Sunday, August 16, 2026

মাইকেল দ ফিল্ম

কেইবাদিনো খেপিয়াই খেপিয়াই আজি মাইকেল চিনেমাখন চাই শেষ কৰিলোঁ- মাইকেন জেকচনৰ বায়’পিক। প্ৰায় মিউজিকেল চিনেমা বুলিব পাৰি, চিনেমাখনত মাইকেল জেকচনৰ “Rise to Fame” ৰ ঘটনাক্ৰম দেখুৱা হৈছে। মোৰ ৰুচি অনুযায়ী উপভোগ্য চিনেমা- মই বায়’পিক সাধাৰণতে জাম্প কৰি কৰি চাও- কিন্তু মাইকেলৰ কিছুমান দৃশ্য ঘুৰাই ঘুৰাই চাইছোঁ! এটা কথাই কও- চিনেমাখন নিৰ্মাণ কৰোঁতে বিতৰ্কবোৰ এৰাই চলি- মাইকেল জেকচনক ভাল পোৱা মানুহখিনিক উদ্দেশ্য কৰিয়েই চিনেমাখন নিৰ্মাণ কৰা হৈছে। মাইকেল জেকচনক আমি সংগীতৰ বাবে মনত ৰাখিব খোজোঁ- তেঁওৰ জীৱনৰ বিতৰ্কবোৰৰ বাবে নহয়। চিনেমাখনত তাৰেই এটা সচেতন প্ৰচেষ্টা চলোৱা হৈছে। তেখেতৰ জীৱনৰ নেতিবাচক কথাবোৰো কেৱল চুই যোৱা হৈছে, বৰ বেছিকৈ দেখুৱাই তিক্ততাখিনি অনিব খোজা নাই- লগতে একেবাৰে প্ৰপাগাণ্ডা মুভিৰ দৰে মাইকেল জেকচনক সুৰ‍‍ক্ষাও দিয়া হোৱা নাই। বাকী বিদ্বৎমহলে জানিব- কিন্তু মোৰ দৰে সাধাৰণ মানুহে মাইকেল জেকচনক সুঁৱৰিবলৈ সুন্দৰ সুবিধা এটা দিছে- আৰু আমাৰ দৰে নদাই ভদায়ে ভালেই পাব চিনেমাখন। চিনেমাখন নিৰ্মাণ কৰিছে মাইকেল জেকচনৰ ভাতৃ জাৰমাইন জেকচনে আৰু নাম ভূমিকাত অভিনয় কৰিছে তেঁওৰেই ভতিজা জাফৰ জেকচনে। জাফৰৰ অভিনয় মোৰ ভাল লাগিল- দেখাত একেবাৰে মাইকেল জেকচন যেনেই লাগিছিল।

Monday, June 29, 2026

ভাৰতৰ বায়ু সুৰক্ষা ব্যৱস্থা (Indian Air Defense System)

সদ্য়হতে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ৪ দিনীয়া যুদ্ধখন সৰু হলেও আন্তৰাষ্ট্ৰীয় প্ৰতিৰক্ষা ব্যৱস্থাৰ দিশৰ পৰা চাবলৈ গ’লে অতি গুৰুত্বপূৰ্ণ আছিল- দুটা পাৰমাণৱিক শক্তিসম্পন্ন শক্তিৰ মাজত এয়াই প্ৰথম পোনপটিয়া যুদ্ধ। কাৰগিল যুদ্ধৰ সময়তো ভাৰত আৰু পাকিস্তানৰ পাৰমাণৱিক শক্তি আছিল যদিও, দুই দেশেই তেনেই চালুকীয়া অৱস্থাত আছিল, বা দুই দেশৰ হাততে পাৰমাণৱিক বোমা ব্যৱহাৰ কৰিবলৈ পৰিকাঠামোৰ অভাৱ আছিল। কিন্তু অপাৰেচন সেন্দুৰৰ সময়লৈ এই অৱস্থা সলনি হ’ল- দুইখন দেশেই পাৰমানৱিক আক্ৰমণৰ বাবে সম্পূৰ্ণ সক্ষম আছিল- পাকিস্তানে কৈয়ো আছিল- তেওঁলোকে দৰকাৰ হ’লে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ সাজু। আৰু তেওঁলোকে তেনে কাম কৰিলে, ভাৰতো পাকিস্তানক পৃথিৱীৰ মানচিত্ৰৰ পৰা মচি দিবলৈ সক্ষম। বৰ্তমান সময়ত পাকিস্তানৰ হাতত ১৭০ টা আৰু ভাৰতৰ হাতত ১৮০ টা পৰমাণু অস্ত্ৰ আছে বুলি জনা যায়- এই তিনিশৰো অধিক অস্ত্ৰৰে ভাৰত নেলাগে সমগ্ৰ উত্তৰ গোলাৰ্ধকে নিঃশেষ কৰি দিব পৰা যাব, আৰু মানৱ জাতিৰ চিন মোকামো নোহোৱা হব। এখন পাৰমাণৱিক যুদ্ধ সেয়ে কাৰো কাম্য় নহয়। কিন্তু হোৱাৰ সম্ভাৱনা নাইকিয়া কৰিব পৰাকৈ মানৱ জাতি বুদ্ধিমান হৈ উঠা নাই।

