Sunday, June 21, 2026

খুতৰা

বৰমা জনী ধুনীয়া!

বৰ ভালে লাগে ফুটুকীৰ,
তায়ো ডাঙৰ হ’লে বৰমাৰ সমান ধুনীয়া হব খোজে,
বগা, গোল মুখখনৰ বহল কপালত
দগমগীয়া সেন্দুৰৰ ফোঁট!
×××
একুঠলীয়াই ঘৰ!
হেৰৌ!
অকলশৰীয়া মানুহক আৰু কিটোনো লাগে?
বেৰ-মজিয়া- চোতাল চিকিচিকীয়াকৈ নিজেই লেপে,
ছালখন পচিলেহে,
গাঁৱৰ কোনোবা এটাক পাচিব লাগে।
টকৌপাত ঘৰতে,
জাতিবাঁহ দুজোপাও
চুকতে;
কোনোবা এটাই সময় উলিয়াই বাতি থৈ যায়।
হাঁহদুটা বেচি দিলেই বাকী লগাবোৰ,
হৈ যায়।
চলি যায়!
"চাউলকেইটাচোন নতুন ঘৰৰ পৰাই আহে,
থাকিল শাক-পাতহে!
এজনীয়া চৰুৱেচোন বাৰীখনকে ঢুকুৱাব নোৱাৰে।“
কথাখিনি ফুটুকীক কয় বৰমাই।

ভয়ে ভয়ে সুধিছিল- ফুটুকীয়ে,
“বৰমা তুমি ভাত খোৱানে?”
“কেলৈ নেখাম হেৰৌ!
শাখিনীজনীয়ে আঁহুদি কৰিলে বুলিহে;
পো-পোৱালী তেৰাৰ ইচ্ছাই নহয় জানোঁ-
নিদিলে! অঁ! নিদিলে!
তাৰে সুবিধাতে,
মোৰ বুকুত শেল মাৰিলে ঔ- শেল মাৰিলে!
শাখিনীয়ে।
নহলে?
নকৈছোনে??
মাটিত থ’লে পৰুৱাই খায়, মুৰত ল’লে ওকনিয়ে খাই
হেনকৈ ৰাখিছিল মোক বৰবাপেৰে!”
ফুটুকীয়ে বৰমাকলৈ চায়-
ধুনীয়া বৰমাজনী!
আটোলটোলকৈ ৰাখে নিজকে;
কোনে কব ভৰ বয়সতে গিৰিৰ এলাগী,
চকুৰ আগতে লাগীৰ সংসাৰ লহপহকৈ বঢ়া দেখা,
এইজনীয়ে মানুহ বুলি!
সঁচাকৈ ধুনীয়া বৰমাজনী।
×××
কাঠবাঁজী হেনো অমংগলীয়া-
মুখ চাব নেপায় পূৱা!
ফুটুকীও লুকাইহে আহে বৰমাকৰ ঘৰলৈ।
“পিছে গুপুত কথাটো কি জান নে ফুটুকী?
মোলৈ টানটো আজিও কমা নাই!
কিবা এটা পালেই,
মনে মনে,
পিৰালিতে থৈ যায়,
ময়ো নেদেখাকে!
সিদিনা কাৱৈ মাছ দুটা
- পৰহি খুতৰা এমুঠি,
বজাৰ বাৰৰ দিনা আকৌ,
মই ভাল পোৱা
জেলেপী।
থৈ যায়, বুইছ’,
মনে মনে থৈ যায়!
মই জানিও নজনা কৰোঁ- কিয় নকৰিম?
মৰম আছে যদি দেখুৱাই কৰা-
লুকুৱাই কি মোৰ বুকু জিনিবা?
পিছে মানুহটোৰ ভয় বেছি-
আৰু বোলে আহুদিৰ ভাঁপ বোলে জীৱনলৈ নেযায়!
মোকনো আৰু কিটো সুখ লাগে অ’ ফুটুকী!
তই আকৌ সোধ,
মই ভাত খাও নে নেখাও!”
