Showing posts with label গল্প. Show all posts
Showing posts with label গল্প. Show all posts

Wednesday, January 22, 2020

=তাই তাক আজিকালি নমতা হ’ল=

ঘটনাটোৱে সৰু চহৰখন একেবাৰে জোঁকাৰি পেলালে। আজি কিছুদিনৰ আগলৈকে এনে চহৰবোৰত এনে ঘটনা হ’ব পাৰে বুলি কোনেও অনুমানেই কৰিব পৰা নাছিল, কোনেও শুনাও নাছিল। জনজাতীয় লোক অধ্যুষিত চহৰখনত মহিলাসকল এনেয়ো আগৰণুৱা, মহিলাক আনকি বেয়া দৃষ্টিৰে চোৱাও এই চহৰখনৰ সংস্কৃতিৰ বাহিৰৰ বস্তু। কথাটো চহৰখনৰ মানুহবোৰৰ চকুতে জলজল পটপটকৈ দেখা পোৱা গৈছিল। সেইখন চহৰতে ছোৱালীজনীক কেইবাজনো লোকে মিলি ওৰে ৰাতি ধৰ্ষণ কৰিলে, আৰু পুৱা প্ৰায় মৃত অৱস্থাত তাইক পাহাৰখনৰ মাজত পেলাই থৈ গ’ল। পিছে তাই আছিল খাটিখোৱা মানুহৰ ছোৱালী, শৰীৰৰপৰা একেৰাহে হোৰাহোৰে ওলাই থকা তেজবোৰেও তাইক নিঃশেষ কৰিব পৰা নাছিল, তাই তেনেকৈয়ে যেনে তেনে বগুৱা বাই ৰাষ্টাটোৰ কাষ পালেহি। তেতিয়াই তাইক মানুহে দেখিলে, এখন অটোৰিক্সাত ভৰাই তাইক স্থানীয় হস্পিটেলখনলৈ লৈ গ’ল মানুহবোৰে, তাৰপৰা আকৌ এম্বুলেন্সত ডাঙৰ হস্পিটেললৈ।

Thursday, October 11, 2018

চাইকেল (আগষ্ট-২০১৮ সংখ্যা 'ফটাঢোল'ত প্ৰকাশিত)

প্ৰথমতে অদ্ভুত মেচেজটো দেখি কাৰোবাৰ ধেমালি যেনেই লাগিল,


“Please look out for a half open Post Box.”


কি আচৰিত মেচেজ! গুৰুত্ব নিদিওঁ বুলিয়ে ভাবিছিলোঁ। কিন্তু তাৰপাছত একেটা মেচেজকে বাৰে বাৰে অহা দেখি অলপ গুৰুত্ব সহকাৰে ল’বলৈ বাধ্য হ’লোঁ। হোৱাটচ এপতো আহিছে। একেটা মেচেজকে আহি আছে, সদায়। পুৱা সাত বজাত অৱধাৰিতভাৱে মেচেজটো আহে, পঠাওঁতাৰ নাম  বা নম্বৰ একোৱে দেখা নেযায়।  কোনোবাই কিবা হেকিং কৰাৰ চেষ্টা কৰিছে নেকি? মোক হেকিং কৰি কি পাব কোনে? কিয় কোনোবাই মোৰ পিছত লাগি সময় নষ্ট কৰিব? আৰু কি অদ্ভূত অনুৰোধ! আজিকালিও আৰু ক’ৰবাত পোষ্ট বক্স আছেনে? মই ওচৰ পাজৰৰ ঠাইবোৰ মনত পেলালোঁ, নাই কোনো পোষ্ট বক্স দেখা মনত পৰা নাই। কি হৈছে এইবোৰ? কাকো ক’বও নোৱাৰোঁ। মই বদনামী মানুহ, এইবোৰ কথা কৈ আৰু এবাৰ বদনাম হ’বলৈ ইচ্ছা নাই মোৰ। মেচেজটোৰ কথা পাহৰিবলৈ চেষ্টা কৰোঁ, কিন্তু মনৰপৰা আঁতৰাব নোৱাৰোঁ, নতুনকৈ ৰঙা ৰং কৰা পোষ্ট বক্স এটা মোৰ চকুত ভাঁহি থাকে।


