Showing posts with label গ্ৰন্থ আলোচনা. Show all posts
Showing posts with label গ্ৰন্থ আলোচনা. Show all posts

Wednesday, January 22, 2020

=দৈহিক=

কামনা বাসনা অপৱিত্ৰ বস্তু! মানুহৰ গাত থকা কামনা বাসনা আচলতে একপ্ৰকাৰৰ ৰোগ!! যৌনতাৰ কথা কোৱা পাপ!! মহিলাৰ বাবেটো একেবাৰেই নিষিদ্ধ!! মহিলাৰ ভিতৰত কেৱল বেশ্যাৰ হে কামনা বাসনা থাকিব পাৰে!!

ৰব, এয়া বাতুলামি নহয়, বৰঞ্চ অসমীয়া সমাজৰ এক অলিখিত নিয়ম! আৰু এই শুচিবায়ুগ্ৰস্ততা ই বৰ বেয়াকৈ চুই গৈছে অসমীয়া সাহিত্যকো। আন কলাকো! ন্যুড অঁকা অসমীয়া শিল্পীক চৰিত্ৰহীণ বুলি ভৱা হয়, তেনে আৰ্টৰ প্ৰদৰ্শনী নহয়। অৱশ্যে মাজে মাজে দুই এটা ব্যতিক্ৰম দেখা পাও, আজি তেনে এক সাহসী ব্যতিক্ৰম দেখা পালো এই মাহৰ 'সাতসৰী'ত প্ৰকাশিত জুৰী বৰা বৰগোঁহাইৰ "দৈহিক" নামৰ গল্পটোত।

কিন্তু যৌনতা সচাকৈয়ে পাপ নে? যৌনতাৰ কথা পতাতো সঁচাকৈয়ে Taboo জানো? আমিনো কোনে নেজানো যে, ভোক- পিয়াহ, উশাহৰ দৰেই যৌনতাও মানুহৰ এক প্ৰাকৃতিক প্ৰবৃতি, তাক নস্যাৎ কৰি কৰা এই তথাকথিত শুচিবায়ুগ্ৰস্ততা একধৰণৰ হিপ'ক্ৰেছী নহয় নে? মোৰ বোধেৰে হয়। আমি যদি খাদ্যৰ অভাৱৰ বাবে হোৱা মানুহৰ কষ্টক লৈ গল্প উপন্যাস লিখিব পাৰো, তেনে যৌনতাৰ অভাৱক লৈ কিয় নোৱাৰো? এই সাহস কৰিছে জুৰী বৰা বৰগোঁহায়ে।

দুগৰাকী বিবাহিতা মহিলা, সদ্য বিবাহিতা গাঁৱলীয়া মহিলা দুইগৰাকীৰে স্বামী মাহ মাহ ধৰি কামৰ প্ৰয়োজনত আঁতৰত থাকে। তাৰে এগৰাকীয়ে আন এজন যুৱকৰ সৈতে সম্পৰ্ক স্থাপন কৰে, ইগৰাকীয়ে গম পাই! প্ৰথমতে আশ্চৰ্য, তাৰ পাছত লাহে লাহে ইৰ্ষাৰ দাবানলে দহি পেলাই মানুহগৰাকীক। আৰু বহু দিন নিজৰ মাজতে যুঁজ বাগৰ কৰি এদিন নায়িকাইে আনগৰাকীৰ পৰা সেই যুৱকজনক ধাৰলৈ খোজে, এৰাতিৰ বাবে।

জুৰীৰ লিখনি সম্পৰ্কে আলোচনা কৰাৰ ধৃষ্টতা নকৰো, কেৱল কম, এটি নিটোল গল্প, তেওৰ আনবিলাক গল্পৰ দৰেই। কিন্তু যিটো বিষয় তেও বাচি লোৱাৰ সাহস কৰিছে, তাৰ বাবে তেও ধন্যবাদৰ পাত্ৰ। পাঠক হিচাপে মই গল্পটোত এক সুক্ষ্ম মানৱীয় আবেদন আৰু সততা বিছাৰি পালো। মোৰ মনত কিছু প্ৰশ্ন জাগিল, যিবোৰ প্ৰশ্ন মই আগতে নিজকে কৰিবলৈ সাহস কৰা নাছিলো। হয়তো সেই শুচিবায়ুগ্ৰস্ততাই মোকো চুইছিল অলপ। সেয়ে পাঠক হিচাপে মোৰ বাবে 'দৈহিক' এক সফল গল্প।

অসমীয়া সাহিত্যৰ মংগল আৰু স্থায়িত্বৰ বাবেই কিছুমান জেওৰা ভাঙিবৰ হ'ল।

বি. দ্ৰ. :- যিসকল পাঠকে এনে গল্পত সুৰসুৰনি তোলা মছলা বিছাৰি পায়, তেওলোকক কও, আপোনালোকে Erotica বা Pornography কাক কয় নেজানেই। আজিকালি ইণ্টাৰনেট হ'ল- হাতৰ মুঠিতে সকলো পোৱাৰ ব্যৱস্থা হ'ল- নিজকে অলপ আপডেট কৰক হে!

