Showing posts with label হাস্য. Show all posts
Showing posts with label হাস্য. Show all posts

Wednesday, November 22, 2023

গ্ৰন্থ সমালোচনা-অভিজিত কলিতা

 ডিচেম্বৰ সংখ্যা ফটাঢোলত প্ৰকাশত

(স্বনামধন্য ভ্ৰমণকাহিনী লিখক দেৱজিত শৰ্মালৈ কৃতজ্ঞতাৰে) 

আপোনালোকে সকলোৱে জানেই, ফটাঢোল অসমীয়া ভাষা সংস্কৃতি সাহিত্যৰ হৈ নিজ নিজ ফটাঢোল কোবাব খোজা সকলৰ বাবে আজিৰ দিনত একমাত্ৰ বিশ্বাসযোগ্য প্লেটফৰ্ম। ফটাঢোলে অনুভৱ কৰে, অসমীয়া জাতিয়ে হোৱাই নোহোৱাই নিজৰ ফটাঢোল কোবাব নজনা বাবেই আজি ভাৰতভূমিত নিজৰ অস্তিত্বক লৈ সংকটত ভুগিব লগা হৈছে। আমি বুজি উঠিছোঁ যে আমাৰ পৰোচী ৰাজ্যৰ বাসিন্দাসকলৰ দৰে প্ৰচণ্ড আত্মবিশ্বাসেৰে নিজ নিজ ফটাঢোল কোবোৱাৰ প্ৰচেষ্টাইহে আমাক আমাৰ অধিকাৰ আৰু প্ৰতিষ্ঠা দিয়াব পাৰিব। আজিকালি ফটাঢোল কোবোৱাৰ যুগ, যি কোবাব নোৱাৰে সি গোল্লাই যাব।

সি যি কি নহওক, ফটাঢোলে আজিলৈকে ফটাঢোল কোবোৱাৰ নিত্য নতুন প্ৰক্ৰিয়া উদ্ভাৱন কৰি আহিছে, আৰু তাৰে এক নতুন পেটেণ্টেড উপায় হ’ল, সাম্ভাব্য গ্ৰন্থ সমালোচনা। 

সাধাৰণতে সমালোচনা লিখা হয়, গ্ৰন্থ এখন লিখা বা প্ৰকাশ হোৱাৰ পাছত, কিন্তু ফটাঢোলৰ ৰসায়নাগাৰত উদ্ভাৱিত এক নতুন প্ৰযুক্তি মতে এই কামটো কিতাপখন লিখাৰ আগতেই কৰিব পাৰি, আৰু তাৰ ফলাফল নৰ্মেল সমালোচনাৰ দৰেই হ’ব। সেয়ে আজি পৰীক্ষামূলক ভাৱে এখন অলিখিত, অপ্ৰকাশিত গ্ৰন্থৰ সমালোচনা আগবঢ়াবলৈ গৈ আছোঁ। আশাকৰোঁ আপোনালোকে এই সম্পৰীক্ষণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আমাৰ এই ফটাঢোল কোবোৱা প্ৰচেষ্টাৰ নিজ নিজ যোগদান দিব।

তো ভাইয়োঁ ঔৰ উনকী বেহেনোঁ‌- আজি আমি সমালোচনা কৰিবলৈ লোৱা অলিখিত, অসম্পাদিত আৰু অপ্ৰকাশিত গ্ৰন্থখনৰ নাম হ’ল- 

“মেকমোহন লাইন গৰকি ৰঙাচীনত দহদিন”,

 এই অবিশ্বাস্য, তথ্য সমৃদ্ধ ভ্ৰমণ কাহিনীটিৰ লেখক হ’ল- স্বনামধন্য, নগৈ গড়গাঁ‌ৱৰ বাতৰি দিয়া অসমীয়া ভ্ৰমণ সাহিত্যৰ কাণ্ডাৰীখ্যাত চিৰি ল চিৰি যুক্ত দেৱজিত শৰ্মা।

