Showing posts with label প্ৰৱন্ধ. Show all posts
Showing posts with label প্ৰৱন্ধ. Show all posts

Sunday, August 16, 2026

মাইকেল দ ফিল্ম

কেইবাদিনো খেপিয়াই খেপিয়াই আজি মাইকেল চিনেমাখন চাই শেষ কৰিলোঁ- মাইকেন জেকচনৰ বায়’পিক। প্ৰায় মিউজিকেল চিনেমা বুলিব পাৰি, চিনেমাখনত মাইকেল জেকচনৰ “Rise to Fame” ৰ ঘটনাক্ৰম দেখুৱা হৈছে। মোৰ ৰুচি অনুযায়ী উপভোগ্য চিনেমা- মই বায়’পিক সাধাৰণতে জাম্প কৰি কৰি চাও- কিন্তু মাইকেলৰ কিছুমান দৃশ্য ঘুৰাই ঘুৰাই চাইছোঁ! এটা কথাই কও- চিনেমাখন নিৰ্মাণ কৰোঁতে বিতৰ্কবোৰ এৰাই চলি- মাইকেল জেকচনক ভাল পোৱা মানুহখিনিক উদ্দেশ্য কৰিয়েই চিনেমাখন নিৰ্মাণ কৰা হৈছে। মাইকেল জেকচনক আমি সংগীতৰ বাবে মনত ৰাখিব খোজোঁ- তেঁওৰ জীৱনৰ বিতৰ্কবোৰৰ বাবে নহয়। চিনেমাখনত তাৰেই এটা সচেতন প্ৰচেষ্টা চলোৱা হৈছে। তেখেতৰ জীৱনৰ নেতিবাচক কথাবোৰো কেৱল চুই যোৱা হৈছে, বৰ বেছিকৈ দেখুৱাই তিক্ততাখিনি অনিব খোজা নাই- লগতে একেবাৰে প্ৰপাগাণ্ডা মুভিৰ দৰে মাইকেল জেকচনক সুৰ‍‍ক্ষাও দিয়া হোৱা নাই। বাকী বিদ্বৎমহলে জানিব- কিন্তু মোৰ দৰে সাধাৰণ মানুহে মাইকেল জেকচনক সুঁৱৰিবলৈ সুন্দৰ সুবিধা এটা দিছে- আৰু আমাৰ দৰে নদাই ভদায়ে ভালেই পাব চিনেমাখন। চিনেমাখন নিৰ্মাণ কৰিছে মাইকেল জেকচনৰ ভাতৃ জাৰমাইন জেকচনে আৰু নাম ভূমিকাত অভিনয় কৰিছে তেঁওৰেই ভতিজা জাফৰ জেকচনে। জাফৰৰ অভিনয় মোৰ ভাল লাগিল- দেখাত একেবাৰে মাইকেল জেকচন যেনেই লাগিছিল।

Sunday, June 21, 2026

Problem Solving-


আভিযান্ত্ৰিক শিক্ষাত সমস‍্যা সমাধানৰ ক্ষমতা বা Problem Solving Ability ৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দক্ষতাবিলাকৰ এটা বুলি ধৰা হয়। আৰু সেই শিক্ষাৰ বাবে বিশেষ পাঠ আৰু পৰীক্ষাও থাকে। আন বিভাগতো থাকিব পাৰে, মোৰ জ্ঞাত নহয় বাবে আলোচনাৰ পৰা বাহিৰ কৰিলোঁ।

এই পাঠবোৰ কিন্তু কেৱল কাৰিকৰী সমস‍্যা সমাধানতে সীমাৱদ্ধ নহয়- কাৰণ যিকোনো অভিযন্তায়েই এসময়ত গৈ সামাজিক, পাৰিবাৰিক, আইনী, লজিষ্টিক আদি সমস‍্যাৰ মুখামুখী হব লগা হয়েই। সেয়ে এই পাঠবোৰ সাধাৰণভাৱে যিকোনো সমস‍্যাৰ ক্ষেত্ৰতে প্ৰযোজ‍্য হয়গৈ।

মুলতঃ এই পাঠবোৰত এটা সমস‍্যাৰ মুখামুখী হোৱাৰ পাছত লব লগা বিজ্ঞানসন্মত পদক্ষেপ কিছুমান‍ শিকোৱা হয়। 

