Showing posts with label কবিতা. Show all posts
Showing posts with label কবিতা. Show all posts

Sunday, June 21, 2026

খুতৰা

বৰমা জনী ধুনীয়া!

বৰ ভালে লাগে ফুটুকীৰ,
তায়ো ডাঙৰ হ’লে বৰমাৰ সমান ধুনীয়া হব খোজে,
বগা, গোল মুখখনৰ বহল কপালত
দগমগীয়া সেন্দুৰৰ ফোঁট!
×××
একুঠলীয়াই ঘৰ!
হেৰৌ!
অকলশৰীয়া মানুহক আৰু কিটোনো লাগে?
বেৰ-মজিয়া- চোতাল চিকিচিকীয়াকৈ নিজেই লেপে,
ছালখন পচিলেহে,
গাঁৱৰ কোনোবা এটাক পাচিব লাগে।
টকৌপাত ঘৰতে,
জাতিবাঁহ দুজোপাও
চুকতে;
কোনোবা এটাই সময় উলিয়াই বাতি থৈ যায়।
হাঁহদুটা বেচি দিলেই বাকী লগাবোৰ,
হৈ যায়।
চলি যায়!
"চাউলকেইটাচোন নতুন ঘৰৰ পৰাই আহে,
থাকিল শাক-পাতহে!
এজনীয়া চৰুৱেচোন বাৰীখনকে ঢুকুৱাব নোৱাৰে।“
কথাখিনি ফুটুকীক কয় বৰমাই।

গান্ধাৰী

খিৰিকীৰ সিপাৰে সেউজীয়া জীৱন, 

আৰু চাৰিবেৰৰ মাজত বন্ধ, 

অন্ধতাৰ গৌৰৱেৰে  উদ্ভাসিত, 

গান্ধাৰী; 

 

শত পূত্ৰৰ মৃত্যুৰ যান্ত্ৰণাতকৈয়ো ভয়াবহ

হয়তো নিজকে হেৰুৱাৰ বেদনা,

মৰুৰ দেশৰ প্ৰখৰ তাপে

কঠোৰ কৰা প্ৰাণ, 

হব পাৰে তোমাৰ।    

ক্ষমতাৰ ৰাগীত মতলীয়া মানুহবোৰে; 

তৈয়াৰ কৰা নিয়মবোৰত 

তুমি তথাপিও উত্তীৰ্ণ,  

ৰাজৰাণী, সতী, মহিয়সী নাৰী

আৰু কিবা কিবি!!

সেয়েহে নাই তোমাৰ অধিকাৰ, 

নিজকে জুমি চোৱাৰ!

Wednesday, November 22, 2023

চিৰ চেনেহী মোৰ ভাষা জননী


চিৰ চেনেহী মোৰ ভাষা জননী হৈছে অসম সাহিত্য সভাৰ আদৰণি গীত। ইয়াৰ ৰচক হ' সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া সাহিত্যিক সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত যোৰহাটৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ শৰ্মাই এই গীতৰ স্বৰলিপি সৃষ্টি কৰিছিল। অসম সাহিত্য সভাৰ অধিবেশনৰ সকলো অনুষ্ঠানৰ আৰম্ভণিতে এই গীত পৰিবেশন কৰা হয়।

চিৰ চেনেহী মোৰ ভাষা জননী।
ধন্যে পুণ্যে হৃত-পাৱনী, আই॥

প্ৰকৃতি পৰশ-ৰসে অমল কমল
চঞ্চল হৃদি জলে ঢালে পৰিমল,
কোমল চম্পাৰ কলি,
ঢৌৱে ঢৌৱে ঢৌৱে তুলি,
ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী॥

সংসাৰ গুৰুভাৰে অৱশ পৰাণ,
হিয়াত বিলীন হয় হিয়াভৰা গান,
কাৰ নিচুকনি সনা,
শুনি বাণী ব্যথা পমা,
চকুতে চকুৰ নীৰে লয় জিৰণি॥

জীৱনে মৰণে ৰণে লহৰী সুধাৰ
বসনা শিতানে বহি সিঁচা শতধাৰ,
হে' মোৰ মধুৰাননা মাগিছোঁ মাধুৰী কণা,
দিয়া দিয়া দিয়া আই, মধু-ভাষিণী॥






Summary in English

“Siro Senehi" is a poignant poem composed by the eminent Assamese poet Mitradev Mahanta and embraced by Axom Sahitya Xabha as its theme song.

