকে খৰছ হওক। জীৱনতকৈ পইচা ডাঙৰ নহয়।

তাতেই ভুল হৈ গ’ল মোৰ, ‘১২৯ নং মৌলানা পৰমহংস কৃষ্ণ কৰিম প্ৰভূপাদ ঘাণ্টে বাবাৰ’ আশ্ৰম বিচাৰি ফুৰোঁতেই সন্ধিয়া লাগি ভাগিল। যাকে সোধোঁ সিয়ে ভুল ৰাষ্টা দেখুৱাই। আৰু আজি এই ৰাতি আঁঠ বজাত মই গেজেপ মৰা বাঁহনি এখনৰ মাজত, ইফালে অন্ধকাৰ, জনপ্ৰাণী এটা নাই!  তেতিয়াই ঘটানাটো হ’ল…. অচিন অদ্ভূত ছাঁয়া এসোপাই মোক বেৰি ধৰিলে, হাত ভৰি লৰচৰ কৰিব নোৱাৰা হ’লোঁ….আৰু এসময়ত মোৰ কোমল হৃদয়ে এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰিলে, মই বেহুচ হৈ গ’লোঁ।

কিমান দেৰি অচেতন হৈ আছিলোঁ ক’ব নোৱাৰোঁ- কিন্তু এসময়ত মোৰ জ্ঞান ঘূৰি আহিল….অনুভৱ কৰিলোঁ, মোক ক’ৰবাত আঁটি আঁটি বান্ধি থোৱা আছে, হাত ভৰি লৰাব নোৱাৰোঁ মই। জান নিজান কৈ চকুকেইটা মেলি চালোঁ….আৰে! মোৰ চাৰিওফালেচোন কোনোবা আছে! কোন এইবোৰ, মানুহ যেনেই লাগে, বা নেলাগেও। কোন এইবোৰ? তেনে ক্ষেত্ৰত মই মোৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা বুদ্ধিমত্তা ব্যৱহাৰ কৰিলোঁ- সাৰ সুৰ নোহোৱাকৈ পৰি থাকি, জান নিজান চকু দুটা মেলি কাণ উনাই শুনাৰ চেষ্টা কৰিলোঁ। কিবা মীটিং চিটিং হৈ থকা যেন লাগিল। হয় মীটিঙেই হয়, শুভ্ৰ ধূতি চোলা পিন্ধি, মূৰত প্ৰকাণ্ড ৰাজকীয় পাগ মৰা, হাটত লাখুটি এডাল লৈ থকা মানিহ এজনক কেন্দ্ৰ কৰি বিছ পচিশজন মানুহ!! ৰ’ব। মানুহেই যেন লাগিছে হয়, কিন্তু কিবা আচহুৱা, তাতে আধামেলা চকুৰে ভালকৈ দেখাও নাই। 

: পাতকীটোৰ জ্ঞান আহিল নেকি?

Wednesday, April 21, 2021

বাংলা বিজয়

মোৰ প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ, অতি মৰমৰ, অতি হেঁপাহৰ, অতি চেনেহৰ, শ্ৰদ্ধেয়, প্ৰাতঃস্মৰণীয় অসমীয়া ৰাইজ, আজি আমাৰ জাতিটোৰ বাবে অতি শুভদিন, আজি বিশ্ববাসীয়ে আমাৰ অসমীয়াসকলৰ বীৰত্ব আৰু বুদ্ধিমত্তাৰ আগত সেও মানিছে। আজি আমি দেখুৱাই দিব পাৰিছোঁ, আমাৰ প্ৰকৃত শক্তি, আমাৰ জাতিপ্ৰেম, আমাৰ একতা। আজি আমি প্ৰমাণ কৰি দিছোঁ, আনে যিমানেই আমাক ৰঘুমলা, পৰাশ্ৰয়ী, হিংসুক, মৌলবাদী, লেতেৰা, জধামূৰ্খ, অশিক্ষিত, চোৰ, ডকাইত, দগাবাজ বুলি নেহাঁহক কিয়, আজি আমি এক পৰাক্ৰমী, হাজাৰ বছৰীয়া ঐতিহ্যৰে শক্তিশালী এক জাতিক পদানত কৰি আমাৰ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছোঁ আৰু আমি সেই কাম মূৰ্খৰ দৰে যুদ্ধ কৰি কৰা নাই; কৰিছোঁ আমাৰ বুদ্ধি, একতা আৰু কঠোৰ পৰিশ্ৰমেৰে। আহক আমি সকলোৱে একেমুখে কওঁ,

– “জয় আই অসম! অসমীয়া জিন্দাবাদ! অসমীয়া মৰিও অমৰ! জয় আই অসম!”
 