বৰমাকে আকাশলৈ চাই মিচিকিয়াই।
বৰমাকৰ হাতখন ধৰি থকা ফুটুকীৰ মুঠি টান হৈ পৰে।
বৰমাকে ভাত খাবলে নেপায় বুলি
ভয়তে,
ঘৰৰ পৰা মনে মনে ইটো সিটো আনি,
কোনেও নজনাকে বৰমাকৰ পিৰালিত থৈ যোৱা কণমাণি ফুটুকীয়ে,
বুজিকে নেপায়!
কামটো তাই ভালেই কৰিলেনে?
ভগৱানে কিজানি চুৰ কৰা বুলিয়ে লিখি থৈছে হিচাপত?

বি. দ্ৰ. : কবিতাটি অসীমা দত্ত শইকীয়াৰ এটি গল্প (নে বাস্তৱ কাহিনী) ৰ ওপৰত আধাৰিত- এনে এটা মনোগ্ৰাহী সংবেদনশীল কাহিনীৰ বাবে অসীমালৈ অশেষ ধন্যবাদ, লগতে সৃষ্টিৰ এই প্ৰেৰণাখিনিৰ বাবে কৃতজ্ঞতা

ফেচবুকৰ কিছু মন্তব্য
Apurba Baruah কিবা হমহমাই গ'ল অ'। সঁচা কথাৰ কিযে কাব্যিক প্ৰকাশ । Runumoni Dutta Bhuyan বৰ ধুনীয়াকৈ লিখিলি। বুকুখন কিবা খুন্দা মাৰি ধৰিলে। বৰ্ণালী ফুকন অসীমা দত্তই লিখোতেই ভাবুক হৈ পৰিছিলোঁ৷হৃদয়ত গৈ দুখ এটাই খুন্দিয়াই ছিল৷পুনৰ দুখটোৱে কষ্ট দিলে৷বৰ সুন্দৰকৈ প্ৰকাশ কৰিলে৷ Silpasree Das দুয়োটাই বৰ ভাল লগা। Krishna Kakoli ফুটুকীজনী ইমান অনুভৱী। অসীমা শইকীয়া দত্ত ভাল লাগিল কবিতাটো। Anuradha Kashyap তেনেকুৱা ' বৰমাক ' বহুত আছে! ফুটুকীজনী বিচাৰি পাবলৈ টান...দুচকু ভৰি আহিল! অসীমা দত্তলৈ কৃতজ্ঞতা প্ৰকাশ কৰিও আপোনাৰ স্বকীয়তাক … See more Modhusmita Goswami বৰ ভাল লাগিল Nayan Dev Choudhury ভাল লাগিল। জাহানাৰা ইয়াছমিন অপূৰ্ব৷ Rita Khanikar অসীমাৰ সেই লেখাটো পঢ়িছোঁ। বৰ অনুভৱী তাই। Urbashi Lekharu Borgohain Disang পঢ়িছো অসীমাৰ লেখা মই বিভিন্ন একাকী মানুহকো পঢ়িবলৈ কওঁ, কেতিয়াবা কন্দোৱাব, কেতিয়াবা হহুৱাব আৰু কেতিয়াবা ভাবোক কৰি থৈ যায় তাই শব… See more DrDebashis Baruah মূল লেখাটো পঢ়া মনত পৰে। কিন্তু আপুনি যিটো কাম কৰিলে, মানে content টো একেই ৰাখি তাৰ form টো পৰিবৰ্তন কৰিলে, সি অন্তৰ চুই গ'ল। অ… See more Mahanta Usha সুন্দৰ প্ৰকাশ Dipanjali Dipti Dutta বৰ ভাল লাগিল। আৱেগিক হৈ পৰিলোঁ ।আগতে অৱশ্যে পঢ়িছোঁ Moni Kataky Rabha অসীমা বাৰ সকলো‌ লেখাই সহজ- সৰল মনত সাঁচ বহুৱাই যোৱা ধৰণৰ ❤️❤️ Pori Saikia পঢ়ি খুউব ভাল লাগিল।