Showing posts with label অনুবাদ. Show all posts
Showing posts with label অনুবাদ. Show all posts

Monday, December 18, 2017

= মৃত্যুশৰ্য্যাত মোৰ বিবেক=

শ্মি ত্ৰিৱেদীৰ বহু কবিতা হোৱাটচএপত সন্ধালনিকৈ চলি আছে, লেখকৰ নাম নোলোৱাকৈ। এই লেখাটোও তেওৰ, মোৰ ওচৰলৈয়ো আহিছিল। তেওৰ পৰাই গম পালো এয়া তেওৰ লেখা।

কবিতাৰ ধৰ্ম, গুণ আদিৰ কথা নেজানো, কিনতু কবিতাটোৰ সৰলতাই মোক চুই গ'ল। হয়তো ইয়াত ৰূপকল্প, চিত্ৰকল্প নাই, নাই কঠিন শব্দৰ মায়াময় খেলা, কিন্তু বক্তব্য স্পষ্ট। হয়তো এক ডিকনষ্ট্ৰাকচন। যি হয় হওক বুলি অনুবাদ কৰি দিলো, কি হৈছে নেজানো।
কবিতাৰ কথা বাদ দিও, বক্তব্যৰ বাবেই এইটো লিখা গ্ৰহণযোগ্য হব বুলি ভাৱিছো।

Original By *Rashmi Trivedi *
Author of Woman everything will be fine!


মাজনিশা কেতিয়াবা উঠি
মই এন্ধাৰতে তাৰ কাষলে যাও,
নাকত হাত দি চাও,
উশাহ লৈছেনে নে নাই সি !
সি এটা নিশ্চিত মৃত্যুপথৰ পথিক,
দিনে, দিনে, ধীৰে, ধীৰে; মৃত্যুয়ে তাক গ্ৰাস কৰি আনে।
দামী ৰেষ্টুৰেণ্টখনৰ এসাজৰ দাম,
মই জানো, মোক ৰেষ্টুৰেণ্টৰ দুৱাৰ খুলি দিয়া
তজবজীয়া ল'ৰাটোৰ এমাহৰ 'ইনকাম'।
মুহুৰ্ততে যেতিয়া মই এই আপদীয়া চিন্তাটো দলিয়াই পেলাও,
সি আৰু অলপ মৰে।

= A Marigold Ode : মনোজ নেওগৰ 'মাৰীগল্ডৰ কবিতা' ৰ ইংৰাজী অনুবাদ=


Words are riddles of a rootless forest …
Reverberations of foggy tranquillity..
In the last rendezvous –
when I searched the sack, asking “Did you bring me happiness?”  
I found a pack of marigold.

Even though I knew the answer- I asked -“for whom”
“In case I am hungry as I walk” – she smiled
Such a compelling smile!
…….

= And They Found Phutuki ( মনোজ নেওগৰ "ফুটুকী ওলাল" কবিতাৰ অনুবাদ) =






From the rescue boat she saw her doll,
Hay and torn pieces of her mother’s old Chadar..
Floating in between sinking depths,
She made it herself,
Only friend she ever played with
.............

With her tiny hands, she clung to the doll close..
.............

When they pulled up the fishing net,
In a heap of water hyacinth
She looked like a pallid earthworm,
As sallow as a dead river dolphin.

.................

Don’t remember who screamed first..

Phu..tu.. ki...
My Phu..tu.. ki...

How can I wish them well,
When I know for sure,
They are not. ....


#########################.

Thursday, December 14, 2017

=মোৰ পিন্ধিবলৈ একোৱেই নাই= Original Rashmi Trivedi

Woman everything will be fine ৰ লেখিকা ৰশ্মি ত্ৰিৱেদীৰ “I HAVE NOTHING TO WEAR” ৰ কবিতাটো প্ৰতিভূদাৰ ৱালত পোৱাদিনাৰে পৰা অসমীয়াকৰণ কৰাৰ ধাণ্ডাটো মুৰলৈ আহি আছিল। অসমীয়াকৰণ, মানে একেবাৰে সঠিক অনুবাদ বুলি নহয়, মূল ভাৱটো আৰু কথা খিনি বজাই ৰাখি অলপ স্বাধীনতা লোৱা হৈছে। পঢ়ি ৰাইজৰ (বিশেষকৈ ...এহেম এহেম?) মুৰ গৰম হ'লেই শ্ৰম সাৰ্থক হোৱা বুলি ধৰিম।

=মোৰ পিন্ধিবলৈ একোৱেই নাই=

বন্ধুৰ ঘৰত পাৰ্টি আছে যাব লাগে লৰালৰিকৈ,
পিছে শ্বপিং যে কৰাই নহল, এতিয়া কি কৰো মই?
আইনাৰ আগত ৰৈ আছো, হাবাথুৰি খাই;
হে ভগৱান! মোৰ যে পিন্ধিবলৈ একোৱেই নাই।
ৱাৰড্ৰৱ খোলোতেই নতুনকৈ লোৱা ছু’টজোৰ পৰিল মাটিত,
আকৌ হেঁচি ভৰাই থলো, নধৰিছে আৰু আলমাৰিত,
এইজোৰ অলপ চিলাব লাগিব, (আৰু) হাত দুখন লগোৱাই নাই
মাই গ’ড! মোৰ যে আজি পিন্ধিবলৈ একো নাই।
যোৱা মাহত কিনা ৰঙা গাউনটোকে পাৰি চোন পিন্ধি যাব;

Sunday, July 19, 2015

মোৰ আসক্তিৰ বৰষুণ, translation of Agniswar Mitra's update " My fascination with rain:"

ভাই বন্ধু Agni ৰ এটা ষ্টেটাছ আপডটে মনটো কিবা কিবি কৰি দিলে, ইংৰাজীত দিয়া অগ্নিৰ আপডেটটো অসমীয়ালে অনুবাদ কৰিবলে চেষ্টা এটা নচলাই থাকিব নোৱাৰিলোঁ, 

মোৰ আসক্তিৰ বৰষুণ

ধুবুৰীত কটোৱা মোৰ সৰুকালটো, বন্ধুবোৰ আৰু বহুতো স্মৃতি আজিও সেউজীয়া আৰু তাৰে কিছু জোখতকৈ অলপ বেছি বৰ্ষাসিক্ত। গৌৰীপুৰ ফিল্ডৰ গোৰোহা ডুবা পানীত বোকা খচকা আৰু বৰষুণৰ বতৰত চিলড্ৰেন পাৰ্কৰ সন্ধিয়াবোৰ মোৰ সোঁৱৰণিৰ কেচুৱাকাল। অহহ,..... ক্ষমা কৰিব, সেইবোৰ আচলতে একোখন ফুটবল খেলহে আছিল, বৰ্ষামূখৰ সন্ধিয়াৰ। নদীৰ পাৰৰ লখনদাৰ দোকানৰ একাপ একাপ গৰম ৰঙা চাহত সশব্দে চুমুক মাৰি কৰা গেমপ্লেন আৰু... লগতে প্ৰেমপ্লেন, স্মৃতিৰ ক’লা বগা ফ্ৰেমৰ পৰা পোনে পোনে তুলি অনা একো একোখন জীৱন্ত ছবি। একেটা চিগাৰেটৰে ভাগ বিছাৰি, বৰষুণত জুৰুলি জুপুৰিহৈ আঁহত গছজোপাৰ তলত জুম বন্ধা, মোৰ বাবে বন্ধুত্বৰ সৰ্বোত্তম উপলব্ধি।