 

The poem tenderly portrays the mother tongue as a cherished and eternal maternal figure. Mitradev Mahanta extols the virtues of the mother tongue, describing it as affluent, tranquil, and as pure as fire. The act of speaking or listening to one's mother tongue is depicted as a transformative experience, filling the heart with a sense of fullness and contentment, akin to the way pristine flowers in nature fill the air with their fragrant essence. The poem beautifully captures the deep emotional connection between the poet and his native language, celebrating the profound impact of linguistic heritage on the human soul.

 

The poet inquires about the source of solace and relief amidst the wearisome daily chores of life. When fatigue sets in and the burdens become heavy, the poet reflects on who provides comfort, consoles the soul, and offers respite, allowing a moment to gaze deeply into the eyes of beloved ones. The answer, according to the poet, is found in one's mother tongue. It is the familiar language, rich with cultural and emotional resonance, that becomes a soothing balm for the weary heart, offering a sanctuary in the midst of life's challenges.

 

The poem concludes with a poignant request, as the poet implores the beautiful and melodious mother tongue to shower upon them countless waves of nectar in every aspect of life — in moments of joy, in times of sorrow, and even during struggles. This plea suggests a desire for the continued enrichment and sustenance that the mother tongue provides, not just in the poet's personal journey but also in the collective experiences of life, death, and the inevitable battles one faces. The language, portrayed as a source of nourishment and sweetness, is sought to be an enduring companion through all facets of existence.

 

সাৰাংশ (অসমীয়া)

 

" চিৰ চেনেহী " হৈছে বিশিষ্ট অসমীয়া কবি মিত্ৰদেৱ মহন্ত বিৰচিত মৰ্মস্পৰ্শী কবিতা আৰু ইয়াক অসম সাহিত্য সভাৰ ভাৱগীত হিচাপে গৃহিত।

কবিতাটোত মাতৃভাষাক এক প্ৰিয় আৰু চিৰন্তন মাতৃৰূপ হিচাপে চিত্ৰিত কৰা হৈছে। মহন্তদেৱে মাতৃভাষাৰ গুণাগুণৰ প্ৰশংসা কৰি ইয়াক সমৃদ্ধ, শান্ত আৰু জুইৰ দৰে পৱিত্ৰ বুলি বৰ্ণনা কৰিছে। নিজৰ মাতৃভাষাত কথা কোৱা বা শুনাক এক বিবৰ্তনকাৰী অভিজ্ঞতা হিচাপে চিত্ৰিত কৰা হৈছে, যি হৃদয়ক পূৰ্ণতা আৰু সন্তুষ্টিৰ ভাৱনাৰে পৰিপূৰ্ণ কৰি তোলে, প্ৰকৃতিৰ আদিম ফুলবোৰে নিজৰ সুগন্ধিৰে চাৰিওদিশ ভৰাই দিয়াৰ দৰে। কবিতাটোৱে কবিগৰাকী আৰু তেওঁৰ স্থানীয় ভাষাৰ মাজৰ গভীৰ আৱেগিক সম্পৰ্কক সুন্দৰভাৱে প্ৰতিফলিত কৰে, মানৱ আত্মাৰ ওপৰত নিজ ভাষিক ঐতিহ্যৰ গভীৰ প্ৰভাৱ চিহ্নিত কৰে। 

 

কবিয়ে জীৱনৰ দৈনন্দিন ব্যস্ততাৰ মাজত সান্ত্বনা আৰু প্ৰশান্তিৰ উৎসৰ বিষয়ে এক অভিজ্ঞান কাৰিব খোজেজীৱন বাটত বাটকুৰি বাই বাই আমি যেতিয়া সম্পূৰ্ণ ক্লান্ত হৈ পৰো, জীৱনৰ বোজা অসহনীয় ভাৱে গধুৰ হৈ পৰে, তেতিয়া কোনে আমাক সান্ত্বনা দিয়ে? কোনে এপলক বিশ্ৰাম প্ৰদান কৰে? এক মুহূৰ্ত প্ৰিয়জনৰ চকুত গভীৰভাৱে চকু ফুৰাবলৈ অনুমতি দিয়ে? কবিগৰাকীৰ মতে ইয়াৰ উত্তৰ নিজ মাতৃভাষাত পোৱা যায়। সাংস্কৃতিক আৰু আৱেগিক প্ৰতিধ্বনিৰে সমৃদ্ধ এই পৰিচিত ভাষাই ক্লান্ত হৃদয়ৰ বাবে এক শান্তিদায়ক মলম হৈ পৰে, যি জীৱনৰ অহৰহ প্ৰত্যাহ্বানবিলাকৰ মাজতো এক প্ৰশান্তিৰ মৰুদ্যান ৰূপে ধৰা দিয়ে।