মন চুই গ'ল বনশ্ৰী চমুৱা · দুবাৰ পঢ়িলো। মন ভৰি গল পঢ়ি। হৃদয়স্পৰ্শী বৰ্ণনাৰে ভৰপূৰ এটি কাহিনী Aditi Goswami অন্তৰ চুই গ'ল। কি সুন্দৰ উপস্থাপন! মানসী শৰ্মা হয় বহুত ভাল লাগে তেখেতৰ লেখা। Ranju Medhi সহজ সৰল ভাষা বহুত ভাল লাগিছে । Rupshree Saikia কাহিনী একেটাই,প্ৰকাশ ভংগী বেলেগ । ফুটুকীৰ সৰু অন্তৰ খন কোমল আৰু বিশাল বৰমাই কেতিয়াও প্ৰকাশ কৰিব নিবিচাৰা দুখবোৰৰ তাইৰ আন্তৰিক… See more Pritee Boruah বৰ ধুনীয়া হৈছে 😊 Mina Devi অসীমা শইকীয়াৰ লেখাটো পঢ়োতেও বুকুখন খুন্দা মাৰি ধৰিছিল, আৰু এতিয়াও। Malini Saikia মন চুই যোৱা অনুভৱ Anju Rajkhowa এক অপূৰ্ব কাহিনী Ani Borah ভাল লাগিল। Deepamoni Bhorali ভাল লাগিল । Arpana Talukdar পঢ়িছিলো অসীমাৰ তাত ,তথাপিও চুই গল আকৌ এবাৰ Rùnú Dèví ভাল লাগিল। Pranati Bhuyan ইমান গভীৰ অনুভৱ। Rita Saikia বৰ সুন্দৰ । Juri Deka খুব সুন্দৰ Pranita Sarma অপূৰ্ব 👌💕 Abhamoni Saikia কেইবা বাৰো পঢ়িলো অতি সুন্দৰ প্ৰকাশ Haresha Rahman অসীমাৰ লিখা বহুত পঢ়িছিলোঁ। এতিয়াও যি পাও তাকেই পঢ়ো ভাল লাগে। আজি তেওঁৰ লিখনি আপোনাৰ হাতৰ লিখনিত নতুন ৰূপত পঢ়ি আপ্লুত হলো। Nibedita Baruah ইমান যে ধুনীয়া। মন চুই যোৱা কাহিনী। Pallabi Bhuyan সুন্দৰ। Mamoni Barman সুন্দৰ Renuka Das অসীমা শইকীয়া দত্ত যাৰ হৃদয়খন গভীৰ অনুভুতিৰে ভৰা তাইৰ লিখনীয়ে কন্দুৱাই, হহুৱায় মনৰ ভিতৰত হেন্দলনি তুলি থাকে.. Lakhyahira Saikia ইমান গভীৰ ! অন্তৰত সাঁচ বহুৱাব পৰা লেখা । বৰ ভাললগা Parina Dutta হৃদয়স্পৰ্শী উপস্থাপন। Uttara Bora কি চুপাৰ্ব টুইষ্ট..অপূৰ্ব গল্প। দুয়ো লেখক লেখিকা লৈ ধন্যবাদ। Ayesha Khatoon বৰদেউতাক জনলৈ খং উঠিছিল, কাহিনীটো পঢ়োতেও, এতিয়াও!!বৰ সুন্দৰ কৈ প্ৰকাশ কৰিলে। Runa Nath দুয়োটাই পঢ়িছো ...বহুত ভাল লাগে Protima Rajkhowa বৰ ভাল হৈছে দেই। Minakshee Gogoi গভীৰতাই বুকু শালি যায়৷ Sangita Bora অতি সুন্দৰ Purnima Borgohain কি সুন্দৰ, মনপৰশা প্ৰকাশ ভংগী। Maya Borpujari বৰ সুন্দৰ অনুভৱ ।ভাল লাগিল পঢ়ি । Monika Hazarika হৃদয়স্পৰ্শী পল্লবী ভূঞা দুয়োটা এই মাত্ৰ পঢ়িলো।