শৰ্মাদেউৰ অসমীয়া সাহিত্যৰ প্ৰতি অৱদান আপোনালোকে সৱেই জানে। তেওঁ‌ আজি ২০ বছৰ ধৰি একাণপতীয়াকৈ অসমীয়া ফেণ্টাছী ভ্ৰমণ কাহিনী লিখি আহিছে আৰু তেওঁৰ সেই তপস্যাত বাধা বিঘিনি হয় বুলি তেওঁ‌ সাংসাৰীক জীৱনৰ মেৰপাকৰ পৰাও নিজকে মুক্ত ৰাখিছে। আজি আলোচিত গ্ৰন্থখনৰ উপৰিও তেওঁ‌ আজিৰ তাৰিখত প্ৰায় ১৫ খন গাজাখুৰী ভ্ৰমণ কাহিনী লিখিছে আৰু ২৫ খন লিখিবলৈ কণ্ট্ৰেক্ট ইতিমধ্যে প্ৰাপ্ত কৰিছে। 

 এইহেন মহান ভ্ৰামণিকৰ অপ্ৰকাশিত অলিখিত গ্ৰন্থ এখনৰ সমালোচনা কৰিবলৈ পাই এই অধম অতিকৈ আনন্দিত।

তো, আমি পাতনি দীঘল নকৰি চিধা মুদ্দে কি বাত কৰোঁ‌-  শৰ্মাদেউৰ এই ভ্ৰমণ হৈছে চীন দেশলৈ আৰু চীন দেশৰ এনে কিছু পৰিস্থিতি বা ঘটনা লিখকে বৰ্ণনা কৰিছে, যি বিশ্বৰ কোনো লেখক সাংবাদিকে আজিলৈকে কৰিব পৰা নাই। শৰ্মাদেৱে জিন পিঙৰ শোৱনী কোঠাৰ যি বাস্তৱ দৃশ্য গ্ৰন্থখনিত তুলি ধৰিছে, সেয়া স্বয়ং চাইনীজ কমিউনিষ্ট পাৰ্টিয়েও কৰিব পাৰিব নে নাই সন্দেহ। 

এতিয়া আপোনাৰ মনত স্বাভাৱিক ভাৱেই প্ৰশ্ন জাগিব, যে শৰ্মাদেউ গ’ল কেনেকৈ তালৈ বা জিন পিঙে সোমাবলৈ কেনেকৈ দিলে তেওঁ‌ৰ  শোৱনী কোঠাত?  এই বিলাক সন্দেহ শৰ্মাদেৱে গ্ৰন্থখনৰ পাতনিতে কিলিয়াৰ কৰি দিছে। 

ভুতৰ ভৱিষ্যত-(শিৰোনাম এখন বাংলা চিনেমাৰ পৰা ধাৰ কৰা)

  (অক্টোবৰ ২০২২ সংখ্যা ফটাঢোলত প্ৰকাশিত)

হয়…. হয়, হয়েই! ভুতেই হয় সেইটো, নহ’লে কি হ’ব, এনে সময়ত? হে ভগৱান, কি উকহে খাইছিল মোক এই সন্ধিয়াখন এইফালে আহিবলে….হৰি ঔম! হৰি ঔম!….জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপিচ তিনো লোক উজাগৰ!…. লা ইলাহা ইল্লালাহো মোহাম্মদুৰ ৰছুলুল্লাহি,…. ঔঁম মণি পদ্মে হুঁম…. ইন দ নেম অৱ দ গ’ড এণ্ড দ হলী স্পিৰিট….আমেন….ক’ত যাওঁ ….ক’ত পলাওঁ…. কোন ক’ত আছ….আজি ৰাতিটোও ইমান এন্ধাৰ হ’ব লাগেনে? আৰু এই গেজেপনি মৰা বাঁহনিখন এইফালে আছে বুলি জনাহেঁতেন মই মৰি গ’লেও এইফালে নাহোঁ। কি হ’ব এতিয়া, আজি মই ‍শেষ…. আজি ভুতে মোৰ তেজকণ শুহি খাব, সেইটো…. সেইটো আহিছে মোৰ ফালে….মই দেখোন দৌৰি পলাবও পৰা নাই….আৰে মোৰ ভৰিকেইটা লৰচৰেই নহয়চোন….খতম মই… শেষ….