 

কবিতাটি এক আন্তৰিক অনুৰোধেৰে সমাপ্ত হৈছে। কবিগৰাকীয়ে  সুন্দৰ আৰু সুৰীয়া মাতৃভাষাৰূপী আইক জীৱনৰ প্ৰতিটো দিশত; -আনন্দৰ মুহূৰ্তত, দুখৰ সময়ত, আনকি সংগ্ৰামৰ সময়তও তেওঁলোকৰ ওপৰত অমৃতৰ অগণন ঢৌ বৰ্ষণ কৰিবলৈ অনুৰোধ কৰে। এই আৱেদনটোৱে কেৱল কবিগৰাকীৰ ব্যক্তিগত যাত্ৰাত নহয়, জীৱন, মৃত্যু আৰু এজন ব্যক্তিয়ে সন্মুখীন হোৱা অনিবাৰ্য যুদ্ধৰ সামূহিক অভিজ্ঞতাত মাতৃভাষাই প্ৰদান কৰা নিৰন্তৰ সমৃদ্ধি আৰু প্ৰশান্তিৰ ইংগিত দিয়ে। আত্মিক সন্তুষ্টি আৰু মাধুৰ্যৰ উৎস হিচাপে চিত্ৰিত মাতৃভাষা মানৱ  অস্তিত্বৰ সকলো দিশতে চিৰসঙ্গী হোৱা উচিত।

Wednesday, August 26, 2020

দাপোন

দাপোনখনত এখন ছৱি!

কি বা কয় তাক মান্য অসমীয়াত?


মনত পৰিল ৰব- ‘প্ৰতিবিম্ব’;

আকৌ ভালকৈ লিখো,

দাপোনখনত এটা প্ৰতিবিম্বৰ সাধুটো কব খুজিছিলো।

এটা নে দুটা ছাঁ?

দুটাই হব পায়।

ছাঁ-পোহৰৰ খেল চলিছিল,

ৰব! নে বিম্ব প্ৰতিবিম্বৰ?

আকৌ লাগিল নহয় খেলিমেলিখন।

ৰব! প্ৰথমতে সাধুটো কও, তাৰ পাছত ভাৱিম!

দাপোনত প্ৰতিবিম্ব দুটা গলিছিল বৰফৰ দৰে।

গৰমত!!

নে ভয়ত? অনিশ্চিত!

পিছে সাধুটো তেনেই ছুটি,

মাত্ৰ দুটা শাৰীতে শেষ!

চোতালত,

আইতাৰ কোলাত,

আৰামেৰে শুই শুই শুনিব পৰা সাধু নহয়।

Monday, December 18, 2017

= মৃত্যুশৰ্য্যাত মোৰ বিবেক=

শ্মি ত্ৰিৱেদীৰ বহু কবিতা হোৱাটচএপত সন্ধালনিকৈ চলি আছে, লেখকৰ নাম নোলোৱাকৈ। এই লেখাটোও তেওৰ, মোৰ ওচৰলৈয়ো আহিছিল। তেওৰ পৰাই গম পালো এয়া তেওৰ লেখা।

কবিতাৰ ধৰ্ম, গুণ আদিৰ কথা নেজানো, কিনতু কবিতাটোৰ সৰলতাই মোক চুই গ'ল। হয়তো ইয়াত ৰূপকল্প, চিত্ৰকল্প নাই, নাই কঠিন শব্দৰ মায়াময় খেলা, কিন্তু বক্তব্য স্পষ্ট। হয়তো এক ডিকনষ্ট্ৰাকচন। যি হয় হওক বুলি অনুবাদ কৰি দিলো, কি হৈছে নেজানো।
কবিতাৰ কথা বাদ দিও, বক্তব্যৰ বাবেই এইটো লিখা গ্ৰহণযোগ্য হব বুলি ভাৱিছো।

Original By *Rashmi Trivedi *
Author of Woman everything will be fine!