××××

সমস‍্যাবোৰৰ এটা ভয়ংকৰ ৰূপ আছে- সমস‍্যা এনে সময়ত আহে যেতিয়া আপুনি তেনে এটা সমস‍্যাৰ বাবে একেবাৰে সাজু নাছিল বা তেনে এটা সমস‍্যা হব পাৰে বুলি আগতে ভৱাই নাছিল। আগতে গম পালে বা অনুমান কৰিব পাৰিলে আপুনি ব‍্যৱস্থা লবই নহয়- সমস‍্যাৰ সৃষ্টিয়েই নহয়।

সমস‍্যা অকলে নাহে- পইতাচোৰাৰ দৰে জাক পাতি আহে বুলি ইংৰাজীত ফকৰা এটাই আছে।

Wednesday, January 22, 2020

=থলুৱা ব্যৱসায়- প্ৰত্যাহ্বান আৰু কৰণীয়=

এই হাই-কাজিয়া, বিতৰ্ক, অত্যধিক ৰাজনীতি, খিয়লা খিয়ালি, মূল্যববোধৰ পতন আদিৰ মাজতে কিছুমান ভাল লগা খবৰে মন প্ৰাণ ভৰাই তোলে। তেনে এটা ভাল লগা খবৰ হ'ল 'থলগিৰি'। থলগিৰিৰ প্ৰতি ৰাইজৰ উৎসাহ আৰু মনোযোগে মোক আনন্দিত কৰিছে। থলগিৰিৰ খবৰটোৰ সমসাময়িক ভাৱে আৰু এটা খবৰে উৎসাহিত কৰিলে, জিতেন দত্ত ডাঙৰীয়াই, থলুৱা সূতা আৰু শিপিনীৰ যোগে আমাৰ ঘৰুৱা তাঁতশালত অসমীয়া আৰ্হিৰ গামোচা তৈয়াৰ কৰৰা উদ্যোগ কৰিছে, ইতিমধ্যে উৎপাদন আৰম্ভও হৈছে।

আৰু মোৰ মৰমৰ ভাই দেবাংগ পল্লৱে ইতিমধ্যে 'খাৰখোৱা ফুডচ্' ব্ৰেণ্ডেৰে থলুৱা আচাৰৰ ব্যৱসায়টোত প্ৰতিষ্ঠা লাভ কৰিছে। নগাঁৱৰ ভাতৃপ্ৰতীম মৃদু মৌচম বৰাই সাঁচিপাত, হেঙুল হাইতাল তৈয়াৰ কৰা পদ্ধতি পুণৰোদ্ধাৰ কৰি নিয়মীয়া ভাৱে উৎপাদন কৰি আহিছে। বিগত দুই এবছৰ ধৰি আৰু কেইবাজনো লোক বা অনুষ্ঠানে এনেধৰণৰ উদ্যোগ হাতত লোৱা দেখা পাইছো।

অসমীয়া মানুহ ব্যৱসায়ত কেঁচা, ইয়াৰ কাৰণ স্বাভাৱিক। অসম বা উত্তৰ পূৱ ইমানেই সমৃদ্ধ যে এই ঠাইত মানুহে খোৱা বোৱাৰ বাবে কেতিয়াও কষ্ট কৰিব লগা হোৱা নাছিল, যেতিয়ালৈকে পশ্চিমীয়া ভোগবাদৰ সৈতে আমাৰ পৰিচয় নাছিল। ঘৰখনতে ধান চাউল, মাছ- পুঠিৰ পৰা আৰম্ভ কৰি তামোল-পাণলৈকে উভৈনদীকৈ আছিল। লগতে আছিল এক সুসংগঠিত সমাজ ব্যৱস্থা, যাতে কোনো বিপদত নপৰে। "মাজু ছোৱালীজনীৰ বাবে ল'ৰা এটা ওলাইছে, ৰাইজে এতিয়া সেৱকীক উদ্ধাৰ কৰিব লাগে"- বুলি নামঘৰত আঁঠু লৈ দিলেই- বিয়াৰ আধাতকৈয়ো বেছি কাম হৈ গৈছিল। ৰভা পৰলা, চিৰা দৈ, চেলেং চাদৰ, সকলো কেনেবাকৈ যোগাৰ হৈ গৈছিল। সসন্মানে ছোৱালীজনী উলিয়াই দিয়া সমাজখনৰ দ্বায়িত্ব আছিল, কেৱল পিতৃ-মাতৃৰ নহয়।

= নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬; মই যিদৰে বুজিছো=

॥ আগকথা॥

দুদিনমান আগতে মোৰ টাইমলাইনত নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে এক ফেচবুক প'ল আপডেট কৰিছিলো। ইচ্ছা আছিল সামগ্ৰিক ভাৱে মোৰ বন্ধু বান্ধৱ সকলৰ ( যিসকল সচেতন আৰু অসমপ্ৰেমী মানুহ বুলি মই নিশ্চিত) মাজত বিধেয়ক সম্পৰ্কে এক স্পষ্ট ধাৰণা লোৱা। হয় মোৰ বন্ধু বান্ধৱ সকলে হয়তো সমগ্ৰ অসমৰ জনসংখ্যাক প্ৰতিনিধিত্ব নকৰে, কিন্তু মোৰ হিচাপত মোৰ বন্ধুসকল সাক্ষৰ আৰু সচেতন লোক সকলৰ এক "ৰিপ্ৰেজেণ্টেটিভ চেম্পল"- আজিও তেনেকৈ ভাৱো। তাত কোনো আলোচনা কৰাৰ মন নাছিল, কিন্তু শেষত গৈ আলোচলা হ'লগৈয়ে। কিন্তু মোৰ বন্ধুসকলৰ ৯২% ই এই বিধেয়কৰ বিৰূদ্ধে মত ৰাখিলে, সি আজিৰ অসমীয়াৰ প্ৰতিক্ৰিয়াৰ প্ৰাকচিত্ৰ আছিল বুলি এতিয়া কবলৈ মোৰ কোনো আক্ষেপ নাই।

এইটো পোষ্ট আলোচনাৰ বাবে দিছো। বিধেয়ক খন সম্পৰ্কে এক স্পষ্ট আৰু শুদ্ধ ধাৰণা প্ৰতিষ্ঠিত হোৱা উচিৎ! ইয়াত মোৰ যিখিনি ভুল আছে, যুক্তিৰে উপস্থাপন কৰক, মই সংশোধন কৰিবলৈ সাজু আছো। কিন্তু যদি কোনোবাই ইয়াৰ মাজত মোৰ বাংলাদেশী মুছলমান সমৰ্থকৰ ৰূপ দেখা পাই, তেনে অনুগ্ৰহ কৰি মোৰ বিৰূদ্ধে বিহীত ব্যৱস্থা লওক, ইয়াত তৰোৱাল নুঘুৰাব।

নিৰপে‍ক্ষতা আপে‍ক্ষিক বস্তু, জানো। মোৰ নিৰপেক্ষতা সদায় অসম আৰু অসমীয়াৰ ওচৰে পাজৰে থাকে, অস্বীকাৰ নকৰো। গতিকে স্পষ্টৰূপে আৰু যুক্তিৰে আলোচনা কৰক, ই বৰ প্ৰয়োজনীয় কাম এতিয়া। কিবা যুক্তিসংগত ভুল ওলালে এই পোষ্টতে এডিট কৰি সংশোধন কৰিম।

×××××
প্ৰথমতেই বিধেয়কখন পোনে পোনে লিখি দিব খুজিছো, অসমীয়ালৈ অনুবাদ কৰি

×××××××

ভাষাৰ দূৰ্বলতা

কোনো এটা ভাষা দূৰ্বল বা সৱল বুলি কোৱা ভুল।যদি এটা জনসমুদায়ে হাজাৰ বছৰ ধৰি এটা নিৰ্দিষ্ট ভাষাৰে কাম চলাই জীয়াই আছে, তেনে সেই ভাষাটো দূৰ্বল বা সবল বুলি আজি কোৱা নিৰৰ্থক।