****
 
ৰ’ব! আপোনালোকে মোক হয়তো চিনি পোৱা নাই, নোপোৱাই স্বাভাৱিক। আচলতে এনে কভেট অপাৰেচনবিলাকত নিজৰ চিনাকি লুকুৱাই ৰখাই ভাল। ইমান দিনে মই নিজকে বাংলাদেশী বুলি দাবী কৰি আহিছিলোঁ আৰু বিশেষ ভূ-ভা নৰখা আপোনালোকেও মোৰ সেইবুলিয়েই ভাবি আছিল। তাত কাৰো কোনো দোষ নাই, আচলতে সেয়া আমাৰ পৰিকল্পনাৰে এটি অংশ আছিল। কিন্তু আজি যিহেতু সফলতাই আমাৰ কদম চুমিলে, আজি মই মোৰ পৰিচয় বেকত কৰাত কোনো বাধা নাই।
 

কেৰিয়াৰ গাইডেন্স

ফটাঢোলৰ ৰাইজে কেৱল খাওঁ খাওঁকৈয়ে নেথাকে, জাতি-মাটি-ভেটিৰ নিমিত্তেও বহুত কাম কৰে। তাৰ ভিতৰত এটা হ’ল কেৰিয়াৰ কাউন্সেলিং।

চাকৰি পোৱা সহজ, কৰা টান বুলি কোৱা কথাটোক সৰোগত কৰি ফটাঢোলে বিভিন্ন কেৰিয়াৰত সফলতা পোৱাৰ টিপচ কিছুমান দি আহিছে, লগতে মাইনা-বাবুসকলক নতুন নতুন কেৰিয়াৰৰ কথাও জনাই আহিছে। কিছুদিনৰ আগতে প্ৰশাসকবৃন্দৰ আদেশত ভাৰতৰ ৰাষ্ট্ৰপতিৰ চাকৰি পালে কি কি কৰিব লাগিব, সেই বিষয়ে বিস্তৃত প্ৰতিবেদন এই ফটাঢোলতে প্ৰকাশ কৰিছোঁ।

সি যি কি নহওক, আমি আজি আলোচনা কৰিব লগা চাকৰিটো হ’ল, অসমীয়া নিউজ চেনেলৰ মুখ্য সম্পাদকৰ চাকৰিটো।

এইটো চাকৰি পাবলৈ মোটামোটি সাংবাদিকতাৰ লগত চিনাকি থাকিলেই হ’ল, বিশেষ একো জানিব নেলাগে, বা মেট্ৰিক পৰীক্ষা কেইবাৰ দি কি ডিভিজনত পাছ কৰিছে সেইবোৰ কথাৰ কোনো মূল্য নাই।

এই চাকৰিটোৰ বাবে আটাইতকৈ প্ৰয়োজনীয় অৰ্হতা হ’ল, কোনোবা শক্তিশালী ৰাজনীতিকৰ আস্থাভাজন হোৱা। কাৰণ আজিকালি সকলো নিউজ চেনেলৰ আচল মালিক এজন ৰাজনীতিকেই হয়, আন কোনো তিষ্ঠিব নোৱাৰে। চেনেলে তেওঁলোকৰ ক’লা টকা বগা কৰাত সহায় কৰাৰ লগতে প্ৰপাগাণ্ডা মেচিন হিচাপেও ভাল চাৰ্ভিচ দিয়ে। ৰাজনীতিকজন বিৰোধী পাৰ্টিৰ হ’লেও কোনো কথা নাই।

কথা হ’ল সাংবাদিকতাৰ মিছা ডিগ্ৰী আৰু ফকতী

Wednesday, January 22, 2020

অকবিতা

(১) = প্ৰেম=

মোলৈ হোৱাটএপচ কল কৰিবা সোণজনী;
মোৰ প্ৰিয়তমা পত্নীয়ে,
ফোনটো এনগেজ থাকিলে
সন্দেহ কৰে!

(২) =ভোক=

আস! ভোকৰ কি যান্ত্ৰণা!!
ইফালে ঘৰত মেগী এপেকেটো নাই।
কাষৰ ঘৰৰ খুড়ীয়ে
চাহ খাবলৈ মাতিব বুলি
বাট চাই থাকোতে,
বেলি দেখোন মুৰৰ ওপৰেই পায়।
খুড়ীওচোন আজি,
বাৰান্দালেকে ওলোৱা নাই।

=কভী কভী লগতা হেঁ=

আজি গধূলি বিশেষ কৰিব লগা কাম নাছিল। দিনৰে ডাইল, ভাজি আছেই, ভাত কেইটা পাতি দিলেই হ'ল। গতিকে এনেই থকাতকৈ নতুন ধৰ্ম এটাকে প্ৰৱৰ্তন কৰি পেলালো।

আচলতে আজিকালিৰ এই ধৰ্মক লৈ চলি থকা খাম খেয়ালিবোৰ মোৰ ভাল লগা নাই, সেয়ে সেই খামখেয়ালিবোৰ আৰু বেছি বঢ়াবলৈ, মই এই নতুন ধৰ্মটো প্ৰৱৰ্তন কৰিলো। বৰ সুন্দৰ, সস্তা আৰু টিকাও ধৰ্ম, আপোনালোকে গ্ৰহণ কৰিলে আৰাম পাব।

সবিশেষ নকও, কিন্তু এটা কথা জানি থওক, মই আজি প্ৰৱৰ্তন কৰা ধৰ্মটোৰ ভগৱানজনৰ নাম "কণপাই"। আৰু ধৰ্মটোৰ নাম "কণপাইজম!"

