সমাজখনৰ
এটা নিভৃত কোণত এটুকুৰা সৰু ঠাই, চাৰিওফালে এটা দ খাল
খনা আছে। অৱশ্যে খালটো জঁপিয়াই ইপাৰ সিপাৰ হব পাৰি।
সেই
দ্বীপটোতে মই থাকো, আৰু
থাকে নিজৰ বুলি কিছুমান মানুহ, তাৰে কিছুমান সম্পৰ্কীয়, কিছুমান নহয়, কিছুমান ৰিয়েল, কিছু আকৌ ভাৰ্চুয়েলো।
কিন্তু তেওলোকো মোৰ লগতে মোৰ দ্বীপটোতে থাকে।
দ্বীপটোৰ
সিপাৰেও বহুত মানুহ থাকে, তেওলোকৰো
একোটা দ্বীপ আছে। সিপাৰে থকা মানুহবোৰৰ বিশেষত্ব হ’ল, মই সেই মানুহবোৰক
কেতিয়াও বেয়া নেপাও, খং
নকৰো, তেওলোকৰ
ওচৰত অভিমানো নকৰো, দাবীও
নজনাও....
আচলতে
মই তেওলোকক ভালেই নেপাও, সঁচা কথা কবলৈ গ'লে!
অসুবিধা
হয় মোৰ লগত মোৰ দ্বীপটোত থকা মানুহবোৰৰ। ভালে- বেয়াই মোক গ্ৰহণ কৰিব লাগে। মই ভাল
পোৱা মতে কাম নহ’লে মোৰ অভিযোগ শুনিব লাগে।
নানান সমস্যা। কিন্তু তাৰ বিনিময়ত তেওলোককো মই হাঁহিমুখে সহি যাও, ভাল
পাও সহি। আৰু মোৰ খং কেৱল এইখিনি মানুহৰ ওপৰতহে উঠে,
গালি
শপনিও দিও, কাজিয়া কৰো। মুখ উফোন্দাই
বহি থাকো।
তেওলোককে
মই আচলতে ভাল পাও। মই ভাবিবই নোৱাৰো যে এইখিনি মানুহে কেতিয়াবা মোৰ অহিত চিন্তা
কৰিব পাৰে।
পিছে সমস্যাটো হ’ল, এই
মানুহবোৰ একে ঠাইতে নেথাকে, খালটোৰ ইপাৰ সিপাৰ হৈ থাকে।
নতুন মানুহ আহি থাকে, কিছুমান ওলাই গৈ থাকে।
কেতিয়াবা ময়েই কিছুমানক মোৰ দ্বীপৰ পৰা নিৰ্বাসন দিও, তাৰ
পাছত আৰু মই জীৱনত তেওলোকক কেতিয়াও বেয়া নেপাও, কেনেকৈ পাম? কাৰণ
তেওলোকৰ প্ৰতি মোৰ ভালপোৱা শেষেই হৈ যায়, সিপাৰ হোৱাৰ লগে লগে।
কেতিয়াবা
দুই এজন এনে মানুহ, যি চিৰকাল মোৰ লগত
দ্বীপটোতে বাস কৰিব বুলি মই আশা কৰিছিলো, তেনে মানুহো হঠাৎ সিপাৰলে
গুচি যায়। তেতিয়া অলপ কষ্ট হয়, ঘাঁ শুকাবলৈ সময় লাগে।
কিন্তু এসময়ত শুকায় গৈ।
এই
যে ইপাৰ সিপাৰ হৈ থকা কাৰবাৰটো, এইটো নিয়মেই নে ব্যতিক্ৰমেই
বুজা কঠিন।
No comments:
Post a Comment