মাজনিশা কেতিয়াবা উঠি
মই এন্ধাৰতে তাৰ কাষলে যাও,
নাকত হাত দি চাও,
উশাহ লৈছেনে নে নাই সি !
সি এটা নিশ্চিত মৃত্যুপথৰ পথিক,
দিনে, দিনে, ধীৰে, ধীৰে; মৃত্যুয়ে তাক গ্ৰাস কৰি আনে।
দামী ৰেষ্টুৰেণ্টখনৰ এসাজৰ দাম,
মই জানো, মোক ৰেষ্টুৰেণ্টৰ দুৱাৰ খুলি দিয়া
তজবজীয়া ল'ৰাটোৰ এমাহৰ 'ইনকাম'।
মুহুৰ্ততে যেতিয়া মই এই আপদীয়া চিন্তাটো দলিয়াই পেলাও,
সি আৰু অলপ মৰে।

= A Marigold Ode : মনোজ নেওগৰ 'মাৰীগল্ডৰ কবিতা' ৰ ইংৰাজী অনুবাদ=


Words are riddles of a rootless forest …
Reverberations of foggy tranquillity..
In the last rendezvous –
when I searched the sack, asking “Did you bring me happiness?”  
I found a pack of marigold.

Even though I knew the answer- I asked -“for whom”
“In case I am hungry as I walk” – she smiled
Such a compelling smile!
…….

= And They Found Phutuki ( মনোজ নেওগৰ "ফুটুকী ওলাল" কবিতাৰ অনুবাদ) =






From the rescue boat she saw her doll,
Hay and torn pieces of her mother’s old Chadar..
Floating in between sinking depths,
She made it herself,
Only friend she ever played with
.............

With her tiny hands, she clung to the doll close..
.............

When they pulled up the fishing net,
In a heap of water hyacinth
She looked like a pallid earthworm,
As sallow as a dead river dolphin.

.................

Don’t remember who screamed first..

Phu..tu.. ki...
My Phu..tu.. ki...

How can I wish them well,
When I know for sure,
They are not. ....


#########################.

Tuesday, August 23, 2016

বিষ্ণু ৰাভা- তুমি নাহিবা



ৰিণ্টুৱে  কুৱেইটৰ সাগৰৰ মাজৰ তেলখাদৰ পৰা হোৱাটচএপত এগালমান অদৰকাৰী মেচেজ দি থকাৰ মাজতে ক'লে.....

-"দাদা, ৰাভাদেউ এদিনৰ কাৰণে আহিছিল, কাইলৈ পুৱাতে যাবগৈ।"

কি ভাৱি ক'লে কব নোৱাৰো, কিন্তু মেচেজটো পায়েই মই ফোনটো সামৰিব লগা হ'ল 


********



এনেকৈয়ে আহি থাকিবা তুমি বিষ্ণু ৰাভা,

কেতিয়াবা জ্যোতিকো ক'বা আহিবলৈ,

মহাপুৰুষ দুজনাকো জনাবা কথাটো,

ৰসৰাজ, ভূপেনদাকো লগতে। 


কেৱল এটা কথা,

মাত্ৰ এদিনীয়াকৈ আহিবা,

আমাৰ বৰ নাটনি সময়ৰ।  

Wednesday, January 6, 2016

বেলা বোস -অঞ্জন দত্ত

চাকৰিতা আমি পেয়ে গেচ্ছি বেলা শুনছ'?
অঞ্জন দত্তৰ সেই বিখ্যাত গানটোৰ কথাখিনি অমীয়াকৰণৰ প্ৰচেষ্টা ......