আজি ৰাতিপুৱা আকৌ একেটাই মেচেজ! কিন্তু মই যে পাগল হোৱা নাই, সেয়া ঠিক। কাৰণ বাকী কামবোৰ মই একেবাৰে ঠিক ঠাক কৈ কৰি আছোঁ। অফিচলৈ গৈছোঁ, বজাৰ কৰিছোঁ, খাইছোঁ, শুইছোঁ। মোৰ পৰিয়াল বা অফিচৰ মানুহবোৰৰপৰা সাধাৰণতে পাই থকা উপেক্ষাখিনিৰ বাদে অদ্ভূত একো হোৱা নাই। তেন্তে এয়া কি? কোনোবাই মোৰ লগত উপহাস কৰিছে নিশ্চয়, কাৰণ বাকী মানুহবোৰৰ মোৰ সৈতে কৰিব লগা সেইটো কামেই বাকী আছেগৈ এতিয়ালৈ।

Tuesday, February 20, 2018

কঙালী (ফটাঢোল, অসমীয়া হাস্য ব্যংগ আলোচনীৰ ফেব্ৰুৱাৰী ২০১৮ সংখ্যাত প্ৰকাশিত)

গোটেই ৰাতিটো সাৰে আছিল সি, বৰ কষ্টেৰে। পিছে পুৱতি নিশা তাক কেতিয়া টোপনিয়ে হেঁচা মাৰি ধৰিলে সি গমেই নেপালে। ভেলাঘৰত  এইবাৰ সি প্ৰথম নিশা কটাইছে, শিশুৰ পৰা যুৱক হোৱাৰ প্ৰথম ঢাপ। পিচে তাৰ কুমলীয়া দেহাই মনৰ সমানে দৌৰিব পৰা নাই।

হঠাৎ প্ৰচণ্ড উঁকিৰ শব্দত সি খকমকাই উঠিল, লগৰবোৰে ইতিমধ্যে নদীখনৰ ফালে দৌৰ মাৰিলেই! ঘোঁপ মৰা এন্ধাৰ খিনি অলপ পাতল হ’লেও কুৱলীৰ ঢাকনি খোল খোৱাই নাই। টোপনিৰ জালত কোন ফালে কি একো বুজিব নোৱাৰিলেও গাত থকা এড়িয়া চাদৰ খন পেলাই সিও সকলোৰে পিছে পিছে লৰ ধৰিলে। ঢিলা হাফপেণ্টটো এখন হাতেৰে টানি ধৰি সি দলটোৰ প্ৰায় মাজভাগ পালেগৈ। তাৰ দৰে নতুন ডেকা কেইবাটাও আছে, গোটেইকেইটাই প্ৰায় সপোনতে যোৱা দিয়েই গৈ আছে।

Thursday, December 14, 2017

=অলগদ্ধ=(সাহিত্য ডট অৰ্গত প্ৰকাশিত)

 

চিটিবাছৰ পৰা নামি তাৰ সৰু ঘৰটোলৈ (ঘৰ শব্দটো উপযুক্ত হয় নে নহয় কোৱা টান, গতিকে সি সকলোকে ’ৰূম’ বুলিহে কয়) বিছ মিনিট মান খোজকাঢ়ি যাব লাগে৷ বাটটোত ষ্ট্ৰীট লাইট আছে যদিও প্ৰায়ে নজ্বলে, মাজে মাজে ধিমিক ধামাক কৰি থকাকেইটাই পথিকৰ চকুত অসুবিধাহে দিয়ে৷ তাতকৈ ঘোপমৰা এন্ধাৰ হৈ থকাই ভাল আছিল৷ ঠাইখিনি চহৰখনৰ একেবাৰে মাজমজিয়াতে যদিও, ঘৰবোৰৰ চাৰিওফালে থকা ওখ দেৱালবোৰৰ বাবে ঠাইখন নিসংগ জেইল এখনৰ দৰেই লাগে৷

আজি বতৰটো অলপ সেমেকা, লগতে কিবা এক ধূলি-বালিৰ অদ্ভুত আচ্ছাদন, ঘাম আৰু নিয়ৰ মিহলি এটা গোন্ধ৷ এই পৰিবেশটো কিন্তু তাৰ বাবে অচিনাকি নহয়, বৰঞ্চ সি এই অনুভূতিটোৰ সৈতে সহজহে হৈ পৰিছে৷