হাঁহিছে কিয়? কি হ'ল? - ভগৱানৰ এনেকুৱা নাম থাকিব নোৱাৰে নেকি? ভগৱানৰ নাম সংস্কৃত, আৰৱী, হিব্ৰু, বা লেটিন ভাষাতেই হব লাগিব বুলি কি কথা আছে? মই নিজে বুজা ভাষাটোত ভগৱানৰ নাম ৰাখিছো, তাতে কি হ'ল আপোনাৰ?

স্বাস্থ্য ৰক্ষা!

বয়স হোৱাৰ সকলোতকৈ নিৰ্ভৰযোগ্য চিন হ’ল – স্বাস্থ্যৰ প্ৰতি সজাগতা। বয়স বাঢ়ি অহাৰ লগে ৰাইজে অসু্খ বিসুখ হওক বা নহওক, স্বাস্থ্য বোলা বস্তুটোক লৈ বেছিকৈ মাথা মৰা দেখা যায়। শকত হৈছো নে ক্ষীণাইছো, বিপি, চুগাৰ ঠিকে ঠাকে আছেনে নাই, চাল সোঁতোৰা পৰিছে নেকি? ডিহাইডেছন হৈছে নেকি? সুষম খাদ্য, তেল কম , চেনী কম!

মুঠতে ডেকা আৰু বুঢ়াৰ মাজত সেইটোকে মুল পাৰ্থক্য বুলি কব পাৰি। ডেকাকালত মানুহে স্বাস্থ্য ধ্বংস কৰিবলৈ পাৰেমানে সকলো কৰে, আৰু বুঢ়া বয়সত সেই ভগ্ন স্বাস্থ্য উদ্ধাৰ কৰিবলৈ। যিদিনাৰ পৰাই আপুনি স্বাস্থ্য ভালে ৰাখিবলৈ চেষ্টা কৰা আৰম্ভ কৰে, সেইদিনাৰ পৰাই, লাগিলে আপোনাৰ বয়স যিয়েই নহওক, আপুনি বুঢ়া হোৱা বুলি ধৰিব পাৰি। কথাটোত আন এটা যুক্তিও আছে, স্বাস্থ্যৰ প্ৰতি মন কৰিলেই আপুনি ডেকা কালত কৰিবলৈ মন যোৱা প্ৰায় সকলো কামেই বাদ দিব লাগিব, গতিকে প্ৰেক্টিকেলী আপুনি বুঢ়া হবই লাগিব।

আহক, লেঠা লগাও

ৰাইজে অলপ অচৰপ বুজি উঠিছেই হয়তো, কণপাই ধৰ্মী সকলৰ মূল কাম হ'ল- সকলোতে লেঠা লগোৱা। লেঠা লগাই ফুৰাই এই ধৰ্মৰ মূলমন্ত্ৰ। ধৰক কোনোবাই ক'লে- "বাটে ঘাটে মুত্ৰ বিসৰ্জন নকৰিব" - বচ আৰু কি লাগে? কণপাই সকল জঁপিয়াই পৰিব তাত। কিয় নকৰিম? এয়া এক প্ৰাকৃতিক আহ্বান! চৰকাৰে তেনে দহফুটৰ মুৰে মুৰে টইলেট সাঁজি দিয়া নাই কিয়? চৰকাৰ হায় হায়! মু্ত্ৰ বিসৰ্জন আমাৰ অধিকাৰ, সংবিধান সংশোধন কৰি মুত্ৰ বিসৰ্জনৰ অধিকাৰক মৌলিক অধিকাৰ কৰিব লাগে। হেনহে তেনহে!

এইবিলাক বিতৰ্কৰে আচল সমস্যাবোৰৰ পৰা মনোযোগ আঁতৰাই ৰখাৰ লগতে ৰাইজৰ মনোৰঞ্জনো কৰি থকা কণপাইজমৰ অন্যতম বৈশিষ্ট।