কিন্তু অজিকালি ভাষাৰ উপযোগীতা কেৱল দৈনন্দিন প্ৰয়োজন পূৰণ কৰাতে সীমাৱদ্ধ হৈ থকা নাই। যি সময়ত এক বিশেষ জনসমূদায়ে বিভিন্ন ভাষাৰ বিভিন্ন সমল চুই চাব পৰা হৈছে, সেই সমূদায়ে আশা কৰে যে তেওলোকৰ মাতৃভাষাও আন বৃহৎ ভাষাবোৰৰ দৰে ব্যাপক ভাৱে ভাৱব্যঞ্জক হওক। এটা সময়ত মই নিজেও অনুভৱ কৰিছিলো যে মোৰ মনৰ কথাখিনি উপযুক্ততাৰে আনৰ আগত উপস্থাপন কৰিবলৈ মোক কেইবাটাও ভাষাৰ (বা সেইবোৰৰ মিক্সাৰ) প্ৰয়োজন হয়। নহ'লে মোৰ কথাখিনি কৃত্ৰিম শুনাই, তাৰ গ্ৰহণ যোগ্যতা কমি যায়। আৰু তাকে কৰিলেও ৰাইজে ভাষা খিছিৰি কৰি জাতিটোক ডুবালি বুলি গালি দিয়ে। সেইটো ভাল কথা নহয়ো।

Friday, October 12, 2018

তথ্যসূত্ৰ


যিকোনো বিষয়ৰ ওপৰতে বিজ্ঞানসন্মত আলোচনা বা প্ৰৱন্ধত সকলোতকৈ জৰুৰী বস্তুটো হ'ল ৰেফোৰেন্স বা তথ্যসূত্ৰ। সৰুতে আমাক শিকাইছিল, ৰচনা লিখোতে যিমানে "উদ্ধৃতি" দিব পাৰিবি সিমানে বেছি নম্বৰ পাবি। বৰ বেছি প্ৰসংগ সংগতি বিছৰা নাছিলো, কেৱল ৰচনাখনৰ লগত মিলিব পৰা দুটামান শব্দ উদ্ধৃতিত থাকিলেই হ'ল। হোৱাই নোহোৱাই মূল গধূৰ লেখক এজনৰ দুই এটা বক্তব্য উৰ্ধকমাৰ মাজত লিখি দিছিলো, লাভ হৈছিল, এক আদ হ'লেও বেছি নম্বৰ আহিছিল। আজিও কিবা এটা লিখিব খুজিলে লগে লগে ইণ্টাৰনেট চাৰ্চ, এই বিষয়ত কোনে কি কৈছিল? মোৰ এতিয়াও গুগল চাৰ্চ অব্যহত আছে, চাৰ্চ বাৰত লিখিছো-  

" How important is reference to an Article"

লিখা মেলাৰ কথা বাদেই, অফিচৰ নোটশ্বিটটো কোনোবাই কৰবাত দি যোৱা বক্তব্য, মেনুৱেল বিলাকত লিখা থকা দুটা শাৰী, আগতে কৰা কামৰ ৰেফাৰেন্স, অথৰিটি মিনিষ্ট্ৰীৰ গাইডলাইন আদি কিবা কিবি লিখিব পাৰিলেই বৈতৰণী পাৰ বুলি ধৰিব পাৰি। গুগল অহাৰ পৰা অফিচৰ কামত বৰ সুবিধা হৈছে। 

Friday, May 25, 2018

অসমৰ সংকটাপূৰ্ণ ভাষাসমূহ (সাহিত্য ডট অৰ্গ অক্টোবৰ -২০১৬) প্ৰকাশিত


ইউনেস্ক’ৰ অনুমান মতে বৰ্তমান প্ৰচলিত ৬০০০ কথিত ভাষাৰ ভিতৰত আধাখিনি এই শতিকাৰ শেষলৈ বিলুপ্ত হ’বগৈ৷ এই ভাষাসমূহৰ বিলুপ্তিৰ লগে লগেই হেৰাই যাব এই ‍ভাষাসমূহৰ মাজত সোমাই থকা অসাধাৰণ বৈশিষ্টমূলক সংস্কৃতিক সম্পদৰ লগতে অমূল্য প্ৰকৃতিপ্ৰদত্ত জ্ঞান৷
পিছে এই বিলুপ্ত হোৱাৰ প্ৰক্ৰিয়াটো বহু পৰিমাণে প্ৰাকৃতিক বুলিয়েই কব পাৰি৷ মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা কিছুমান নতুন ভাষাৰ জন্ম হৈ আহিছে আৰু পৰ্যায়ক্ৰমে কিছুমান ভাষা বিলুপ্তও হৈ গৈ আছে৷ কিন্তু আজিকালি মানৱ সভ্যতাৰ বিকাশে এনে এক পৰ্যায় পাইছেগৈ, এতিয়া আৰু নতুন ভাষাৰ প্ৰয়োজনীয়তা ক্ৰমান্বয়ে শেষ হৈ আহিছে, আনকি প্ৰচলিত ভাষা সমূহৰ ব্যৱহাৰো কিছু কিছু ক্ষেত্ৰত কম হৈ আহিছে৷ উদহৰণ স্বৰূপে তথ্য প্ৰযুক্তিৰ কথালৈয়ে আঙুলিয়াব পাৰি৷ আজি আমি এৰাব নোৱাৰা হৈ পৰা তথ্য প্ৰযুক্তিৰ বিশাল ক্ষেত্ৰখনত কেৱল ইংৰাজী ভাষাহে এতিয়ালৈকে ব্যৱহাৰ হয়, গতিকে আনবোৰ ভাষাৰ গুৰুত্ব কমি যোৱা স্বাভাৱিক৷ তাতে আকৌ আজিকালি সৰু সৰু স্বতন্তৰীয়া সমাজবোৰ নাইকিয়া হৈ এক বৃহৎ সমাজব্যৱস্থা গঢ়ি উঠাৰ লগে লগে মানুহৰ বাবে নিজৰ থলুৱা ভাষাতকৈ সংযোগী ভাষাবোৰৰহে প্ৰয়োজন বৃদ্ধি পাই আহিছে৷