সি অফিচৰ বে’গটো কান্ধেৰে দি সুমুৱাই পিঠিৰ পিছফালে লৈ লয়৷ এখন হাত পেণ্টৰ জেপত ভৰাই, তলমূৰকৈ খোজকঢ়াটো আজিকালি তাৰ অভ্যাসেই হৈ গৈছে৷ বাটটোত কোনো জনপ্ৰাণী এটা নাই, ভতুৱা কুকুৰ এটা থাকিলেও অলপ প্ৰাণ আহিলহেঁতেন চাগে’৷ উজ্জ্বল হাইৱেটোৰ পৰা পাঁচ মিনিট খোজকাঢ়িলেই যে সদাব্যস্ত মহানগৰীখনৰ মাজ-বুকুতে এনেকুৱা নিৰ্জন-নিৰস ঠাই এটুকুৰা পোৱা যায়, সেই কথাটোৱে তাক আজিকালি আচৰিত কৰি নোতোলে, প্ৰাত্যহিকতা হৈ পৰিছে এইটো৷ যিদিনা সি প্ৰথমবাৰলৈ এই কথাটো উপলব্ধি কৰি মনে মনে আমোদ পাইছিল; সেই দিনটো আজি প্ৰায় বিশ বছৰ পুৰণা এক স্মৃতি হৈ পৰিছে৷
পেণ্টৰ পকেটত হাত ভৰাই সি চিগাৰেটৰ পেকেটটো এবাৰ চুই চায়৷ কেইটা আছে? মনে মনে হিচাপ কৰে, চাৰিটা থাকিব লাগে৷ কিন্তু চাৰিটাৰে হ’ব জানো? সি অলপ শংকিত হৈ পৰে৷ এইখিনিতে কোনো দোকানো নাই, আকৌ বহুদূৰ ঘূৰি যাব লাগিব!

Monday, February 20, 2017

== চোৰ-পুলিচ ==


আগকথাঃ- 

সাধুটো কাল্পনিক, কিন্তু এনে ঘটনা কৰবাত ঘটি থকাৰ সম্ভাৱনা নোহোৱা নহয়। অৱশ্যে কোনো সঁচা ঘটনা বা ব্যক্তিৰ লগত কিবা মিল ওলালে সেয়া নিতান্তই কাকতালীয় বুলি মাৰ্জনা কৰে যেন। জয়ন্ত তালুকদাৰ আৰু প্ৰতিভূ দত্তলৈ অশেষ ধন্যবাদেৰে।

(১) কলিতা হোটেল ! আচলতে কি আৰু হোটেল ? থানাখনৰ দেৱালৰ বাহিৰত কোনো মতে এচলীয়াকৈ ঘৰ এটা সাজি দুজোৰ চকী বেঞ্চৰ সৈতে হোটলখন খুলিছে ৷ থানাৰ পুলিছকেইজনৰ লগতে থানালৈ অহা দুই এজনে মাজে সময়ে চাহ একাপ, ৰুটি তৰকাৰি দুই প্লেট খায় ৷ দিনটোত বিক্ৰী বুলিবলৈ সিমানেই হয় ৷ পাছে আজি দুপৰীয়াৰে পৰা থানাত যেন মেলা লাগিছে ৷ থানালৈ ওপৰৱালা বিষয়াৰ গাড়ী আহিছে আৰু গৈছে ৷ দুজন বিষয়া দুপৰীয়াতে আহি থানাৰ ভিতৰত যি সোমালে ভিতৰতে আছে ৷ সেই বিষয়াসকল অহাৰ লগে লগে আহি থানত হাজিৰ হ’ল টি.ভি. ছেনেলৰ ৰিপোৰ্টাৰসকল ৷ অকল ৰিপোৰ্টাৰেই নে ? তেওঁলোকৰ লগত আহিছে কেমেৰামেন, ওপৰত এন্টেনা লগোৱা ও.বি. ভেনবোৰ ৷ তাৰোপৰি আছে উৎসুক জনতাৰ ভিৰ ৷

