Showing posts with label লিমাৰিক. Show all posts
Showing posts with label লিমাৰিক. Show all posts

Wednesday, January 22, 2020

বতৰৰ লিমাৰিক

 (১)
লোল আৰু ইণ্টাৰনেচনেল খিলাড়ী একে লগে বহি;
লিখিছে সৰ্বহাৰাৰ কবিতা দুয়ো হাঁহি হাঁহি;
ইংৰাজীলে অনুবাদ হব,
হাইলেভেলত প্ৰকাশ পাব,
শুনি লোৱা কেকোঁৰা পাৰ্টি “তোহাৰ নিস্তাৰ নাহি”।

(২)
টেটুলেকে খাই উগাৰোতেই মোৰ মনত পৰিল,
আজিচোন শ্ৰেণী সংগ্ৰাম কৰিবলৈকে থাকিল;
জ্বালাময়ী ভাষাৰে,
সৰ্বহাৰাৰ দুখেৰে,
লিখি দিলো এটা কবিতা, মাথোঁ দহ মিনিট লাগিল।

(৩)
কেঅ’ছ থিয়ৰী, পীছ কনফ্লিক্ট পঢ়িলো ভাগে ভাগে,
পঢ়া শুনা জোখতকৈ অলপ বেছিয়েই হ’ল চাগে;
জ্ঞানে কৰে পেটত লৰফৰ,
ওলাবলৈ লগাইছে খৰধৰ,
থিয়ৰীবোৰ সিঁচিবলেকে মোক পথাৰ এখন লাগে।

Friday, May 3, 2019

প্ৰচলিত কৌতুক কেইটামানৰ লিমাৰিক ৰূপ!



(১)

বিচনাৰ পৰা উঠিব নোৱাৰা অসুখত পৰিল তেওৰ পতি,
বিছাৰি খোচাৰি ৰাখিলে ঘৰত প্ৰফেচনেল নাৰ্চ এটি;
লাভ জানো কি হ’ল?
পইচাও এগাল গ’ল ;
নাৰ্চৰ ওপৰত চকু ৰাখিবলেকে শুব নোৱাৰা হ’ল চিৰিমতী।

(২)

চাইনীজ ছোৱালী বিয়া পাতি গপত উফন্দে মনিলাল,
এবছৰ পিছত পানী লগা জ্বৰত কইনাই পালে পৰকাল;
এনে বন্ধু থাকিলে,
শতৰু লাগে কিহলে?
এবছৰ হেনো যথেষ্ট চলিল গেৰাণ্টী নোহোৱা চাইনিজ মাল।

Tuesday, August 25, 2015

কবিতাৰ বিষয়ে দুটিমান আহুকলীয়া লিমাৰিক;


(১)
কবিতা দেশৰ বাহুবলী নাম চিৰি চিলিম কুমাৰ,
কবিতা লিখি ঘটি থৈছে, গালে গালে পুৰষ্কাৰ;
গৰমা- গৰম কবিতা,
কেঁচা যৌৱনৰ মালিতা।
দুই এটা কবিতা পঢ়িবলে আকৌ হাবিলে যোৱা দৰকাৰ। 


(২)
আধুনিক কবিতাৰ লেকাম বোলে ছিঙা,
অৰ্থতো নোলায়েই, ছন্দও চোন ভঙা,
দেশৰ নিলাজ কথা-মাত,

Monday, August 24, 2015

খেলি-মেলি

(১)
গুৱাহাটীৰ বানপানীক লৈ কিয় বাৰু কৰা শ্লেষ?
বানপানী নোহোৱাকৈ আছে জানো কোনো দেশ?
নেলাগে দিয়া নলা খানিব,
বা ভৰলুখনো মোকলাব;
অসমৰ "ভেনিচ" বুলি লিখি দিলেইচোন লেঠা শেষ।


(২)
সোণাপুৰৰ বৰুৱা চাৰ কলিজাৰ মেকানিক,
জানে বোলে এইডচো ভাল কৰাৰ টেকনিক;

কেইটিমান ৰাজনৈতিক লিমাৰিক

তলৰ লিমাৰিককেইটাই মোৰ ৰাজনৈতিক দৃষ্টিভংগী প্ৰতিফলিত নকৰে, কেইজন মান জনপ্ৰিয় ৰাজনীতিকৰ জীৱনক এক ব্যংগাত্মক দৃষ্টিভংগীৰে চোৱাৰ প্ৰয়াসহে, উদ্দেশ্য কেৱল হাস্যৰস।ইয়াক Satire ৰূপেই গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো। 



(১)
সে সে কৈ হাঁহি থাকো বুলি ভাবিছা নেকি বুৰ্বক,
ৰাজপাট দকচি খোৱাৰ সকলো জানো কচৰৎ;
সাম, দাম, দণ্ড, ভেদ,
বিসম্বাদীৰ ক'লা পেট,
সকলো ইম্পৰটেণ্ট মেটাৰ মোৰ নখ দৰ্পনত। 


(২)
বাবকণে চিনি পাই, মহিলা নে পুৰুষ মাছ,
পৈতৃক সম্পত্তিৰূপে পাইছে ইমান দিমাগ খাছ;

Tuesday, March 20, 2012

ফেচবুকৰ ধেমালি ধেমালি গোটৰ সদস্য কেইজনমানক লৈ লিখা কেইটামান লিমাৰিক

ৰসৰ বোলে মহাসাগৰ গগৈ ৰসানন্দ,
বত্ৰিছীয়া হাঁহি মাৰে মনত মহানন্দ;
ধেমালি কৰে, গান গায়,
লেং মাৰি ভাল পায়;
কাৰো লগত বোলে তেওৰ নাই কোনো দন্দ|


ডিবুৰুগড়ৰ পল্লবী বৰা কামত বৰ খৰ,
মিনিটতে ভাত ৰান্ধে, পলকত মোচে ঘৰ;
জাবৰ যোথৰ এসোপা সিজাই,
গামলা এটাত বাঢ়ি উলিয়াই
‘ফেচবুক’ কৰিবলে সৌৱা মাৰিলে লৰ |