ভাৰতৰ পাৰমানৱিক অস্ত্ৰৰ ক্ষেত্ৰত ‘ ন ফাৰ্ষ্ট ইউজ’ নীতি আছে, মানে ভাৰতে কেতিয়াও আগতে পৰামাণু অস্ত্ৰ ব্যৱহাৰ নকৰে, কিন্তু পাকিস্তানৰ তেনে কোনো নীতি নাই- তাতে পাকিস্তান এখন দূৰ্বল আৰু নিয়ন্ত্ৰণহীন দেশ- ভাৰতৰ লগত যুদ্ধ হ’লে পাকিস্তানে সামৰিক নেলাগে অৰ্থনৈতিক ভাৱেই এসপ্তাহ তিস্থিব নোৱাৰে- গতিকে তেনে হ’লে পাকিস্তানে ভাৰতৰ ওপৰত পৰমাণু অস্ত্ৰৰে আক্ৰমণ কৰাৰ সম্ভাৱনা প্ৰচুৰ। বিশ্ব-ৰাজনীতিৰ মেৰপাকৰ বোৰৰ বাবে পাকিস্তানক কুটনীতিৰে বান্ধি পেলোৱাও সহজ নহয়। তাতে আছে চীন- চীনে নিজৰ অস্ত্ৰ উদ্য়োগটো পৰীক্ষণ কৰিবলৈ পাকিস্তানক ব্যৱহাৰ কৰিয়ে থাকিব- মৰিলে পাকিস্তান মৰিব- সেয়ে ভাৰত পাকিস্তানৰ মাজৰ কাজিয়াখন চীনে বন্ধ হবলৈ নিদিয়ে, আমেৰিকায়ো নিদিয়ে।

Sunday, June 21, 2026

Problem Solving-


আভিযান্ত্ৰিক শিক্ষাত সমস‍্যা সমাধানৰ ক্ষমতা বা Problem Solving Ability ৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দক্ষতাবিলাকৰ এটা বুলি ধৰা হয়। আৰু সেই শিক্ষাৰ বাবে বিশেষ পাঠ আৰু পৰীক্ষাও থাকে। আন বিভাগতো থাকিব পাৰে, মোৰ জ্ঞাত নহয় বাবে আলোচনাৰ পৰা বাহিৰ কৰিলোঁ।

এই পাঠবোৰ কিন্তু কেৱল কাৰিকৰী সমস‍্যা সমাধানতে সীমাৱদ্ধ নহয়- কাৰণ যিকোনো অভিযন্তায়েই এসময়ত গৈ সামাজিক, পাৰিবাৰিক, আইনী, লজিষ্টিক আদি সমস‍্যাৰ মুখামুখী হব লগা হয়েই। সেয়ে এই পাঠবোৰ সাধাৰণভাৱে যিকোনো সমস‍্যাৰ ক্ষেত্ৰতে প্ৰযোজ‍্য হয়গৈ।

মুলতঃ এই পাঠবোৰত এটা সমস‍্যাৰ মুখামুখী হোৱাৰ পাছত লব লগা বিজ্ঞানসন্মত পদক্ষেপ কিছুমান‍ শিকোৱা হয়। 

××××

সমস‍্যাবোৰৰ এটা ভয়ংকৰ ৰূপ আছে- সমস‍্যা এনে সময়ত আহে যেতিয়া আপুনি তেনে এটা সমস‍্যাৰ বাবে একেবাৰে সাজু নাছিল বা তেনে এটা সমস‍্যা হব পাৰে বুলি আগতে ভৱাই নাছিল। আগতে গম পালে বা অনুমান কৰিব পাৰিলে আপুনি ব‍্যৱস্থা লবই নহয়- সমস‍্যাৰ সৃষ্টিয়েই নহয়।

সমস‍্যা অকলে নাহে- পইতাচোৰাৰ দৰে জাক পাতি আহে বুলি ইংৰাজীত ফকৰা এটাই আছে।

খুতৰা

বৰমা জনী ধুনীয়া!

