(হৰৰ গল্প, পেৰেনচিয়েল ডিচক্ৰিচন এডভাইজড)
সদায়ৰ দৰেই,.... তাই মোৰ বিছনাখনৰ ভৰিৰ ফালে চকী এখনত বহি একেথৰে মোলে চাই আছে, সেই একেই তীব্ৰ ঘৃণা ভৰা ভয়ংকৰ চাৱনিটোৰে। তাইৰ গাৰ আঘাতৰ দাগবোৰ শুকুৱাতো নায়েই বৰঞ্চ গেলিবলেহে আৰম্ভ কৰিছে, ভাঁহি আহিছে অকটা দূৰ্গন্ধ...চকুৰ পৰা বৈ অহা তেজবোৰ শুকাই কৰাল মাৰিছে, আউল বাউল চুলিবোৰে মূখখনৰ আধা ঢাকিয়েই পেলাইছে। সেই ধূলি ময় ,ফটা, বগা চুৰিদাৰজোৰেই তেতিয়াৰ পৰাই পিন্ধি আছে তাই। যোৱা প্ৰাহ দুমাহ ধৰি তাইক মই আন একো কৰা দেখা নাই, কেৱল মোক চাই থকাৰ বাদে। মই যলৈকে গৈছো, যিহকে কৰিছো, তাই সকলোতে মোৰ পিছফালে থিয় হৈ আছে, আৰু মোলে সেই ঘোলা চকুকেইটাৰে চাই আছে। চকুৰ দৃষ্টি নহয় যেন ঘৃণাৰ দাবানল, শব্দৰে বুজাব নোৱাৰা এক অসহ্যকৰ চাৱনি। দিন ৰাতি সকলো সময়তে, কেৱল চাই আছে, চায়েই আছে ...এটা কথাও কোৱা নাই, চকুৰ পলক এটাও পেলোৱা নাই।

