আভিযান্ত্ৰিক শিক্ষাত সমস্যা সমাধানৰ ক্ষমতা বা Problem Solving Ability ৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দক্ষতাবিলাকৰ এটা বুলি ধৰা হয়। আৰু সেই শিক্ষাৰ বাবে বিশেষ পাঠ আৰু পৰীক্ষাও থাকে। আন বিভাগতো থাকিব পাৰে, মোৰ জ্ঞাত নহয় বাবে আলোচনাৰ পৰা বাহিৰ কৰিলোঁ।
এই পাঠবোৰ কিন্তু কেৱল কাৰিকৰী সমস্যা সমাধানতে সীমাৱদ্ধ নহয়- কাৰণ যিকোনো অভিযন্তায়েই এসময়ত গৈ সামাজিক, পাৰিবাৰিক, আইনী, লজিষ্টিক আদি সমস্যাৰ মুখামুখী হব লগা হয়েই। সেয়ে এই পাঠবোৰ সাধাৰণভাৱে যিকোনো সমস্যাৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়গৈ।
মুলতঃ এই পাঠবোৰত এটা সমস্যাৰ মুখামুখী হোৱাৰ পাছত লব লগা বিজ্ঞানসন্মত পদক্ষেপ কিছুমান শিকোৱা হয়।
××××
সমস্যাবোৰৰ এটা ভয়ংকৰ ৰূপ আছে- সমস্যা এনে সময়ত আহে যেতিয়া আপুনি তেনে এটা সমস্যাৰ বাবে একেবাৰে সাজু নাছিল বা তেনে এটা সমস্যা হব পাৰে বুলি আগতে ভৱাই নাছিল। আগতে গম পালে বা অনুমান কৰিব পাৰিলে আপুনি ব্যৱস্থা লবই নহয়- সমস্যাৰ সৃষ্টিয়েই নহয়।
সমস্যা অকলে নাহে- পইতাচোৰাৰ দৰে জাক পাতি আহে বুলি ইংৰাজীত ফকৰা এটাই আছে।
ওপৰৰ কথাখিনিৰ সাৰাংশ হ’ল-
১। সমস্যাই আপোনাক অপ্ৰস্তুত অৱস্থাত আক্ৰমণ কৰে।
২। সমস্যাবোৰৰ ৰূপ জঁটিল হয়- কেইটাও ৰূপ লৈ আহে।
সমস্যা আমাৰ নিষ্ঠুৰ ক্ৰুৰ শত্ৰু। সেয়ে সমস্যাই জাতশত্ৰুৰ ব্যৱহাৰেই পোৱা উচিত!
তেনে সেই সমস্যাবোৰৰ সন্মুখীন কেনেকৈ হোৱা উচিত- তাকে শিকাই এই পাঠবোৰত।
সমস্যা সমাধানৰ প্ৰথম পদক্ষেপটো হ’ল
- সমস্যাটোৰ সংজ্ঞা নিৰূপণ বা Problem Definition. এইটোক সমাধানৰ দিশত সকলোতকৈ কঠিন পদক্ষেপ বুলি কোৱা হয়-
এই কামটোৰ উদ্দেশ্য হ’ল আপুনি সমস্যাটোৰ এটা সৰ্বাত্মক সংজ্ঞা তৈয়াৰ কৰিব লাগে- যাতে সমস্যাটোৰ সকলো দিশ, সাম্ভাব্য অপকাৰ, সমাধানৰ বাবে হাতত থকা সময় আদি সকলো দিশ সামৰি সমস্যাটোৰ সৰ্বাত্মক সংজ্ঞা এটা লিখি উলিয়াব পাৰে। তাৰ বাবে ব্ৰেইন ষ্টৰ্মিং, ৱৰ্ষ্ট কেছ চিনাৰিঅ' এনালাইচিছ আদি কৌশল ব্যৱহাৰ কৰা হয়- ইয়াত যিসকলে অংশগ্ৰহণ কৰে- তেওলোকক নিজৰ চিন্তা কল্পনাৰ লেকাম খুলি দিবলৈ সুবিধা দিয়া হয়- আৰু সকলোবোৰ লিখি ৰখা হয়।
উদাহৰণ এটা দিও- ধৰক পাকিস্তানে ভাৰতৰ দিল্লীত পৰমাণু বোমা দিব বুলি সিদ্ধান্ত কৰিছে- এতিয়া ভাৰতৰ সুৰক্ষা বিভাগে ব্ৰেইন ষ্টৰ্মিং কৰি আছে- তাৰে এজন সদস্যই যদি ভাৱে যে ‘পাকিস্তানে বোমা মৰাৰ সময়তে যদি দিল্লীত প্ৰকাণ্ড
উল্কা এটা পৰে তেনে আমি কেনেকে গম পাম যে বোমাই পৰিল নে উল্কা পৰিল? সেইটোও লিখা হব- পিছত আলোচনা কৰি অসম্ভৱ বস্তুবিলাক গুচাই সমস্যাটোৰ এটা সৰ্বাত্মক সংজ্ঞা তৈয়াৰ কৰা হব।
পিছে ই ১০০% শুদ্ধ কেতিয়াও নহয়- ইঞ্জিনিয়াৰিঙত ১০০% বুলি বস্তু কমেই আছে- সেয়ে ইয়াত Maximum শব্দটো ব্যৱহাৰ নহয়- Optimum বুলিহে কোৱা হয়। মানে যিমান পাৰি সিমান।
মোতামোটি Go Ahead সংজ্ঞা এটা তৈয়াৰ হল বাৰু- পিছে সমাধান?