বৰ ভালে লাগে ফুটুকীৰ,
তায়ো ডাঙৰ হ’লে বৰমাৰ সমান ধুনীয়া হব খোজে,
বগা, গোল মুখখনৰ বহল কপালত
দগমগীয়া সেন্দুৰৰ ফোঁট!
×××
একুঠলীয়াই ঘৰ!
হেৰৌ!
অকলশৰীয়া মানুহক আৰু কিটোনো লাগে?
বেৰ-মজিয়া- চোতাল চিকিচিকীয়াকৈ নিজেই লেপে,
ছালখন পচিলেহে,
গাঁৱৰ কোনোবা এটাক পাচিব লাগে।
টকৌপাত ঘৰতে,
জাতিবাঁহ দুজোপাও
চুকতে;
কোনোবা এটাই সময় উলিয়াই বাতি থৈ যায়।
হাঁহদুটা বেচি দিলেই বাকী লগাবোৰ,
হৈ যায়।
চলি যায়!
"চাউলকেইটাচোন নতুন ঘৰৰ পৰাই আহে,
থাকিল শাক-পাতহে!
এজনীয়া চৰুৱেচোন বাৰীখনকে ঢুকুৱাব নোৱাৰে।“
কথাখিনি ফুটুকীক কয় বৰমাই।

গান্ধাৰী

খিৰিকীৰ সিপাৰে সেউজীয়া জীৱন, 

আৰু চাৰিবেৰৰ মাজত বন্ধ, 

অন্ধতাৰ গৌৰৱেৰে  উদ্ভাসিত, 

গান্ধাৰী; 

 

শত পূত্ৰৰ মৃত্যুৰ যান্ত্ৰণাতকৈয়ো ভয়াবহ

হয়তো নিজকে হেৰুৱাৰ বেদনা,

মৰুৰ দেশৰ প্ৰখৰ তাপে

কঠোৰ কৰা প্ৰাণ, 

হব পাৰে তোমাৰ।    

ক্ষমতাৰ ৰাগীত মতলীয়া মানুহবোৰে; 

তৈয়াৰ কৰা নিয়মবোৰত 

তুমি তথাপিও উত্তীৰ্ণ,  

ৰাজৰাণী, সতী, মহিয়সী নাৰী

আৰু কিবা কিবি!!

সেয়েহে নাই তোমাৰ অধিকাৰ, 

নিজকে জুমি চোৱাৰ!

Wednesday, November 22, 2023

গ্ৰন্থ সমালোচনা-অভিজিত কলিতা

 ডিচেম্বৰ সংখ্যা ফটাঢোলত প্ৰকাশত

(স্বনামধন্য ভ্ৰমণকাহিনী লিখক দেৱজিত শৰ্মালৈ কৃতজ্ঞতাৰে) 

আপোনালোকে সকলোৱে জানেই, ফটাঢোল অসমীয়া ভাষা সংস্কৃতি সাহিত্যৰ হৈ নিজ নিজ ফটাঢোল কোবাব খোজা সকলৰ বাবে আজিৰ দিনত একমাত্ৰ বিশ্বাসযোগ্য প্লেটফৰ্ম। ফটাঢোলে অনুভৱ কৰে, অসমীয়া জাতিয়ে হোৱাই নোহোৱাই নিজৰ ফটাঢোল কোবাব নজনা বাবেই আজি ভাৰতভূমিত নিজৰ অস্তিত্বক লৈ সংকটত ভুগিব লগা হৈছে। আমি বুজি উঠিছোঁ যে আমাৰ পৰোচী ৰাজ্যৰ বাসিন্দাসকলৰ দৰে প্ৰচণ্ড আত্মবিশ্বাসেৰে নিজ নিজ ফটাঢোল কোবোৱাৰ প্ৰচেষ্টাইহে আমাক আমাৰ অধিকাৰ আৰু প্ৰতিষ্ঠা দিয়াব পাৰিব। আজিকালি ফটাঢোল কোবোৱাৰ যুগ, যি কোবাব নোৱাৰে সি গোল্লাই যাব।