এক নিভাজ মৰম ফুটুকীৰ। Gitanjali Saikia অসীমাৰ অন্তৰ চুই যোৱা লেখনি আৰু আপোনাৰ ইমান সুন্দৰ বিশ্লেষণ কি কম বৰ সুন্দৰ প্ৰকাশ। Krishna Baruah কি অপূৰ্ব অৰ্থবহ Madhumita Choudhury সেই সৰু ছোৱালী জনী যে অসীমা তুমি ❤️❤️ Abha Bora বৰ ভাল লাগিল ৷সৰু ছোৱালীজনীৰ কথা আৰু কামে মনটো চুই গ’ল ৷ Mousumee Devi · পঢ়িছিলোঁ, আপুনি সুন্দৰ কৈ প্ৰকাশ কৰিছে Ranjoo Borkotoky ইমান ধুনীয়া,বৰ ভাল লাগিল 👌👌 Minu Kakoty বৰ সুন্দৰ Roona Borah ইমান সহজ সৰল ভাবে লিখা কথাখিনিয়েই গভীৰ হৈ হৃদয় চুই , দুখ এটাই খুন্দিয়াই থৈ গ'ল । Chitralekha Devi অপূৰ্ব! অসীমাৰ কাহিনীটো পঢ়িছো— বৰ গভীৰ ; হাঁহি হাঁহি তেওঁ বহুত কথাই কয়— আপুনিও কলে। Nandita Kalita এই সুন্দৰ গল্পটি মই প্ৰিয়সখী ৰ পাতত পঢ়িছিলো………তেতিয়াও মোৰ মনটো ভৰি পৰিছিল…আৰু আজি তোমাৰ লিখনিটো পঢ়িও মনটো সেমেকি উঠিল😰😰 Ajanta Saikia মনটো চুই গ'ল Karabi Dekaphukan অন্তৰ স্পৰ্শ কৰি গ'ল কথাখিনিয়ে। Purabi Bhattacharyya ইমান যে ভাল লাগিল Papari Das বৰ ভাল লাগিল পঢ়ি Anuradha Devi চকুৰ আগত সমগ্ৰ ছবি খন ভাহি উঠিছেঁ Mumpee Patowary বহুত ভাল লাগিল Kabita Sharma গভীৰ অনুভবৰে লিখা এটি মন চুই যোৱা কবিতা। Deepika Das বহুত ভাল লাগিল আৰু দুখ লাগিল Yugasmita B Bora বৰ ভাল লাগিল Dipa Borah ইমান সহজ সৰল ভাষাৰে ইমান অন্তৰস্পৰ্শী গভীৰ সত্য খিনি প্ৰকাশ পাইছে!❤️ Shyamali Bhuyan বুকু শালি গল Subhalata Bhuyan হৃদয়স্পৰ্শী😢 Pinky Rajkhowa Soku duta vori gol Sewali Dutta মন চুই গ'ল Ira Borthakur কবিতাটো পঢ়ি মন ভৰি গ'ল। সুন্দৰ।❤️💚 Archana Kalita দাদা, মন চুই গ’ল৷ বৰমাক কল্পনা কৰি দুখ এটা উজাই আহিল৷ Anupama Sarmah Bordoloi সুন্দৰ অনুভৱ। Rupam Choudhury অপূৰ্ব। Parul Bhuyan অসীমা শইকীয়া দত্ত Raaju Kumar Nath ফুটুকীৰ কাহিনীটো আকৌ এবাৰ সজীৱ হৈ চকুৰ আগলৈ ভাঁহি আহিল। Binu Das বৰ সুন্দৰকৈ গভীৰ ভাৱটো প্ৰকাশ কৰিছে। 