তেনেকুৱাতে মই সম্বিত হেৰুৱাই বাগৰি পৰিলোঁ…. তাৰ পাছত মোৰ একো মনত নাই। 
*
ভুতৰ প্ৰতি মোৰ ভয়টো এতিয়াৰ নহয়, কাছুটি লোৱা দিনৰে পৰা ভুতে মোক খেদি ফুৰিছে। কিমান ৰাতি মই ভুতৰ ভয়ত নোশোৱাকৈ আছোঁ হিচাপ নাই। ৰাতি শুবলে লওঁ- লাগে যেন কোনোবাই খিৰিকীৰে বা ভেণ্টিলেটৰেৰে মোক চাই আছে। অকলে খোজকাঢ়িলে দিনতে লাগে যেন কোনোবা মোৰ পিছে পিছে আহি আছে….কিমান বাৰ ৰাতি মোক কোনোবাই টেঁটু চেপি ধৰিছে, ধৰফৰাই সাৰ পাইছোঁ…. চিঞৰিছোঁ…. অকলে থাকিলেই অদ্ভূত মাত কিছুমান শুনো। ৰাতি দূৰত লাইট এটা জ্বলা দেখিলেই লাগে যেন সেইটো ধনগুলৈ, মোক খেদি আহিছে। আৰু তাৰো ওৰপৰত এই ভুতৰ চিনেমাবোৰ….”আমি মঞ্জলিকা!!!” মঞ্জলিকাৰ চকুকেইটাই এমাহ মানলৈ মোৰ পিছা কৰি ফুৰে। কিয় বনাই এইবোৰ চিনেমা মই বুজি নেপাওঁ, এনেই ভুতৰ উৎপাতত মোৰ জীৱন নৰক হৈ গৈছে, তাৰ ওপৰত আকৌ নিত্য নতুন ভুতৰ আইডিয়া। কনজিউৰিং, দা নান কত কি? মুঠতে ভুত আৰু ভুতৰ চিনেমাই মিলি মোৰ জীনা হাৰাম কৰি দিছে….সেয়ে মই পৰাপ‍‍ক্ষত ভুতৰ কথা নেপাতোঁ, আৰু ভুতীয়া ঠাইবোৰলৈ নে‍যাওঁ। ৰাতি শোৱা বিছনাখনৰ তলত সৰিয়হ, কেঁচা নহৰু, লোহাৰ কটাৰী সকলো ৰাখোঁ, আৰু সেইবোৰ সাৱটিয়েই শোওঁ।  পগলা বাবাৰ পৰা অনা চাৰিটা ভুত প্ৰতিৰোধী তাবিজ সকলো সময়তে মোৰ গাত থাকেই, নেৰোঁ সেইকেইটা। সেইবোৰ প্ৰটেকচন লোৱাৰ বাবেই হয়তো আজিলৈকে মোক ভুতে ভয় খুওৱাৰ বাদে বিশেষ একো অপকাৰ কৰিব পৰা নাই। পিছে আজি কথাটো পুৰা গৰবৰ হৈ গ’ল।

অচিন ঠাই এখনলৈ বিশেষ চিন্তা অনুসন্ধান নকৰাকৈয়ে আহি গ’লোঁ। শুনিছিলোঁ ইয়াত বোলে পগলা বাবাতকৈয়ো শক্তিশালী তান্ত্ৰিক এজন আছে, পগালা বাবাৰ চাৰিটা তাবিজে কৰিব নোৱাৰা কাম, তেওঁৰ এটা তাবিজেই কৰি দিয়ে। গতিকে তেনে চাৰিটা তাবিজ যদি মই পিন্ধি লওঁ, তেনে মোৰ ভুত প্ৰতিৰোধী ব্যৱস্থাটো S-400  মি‍ছাইল ডিফেন্স চিষ্টেমৰ দৰে হৈ যাব। ভুতে মোৰ ফালে মূৰ ডাঙিয়েই চাব নোৱাৰিব। এনে সুবিধা পালে মই এৰি দিয়াত নাই, ভুতে মোক ইতিমধ্যে বহুত জ্বলাকলা দিছে, আৰু নোৱাৰি আৰু, লাগিলে পইচাকে খৰছ হওক। জীৱনতকৈ পইচা ডাঙৰ নহয়।