সি যি কি নহওক, ফটাঢোলে আজিলৈকে ফটাঢোল কোবোৱাৰ নিত্য নতুন প্ৰক্ৰিয়া উদ্ভাৱন কৰি আহিছে, আৰু তাৰে এক নতুন পেটেণ্টেড উপায় হ’ল, সাম্ভাব্য গ্ৰন্থ সমালোচনা। 

সাধাৰণতে সমালোচনা লিখা হয়, গ্ৰন্থ এখন লিখা বা প্ৰকাশ হোৱাৰ পাছত, কিন্তু ফটাঢোলৰ ৰসায়নাগাৰত উদ্ভাৱিত এক নতুন প্ৰযুক্তি মতে এই কামটো কিতাপখন লিখাৰ আগতেই কৰিব পাৰি, আৰু তাৰ ফলাফল নৰ্মেল সমালোচনাৰ দৰেই হ’ব। সেয়ে আজি পৰীক্ষামূলক ভাৱে এখন অলিখিত, অপ্ৰকাশিত গ্ৰন্থৰ সমালোচনা আগবঢ়াবলৈ গৈ আছোঁ। আশাকৰোঁ আপোনালোকে এই সম্পৰীক্ষণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আমাৰ এই ফটাঢোল কোবোৱা প্ৰচেষ্টাৰ নিজ নিজ যোগদান দিব।

তো ভাইয়োঁ ঔৰ উনকী বেহেনোঁ‌- আজি আমি সমালোচনা কৰিবলৈ লোৱা অলিখিত, অসম্পাদিত আৰু অপ্ৰকাশিত গ্ৰন্থখনৰ নাম হ’ল- 

“মেকমোহন লাইন গৰকি ৰঙাচীনত দহদিন”,

 এই অবিশ্বাস্য, তথ্য সমৃদ্ধ ভ্ৰমণ কাহিনীটিৰ লেখক হ’ল- স্বনামধন্য, নগৈ গড়গাঁ‌ৱৰ বাতৰি দিয়া অসমীয়া ভ্ৰমণ সাহিত্যৰ কাণ্ডাৰীখ্যাত চিৰি ল চিৰি যুক্ত দেৱজিত শৰ্মা।

শৰ্মাদেউৰ অসমীয়া সাহিত্যৰ প্ৰতি অৱদান আপোনালোকে সৱেই জানে। তেওঁ‌ আজি ২০ বছৰ ধৰি একাণপতীয়াকৈ অসমীয়া ফেণ্টাছী ভ্ৰমণ কাহিনী লিখি আহিছে আৰু তেওঁৰ সেই তপস্যাত বাধা বিঘিনি হয় বুলি তেওঁ‌ সাংসাৰীক জীৱনৰ মেৰপাকৰ পৰাও নিজকে মুক্ত ৰাখিছে। আজি আলোচিত গ্ৰন্থখনৰ উপৰিও তেওঁ‌ আজিৰ তাৰিখত প্ৰায় ১৫ খন গাজাখুৰী ভ্ৰমণ কাহিনী লিখিছে আৰু ২৫ খন লিখিবলৈ কণ্ট্ৰেক্ট ইতিমধ্যে প্ৰাপ্ত কৰিছে। 

 এইহেন মহান ভ্ৰামণিকৰ অপ্ৰকাশিত অলিখিত গ্ৰন্থ এখনৰ সমালোচনা কৰিবলৈ পাই এই অধম অতিকৈ আনন্দিত।

তো, আমি পাতনি দীঘল নকৰি চিধা মুদ্দে কি বাত কৰোঁ‌-  শৰ্মাদেউৰ এই ভ্ৰমণ হৈছে চীন দেশলৈ আৰু চীন দেশৰ এনে কিছু পৰিস্থিতি বা ঘটনা লিখকে বৰ্ণনা কৰিছে, যি বিশ্বৰ কোনো লেখক সাংবাদিকে আজিলৈকে কৰিব পৰা নাই। শৰ্মাদেৱে জিন পিঙৰ শোৱনী কোঠাৰ যি বাস্তৱ দৃশ্য গ্ৰন্থখনিত তুলি ধৰিছে, সেয়া স্বয়ং চাইনীজ কমিউনিষ্ট পাৰ্টিয়েও কৰিব পাৰিব নে নাই সন্দেহ। 

এতিয়া আপোনাৰ মনত স্বাভাৱিক ভাৱেই প্ৰশ্ন জাগিব, যে শৰ্মাদেউ গ’ল কেনেকৈ তালৈ বা জিন পিঙে সোমাবলৈ কেনেকৈ দিলে তেওঁ‌ৰ  শোৱনী কোঠাত?  এই বিলাক সন্দেহ শৰ্মাদেৱে গ্ৰন্থখনৰ পাতনিতে কিলিয়াৰ কৰি দিছে। 