🙏 Kumkum Devi Sarmabaruah দুয়োটা লেখাই পঢ়িছোঁ। বৰমা সুখী হৈ থাকে গিৰিয়েকে দিছে বুলি। মন চুই যোৱা। Gitanjali Borah মন চুই গ’ল দাদা 😍 ৰেৱ বৰা সুন্দৰ, ভাল লাগিল চাৰ। মুল কাহিনীটো পঢ়াৰও সৌভাগ্য হৈছিল, সেইবাবে বেছি ভাল লাগিল। কুশল কামনাৰে 🙏🙏🙏 Kaberi Mahanta কিছুমান কথা নজনাকৈও থাকিলেই ভাল! ফুটুকীৰ জেলেপীৰ সোৱাদেই জীৱনৰ সোৱাদ! কি যে গভীৰ... চৰৈৱতী চৰৈৱতী ! Varrsha Sarma ৰাতিপুৱাই পঢ়িলো। বৰ ভাল লাগিল Kamala Das অসীমাৰ কাহিনীও পঢ়িছো,এইটোও পঢ়িলো। দুখ ভাৱৰ ভাল লগা অনুভৱ এটা। বহু গভীৰতা সোমাই আছে। Supriya Sutradhar মই গোটেই ছবিখন দেখি গ'লো ! Ramprosad Phukan কবিতা বা কাহিনী যিয়েই নহওঁক কিয় এইয়া এখন আইনাৰ দৰে । সমাজে লুকুৱাই থয় আইনাখন । ভয়তে । কাৰণ এইখনত নিজক নহয় আনকহে দেখে Palash Jyoti Bora সঁচাকৈয়ে অসীমা শইকীয়া দত্ত ৰ লিখনিৰ বিষয়বস্তু, ভাষা, প্ৰকাশভংগী আদিৰ জবাব নাই৷ কাহিনীটোত বৰমা আৰু ফুটুকী, দুয়োৰে আবেগবোৰৰ মাজ… See more অসীমা শইকীয়া দত্ত বৰ ধুনীয়াকৈ ফুটাই তুলিলে অ দাদা কাহিনীটো❤️❤️ সেই সৰু ছোৱালী জনী 😊 Prabhakar Sarma Neog বৰ ধুনীয়া হৈছে। Kalpana Borgohain আপুনি এনেকৈ লিখিলে যে পঢ়ি বহুত সময় ভাবুক হৈ গলোঁ। মই আজি অলপ দিনৰ আগত এনেকুৱা কেইবাটাও কাহিনী জী আহিছোঁ বৃদ্ধাশ্ৰম এখনত। তেওলোকৰ কাহিনী বোৰো এনেধৰনৰে... ঘৰত অকলে থাকি আমনি লাগে বাবে হে ইয়াত আছোঁ। লৰা ছোৱালী কেইটাই বহুত বেয়া পাইছে তাহাতৰ কথা নুশুনি ইয়াত থকাৰ বাবে। সেইকাৰণে খঙতে খবৰ লবলৈও নাহে। মই মাত্ৰ কবলৈহে পালোঁ , ময়ো ল'ৰাটোক গতি লগাই আশ্ৰমতে থাকিম বুলি ভাবিছোঁ, লগে লগে সকলোৱে একেলগে চিঞৰি উঠিল, তুমি ইমান ধুনীয়া ছোৱালী, নাহিবা। এতিয়া গাভৰু হৈ থাকোঁতেই নিজৰ বাবে টকা কেইটামান গোটাই লোৱা। সব ল'ৰাৰ নামত খৰচ নকৰিবা, নিজৰ বাবেও থবা। Korobi Dutta বুকুখনত বিষ এটাহে হ'ল অ'... 😔😔 Pranita Goswami Barthakur সঁচাই মন চুই যোৱা কবিতা। Debajit Barkataki অনন্য। Dolly Anuragini Handique বৰ ধুনীয়াকৈ লিখিছে। Kusumanjali D দুয়ো গৰাকীৰে লেখা দুটা পঢ়িছোঁ৷ বুকুত প্ৰকাশ কৰিব নোৱাৰা দুখ এসোপাই হেঁচা মাৰি ধৰিছে৷





No comments:

Post a Comment