অপদাৰ্থ বিজ্ঞান পৰিচয়, প্ৰথম ভাগ

=পাতনি=

সমগ্ৰ পৃথিৱী নহয় এই বিশ্ব ব্ৰহ্মাণ্ডতে যত বয় বস্তু বা পদাৰ্থ আছে তাক সামৰি, পঢ়ি, শুনি, পৰীক্ষা কৰি, তাৰ বিষয়ে কিছুমান দাঁত ভঙা নীতি নিয়ম, সূত্ৰ আদি বনাই থকা বিজ্ঞান বিধকে পদাৰ্থ বিজ্ঞান বোলে। আমাৰ এই পদাৰ্থবোৰৰপৰাই এল্গিৰপৰা আৰম্ভ কৰি পথালিচকুৱাকে ধৰি নেবুলা, নিহাৰীকালৈকে সকলোৰে সৃষ্টি। দুনীয়াৰ পদাৰ্থ বিজ্ঞানীসোপাই এচি ৰূম বা লেবেৰেটৰীত বহি এই পদাৰ্থবোৰক খোঁচা বিন্ধা কৰি দাঁত ভঙা নীতি প্ৰয়োগ কৰি, এই পদাৰ্থবোৰৰ ধৰ্ম, ব্যৱহাৰ আদিৰ বিষয়ে নানান তথ্য বিচাৰি উলিয়াই হায়াৰ চেকেণ্ডেৰী পঢ়ি থকা ল’ৰা ছোৱালীবোৰক হাৰাশাস্তি কৰে যদিও, পদাৰ্থৰ গুৰুত্ব অপৰিসীম। এফাল যদি ঈশ্বৰ কণা, আনফালে কৃষ্ণ গহ্বৰ, সকলো পদাৰ্থৰে মায়া। সেয়ে পদাৰ্থৰ বিষয়ে জ্ঞান লোৱা অতি আৱশ্যক, সেয়ে আজি তিনিশ বছৰ ধৰি মানুহে হোৱাই নোহোৱাই পদাৰ্থ বিজ্ঞানৰ ওপৰত লাখে লাখে কিতাপ লিখিছে। কোনোবাই আকৌ পদাৰ্থৰ জাত শতৰু প্ৰতি-পদাৰ্থও বিচাৰি উলিয়াইছে। আজি এজনে কিবা এটা হয় বুলি প্ৰমাণ কৰি নোবেল বঁটা লৈছে; কাইলৈ আকৌ আন এজনে তাকে নহয় বুলি প্ৰমাণ কৰিবলৈ আহোপুৰুষাৰ্থ কৰিছে আৰু শেষত গৈ সেইজনেও নোবেল বঁটা লৈ গহীনত বহি আছে। মুঠতে পদাৰ্থ বৰ দৰকাৰী বস্তু আৰু মানুহে তাক যথোপযুক্ত গুৰুত্ব দিয়াতো আজিলৈকে কৃপণালি কৰা নাই।

কিন্তু পদাৰ্থৰ সামনেই আন এটা গুৰুত্বপূৰ্ণ বস্তু আমাৰ চকুৰ আগতে কিলবিলাই ফুৰিছে, সেই বিষয়ে মানুহৰ কাণষাৰ নাই। এইবিধৰ গুৰুত্বও মানৱ জীৱনত আৰু সভ্যতাত পদাৰ্থতকৈ কোনো গুণে কম নহয়। কিন্তু দুখৰ বিষয় এই বস্তুটোৰ ওপৰত আজিলৈকে যথোপযুক্ত গৱেষণা হোৱা নাই। গতিকে অমুকাই, মানৱ জাতিয়ে কৰা এই মহাভুলৰ প্ৰতিকাৰ কৰোঁ বুলি লৈ, আজিৰপৰা বিজ্ঞান অধ্যয়নৰ এটি নতুন শাখা আৰম্ভ কৰিছো। শাখাটোৰ নাম –“অপদাৰ্থ বিজ্ঞান”। এই বিজ্ঞানৰ মূল উদ্দেশ্য হ’ল – আমাৰ আগে পিছে, তলে ওপৰে, সোঁৱে-বাঁৱে যিমানবোৰ অপদাৰ্থ আছে, সেইবিলাকৰ গুণ, নাম, ধৰ্ম, ব্যৱহাৰ, উৎপত্তিত কাৰণ আদি বিচাৰ, বিশ্লেষণ কৰা আৰু সেইবিলাকৰ উপকাৰিতা-অপকাৰিতা আৰু ব্যৱহাৰৰ সময়ত ল’ব লগা সাৱধানতাসমূহৰ বিষয়ে মানৱ জাতিক জ্ঞান দিয়া।

=অপদাৰ্থৰ সংজ্ঞা=

The reasons why I hate snakes;

1. It doesn't have a brain, however, it gives final judgment of life or death to anyone it wants.

2. It can't see properly, it thinks everything small is food, everything big is an enemy.

3. Though it has a physical spine, that is practically useless, it can twist and turn itself the way situation needs.

4. It is exceptionally silent, a stealth predator

5. It stays in places u least want it to stay, maybe in ur bedroom. But if u go there, he kills u instantly.

6. Its bite is fatal, but the victim hardly has the time to react, even feel the pain. It doesn't give u scope or chance to justify urself.

7. Its is so scared of everything that it bites u, even if u were there to help it, or u r just an innocent toddler playing in the garden.

8. It is always hiding from the public eye.

9. It can open it's mouth as much it wants, so mostly bites more than it can swallow

10. Given a ladder, it can climb very high.

Now the fact is that I am more or less OK with the real snakes, despite having so many drawbacks, it helps in maintaining ecological balance, and sometimes in controlling population too
My problem is with the snake-like people.