ভুতৰ ভৱিষ্যত-(শিৰোনাম এখন বাংলা চিনেমাৰ পৰা ধাৰ কৰা)

  (অক্টোবৰ ২০২২ সংখ্যা ফটাঢোলত প্ৰকাশিত)

হয়…. হয়, হয়েই! ভুতেই হয় সেইটো, নহ’লে কি হ’ব, এনে সময়ত? হে ভগৱান, কি উকহে খাইছিল মোক এই সন্ধিয়াখন এইফালে আহিবলে….হৰি ঔম! হৰি ঔম!….জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপিচ তিনো লোক উজাগৰ!…. লা ইলাহা ইল্লালাহো মোহাম্মদুৰ ৰছুলুল্লাহি,…. ঔঁম মণি পদ্মে হুঁম…. ইন দ নেম অৱ দ গ’ড এণ্ড দ হলী স্পিৰিট….আমেন….ক’ত যাওঁ ….ক’ত পলাওঁ…. কোন ক’ত আছ….আজি ৰাতিটোও ইমান এন্ধাৰ হ’ব লাগেনে? আৰু এই গেজেপনি মৰা বাঁহনিখন এইফালে আছে বুলি জনাহেঁতেন মই মৰি গ’লেও এইফালে নাহোঁ। কি হ’ব এতিয়া, আজি মই ‍শেষ…. আজি ভুতে মোৰ তেজকণ শুহি খাব, সেইটো…. সেইটো আহিছে মোৰ ফালে….মই দেখোন দৌৰি পলাবও পৰা নাই….আৰে মোৰ ভৰিকেইটা লৰচৰেই নহয়চোন….খতম মই… শেষ….
তেনেকুৱাতে মই সম্বিত হেৰুৱাই বাগৰি পৰিলোঁ…. তাৰ পাছত মোৰ একো মনত নাই। 
*
ভুতৰ প্ৰতি মোৰ ভয়টো এতিয়াৰ নহয়, কাছুটি লোৱা দিনৰে পৰা ভুতে মোক খেদি ফুৰিছে। কিমান ৰাতি মই ভুতৰ ভয়ত নোশোৱাকৈ আছোঁ হিচাপ নাই। ৰাতি শুবলে লওঁ- লাগে যেন কোনোবাই খিৰিকীৰে বা ভেণ্টিলেটৰেৰে মোক চাই আছে। অকলে খোজকাঢ়িলে দিনতে লাগে যেন কোনোবা মোৰ পিছে পিছে আহি আছে….কিমান বাৰ ৰাতি মোক কোনোবাই টেঁটু চেপি ধৰিছে, ধৰফৰাই সাৰ পাইছোঁ…. চিঞৰিছোঁ…. অকলে থাকিলেই অদ্ভূত মাত কিছুমান শুনো। ৰাতি দূৰত লাইট এটা জ্বলা দেখিলেই লাগে যেন সেইটো ধনগুলৈ, মোক খেদি আহিছে। আৰু তাৰো ওৰপৰত এই ভুতৰ চিনেমাবোৰ….”আমি মঞ্জলিকা!!!” মঞ্জলিকাৰ চকুকেইটাই এমাহ মানলৈ মোৰ পিছা কৰি ফুৰে। কিয় বনাই এইবোৰ চিনেমা মই বুজি নেপাওঁ, এনেই ভুতৰ উৎপাতত মোৰ জীৱন নৰক হৈ গৈছে, তাৰ ওপৰত আকৌ নিত্য নতুন ভুতৰ আইডিয়া। কনজিউৰিং, দা নান কত কি? মুঠতে ভুত আৰু ভুতৰ চিনেমাই মিলি মোৰ জীনা হাৰাম কৰি দিছে….সেয়ে মই পৰাপ‍‍ক্ষত ভুতৰ কথা নেপাতোঁ, আৰু ভুতীয়া ঠাইবোৰলৈ নে‍যাওঁ। ৰাতি শোৱা বিছনাখনৰ তলত সৰিয়হ, কেঁচা নহৰু, লোহাৰ কটাৰী সকলো ৰাখোঁ, আৰু সেইবোৰ সাৱটিয়েই শোওঁ।  পগলা বাবাৰ পৰা অনা চাৰিটা ভুত প্ৰতিৰোধী তাবিজ সকলো সময়তে মোৰ গাত থাকেই, নেৰোঁ সেইকেইটা। সেইবোৰ প্ৰটেকচন লোৱাৰ বাবেই হয়তো আজিলৈকে মোক ভুতে ভয় খুওৱাৰ বাদে বিশেষ একো অপকাৰ কৰিব পৰা নাই। পিছে আজি কথাটো পুৰা গৰবৰ হৈ গ’ল।