অসমৰ বিদেশী সমস্যাটো: -এটি পুনৰাৱলোকন ( সাহিত্য ডট অৰ্গ নৱেম্বৰ ২০১৫ সংখ্যাত প্ৰকাশিত)


শিৰোনামটো দেখিয়ে পাঠকৰ অলপ ঋণাত্মক ধাৰণা হব, এইবুলিয়েই যে, এইটো হয়তো, অসমীয়াত যোৱা দুটামান দশকৰ আটাইতকৈ বেছিকে ব্যৱহাৰ হোৱা প্ৰৱন্ধৰ শিৰোনাম, অলপ সালসলনিৰে সৈতে৷ এই প্ৰৱন্ধত কোনো নতুন আৱিষ্কাৰ কৰা হোৱা নাই, আচলতে আৱিষ্কাৰ কৰিবলৈয়ো সুৰুঙাও নাই৷ প্ৰৱন্ধৰ উদ্দেশ্য কেৱল ’বেক টু ডা বেছিকচ’ ..মূল ধাৰণাখিনিৰ ওপৰত আকৌ এবাৰ আলোকপাত কৰা৷ আমি প্ৰায়ে কৰা এটা ভুল হ’ল- আমি প্ৰমাণ আৰু তথ্যৰ ওপৰত ইমান নিৰ্ভৰশীল হৈ যাও যে, প্ৰায়ে আমাৰ মূল লক্ষ্য বা কাৰণসমূহ কালক্ৰমত আচুতীয়া হৈ পৰেগৈ৷ দুই তিনিটা মান সৰু ডাঙৰ আন্দোলনত ভাগ লোৱা অভিজ্ঞতাৰ পৰা ইমানখিনি কব পাৰোঁ যে- কোনোবাই যদি সকীয়াই থাকে যে “এইটোহে তোমাৰ কাম, এই কাৰণেহে তুমি যুঁজি আছা“- শুনিবলৈ ভাল নেলাগিলেও, বা আমি চোন জানোৱেই বুলি ভাব হ’লেও- কামটো বৰ অপ্ৰয়োজনীয় নহয়৷ পাঠকসকলৰ লেখাটি সেই দিশৰ পৰাই গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলোঁ৷
অসমীয়া কোন, বিদেশী কোন?

Tuesday, February 20, 2018

= লেখকৰ ইমেজ=




অসমত আন যিয়েও নহওক, যিখিনি মানুহে লিখা মেলা কৰে, তেওলোকৰ  এটা সুকীয়া সন্মান আছে! আৰু সেইকাৰণেই সাধাৰণ পাঠকে তেওলোকৰ পৰা আশাও বেছিকৈ কৰে। জাতিটোৰে হওক, ব্যক্তিগতই হওক, বিপদৰ সময়ত এই মানুহখিনিয়ে কিবা এটা পথ দেখুৱাব বুলি ভাৱে। আন বৃ্ত্তিত জড়িত লোকসকল বহু অভিজ্ঞ বা পাৰ্গত হলেও, ইমানখিনি সন্মান সহজে নেপায়। সেয়ে হয়তো  অসমৰ প্ৰায়বিলাক প্ৰখ্যাত লোকেই নিজৰ লেখনিৰ মাজেৰে মানুহৰ ওচৰ চাপিবৰ চেষ্টা কৰে, লাগিলে তেও আন কোনো ক্ষেত্ৰৰে লোক হওক।  