প্ৰথমে ‘‘আজি ইনকাম হ’ব !’’ বুলি উৎসাহিত হোৱা মহেশ কলিতাই চাহ গৰম কৰি কৰি, ৰুটি সেকি সেকি এটা সময়ত অতিস্থ হৈ গৈছে ৷

- ‘‘হেই .. আৰ নৰো দে , কোকাল বিহেই গেছি ! কি যি পাতছি এখান ! এহাতো নাযই , ঘুমবাও নৰা হ'লু ! হলাক বুলি আৰ চাহ বনেইয়ি থাকিম না!’’, মহেশ কলিতাই বিষোদগাৰ কৰিলে ৷

হোমগাৰ্ড কমল ঠাকুৰীয়াই ধমক দিলে, - " সিগলা বাদ দি , আজিই চাঞ্চ .. যিমান পাৰা থুপৰেই ল ! আৰু ইত্যেই চাইৰ কাপ ইস্পেচেল চাহ বনোও জল্দি , এচ পি চাৰোক লাগে !’’

(২) একে সময়তে থানাৰ ভিতৰত এছ.পি. ব্ৰজেন বৰুৱায়ো চিঞৰি উঠিল,

- ‘‘চাল্লা পাগল হৈ যাম ! আৰু নোৱাৰিছো ! একো নহয়ো, মানুহবোৰো নাযায়, শুবও নোৱাৰা হ’লো ৷ হ’ল বুলি আৰু কিমান ডিউটি কৰিম ?’’ 

Wednesday, January 6, 2016

ভীক্ষু

কৌতুক লিখিবলে একেবাৰে মন নাই, মই আজিকালি চিৰিয়াচ মানুহ আৰু বুঢ়াও হৈছো। অলপ ধৰ্ম কৰ্মত মন দিছো,গতিকে মোৰ জীৱনৰ সত্য ঘটনা এটাকে কও...মোৰ দৰে গুৰু গোঁসাই নমনা মানুহ এটা কিয় ধাৰ্মিক হব লগা হ'লগৈ
******

বহু দিনৰ আগৰ কথা, মই হাবি এখনৰ মাজেৰে অকলে গাড়ী চলাই গৈ আছিলো, হঠাতে গাড়ীখন বেয়া হৈ গ’ল, সন্ধিয়াও হৈ আহিল, অলপ ভয় ভয় লাগিল। তেনতে অলপ দূৰত ধুনীয়া ঘৰ এটা দেখা পালো, গৈ দুৱাৰত টুকুৰীয়ালো, বৌদ্ধ ভিক্ষুনী এগৰাকী ওলাই আহিল, সেইতো হেনো এটা বৌদ্ধ মন্দিৰ হে। এন্ধাৰত মই ভালকে ধৰিবই নোৱাৰিলোঁ। ভিক্ষুনীগৰাকী অকলে থাকে, অতীৱ সুন্দৰী আৰু কম বয়সীয়া। ভিক্ষুনী গৰাকীয়ে মোক আদৰ সাদৰ কৰি ভিতৰলে মাতি নিলে, মুখ হাত ধুবলৈ সুশীতল পানী দিলে, সুস্বাদু খাদ্য খাবলৈ দিলে আৰু ৰাতিটো তাতে কটাবলৈ অনুৰোধ কৰিলে। আটাইতকৈ আচৰিত কথা হ’ল তেও মোৰ গাড়ীখন পৰীক্ষা কৰিলে আৰু পলকতে বেমাৰটো ধৰা পেলাই ভাল কৰিও দিলে। ৰাতি ধকধকীয়াবগা বিচনা এখনত নিশ্চিন্ত মনে শুই পৰিলো। 


Sunday, November 15, 2015

ড্ৰাইভাৰ



বাচন খিনি ধুই থকাৰ পৰা ল’ৰা লৰিকৈ হাত দুখন মুচি মুচি চন্দ্ৰাই ইণ্টাৰকমটো উঠালে।



-‘চন্দ্ৰা!!’- সিফালৰ পৰা  চাৰৰ মাত- “আজি মোৰ বন্ধু এজন আহিব, ৰাতি থকাকে; .....অকলে আহিব...ফেমিলি লৈ নাহে, বজাৰৰ কিবা কিবি আনিব লগা আছে যদি মোক চাই চিতি জনাবা। আমাৰ দেৰি হব, ঘৰ গৈ পাঁওতে