তাতেই ভুল হৈ গ’ল মোৰ, ‘১২৯ নং মৌলানা পৰমহংস কৃষ্ণ কৰিম প্ৰভূপাদ ঘাণ্টে বাবাৰ’ আশ্ৰম বিচাৰি ফুৰোঁতেই সন্ধিয়া লাগি ভাগিল। যাকে সোধোঁ সিয়ে ভুল ৰাষ্টা দেখুৱাই। আৰু আজি এই ৰাতি আঁঠ বজাত মই গেজেপ মৰা বাঁহনি এখনৰ মাজত, ইফালে অন্ধকাৰ, জনপ্ৰাণী এটা নাই!  তেতিয়াই ঘটানাটো হ’ল…. অচিন অদ্ভূত ছাঁয়া এসোপাই মোক বেৰি ধৰিলে, হাত ভৰি লৰচৰ কৰিব নোৱাৰা হ’লোঁ….আৰু এসময়ত মোৰ কোমল হৃদয়ে এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰিলে, মই বেহুচ হৈ গ’লোঁ।

কিমান দেৰি অচেতন হৈ আছিলোঁ ক’ব নোৱাৰোঁ- কিন্তু এসময়ত মোৰ জ্ঞান ঘূৰি আহিল….অনুভৱ কৰিলোঁ, মোক ক’ৰবাত আঁটি আঁটি বান্ধি থোৱা আছে, হাত ভৰি লৰাব নোৱাৰোঁ মই। জান নিজান কৈ চকুকেইটা মেলি চালোঁ….আৰে! মোৰ চাৰিওফালেচোন কোনোবা আছে! কোন এইবোৰ, মানুহ যেনেই লাগে, বা নেলাগেও। কোন এইবোৰ? তেনে ক্ষেত্ৰত মই মোৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা বুদ্ধিমত্তা ব্যৱহাৰ কৰিলোঁ- সাৰ সুৰ নোহোৱাকৈ পৰি থাকি, জান নিজান চকু দুটা মেলি কাণ উনাই শুনাৰ চেষ্টা কৰিলোঁ। কিবা মীটিং চিটিং হৈ থকা যেন লাগিল। হয় মীটিঙেই হয়, শুভ্ৰ ধূতি চোলা পিন্ধি, মূৰত প্ৰকাণ্ড ৰাজকীয় পাগ মৰা, হাটত লাখুটি এডাল লৈ থকা মানিহ এজনক কেন্দ্ৰ কৰি বিছ পচিশজন মানুহ!! ৰ’ব। মানুহেই যেন লাগিছে হয়, কিন্তু কিবা আচহুৱা, তাতে আধামেলা চকুৰে ভালকৈ দেখাও নাই। 

: পাতকীটোৰ জ্ঞান আহিল নেকি?

Tuesday, December 18, 2018

=আত্মধোৱন=

১৯৯৩ চন মানৰ কথা, আমাৰ কলেজত এখন অসমীয়া চিনেমাৰ শ্বুটিং হৈছিল, নাম আছিল একত্ৰিছ জুন। নায়িকা আছিল মণিতা কাকতি,সেই সময়ৰ আটাইতকৈ সুন্দৰী নায়িকা। গতিকে সেইকেইদিন ক্লাছ, প্ৰেক্টিকেল সমুলঞ্চে পৰিহাৰ কৰি শ্বুটিং পাৰ্টিৰ লগত দিনে নিশাই ঘুৰি ফুৰাই আমাৰ কাম আছিল। আমাৰ ধাণ্ডা আছিল যেনেতেনে এবাৰ কেমেৰাত মুখখন উলিওৱা।
কথাতে কয় নহয়, প্ৰৱল ইচ্ছা থাকিলে ভাগ্যইয়ো সহায় কৰে। আমাৰ এগৰাকী সহপাঠী বান্ধৱী অভিনেতা প্ৰাঞ্জল শইকীয়াৰ ভাগিনী। গতিকে তাইকে আমি সকলোৱে নেৰা নেপেৰাকৈ ধৰিলো, কিবা এটা উপায় কৰা, নহ'লে আমাৰ জীৱনেই বিফল হব। তাই কিবা কিবি কৰিলে হবলা, এদিন দেখোন চিন এটাত আমাক সকলোকে মাতি নি ক্লাছৰূমত বহাই দিলে। মই প্ৰথম বেঞ্চেতে ছিট এটা যোগাৰ কৰিলো। সেইটো এজন প্ৰফেচাৰে ক্লাছ লোৱাৰ দৃশ্য।
তাৰ পাছতে হঠাৎ মোৰ ভাগ্যৰ চকৰি ঘুৰিল, এজন সহ-পৰিচালক মোৰ ওচৰলৈ আহি সুধিলে
-"ডাইলগ এটা কব পাৰিবা?"