চাকৰিটো মই পাই গ'লো বেলা শুনিছা?
এতিয়া কোনেও নোৱাৰে বাধা দিব,
ল'ৰাঘৰক তুমি এতিয়া উভোটাই পথাব পাৰা,
মাক কৈ দিয়া, বিয়া তুমি নকৰোৱা।


সঁচাকে মই চাকৰিটো পাই গ'লো বেলা,
আৰু মাত্ৰ কেইমাহ মান,
ষ্টাৰ্টিঙতে ১১০০ দিব, তিনিমাহ পাছত কনফাৰ্ম,
নিশ্চুপ কিয়, তুমি একোকেই কোৱা নাই?

এইটো হয়নে টু ফ'ৰ ফ'ৰ ৱান ৱান থ্ৰী নাইন,
বেলা শুনিছা নে তুমি?


Saturday, December 13, 2014

ঋতু (কেইটিমান আধাসিজা হাইকুৰ দৰে অনুভৱ :-))

 গ্ৰীষ্ম

আমজোপাৰ তলতে অকণমান শাঁত,
ভাগৰুৱা পখিলা। 

 বৰ্ষা  

গছৰ গাৰে বগাই নামিল বৰষুণ,
খিৰিকীত মুখ। 

 শৰৎ 

গৰ্ভৱতী সেউজী ধাননি পথাৰ,
চাৰিআলিত পূজাৰ আয়োজন। 

হেমন্ত 

ৰাঙলী আকাশে গিলি থলে বেলি,
ধুলিময় বাট।

শীত

সৰি পৰে গুলচৰ শেষখিলা পাত,
পূৱাৰ কোমল ৰ’দ।

 বসন্ত  

দুৰণিত কৰবাত ঢোলৰ চেও,
সলাজ উৎকণ্ঠিত হৃদয়।

Tuesday, March 4, 2014

শগুন

চাৰিওফালে শগুন,
মাজতে মোৰ অৰ্ধগলিত মৃতদেহ

চিনাকী শগুণ, অচিনাকী শগুন,
ধনী ,দুখীয়া,
ক’লা , বগা, তাম বৰণীয়া,
সকলো ধৰণৰ শগুন |

Tuesday, March 20, 2012

ঘৰ


আহাৰ মহীয়া দেপোৰা পথাৰখনত
দেখিছানে এমুঠি শিৰিশপতীয়া ছাঁ?
সেয়া মোৰ ঘৰ;
তাৰ ঠিকনা
গাঁও, পোস্ট অফিচ, ৰাজ্য, পিন নম্বৰ,
এক অপ্ৰয়োজনীয় সত্য |

পথক্লান্ত আবেলিৰ নিবিড় আশ্ৰয় মোৰ ঘৰ,
দেওবাৰে ৰাতিপুৱাৰ,  অকাৰণ অৱসাদ মোৰ ঘৰ;
ভালপোৱাৰ অকনমান ভাললগা  বিৰক্তি, মোৰ ঘৰ
তাৰ ঠিকনা
পথ নং,  চহৰ, জিলা , মহানগৰ,
এক অপ্ৰয়োজনীয় সত্য |

 ঘৰ,
মদালসা ৰাতিৰ মোৰ
নিষিদ্ধ অভিসাৰৰ নীৰৱ সাক্ষী,
মোৰ উন্মাদনাৰ আঁচোৰেৰে ক্ষত বিক্ষত
মোৰ ঘৰৰ দেৱাল;
মোৰ বন্ধু , মোৰ সহচৰ,

মোৰ দোষ-গূণ , মোৰ অত্যাচাৰ,
মোৰ প্ৰেম, মোৰ ঘৃণা,
মোৰ খং , মোৰ আমনিৰে,
মোক গ্ৰহন কৰি,
মোক আবৰি ৰাখে যি,
সি মোৰ ঘৰ,

মোৰ প্ৰয়োজনতহে মই ঘৰলৈ যাঁও;
নহলে,  
মোৰ ঘৰে মোলৈ বাট চাই ৰয়, অকল‍শৰে।
মোৰ স্বাৰ্থপৰতাক আশাৰ ডেউকাৰে ঢাকি,
ধুলিময় বাটতোৰ কা‍ষতে ৰৈ থাকে,
মোৰ ঘৰ।

