Tuesday, February 18, 2014

ড’ৰেমন আৰু জিয়া (অকবত প্ৰকাশিত)

সেইদিনা স্কুল বন্ধ আঠাইছ নৱেম্বৰ,
ড’ৰেমন পুৱাতে আহি ওলাল আমাৰ ঘৰ;
ফোঁপাই জোপাই ঘট ঘটকে পানী গিলাছ খাই,
সুধিলে সি ”দেশৰ খবৰ গম পাৱনে নাই?”
মই ক’লো “এইকেইদিন ওলোৱা নাই ভাই,
পৰীক্ষা আহি আছে, পঢ়া হোৱা নাই।“