#ফটাপ্ৰেম

হোষ্টেলত লাইফ আৰু প্ৰেম অভিন্ন বস্তু, প্ৰেম অবিহনে হোষ্টেলৰ কথাৰ অৰ্থই নাই। সেইকাৰণে আজি মোৰ হোষ্টেলৰ কথ কব খুজি কেৱল প্ৰেমৰ কথাই কও বুলি ভাৱিছো।
হোষ্টেলৰ কথা বাদেই, বুজা হোৱাৰ পৰাই মোৰ বদ্ধমুল ধাৰণা আছিল, এই প্ৰেম বোলা মালটো মোৰ বাবে নহয়। মোৰ নিজৰ চেহেৰা, ঔকাত, বাপকা মালৰ পৰিমাণ আৰু মোৰ স্বভাৱ সম্পৰ্কে অতি স্পষ্ট ধাৰণা আছিল, আজিও আছে; গতিকে কোনো সুন্দৰী আৰু বুদ্ধিমান ছোৱালী যে মুৰত বিকৃতি নঘটালৈকে মোৰ প্ৰেমত নপৰে, সেই বিষয়ে মোৰ কোনো সন্দেহ নাছিল। তাতে মোৰ চকুও আকৌ এনে, ৰূপে গুণে বাচৰো বাচ জনীতহে চকু পৰেগৈ।
গতিকেই, যৌৱনৰ দুৱাৰ দলিত ভৰি দিয়ে ভাৱিলো যে বিফলতা অৱশ্যম্ভাৱী বুলি জানিও শক্তি অপব্যৱ কৰাতকৈ, মনত দুখ পোৱাতকৈ, মই সদায় একপক্ষীয় প্ৰেমেই কৰি যাম, সপোনতে ডেটিং মাৰি যাম। আৰু সঁ‌চা সঁ‌চি প্ৰেম বিয়াৰ পাছত ঘৈণীকে দিম, প্ৰেমেৰে ধুৱাই দিম।

=ফটা সাক্ষাতকাৰ= জুন-২০১৭ সংখ্যা ফটাঢোলত প্ৰকাশিত

অংকনঃ- দেৱজিত শইকীয়া 


এই পৰী পাৰবীন ছোৱালীজনী ভাল নহয়। সেইদিনা খবৰ এটা লও বুলি তেখেতৰ অফিচলে গ’লো; বঢ়িয়াকৈ চাহ মিঠাই খুৱাই, মিঠা মিঠা কথা কৈ মোক ফচাই দিলে নহয়- বোলে এই সংখ্যা ফটাঢোলৰ বাবে সা‍ক্ষাৎকাৰ মই লৈ দিব লাগিব। মই চালে বেৰে কোবাই নাই নুই কৰি চালো, পিছে তেও নাচোৰবান্দা। মোক তামাম জেক মাৰিলে- বোলে মই হেনহে, তেনহে, মই নকৰিলে এইটা কাম কোনেও কৰিব নোৱাৰে। মই বুজি পালো যে মোৰ পৰা কাম উলিয়াবলৈ জেক মাৰি আছে- কিন্তু শেষত গৈ না কৰিব নোৱাৰিলোগৈ। এনেয়ো সুন্দৰী মহিলাক না কোৱাৰ অভ্যাস মোৰ কস্মিন কালেও নাছিল। কিন্তু যেতিয়া সা‍ক্ষাৎকাৰ লব লগা মানুহজনৰ নাম ক’লে- মোৰ ফাটমেলা বসুমতী পাতালে লুকাও অৱস্থা হ’ল। সেইজন মানুহৰ সা‍ক্ষাৎকাৰ লম আৰু মই? হে ভগৱান- মোৰ মাতেই নোলাব দেখোন মুখৰ পৰা! এনে বিশাল ব্যক্তিত্বৰ আগত মোৰ পেণ্ট গিলা হৈ গ’লে – ৰিস্ক কোনে লব? পিছে পাৰবীনে নেৰে- নাই আপুনি পাৰিব, পাৰিবই লাগিব। ফটাঢোলৰ ইজ্জতৰ কথা।