==এডাল মালা আৰু এজন ওখ মানুহ==

এসময়ত এখন প্ৰাচীন ফুলনি আছিল, অতি প্ৰাচীন। তাত নানান ৰঙৰ ফুল নিজ ইচ্ছাৰে নিজ সময়মতে ফুলি আছিল। ফুল দেখি ভোমোৰাও আহিছিল, কেতিয়াবা উদঙীয়া গৰু সোমাইছিল, কোনোবা হিংসাকুৰীয়া মানুহে কেতিয়াবা এনেই কোবাই ফুলনিখন তহিলং কৰিছিল। এসময়ত এনে এটা দিন আহিল যে, অত্যাচাৰীবোৰে ফুলবোৰক নিজৰ মতে ফুলিবলৈকে নিদিয়া হ’ল- এটাই বোলে ধেই এইটো ৰঙ ভাল নহয়, তই ৰং সলাই বগা হ। আন এটাই বোলে ইমান অকণমানি ফুল হলে কিডাল হব। ডাঙৰ হব লাগে, ইমাআআআআন... ডাঙৰ হব পাৰিলেহে ফুল, নহ’লে কিটো হব? ফুলবোৰে বুজিয়েই নোপোৱা হ’ল- কি ভাল কি বেয়া। বহুদিন ফুলবোৰ আনৰ ইচ্ছা আকাংখ্যা পুৰা কৰিয়ে চলি আছিল। উত্থান পতন বহুত আহিল, কিন্তু শেষত যেনেকৈয়ে নহওক, ফুলবোৰে এসময় নিজৰ ইচ্ছাৰে ফুলাৰ অধিকাৰ পালেগৈ।

এজন বৰ ওখ মানুহ আছিল, পৃথিৱীৰ সকলোতকৈ ওখ মানুহ। কিছুমানে মিলি তেওক দ্বায়িত্ব দিলে বোলে- নাই, ফুলসোপা এনেকে থকা ভাল হোৱা নাই। তুমি ফুলবোৰেৰে এধাৰ মালা গাঁঠা। মানুহজন কিন্তু বৰ হিম্মত থকা মানুহ আছিল, মালা গাঁঠিম বুলি থিৰ কৰিলে যি, এদিন গাঁঠিহে এৰিলে। বৰ জাকত জিলিকা, দহো ৰাইজে জনা মালা এডাল হ’লগৈ সেইডাল। দুই এপাহ ফুলে অৱশ্যে মালাত নোলমো, অকলেই ফুলিম বুলি হেঁহো নেহো কৰিছিল; কিন্তু ওখ মানুহজনৰ একে ধমকিতে চুপ থাকিল। গৰিষ্ঠসংখ্যক ফুলেই মালাডালৰ অংশ বুলি পৰিচয় দিবলৈ ভাল পোৱা হ’ল। মালা ডাল হোৱাত বৰ ভাল হ’ল। সকলোৱে সজ সজ বুলিলে।

Tuesday, December 18, 2018

মৰমৰ হীমা

                                        
  


                                        ॐ শ্ৰীহৰি 
 
 
মৰমৰ হীমা,

মৰম লবি। বহুদিন তোৰ খবৰ বাতৰি পোৱা নাই। এই আপদীয়া মোবাইল নে ফোবাইলটো তোলে লগাই দিবলে মই বাপেৰক কৈ কৈ হাৰি গৈছো। তই হেনো মোবাইলে ঢুকি নেপোৱা ঠাইত আছগৈ, কিবা বিদেশ নে কি? হেৰৌ আজিকালিৰ যুগতো এনেকুৱা পিছপৰা ঠাই আছেনে, যে মোবাইল ফোনো নেবাজে! সেইবোৰ ঘোকোট ঠাইলে কেলেনো যাব লাগে মই তাকে বুজি পোৱা নাই। ইফালে মই মানুহজনীৰ চিন্তাত টোপনি নাই, ভাতমুঠিও পেটলে নোযোৱা হৈছে। সেইকাৰণে হৰেণক কৈ চিঠিখনকে লিখাইছো। চিঠি পালেই উত্তৰ দিবি।
বাৰু সেইবোৰ বাদ, তোৰ ভালেই চাগে। আজি ইমানদিন হ’ল, দং দংকে গাভৰু ছোৱালীজনী ঘৰত নাই, কত কি কৰি আছগৈ মই গম নেপাও, চিন্তা নহবনে মোৰ? পিছে মোৰ কথা শুনে কোনে? মাৰ বাপেৰ কেইটাও সেই- হেৰৌ গাভৰু ছোৱালীজনীক এনেকে অকলে অলৈ তলৈ পঠাই দিব লাগে নে? তেহেলে চৰকাৰেই নকওক কিয়? নাই নুবুজে কোনেও, তয়ো নুবুজ। মই বুঢ়ীজনীয়ে আজিও সকলো ফালে চাব লাগে।

Friday, December 14, 2018

#কণপাইজম


 