Saturday, December 1, 2018

=এজন কবিতাৰ মিস্ত্ৰি=

এই কামটো কৰিব ওলাইছো, কেৱল এটা কাৰণতে, যে মই জানো, মোৰ এই ‘আইধা’ ‘বাইখা’ পঢ়ি মুৰ গৰম হ’লেও মনোজে কব- ‘দাদা, অশেষ ধন্যবাদ! আগলৈয়ো দিহা পৰামৰ্শ দি থাকিব’! নহ’লে মই সাধাৰণতে এনে হঠকাৰী সিদ্ধান্ত নলও।


কিছুমান কিতাপ কিনিলো বুলিয়েই পঢ়ি পেলাব নোৱাৰি, পঢ়িবলৈ অলপ মানসিক প্ৰস্তুতি গোটাব লাগে। এইখনো তেনে কিতাপ, এইখন কিতাপ হওক বুলি মনে প্ৰাণে আশা কৰিছিলো, সময় লাগিল, কেনেবাকৈ হ’লগৈ। ইমান বেছি আশা থকা বাবেই হয়তো, পোনচাটেই খুলি পঢ়িবলৈ সাহস নকৰিলো। সময় ল’লো। ইয়াৰ কেইবাটাও কবিতা আগতে ফেচবুকত পঢ়িছো, বেছিভাগ ফেচবুকত দিছে যদিও ‘miss’ কৰিছো। কিতাপখনো এফালৰ পৰা পঢ়া নাই, গাৰুৰ কাষত লৈছো, চাইছো, হঠাতে পৃষ্ঠা এটা উলুটিয়াই এটা কবিতা পঢ়িছো, আকৌ জপাই থৈছো, আৰু ভাৱিছো। আজিও পঢ়ি শেষ হোৱা নাই, পঢ়ি হ’লে কিজানি বুকচেল্ফলৈ পঠাব লাগে! সেয়ে অলপ অলপ কৈ খৰছ কৰিছো কিতাপখন, ৰিচাইকল কৰিছো, ৰি –ইউজ কৰিছো, একেটা কবিতাকে।

Thursday, December 14, 2017

==ফচং==




ফচং পঢ়িলো। তাৰে দুই এটা কাহিনী আগতে পঢ়িছো, গতিকে লাহে লাহে পঢ়িম বুলি থৈ দিছিলো। পিছে ভয় কৰাতোৱেই হ, একেবহাতে পঢ়ি শেষ কৰিব লগা হল।
অসমীয়াত শিশুৰ উপযোগী কিতাপৰ সংখ্যা একেবাৰে কম, মোৰ ছোৱালীজনীৰ মনযোগোৱা অসমীয়া কিতাপ বিছাৰি মই আজিও হাহাকাৰ কৰি ফুৰিছো। তাৰ মাজতে ফচঙে এটা সুন্দৰ ব্যতিক্ৰম লৈ আহিছে।
মোৰ হিচাপত ফচঙৰ কেইটামান উল্লেখযোগ্য দিশ এনেধৰণৰ,

১। মাধুৰিমা ঘৰফলীয়াৰ কলমত অসমৰ গ্ৰাম্য পৰিবেশৰ অনন্য বৰ্ণনা। এইটো কথাটো মোৰ সদায় প্ৰিয়। তেওৰ ভাষা, পৰিবেশৰ বৰ্ণনা, কাহিনীৰ গতি সকলোতে বৰ্তমান হেৰাই যাবলৈ ওলোৱা অসমৰ গাঁৱলীয়া পৰিবেশটো জীৱন্ত হৈ উঠে। আজিকালিৰ লৰা-ছোৱালীয়ে হয়তো সেই পৰিবেশ কমেই দেখিছে। মূলতঃ শিশু গ্ৰন্থ হলেও ডাঙৰ সকলেও ফচং পঢ়ি এক নষ্টালিজিকভ্ৰমণ কৰি আহিবগৈ সেয়া নিশ্চিত। আশাকৰো লেখিকাই এই বিশেষত্ব সদায় বজাই ৰখাত গুৰুত্ব দিব।

Friday, November 25, 2016

অ গৰখীয়া, গৰু নাৰাখ কিয় - এটি গল্পৰ আঁত ধৰি

এইবাৰৰ প্ৰান্তিকত মোৰ ফেচবুকৰ বন্ধু তালিকাত থকা কেইবাজনৰো লেখা ওলাইছে। সুখৰ কথা, ইয়াৰ প্ৰায়সকলেই পোনতে ফেচবুকতে লিখা মেলা কৰিবলৈ আৰম্ভ কৰিছিল। আজিকালি বিভিন্ন কাকত আলোচনীত মোৰ ফেচবুকৰ বন্ধুসকলৰ নাম দেখিলে বৰ আনন্দিত হও!


মাধুৰীমাৰ গল্প এটাও প্ৰকাশ হৈছে বুলি গম পাইছিলো। ব্যস্ততাৰ বাবে তেও কিছুদিন ধৰি লিখামেলা অলপ কমাই দিছে যেন লাগিছিল, গতিকেই আজি পায়েই সেই গল্পটোকে প্ৰথম পঢ়িলো। নাম "অ' গৰখীয়া গৰু নৰখ কিয়?"


Monday, July 20, 2015

ভোক আৰু কিছু কথা ('অসমীয়াৰ সুখ-দুখ' ত প্ৰকাশিত)


ভোক বুলিলে আমি পোনতে পেটৰ ভোককে বুজো, খাদ্য পালেই যি উপশম হয়। আৰু অলপ আগুৱাই গৈ আমি শৰীৰৰ ভোকৰ কথা ভাবিব পাৰোঁ। এই দুইটাই প্ৰাকৃতিক। কিন্তু আৰু এক ধৰণৰ কৃত্ৰিম ভোকে গ্ৰাস কৰিছে নেকি আমাক; ভোগৰ ভোক, তথাকথিত সামাজিক প্ৰতিষ্ঠাৰ ৰেট ৰেচৰ ভোক? প্ৰতিষ্ঠিত লেখিকা জুৰী বৰা বৰগোহাইৰ নৱতম উপন্যাস “ভোক” ৰ মূল বক্তব্য পৃথক যদিও , এই প্ৰশ্নটোৱেও খুদুৱনি এৰি যায় মনত।