এই ন-দহ বজাৰ সময় খিনি চন্দ্ৰাৰ অলপ জিৰণি লোৱাৰ সময়। চাৰ বাইদেউ দুইজনৰেই বৰ ব্যস্ততাপূৰ্ণ চাকৰি। এই সৰু যদিও আটকধুনীয়া ঔদ্যোগিক কলনিটোত প্ৰায়বোৰৰ মানুহৰেই জীৱন একেবাৰে ৰুটিনত চলে, প্ৰায় সকলোবোৰ বাসিন্দাই ঘৰত বা অফিচত একেসময়তে একেবোৰ কামেই কৰি থাকে, একে সময়তে ভাত খায়, একেসময়তে টিভি চায়, একেবোৰ কথাকে শ্ৰীমতীৰ লগত পাতে, এটা ডাঙৰ ফেক্টৰিত যেন নিয়মীয়া উৎপাদন চলি আছে, সকলোবোৰ যন্ত্ৰৱৎ

Monday, August 24, 2015

পথবন্ধ

সাহিত্য ডট অৰ্গৰ ছুটি গল্প বিশেষ সংখ্যাত প্ৰকাশিত

http://www.xahitya.org/2015/08/15/pothbondho/

গাড়ীবোৰ অথালি-পথালিকৈ ৰখাৰ বাবে কোনোখনে কোনোফালে লৰচৰ কৰিব নোৱাৰা অৱস্থা। তাৰ প্ৰায় মাজতে ৰৈ আছে পুৰণা বগা ৰঙৰ মাৰুতি ভান খন। পিছৰ ছিটত শুৱাই অনা বুঢ়ী মানুহগৰাকীৰ মূৰৰ পৰা তেজ বৈ আছে, গামোচাখনেৰে বন্ধাৰ পৰাও একো বিশেষ লাভ হোৱা নাই যেন লাগে। চকু মুদ খাই আহিছে, উশাহবোৰ দীঘল দীঘল, বহু সময়ৰ মূৰে মূৰে, হয়তো ৰক্তচাপ একেবাৰে কমি গৈছে। বুঢ়ীক সাৱট মাৰি ধৰি থকা সৰু ল’ৰাটো বুঢ়ীৰ নাতিয়েক, পুৱা আইতাকে পিছল খাই পৰি মূৰত দুঃখ পোৱাৰ পৰাই সি আইতাকক এৰি দিয়া নাই, তাৰ গাটোও বুঢ়ীৰ তেজেৰে ৰাঙলী হৈ গৈছে। মাজে মাজে সি ভুনভুনাই কয়-“তোৰ একো নহয় আইতা, হস্পিটেল গৈ পালেই সকলো ঠিক হৈ যাব, মই আছোঁ নহয়। আমি পামেই গৈ অলপ পাছতে।” এম্বুলেন্স মাতিলে দেৰি হয় বুলি, কাষৰ ঘৰৰ মাৰুতি ভানখনেৰেই বুঢ়ীক মেডিকেল কলেজলৈ লৈ যোৱাৰ সিদ্ধান্ত কৰিছিলে তেওঁলোকে। মাত্ৰ এঘণ্টাৰ বাট, যেনেতেনে মেডিকেল পালেগৈয়ে ৰক্ষা পৰে তেওঁলোক।

Sunday, July 19, 2015

মোৰ আসক্তিৰ বৰষুণ, translation of Agniswar Mitra's update " My fascination with rain:"

ভাই বন্ধু Agni ৰ এটা ষ্টেটাছ আপডটে মনটো কিবা কিবি কৰি দিলে, ইংৰাজীত দিয়া অগ্নিৰ আপডেটটো অসমীয়ালে অনুবাদ কৰিবলে চেষ্টা এটা নচলাই থাকিব নোৱাৰিলোঁ, 