আজি গধূলি বিশেষ কৰিব লগা কাম নাছিল। দিনৰে ডাইল, ভাজি আছেই, ভাত কেইটা পাতি দিলেই হ'ল। গতিকে এনেই থকাতকৈ নতুন ধৰ্ম এটাকে প্ৰৱৰ্তন কৰি পেলালো। 

আচলতে আজিকালিৰ এই ধৰ্মক লৈ চলি থকা খাম খেয়ালিবোৰ মোৰ ভাল লগা নাই, সেয়ে সেই খামখেয়ালিবোৰ আৰু বেছি বঢ়াবলৈ, মই এই নতুন ধৰ্মটো প্ৰৱৰ্তন কৰিলো। বৰ সুন্দৰ, সস্তা আৰু টিকাও ধৰ্ম, আপোনালোকে গ্ৰহণ কৰিলে আৰাম পাব।

সবিশেষ নকও, কিন্তু এটা কথা জানি থওক, মই আজি প্ৰৱৰ্তন কৰা ধৰ্মটোৰ ভগৱানজনৰ নাম "কণপাই"। আৰু ধৰ্মটোৰ নাম "কণপাইজম!"

=স্বাস্থ্য ৰক্ষা=


বয়স হোৱাৰ সকলোতকৈ নিৰ্ভৰযোগ্য চিন হ’ল – স্বাস্থ্যৰ প্ৰতি সজাগতা। বয়স বাঢ়ি অহাৰ লগে ৰাইজে অসু্খ বিসুখ হওক বা নহওক, স্বাস্থ্য বোলা বস্তুটোক লৈ বেছিকৈ মাথা মৰা দেখা যায়। শকত হৈছো নে ক্ষীণাইছো, বিপি, চুগাৰ ঠিকে ঠাকে আছেনে নাই, চাল সোঁতোৰা পৰিছে নেকি? ডিহাইডেছন হৈছে নেকি? সুষম খাদ্য, তেল কম , চেনী কম! 

মুঠতে ডেকা আৰু বুঢ়াৰ মাজত সেইটোকে মুল পাৰ্থক্য বুলি কব পাৰি। ডেকাকালত মানুহে স্বাস্থ্য ধ্বংস কৰিবলৈ পাৰেমানে সকলো কৰে, আৰু বুঢ়া বয়সত সেই ভগ্ন স্বাস্থ্য উদ্ধাৰ কৰিবলৈ। যিদিনাৰ পৰাই আপুনি স্বাস্থ্য ভালে ৰাখিবলৈ চেষ্টা কৰা আৰম্ভ কৰে, সেইদিনাৰ পৰাই, লাগিলে আপোনাৰ বয়স যিয়েই নহওক, আপুনি বুঢ়া হোৱা বুলি ধৰিব পাৰি। কথাটোত আন এটা যুক্তিও আছে, স্বাস্থ্যৰ প্ৰতি মন কৰিলেই আপুনি ডেকা কালত কৰিবলৈ মন যোৱা প্ৰায় সকলো কামেই বাদ দিব লাগিব, গতিকে প্ৰেক্টিকেলী আপুনি বুঢ়া হবই লাগিব। 

Saturday, December 1, 2018

=টইলেট, এক সৃষ্টিশীলতা=

নিজৰ পইচাৰে খাই-বই জীয়াই থকা জীৱনটোতে মই যে দেশ, জাতি, মাটি, ভেঁটি, সাহিত্য, কলা, সংস্কৃতি, আৰু অভাৰ অল মানৱ জাতিৰ কল্যাণৰ অৰ্থে যিমানবোৰ বাম্পাৰ বাম্পাৰ আইডিয়া উলিয়াইছো, সেই আইডিয়াবোৰৰ কেৱল নামবোৰ লিখি গ’লেও এখন মিডিয়াম চাইজৰ মহাকাব্যই হবগৈ।

আজি পূৱাৰ কথাকে কও,

চাহ কাপ খাই উঠাৰ লগে লগে মোৰ বৰ জোৰকৈ লাগে,  দৌৰ মাৰিবলাগে। আকৌ সেইখিনি সময়তে মোৰ সৃষ্টশীলতা, সামাজিক দ্বায়িত্ব আদিও জোৰকৈ 'লাগে'।

আজি তেনে  সময়চোৱাত মোৰ অসমীয়া চিনেমাৰ দূৰ্গতিৰ কথা মনত পৰি বুকু বিষাই উঠিল। নাই এনেকৈ নহব, আনৰ ওপৰত ভৰষা কৰি লাভ নহব। মই নিজেই কিবা এটা কৰিব লাগিব। চিনেমা বনাব লাগিব! প্ৰথমমতেই স্ক্ৰীপ্টখন লিখি লও। এলাপেচা চিনেমা নহয়, অস্কাৰ, কাঁ ৰ তলত নেভাবোয়েই। কাহিনী হব মামনি বাউদেউৰ “উদয়ভানু চৰিত্ৰ”। অসমীয়া মানুহে নেচায়, নেলাগে চাব। মোৰ টাৰ্গেট অডিয়েন্স হব, ইউৰোপ আৰু দক্ষিণ আমেৰিকা, তেওলোকে উদয়ভানুৰ শিল্পীসূলভ ইডিয়’ চিংক্ৰেচী তেওলোকৰ পচণ্ড হব। তাতে উদয়ভানু চিত্ৰকৰ! আস!!! আৰু কি লাগে?