যাৰ ঠিকনা,
লেন, বাইলেন, লেণ্ডমাৰ্ক কিম্বা জিপ
এক অপ্ৰয়োজনীয় সত্য

শৰ্বৰী


ৰঙচুৱা আবেলি এটাত,
আমি বহিছিলো, শুক্লেশ্বৰ ঘাটৰ সেউজীয়া চিৰিত |
তোমাৰ কোলাত মুখ গুজি  সুধিছিলিো,
 - “মোক ভাল পোৱা?”  কিয়?”
- “কাৰণ , তুমি যে মোৰ কেছুৱা,  
আৰু উস্!!!!!,
তুমি বৰ দুষ্ট কেছুৱা |”

আবেলিতো, সন্ধিয়া সন্ধিয়া হৈ ,
তীব্ৰ  বেগে গুছি ঘৰ্মাক্ত  কেন্টাৰ,
কষ্টাৰ্জিত পাপৰ বোজা বিগ্ৰহক গতাই,
যাবলে ওলাল মন্দিৰৰ দৰ্শনাৰ্থী |
আৰু ওঁঠত লিপস্টিক সানি সাজু বেশ্যাকেইজনী ,
এৰাতি নতুন পাপ গোটাবৰ বাবে|

আৰু , তেনেতে..
তোমাৰ দুবাহুত গজি উঠিল দুখনি শুভ্ৰ পাখি,
তোমাৰ গাৰ ইভানাৰ সুগন্ধ,  শেৱালী শেৱালী হৈ ,
তুমি এজনী পৰী হৈ লামোৰ পৰী;
তোমাৰ হাতত ধৰি, ওপঙি উঠিলো মই ;
তলত অভিসাৰ নিশাৰ গুৱাহাটীৰ |


ব্ৰহ্মপুত্ৰখন শুবলে ওলাইছিলেই,
বালিবোৰেহে খেলি আছে তৰাৰ পোহৰত,
এখন দুখনকৈ বন্ধ  উজান বজাৰৰ দুৱাৰ ;
হোস্টেলত সোমাৱাৰ সময় ,   কাৰোবাৰ প্ৰেয়সীৰ  |
স্ট্ৰীট লাইটবোৰ জ্বলিছে আপোনমনে ,
এন্ধাৰ আঁতৰোৱাৰ কি হা্স্যকৰ প্ৰচেষ্টা |

ভৰলূৰ পৰা অনুৰাধালৈকে অগবাঢ়ি লো আমি  ,
গনেশগুৰি তেতিয়া মৃত |
জালুকবাৰীত অলপ অচৰপ যৌবনৰ বতাহ তেতিয়াও আছিল,
যেতিয়া,
পল্টন বজাৰৰ পৰা ওলাই শেষখন নাইট চুপাৰ |

বলানা আৰু অলপ  উঁৰো,
জী লও শেৱালী শেৱালী উশাহ
অকণমান যেন কাজলসনা বিৰক্তি তোমাৰ দুচকুত,
দেৰি  বহুত, মই এতিয়া যাও  আৰু অনুৰোধ নকৰিবা প্লীজ
তুমিতো আৰু মোৰ দৰে দ্বায়িত্বজ্ঞানহীন নহয় |  

তুমি যাবলে ওলালা, আৰু ক্ৰমান্বয়ে
মোৰ চাৰিওকাষে গজি উঠিল , চাৰিখন কদৰ্য্য দেৱাল |
লগতে প্ৰাচীন সেই কেচেমা কেচেম গোন্ধ |
তুমি উঠি লা,  খাৰুৰ জনজননি তুলি
তোমাৰ ওৰ্ণাখনে আঁচুৰি  মোৰ মুখ,

বিদায় বেলাৰ উপহাৰ,
ৰাতিতো জীয়াই থকাৰ সমল;


কালিলৈ আহিবানে ??”
-      আহিম , কিন্তু ;
দিনত আকৌ তুমি কেছুৱা হৈ নেথাকা নহয়|”
 চিৰন্তন সেই আভিযোগ |

তুমি যোৱাৰ ফালে চাই,
মলিয়ন কম্বলখন গাত মেৰিয়াই ললোঁ,

শৰ্বৰী !!!!
তুমি আঁতৰি গলেই নিস্ব হৈ যাও কিয়???


(বি. দ্ৰ.   তেতিয়া শুক্লেশ্বৰ ঘাটত চিলড্ৰেন পাৰ্ক নাছিল,
 আছিল আন বহু কিবা কিবি ;   যিবোৰ  এতিয়া নাই)