মোৰ আসক্তিৰ বৰষুণ

ধুবুৰীত কটোৱা মোৰ সৰুকালটো, বন্ধুবোৰ আৰু বহুতো স্মৃতি আজিও সেউজীয়া আৰু তাৰে কিছু জোখতকৈ অলপ বেছি বৰ্ষাসিক্ত। গৌৰীপুৰ ফিল্ডৰ গোৰোহা ডুবা পানীত বোকা খচকা আৰু বৰষুণৰ বতৰত চিলড্ৰেন পাৰ্কৰ সন্ধিয়াবোৰ মোৰ সোঁৱৰণিৰ কেচুৱাকাল। অহহ,..... ক্ষমা কৰিব, সেইবোৰ আচলতে একোখন ফুটবল খেলহে আছিল, বৰ্ষামূখৰ সন্ধিয়াৰ। নদীৰ পাৰৰ লখনদাৰ দোকানৰ একাপ একাপ গৰম ৰঙা চাহত সশব্দে চুমুক মাৰি কৰা গেমপ্লেন আৰু... লগতে প্ৰেমপ্লেন, স্মৃতিৰ ক’লা বগা ফ্ৰেমৰ পৰা পোনে পোনে তুলি অনা একো একোখন জীৱন্ত ছবি। একেটা চিগাৰেটৰে ভাগ বিছাৰি, বৰষুণত জুৰুলি জুপুৰিহৈ আঁহত গছজোপাৰ তলত জুম বন্ধা, মোৰ বাবে বন্ধুত্বৰ সৰ্বোত্তম উপলব্ধি। 

Friday, January 11, 2013

প্ৰয়োজন

 প্ৰচণ্ড ভীৰ দোকানখনত, থিয় হোৱাৰ ঠায়েই নাই। প্ৰায়বিলাক গ্ৰাহকেই বিবাহিতা মহিলা, আৰু প্ৰায় সকলোৰে লগতে তেওলোকৰ পতিসকল। শৰ্মাই এবাৰ পুৰুষ কেইজনৰ মুখত চকু ফুৰালে, সকলোৰে মুখৰ ভাৱ ভংগীত কিবা যেন সাদৃশ্য বিছাৰি পাই আমোদ অনুভৱ কৰিলে তেঁও। পূজাৰ বতৰ, তাতে শাৰীৰ দোকান, দোকান নহয় কাপোৰৰ মহাৰণ্য যেন এখন, যেনিয়েই চকু যায় তেনিয়েই শাৰী, ৰং বিৰঙী, বিভিন্ন ডিজাইনৰ শাৰীয়েই শাৰী। একোখন শাৰী বিক্ৰী কৰিবলৈ চেলচমেন কেইজনে কমেও পোন্ধৰখন শাৰী দেখুৱাব লগা হয়, তথাপি তেঁওলোকক বিৰক্ত হোৱা যেন লগা নাই। ৰাতি আকৌ এই গোটেই মেল খাই থকা শাৰীবোৰ জাপিব লাগিব ছাগে তেঁওলোকে..কথাটো ভাবি শৰ্মা মনে মনে অলপ আচৰিত হ’ল। এবাৰ শ্ৰীমতীৰ পিচল শাৰী এখন দুঘণ্টা চেষ্টা কৰিও জাপিব নোৱাৰা কথাটোলে মনত পৰিল।

-“এইখন চোৱাচোন...ডিজাইনটো ইমান আন কমন..ভাল লাগিছে নে ?”

শ্ৰীমতীৰ মাতত শৰ্মা বাস্তবলৈ ঘুৰি আহিল।

Thursday, November 29, 2012

মোৰ প্ৰেমৰ গল্প



আজি লিখিমেই লিখিম, লিখিবই লাগিব, ......পিছে লিখোঁ  কি ? চাল্লা মগজটো গোবৰ হৈ গল নেকি?  যিয়েই লিখো, অলপ জমনি টাইপ হবই লাগিব ..নহলে কোনেও নপঢ়ে... এনেই লাইক মাৰি থৈ দিব...অলপ ফাণ্ডাও ভৰাব লাগিব..এইচি বুলি কলেই হাইফাণ্ডা দুটামান দিব মন যায় চোন..কি কৰিম? বহুদিনীয়া হেবিট!!!! কিন্তু লিখো কি??

 ..........মহ,  মাখি, মজবুত??ধুৰ একেবাৰে ষ্টেৰিঅ'টাইপ হৈ যাব,..... টেঙা আম এবাৰ হে বেছিব পাৰি??

Hmmmmmmmmmm.......
 