Friday, October 12, 2018

=বৰাপ্ৰেমাখ্যান=

ওলাইছেহি আহি এজন ঢুলীয়া জোখৰ,
আহিয়েই দিছে এচাট গেমেহা চাপৰ; 

নামটো আকৌ হিমন্তৰ ওচৰ পাজৰৰ,
নকলেও জনাই জানে নগাঁৱত ঘৰ। 

সৰুৰে পৰাই তেৰাৰ আছিল বেমাৰ ছালৰ,
নকও বাৰু সেই কথা হব গৰবৰ!

কামে কাজে শণিগুটি, বুদ্ধিত তীখৰ,
তেতেলীয়াৰ কলসী খোৱাত প্ৰতিভা প্ৰখৰ। 

কলেজ পায়ে বৰাৰ চিঙিল এৰাল গলৰ,
'পতামেই এজনী' বুলি কৰে প্ৰতিজ্ঞা অলৰ। 

হেন্দিক, কটন আৰু যত গাৰ্লচ কলেজৰ,
পদূলি শুঙি কটাই দিলে দুই চাৰি বছৰ।

ইম্প্ৰেছ কৰো বুলি আপী নতুন বেটচৰ,
দিনে ৰাতিয়ে লয় তেও ক্লাছ গীটাৰৰ। 

হঠাত এদিন মিলন হ'ল দুই নয়নৰ,
দুপাৰ ভাঙি বৈ গ'ল নদী মৰমৰ। 

খালি কৰি 'আৰ্চিজ' গেলেৰী পানবজাৰৰৰ,
ৰূমত আনি সজালে পাহাৰ গ্ৰীটিংচ কাৰ্ডৰ। 

পৰীক্ষাত দিনে বাঢ়ি যায় সংখ্যা বেকৰ (BACK),
হলেও হেনো বৰাৰ প্ৰেম অজৰ অমৰ। 

ভৰষা জানো আছে পিছে মানৱ মনৰ,
প্ৰেমিকাই পাই গ'ল আমেৰিকা থকা বৰ।

প্ৰেম সাগৰ শুকাই ওলাল খৰাং বালিচৰ,
চিঙি গ'ল তাঁৰডালি হৃদয় চেতাৰৰ;

পিছে চেলুট কৰিব লাগে তেওৰ সাহসৰ,
ভকতহে নহয় তেও হাৰমনা ঘৰৰ;  

দুদিন মাথো খালি কৰি বটল ৰামৰ,
লাগি গ'ল তেও সন্ধানত নতুন প্ৰচপেক্টৰ।

চিগাৰেট এটা জ্বলাই লৈ চিতাত প্ৰেমৰ,
লিখি ল'লে প্ৰেমপত্ৰ তেজেৰে নিজৰ।

টু হুম ইট মে' কনচাৰ্ণ, সোণজনী মৰমৰ,
লিখি ৱালত লগাই দিলে ছোৱালী হোষ্টেলৰ। 



মহাপলায়ন পৰ্ব (ফটাঢোল আলোচনীত ধাৰাবাহিক ভাৱে প্ৰকাশিত পূৰ্ণাংগ হাস্য উপন্যাস)

প্ৰথম খণ্ড

আগকথা:

আগকথাৰ আগৰখিনি নকওঁ, এই আগকথা আচলতে শেষ পৰ্বৰহে আগভাগ… বিগিনিং অৱ দি এণ্ড। এণ্ড অৱ দ্যা বিগিনিঙলৈকে সকলোৱে জানেই। গতিকে মোৰ আৰু পাঠকৰ সময় নষ্ট নকৰোঁ। আগকথাখিনিও অলপ খৰধৰ কৰিম, কাৰণ পিছকথাখিনিত বহু কাহিনী আছে।