পাঠৰ মতে সমাধানৰ সৰ্বপ্ৰথম পদক্ষেপ হ’ল - Breakdown the overall complex problem to small linear problems- জঁটিল বৃহৎ সমস্যা এটাক সৰু সৰু সৰল সমস্যালৈ ভাঙি পেলোৱা- আৰু সেই সৰু সৰু সমস্যা বিলাকক যি লাগে সকলো সমল ব্যৱহাৰ কৰি দূৰ্বল বা নিৰ্মুল কৰা। এই কামে অৱশ্যে মূল জঁটিল সমস্যাটো সমাধান কৰি দিব বুলি গেৰাণ্টী নাই- কিন্তু তাক দূৰ্বল যে কৰিব সি ধুৰূপ। তাৰ পাছত দূৰ্বল সমস্যাটোক আৰু বেছি আক্ৰমণ কৰক- আৰু বেছি সৰুকৈ ভাঙক- আকৌ সেই ক্ষুদ্ৰতৰ সমস্যাবোৰক সৰ্বশক্তিৰে সমাধান কৰক- এসময়ত গৈ মূল বৃহৎ জঁটিল সমস্যাটো কদৰ্পকহীন বস্তু এটা হৈ পৰিবগৈ।
পিছে এটা কথা মন কৰিবলগীয়া- সাধাৰণতে কোনো বৃহৎ জঁটিল সমস্যাৰে ১০০% সমাধান নাই- সেয়ে উদ্দেশ্য হ’ল সমস্যটোক ইমানেই দূৰ্বল কৰি পেলোৱা যাতে তাক লৈ আৰু মূৰ ঘমাব লগা নহয়।
সামাজিক সমস্যাবোৰৰ ক্ষেত্ৰতো এই টেকনিক খুব সুন্দৰকৈ কামত আহে।
কিন্তু আমাৰ সাধাৰণ মানৱীয় প্ৰতিক্ৰিয়া হিচাপে আমি সমস্যবোৰক ভাঙি সৰল কৰাতকৈ, তাত আৰু এসোপা উপৰুৱা (peripheral - সমাজে কি কব? আদি) সমস্যা জাপি দি তাক আৰু জঁটিলতৰ কৰি লও- ই সহজাত প্ৰতিক্ৰিয়া- তাত ভুল একো নাই। কিন্তু ই সমস্যাটোৰ সমাধানৰ বিপৰীত দিশতহে ক্ৰিয়া কৰে।
Divide and Rule বেয়া কথা- যেতিয়া আমাৰ সৈতে হয়- কিন্তু শত্ৰুক পৰাজিত কৰিবলৈ ইয়াতকৈ ফলপ্ৰসূ উপায় নাই।
সমস্যা আমাৰ শত্ৰু- সেয়ে তাক সৰ্বশক্তিৰে আক্ৰমণ কৰি শেষ কৰা আমাৰ কৰ্তব্য- মই ইযাত সামাজিক সমস্যাৰ কথা বিশেষকৈ উল্লেখ কৰিম-
সমস্যাবিহীন সমাজ এখন কাক নেলাগে- সেয়ে সামাজিক সমস্যাবোৰক প্ৰথমে বিজ্ঞানসন্মত ভাৱে সংজ্ঞাভুক্ত কৰা আৰু তাক ভাঙি সৰু সৰু কৰা আজিৰ দিনৰ সকলোতকৈ জৰুৰী দায়িত্ব। s
No comments:
Post a Comment