=অকবিতা=

(১) = প্ৰেম=
মোলৈ হোৱাটএপচ কল কৰিবা সোণজনী;
মোৰ প্ৰিয়তমা পত্নীয়ে,
ফোনটো এনগেজ থাকিলে 
সন্দেহ কৰে!

(২) =ভোক=
আস! ভোকৰ কি যান্ত্ৰণা!!
ইফালে ঘৰত মেগী এপেকেটো নাই।
কাষৰ ঘৰৰ খুড়ীয়ে
চাহ খাবলৈ মাতিব বুলি
বাট চাই থাকোতে,
বেলি দেখোন মুৰৰ ওপৰেই পায়।
খুড়ীওচোন আজি,
বাৰান্দালেকে ওলোৱা নাই।

= এসন্ধিয়া মহাকাব্য=


আজি সন্ধিয়া বজাৰলৈ গ'লো,
ঘৰত কেইটামান বেচিক বস্তুয়েই নাই,
পটেছৰিজনীও গুৱাহাটীত, 
কি কৰি আছে নেজানো পাই!
পকেটো খালি,
নাই মানে, দহ টকাও নাই।
এটিএমত সোমালো,
সেইটোৰ স্ক্ৰীণ দেখোন একেবাৰে ক'লা যি ক'লাই!
আকৌ বেয়া হ'ল হবপায়!
আমাৰ ইয়াত ডিজিটেল ইণ্ডিয়া তামাম হাই ফাই!
এটাই মাথো এ টি এম,
তাৰো ঘেণ্টা সদায় চিগো চিগো চিলাই!
উপায় নাই!
নাৰায়ণেই সাৰথি ভাই।
তাৰ দোকানলৈ গৈ ইম্পৰেছন জমাই ক'লো
- "কস্ত ছ' দাঈ?
হামকো পেইচা ঔৰ চামান দোনো চাহিয়ে?
দেনা হেঁ তো দো,
নহ'লে গিৰিধাৰী হেঁ দুচৰা উপায়"

=ক্ৰিঞ্জ=

ইংৰাজীত cringe pop বুলি এটা শব্দ আছে। আজিকালি বহুতেই ইয়াক সংগীতৰ এক ধাৰা বা genre বুলি কব খোজে। ৱিকিপেডিয়াত ইয়াৰ অৰ্থটো সৰল ভাৱে এনেকৈ দিয়া আছে- so bad that you cannot stop watching them, অৰ্থাৎ ইমানেই বেয়া, ইমানেই বেয়া যে আপুনি নুশুনি বা নেচায় নোৱাৰো। এইবোৰ গানৰ কথা, সুৰ, তাল মান ভিডিঅ সকলোফালেই তথৈবচ হোৱা প্ৰয়োজনীয়। শুনি আপোনাৰ বমিৰ ভাৱ আহিলেহে সেই গানটোৱে ক্ৰিঞ্জ পপৰ খিতাপ পাবলৈ সক্ষম হয়।

এই ধাৰাৰ সংগীতৰ জন্মদাত্ৰীৰ সন্মান দিয়া হয় আমেৰিকাৰ ৰেবেকা ব্লেক নামৰ এগৰাকী সুন্দৰীক। তেও ২০১১ চনত মুক্তি দিয়া ফ্ৰাইডে নামৰ গানটোৱে মানুহক ইমানেই বিৰক্ত কৰিছিল যে তেওক কেইবাবাৰো হত্যাৰ ধমকি দিয়া হৈছিল। ৰেবেকাৰ পাছত এই ধাৰাটোৰ ধ্বজা বহন কৰি ইয়াক খ্যাতিৰ শিখৰলৈ লৈ যায় পাকিস্তানৰ তাহিৰ শ্বাহ আৰু আমাৰ ভাৰতবৰ্ষৰ জেচিন্থা মৰিচ, ভীম নাৰুলা আদিয়ে। ভাৰতৰ শ্ৰে‍‍ষ্ঠতম আৰু সকলোতকৈ জনপ্ৰিয় ক্ৰিঞ্জ শিল্পী হ'ল আমাৰ অতি আদৰৰ, অতি হেঁপাহৰ গানৰো গানৰ, প্ৰাণৰো প্ৰাণৰ "ধিনচাক পূজা"। আজিৰ দিনত যদি আপুনি ধিনচাক পূজাৰ গান বা নাম শুনা নাই তেনে আপোনাৰ জীৱনেই বৃথা বুলি কব পাৰি। আন কে'চ বিলাকত অসম আনঠাইতকে বিশ বছৰৰ মান পিছুৱাইত থকিলেও, cringe pop ৰ ক্ষেত্ৰ কিন্তু বিশ্বৰ যিকোনো ঠাইৰ লগতে টক্কৰ দিব বহুকেইজন স্বনামধন্য শিল্পী আমিও জন্ম দিব পাৰিছো। গৌৰৱ কৰিবলগীয়া কথা।