ফেচবুক মহাসমৰত জোলোকা জোলোকে পানী খাই গোৰ হাৰণ খোৱাৰ পাছত ফটাঢোলৰ মানুহবিলাকৰ মৰেল একেবাৰে ডাউন হৈ গ’ল। তেওঁলোকে নিজে কৰা ভুল মৰ্মে মৰ্মে উপলব্ধি কৰিলে আৰু অনুশোচনাৰ অগ্নিয়ে তেওঁলোকৰ দেহ মন অনবৰত দহন কৰিবলৈ ধৰিলে। এই যন্ত্ৰণাৰ পৰিত্ৰাণ কি? কি তেওঁলোকে মৃত্যুৰ পাছত অনন্ত কাল ৰৌ ৰৌ নৰকত পচিব লাগিব? এই মহাপাপৰ প্ৰায়শ্চিত্ত কি? প্ৰশ্নবোৰে তেওঁলোকক দিনে ৰাতিয়ে পিছ নেৰা হ’ল। তিল তিলকৈ তেওঁলোকৰ দেহ মনৰ সকলো শক্তি কমি আহিবলৈ ধৰিলে। এই সংসাৰ, এই ফেচবুক সকলো অনৰ্থক মায়াৰ খেলা বুলি তেওঁলোকে অনুভৱ কৰিলে।


কিন্তু ইয়াৰপৰা পৰিত্ৰাণৰ উপায় কি? কোনে দিব তেওঁলোকক উদ্ধাৰৰ উপায়? সকলো দিশতে বিচাৰ খোচাৰ কৰা আৰম্ভ হ’ল।


তেওঁলোকৰ ভাগ্য ভাল আছিল। তেওঁলোকৰ অন্বেষণে তেওঁলোকক কলিযুগৰ শ্ৰে‍ষ্ঠতম জ্ঞানী পণ্ডিত, শাস্ত্ৰ বিশাৰদ, জ্যোতিষশ্ৰাস্ত্ৰবিদ, ধৰ্মযাজক, সমাজ সংস্কাৰক এজনৰ শ্ৰীচৰণত উপনীত কৰালেগৈ (মহাপুৰুষ জনাৰ নাম লোৱাৰপৰা বিৰত থাকিলোঁ, হ’ল বুলি আৰু ইমান পোনে পোনে নিজৰ প্ৰশংসা কৰিব নোৱাৰি নহয়)। এদিন তেওঁলোক সকলোৱে একেলগে সেই মহাজ্ঞানী পণ্ডিতক লগ কৰিবলৈ মনস্থ কৰিলে।

Thursday, October 11, 2018

সাক্ষাৎকাৰ অৱ নগেন (জুন-২০১৮ সংখ্যা 'ফটাঢোল' ত প্ৰকাশিত)

এই পৰী বোলা ছোৱালীজনী ভাল নহয়। সেইদিনা খবৰ এটা লওঁ বুলি তেখেতৰ অফিচলে গ’লো; বঢ়িয়াকৈ চাহ মিঠাই খুৱাই, মিঠা মিঠা কথা কৈ মোক ফচাই দিলে নহয়, বোলে এই সংখ্যা আলোচনীৰ বাবে সা‍ক্ষাৎকাৰ মই লৈ দিব লাগিব। মই চালে বেৰে কোবাই নাই নুই কৰি চালো, পিছে তেওঁ নাচোৰবান্দা। মোক তামাম জেক মাৰিলে,বোলে মই হেনহে, তেনহে, মই নকৰিলে এইটো কাম কোনেও কৰিব নোৱাৰে। মই বুজি পালো যে মোৰ পৰা কাম উলিয়াবলৈ জেক মাৰি আছে। কিন্তু শেষত গৈ না কৰিব নোৱাৰিলোগৈ। এনেও সুন্দৰী মহিলাক না কোৱাৰ অভ্যাস মোৰ কস্মিন কালেও নাছিল। কিন্তু যেতিয়া সা‍ক্ষাৎকাৰ ল’ব লগা মানুহজনৰ নাম ক’লে, মোৰ ফাঁটমেলা বসুমতী পাতালে লুকাওঁ অৱস্থা হ’ল। সেইজন মানুহৰ সা‍ক্ষাৎকাৰ ল’ম আৰু মই? হে ভগৱান!মোৰ মাতেই নোলাব দেখোন মুখৰ পৰা! এনে বিশাল ব্যক্তিত্বৰ আগত মোৰ পেণ্ট গিলা হৈ গ’লে ৰিস্ক কোনে ল’ব? পিছে পৰীয়ে নেৰে, “নাই আপুনি পাৰিব, পাৰিবই লাগিব। আলোচনীৰ ইজ্জতৰ কথা আছে।
উপায় নেপাই মৰণত শৰণ দি কেনেবাকৈ ইণ্টাৰভিউটো ল’লোগৈ। সঁচা কৈছো, মোৰ সকলো সপোন যেনেই লাগি আছে, মই যে সেইজন মানুহৰ আগত ঠিয় হৈ কথা পাতিব পাৰিলো, সেয়াই মোৰ বাবে বহুত।
তো, মিত্ৰৌঁ, ভায়োঁ ঔৰ ওনকী বেহেনো- এইবাৰ আপোনালোকৰ আগলৈ আগবঢ়াইছো অসমৰ কিংম্বদন্তী লিখক, সাংবাদিক, কবি, গীতিকাৰ, সুৰকাৰ, ঠিকাদাৰ, কম্পিউটাৰ এক্সপাৰ্ট, সুদক্ষ ভাৱৰীয়া, বিপ্লৱী, প্ৰেমিক, চিত্ৰকাৰ, অহহ… সমাজসেৱকটো থাকি গৈছিল………আৰু ধেৰ কিবা কিবি ……………… …………….
শ্ৰীনগেন!!