বাদেই দিও নেকি? বাদ দিলে কিন্তু এই কেইটাই জীনা হাৰাম কৰি দিব...‌ফেচবুকলে অহা বন্ধ কৰি দিব! লেতেৰা গালি কেইটা বাৰু হজম কৰি লম। কিন্তু চেন্তি বোৰ..উসস..অসহ্য!!!! নাই নাই, এইচিয়া ব্লগ, এইচিৰ ইজ্জতৰ কথাও আছে...., লিখিবই লাগিব। কিন্তু??????????

Hmmmmmmmmmmmmm……..


Saturday, April 21, 2012

উত্তৰণ

(ৰঙালী বিহু সংখ্যা সাহিত্য ডট অৰ্গত প্ৰকাশিত)

“পল্টন বজাৰ , লাষ্ট ষ্টপেজ, লাষ্ট ষ্টপেজ, নামি লওক নামি লওক !”

নাইট চুপাৰৰ হেণ্ডিমেনৰ চিঞৰত খক-মক কৈ সাৰ পাই উঠিলোঁ ৷  ওৰে ৰাতি বাছত টোপনি নধৰিলে, যোৰাবাটৰ পাছত কেতিয়ানো ক’ব নোৱাৰাকে টোপনি আহিল ক’বই নোৱাৰিলোঁ ৷ লৰালৰিকৈ বাংকাৰৰ পৰা বেগটো লৈ নামি আহিলোঁ ৷ হেণ্ডিমেনে অলপ পোন্দোৱাকৈ চোৱা যেনো লাগিল এবাৰ ৷

আজি কিবা নহয় কিবা এটা কৰিমেই বুলি মন বান্ধি আহিছোঁ, কামটোৰ বাবে গুৱাহাটীলৈ এই বছৰ মোৰ চাগে’ নৱম বাৰ আগমন ৷ ইমান বাৰ অহাৰ অভিজ্ঞতাৰ লগতে মোৰ কমনচেন্স বোলা বস্তুটোৰ সংমিশ্ৰণ ঘটাই, সমাধান এটা পাইছোঁ, গতিকে  আজি কৰিমেই ৷ নকৰিলে নহ’ব, ইতিমধ্যে বহু দেৰি হৈ গৈছে৷
পেটটো কৰকৰাই উঠিল;  বন্ধ দোকান এখনৰ সমুখতে এজনে ‘ মোগলাই পৰঠাৰ বেহা মেলিছে, বতাহত ফুৰফুৰীয়া গোন্ধ ৷ তাতে কালি ৰাতি আঠ বজাতে ঘৰত ভাত খোৱা, খায়েই দিওঁ নেকি? পিছে খালে দিনৰ ভাতসাঁজৰ বাবে বাজেট কমি যাব, চাহ আৰু ক্ৰীম ৰ’লেৰে চলাব লাগিব ৷ এহ যি হয় হ’ব যা, পিছত দেখা যাব ৷ মোগলাইৰ আহ্বান অস্বীকাৰ কৰিব পৰা মানসিক প্ৰস্তুতি এতিয়া নাই ৷

Tuesday, March 20, 2012

ভ্ৰষ্ট দেৱতা=(ডিচেম্বৰ ২০১২ সংখ্যা সাহিত্য ডট অৰ্গত প্ৰকাশিত)