=গাঁওবুঢ়াৰ চোতালত=( 'ফটাঢোল' ডিচেম্বৰ-২০১৮ সংখ্যাত প্ৰকাশিত)




গোটেই গাঁওখন আজি গাঁওবুঢ়াৰ চোতালত উবুৰি খাই পৰিছেহি। ওচৰ কেইঘৰৰ কথাই নাই, একেবাৰে সিমুৰৰ চেঁচুক বাঁহনিখনৰ তলৰ কেইঘৰ, ধোবাৰ কাম কৰা পৰশুৰাম, মৈমনসিঙৰ পৰা আহি গাঁৱে গাঁৱে হাজিৰা কাম কৰা কামালুদ্দিন, চাউলৰ মিলৰ মহৰী ভজহৰিৰ লগতে নামনিৰ পৰা উঠি অহা বিকৰ্ণ বসুমতাৰীৰ পৰিয়াল, গাহৰি মাংস নহ’লে এসাজো পেটলে নেযোৱা ধনেশ্বৰ গগৈ, গাহৰি খাই ধনেশ্বৰে গাঁওখনৰ জাত-পাত মাৰিলে বুলি মত পোষণ কৰা বিজয় মহন্ত মাষ্টৰ, মুঠতে গাঁৱৰ সকলো Who’s Who আজি গাঁও বুঢ়াৰ চোতালত পাটি পাৰি বহিছেহি। নবহিবনো কিয়? আজি গাঁওবুঢ়াই ৰাইজৰ সৈতে ‘মন কী বাত’ কৰিব বোলে। গাঁওবুঢ়াক ভাল নোপোৱা মানুহ গাঁওখনত নাই। লোদোৰ পোদোৰকৈ সভাশুৱনি মানুহজনে আজিলৈকে কাকো খঙেৰে মাত এষাৰ দি পোৱা নাই। এইহেন পদৱীত থাকিও মানুহজনৰ গপ ভেম বোলা বস্তুটো নাই, মুখৰ পৰা ভগৱানৰ নাম নুগুচেই। বয়সত অলপ ডেকাচানেকীয়া হ’লেও গাঁওবুঢ়াৰ ব্যক্তিত্ব কিন্তু সকলোকে মুহিব পৰা, কি ল’ৰা, কি বুঢ়া সকলোৰে প্ৰিয় তেওঁ। আনকি তেখেতে গাঁওবুঢ়া নিৰ্বাচিত হোৱাৰ সময়ত গাঁৱৰ কেটেঙ মেটেঙ, মূৰ খুৰোৱা গায়ক এজনে গান এটাও লিখিছিল, বৰ জনপ্ৰিয় হৈছিল গানটো। মুঠতে ক’বলৈ গ’লে গাঁওখনত সকলোফালে আনন্দময় পৰিবেশ আজি।

Friday, October 12, 2018

প্ৰফাইল বিচাৰ (সংকলন আৰু সম্পাদনা) - (ফটাঢোল আলোচনীৰ 'জুলাই-২০১৭ সংখ্যাত প্ৰকাশিত)

আগতে কোৱা গৈছিল- “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়”; কিন্তু আজিকালি এই বাক্যটো – “আপোনাৰ ফেচবুক প্ৰফাইলেই আপোনাৰ পৰিচয়”- বুলি ক’লেহে যথোপোযুক্ত হব বুলি ভাৱ হয়। চৰিত্ৰ বিচাৰৰ এই নব্য-ধাৰাৰ লগত সংগতি ৰাখি এই ফটাঢোলৰ পৃষ্ঠপোষক সকলে কম্পিউটাৰ প্ৰগ্ৰেমৰ জৰিয়তে ফে’চবুক প্ৰফাইল বিশ্লেষণৰ বাবে প্ৰচেষ্টা চলাই আহিছে। যি কোনো ব্যক্তিৰ ফেচবুক প্ৰফাইলৰ লিংকটো এই ছফটৱেৰে পোৱাৰ লগে লগে – সেইজনাৰ ইতিবৃত্ব, চৰিত্ৰ, স্বভাৱ, বেকগ্ৰাউণ্ড আদি সকলো ফটফটীয়াকৈ ওলিয়াই পেলায়।
এই ছফটৱেৰৰ সহায়ত বিশ্লেষণ কৰে কেইটামান প্ৰফাইল বিচাৰ এই শিতানত সন্বিৱিষ্ট কৰা হৈছে।

(বি. দ্ৰ. :- কানি মুণি বাই বাই, কাৰোবাৰ গাত লাগিলে আমাৰ গাত দোষ নাই, সকলো দোষ সেই ছফটৱেৰটোৰ)

অতিথি নং ১:- শ্ৰী ডেমকেয়াৰ দত্ত