Thursday, December 14, 2017

আত্মা-নুসন্ধান (জুলাই-২০১৭ সংখ্যা 'ফটাঢোল'ত প্ৰকাশিত)

মানৱ সভ্যতাৰ আদিযুগৰে পৰা, কেতিয়াও মানুহৰ পিছ নেৰা এটা প্ৰশ্ন হ’ল- এই নিৰন্তৰ জন্ম মৃত্যুৰ ৰহস্য। ক’ৰ পৰা আহো আমি, কিয় আহো এই পৃথিৱীলৈ, মৃত্যু কি? কি আছে এই কুলিকাময় মৃত্যুৰ সিপাৰে? সঁচাকে কৰবাত আছেনে স্বৰ্গ, আছেনে নৰক? মৃত্যুৰ পাছত আমি আমাৰ পাপ খণ্ডাবলৈ সঁচাকৈয়ে বাৰে বাৰে বিভিন্ন ৰূপত ঘুৰি আহোনেকি? ইত্যাদি ইত্যদি। আৰু মানুহে জনা হোৱাৰ পৰাই এই প্ৰশ্নৰ উত্তৰ বিছাৰি আহিছে। কোনোবাই শাস্ত্ৰ পঢ়িছে, ধ্যান-তপস্যা কৰিছে, কোনোবাই বৈজ্ঞানিক উপায়েৰে পৰীক্ষা নিৰীক্ষা কৰিছে। পিছে কোনেও একেবাৰে খাটাংকৈ কথাটো কৈ দিব পৰা নাই। মানে আজিলৈকে ।
এতিয়া আচল কথালে আহোঁ- এই ফ্লেটৰ প্ৰিমিয়াম, গাড়ীৰ চাৰ্ভিচিং, খুলশালীৰ বিয়া, গেচৰ চিলিণ্ডাৰ, ফোনৰ বিল, ল’ৰা –ছোৱালীৰ হ’মৱৰ্ক, অফিচৰ চাহ-আড্ডা ইত্যাদিৰ মাজে মাজে অমুকাৰ মনলেও এই প্ৰশ্নটো নহা নহয়। পিছে শাস্ত্ৰ পঢ়িবলৈয়ো সময় নাই, বৈজ্ঞানিক পৰীক্ষাও কৰিব নোৱাৰোঁ, গতিকে একেবাৰে সহজ উপায়টো হ’ল কোনোবা জনা মানুহক সুধি লোৱা । আৰু এই জ্ঞানগুৰুক বিছাৰিয়ে মই কিছুবছৰৰ আগৰ পৰা ভিতৰে ভিতৰে ৰিচাৰ্চ কৰি আছিলো। বহু লাঞ্ছনা- গঞ্জনা, ঠগ ফাকিবাজী সহি সহি শেষত মই গম পালোগৈ যে, আত্মাৰ বিষয়ে সকলোতকৈ ভালকৈ জানে – হৰ’ৰ চিনেমা বনোৱা সকলে। বি‍শেষকৈ হিন্দী চিনেমা।