অচিন ঠাই এখনলৈ বিশেষ চিন্তা অনুসন্ধান নকৰাকৈয়ে আহি গ’লোঁ। শুনিছিলোঁ ইয়াত বোলে পগলা বাবাতকৈয়ো শক্তিশালী তান্ত্ৰিক এজন আছে, পগালা বাবাৰ চাৰিটা তাবিজে কৰিব নোৱাৰা কাম, তেওঁৰ এটা তাবিজেই কৰি দিয়ে। গতিকে তেনে চাৰিটা তাবিজ যদি মই পিন্ধি লওঁ, তেনে মোৰ ভুত প্ৰতিৰোধী ব্যৱস্থাটো S-400  মি‍ছাইল ডিফেন্স চিষ্টেমৰ দৰে হৈ যাব। ভুতে মোৰ ফালে মূৰ ডাঙিয়েই চাব নোৱাৰিব। এনে সুবিধা পালে মই এৰি দিয়াত নাই, ভুতে মোক ইতিমধ্যে বহুত জ্বলাকলা দিছে, আৰু নোৱাৰি আৰু, লাগিলে পইচাকে খৰছ হওক। জীৱনতকৈ পইচা ডাঙৰ নহয়।

তাতেই ভুল হৈ গ’ল মোৰ, ‘১২৯ নং মৌলানা পৰমহংস কৃষ্ণ কৰিম প্ৰভূপাদ ঘাণ্টে বাবাৰ’ আশ্ৰম বিচাৰি ফুৰোঁতেই সন্ধিয়া লাগি ভাগিল। যাকে সোধোঁ সিয়ে ভুল ৰাষ্টা দেখুৱাই। আৰু আজি এই ৰাতি আঁঠ বজাত মই গেজেপ মৰা বাঁহনি এখনৰ মাজত, ইফালে অন্ধকাৰ, জনপ্ৰাণী এটা নাই!  তেতিয়াই ঘটানাটো হ’ল…. অচিন অদ্ভূত ছাঁয়া এসোপাই মোক বেৰি ধৰিলে, হাত ভৰি লৰচৰ কৰিব নোৱাৰা হ’লোঁ….আৰু এসময়ত মোৰ কোমল হৃদয়ে এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰিলে, মই বেহুচ হৈ গ’লোঁ।

কিমান দেৰি অচেতন হৈ আছিলোঁ ক’ব নোৱাৰোঁ- কিন্তু এসময়ত মোৰ জ্ঞান ঘূৰি আহিল….অনুভৱ কৰিলোঁ, মোক ক’ৰবাত আঁটি আঁটি বান্ধি থোৱা আছে, হাত ভৰি লৰাব নোৱাৰোঁ মই। জান নিজান কৈ চকুকেইটা মেলি চালোঁ….আৰে! মোৰ চাৰিওফালেচোন কোনোবা আছে! কোন এইবোৰ, মানুহ যেনেই লাগে, বা নেলাগেও। কোন এইবোৰ? তেনে ক্ষেত্ৰত মই মোৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা বুদ্ধিমত্তা ব্যৱহাৰ কৰিলোঁ- সাৰ সুৰ নোহোৱাকৈ পৰি থাকি, জান নিজান চকু দুটা মেলি কাণ উনাই শুনাৰ চেষ্টা কৰিলোঁ। কিবা মীটিং চিটিং হৈ থকা যেন লাগিল। হয় মীটিঙেই হয়, শুভ্ৰ ধূতি চোলা পিন্ধি, মূৰত প্ৰকাণ্ড ৰাজকীয় পাগ মৰা, হাটত লাখুটি এডাল লৈ থকা মানিহ এজনক কেন্দ্ৰ কৰি বিছ পচিশজন মানুহ!! ৰ’ব। মানুহেই যেন লাগিছে হয়, কিন্তু কিবা আচহুৱা, তাতে আধামেলা চকুৰে ভালকৈ দেখাও নাই। 
: পাতকীটোৰ জ্ঞান আহিল নেকি?