            হঠাতে তেজ এসোতা মূৰলৈ উজাই যোৱা যেন লাগিল  শ্যামলীৰ | কাণ দুখন গৰম গৰম হৈ গ, নাকৰ পাহিত এটোপ ঘাম বিৰিঙি উঠা যেনো লাগিল তাইৰ | নপঢ়ো নপঢ়ো বুলি ভাবিও, চাবি দিয়া পুতলাৰ দৰে তাই বাতৰিটো পঢ়িব ধৰিলে | কাকত খনৰ দ্বিতীয় পৃষ্ঠাত চপা হৈছে খবৰটো, ছবিৰে সৈতে| কাজিৰঙাৰ বিলাসী ৰিজৰ্টত কম বয়সীয়া ছোৱালীৰ সতে ধৃত  ভাৰত  চৰকাৰৰ উচ্চ পদস্থ বিষয়া | লগতে প্লাবনৰ ছবি, দুজন পুলিচে দুফালৰ পৰা ধৰি আছে| সি ৰুমালেৰে মুখখন লুকুৱাবৰ চেষ্টা কৰিছিল ছাগে | পুলিচ এজনে জোৰকৈ মুখ খন উলিয়াই দিছে|  মুখ খন ঢাকি থাকিলেও তাই তাক ঠিকেই চিনি পালেহেঁতেন | তেনেকুৱা উজ্জল চকু তাৰ বাদে আৰু আন কাৰ থাকিব পাৰে| অলপ বয়সৰ চাপ পৰিছে , কিন্তু  একেই আছে সেই বুদ্ধিদীপ্ত চকুদত জিলিকি থকা তাৰ শুভ্ৰ মুখ, তাৰ জোখতকৈ অলপ বেছি পুৰুষ পুৰুষ লগা ব্যক্তিত্ব | সাংবাদিক জনে বৰ আবেগিক বাবে ৰিপৰ্টিং কৰিছে- শ্যামলীয়ে পঢ়িবৰ চেষ্টা কৰিলে   এই বিলাসী ৰিজৰ্টখনত বিষয়া জনে আগতে বহুবাৰ এনে কাৰ্য্যত লিপ্ত হোৱা স্থানীয় লোকৰ চকুত পৰিছিল| এইবাৰ তেঁও তাত সোমাওতে ওচৰৰ ৰাইজে ৰিজৰ্ট খন বেৰি ধৰে আৰু তেওক ওলাই আহিবলৈ বাধ্য কৰে| তেঁও সেই সময়ত সম্পুৰ্ণ সুৰামত্ত অবস্থাত আছিল , আৰু তেঁও ৰাইজক অশ্লীল ভাষাৰে গালি পাৰিবলৈ আৰম্ভ কৰে | লগে লগে  ৰাইজ উত্তেজিত হৈ  তেওক লপা থপা দিয়াৰ লগতে ৰিজৰ্ট খনৰো যঠেষ্ট ক্ষতিসাধন কৰে| ইতিমধ্যে ৰাইজে পুলিচক খবৰ দিয়াত পুলিচে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু শ্ৰীপ্লাবন বৰঠাকুৰক জেল হাজোতলৈ প্ৰৰণ কৰে| উল্লেখযোগ্য যেলগত উদ্ধাৰ হোৱা ছোৱালী  জনী এটি দুখীয়া পৰিয়ালৰ আৰু তাতোতকৈ  তাৎপৰ্য্যপুৰ্ণ কথা যে ছোৱালীজনী আপ্ৰাপ্তবয়স্ক; অবশ্যে পুলিচে ছোৱলীজনীকো নিজৰ জিম্মাত লয়|  শ্যামলীৰ ওকালি অহা যেন লাগিল | ছি: | যেনেতেনে তাই বাতৰিতোৰ পিছৰ অংশ পঢ়াৰ চেষ্টা কৰিলে | পুলিচে ইতিমধ্যে অনুসন্ধান কৰি, ছোৱালী জনীক যোগাৰ কৰি দিয়াৰ অভিযোগত  গুৱাহাটীৰ মন্মথ ডেকা নামৰ এজন ঠিকাদাৰকো গ্ৰেপ্তাৰ কৰে| পুলিচৰ জেৰাত সকলো কথা স্বীকাৰ কৰি মন্মথ ডেকাই কয় যে তেও এই বিভাগটোৰ এজন ঠিকাদাৰ হিচাপে কাম পাবৰ কাৰণে ছোৱা্লী জনী যোগাৰ কৰি দিয়াতো সত্য| তেও আৰু কয় যে শ্ৰীবৰঠাকুৰৰ লগত  কাম টো দিয়াৰ বিনিময়ত এনেকুৱা সুবিধা দিব লাগিব বুলি আগৰ পৰাই বুজাপৰা আছিল| তেও আগতেও বহুবাৰ শ্ৰীবৰঠাকুৰক এনে কাম কৰি দিছে বুলিও ডেকাই  নিজৰ স্বীকাৰোক্তিত কয়|  আৰু পঢ়িব নোৱাৰিলে তাই ,তাৰ মানে সি সদায়? কিয় এনে কৰিলে সি?  দুয়ুহাতেৰে মুৰতো খামুছি , স্থানুৰ দৰে বহি ৰল শ্যামলী