অসমীয়া জাতিয়ে প্ৰায় সদায়ে ভুগি থকা সমস্যাবোৰৰ অন্যতম হ’ল লীডাৰশ্বিপ বা নেতৃত্বৰ অভাৱৰ সমস্যাসদায়েই দিকদৰ্শণ দিয়া মানুহৰ অভাৱ, আদৰ্শ হিচাপে লব পৰা মানুহৰ অভাৱ। তাৰ ওপৰিও আজি পৰ্যন্ত অসমত আন আন ক্ষেত্ৰ বিলাকত বিশ্বসভাত প্ৰতিষ্ঠিত লোকৰ সংখ্যা নিচেই সীমিত।  ক্ৰীড়া, শিল্প,  ৰাজনীতি, ব্যৱসায়, বিজ্ঞান, প্ৰশাসন, শিক্ষাব্যৱস্থা আদি  যিকোনো বিষয়তে বিশ্বমানৰ প্ৰতিষ্ঠা লাভ কৰা মানুহৰ সংখ্যা নগন্যই বুলিব লাগিব। অপ্ৰিয় হলেও এই কথাটোৰ সত্যতা অস্বীকাৰ কৰিব নোৱাৰি। আমাৰ মাজৰ পৰা শচীন টেণ্ডুলকাৰ, অমিতাভ বচ্চন বা লতা মাংগেশকাৰ ওলোৱা নাই। ভূপেন হাজৰিকাক বাদ দিলে সৰ্বভাৰতীয় খ্যাতিৰ লগতে অসমত সৰ্বাত্মক জনপ্ৰিয়তা থকা লোকৰ কথা পটকৈ মনত নপৰে। তাৰ কাৰণ হয়তো বহুতো আছে, কিন্তু সেয়া এই আলোচনাৰ বিষয় নহয়।

Monday, December 18, 2017

=নিয়ম ভঙাৰ নিয়ম=

আমি বাৰু কাৰিকৰী মানুহ, আমি যিবোৰ কাম কৰো, সেইবোৰৰ সুফল বৰ বেছি মানুহে প্ৰত্যক্ষ ভাৱে নেপায়। হয়তো খুব কম সংখ্যক দুই এজনে পায়। আমাৰ কামবোৰৰ ফলাফলে মানুহক শাৰীৰিক আৰু বৈষয়িক সুখ প্ৰদান কৰে, সেইটোও বাৰু দৰকাৰী কামেই।

কিন্তু কলা বা আৰ্টৰ ক্ষেত্ৰখন বহুত বেছি বিশাল। কলাই মানুহক মানসিক তৃপ্তি দিয়াৰ লগতে বহুতো লোকক চিন্তা চৰ্চাৰ সুবিধা দিয়ে, জনমত গঢ়ি তোলে, সামগ্ৰিক ভাৱে এখন সমাজৰ চিন্তাধাৰা গঢ় দি পালন পোষণ কৰে, এক নিৰ্দিষ্ট গতি দিয়ে। কলাইহে জীৱনক পৰিপূৰ্ণ কৰি সম্পূৰ্ণ মানুহ কৰি গঢ়ি তুলিব পাৰে। এজন ভাল চিকিৎসকে যিমান মানুহক সু্স্থ কৰি তুলিব পাৰে, এজন ভাল সাহিত্যিকে তাতকৈ বহু হেজাৰ গুণ বেছি মানুহক সুখী কৰিব পাৰে।

Saturday, December 16, 2017

=মহাপ্ৰস্থানৰ পথেৰে= (বৌদ্ধিক বিচাৰ ই আলোচনীত প্ৰকাশিত)


 মহাভাৰত মোৰ সকলোতকৈ প্ৰিয় মহাকাব্য। ইয়াৰ কাহিনী যিমান শক্তিশালী, সিমানেই (যদি তাতকৈ বেছি নহয়) শক্তিশালী চৰিত্ৰ নিৰ্মাণ আৰু চয়ন। মহাভাৰতত সকলো চৰিত্ৰকে যথোপযুক্ত গুৰুত্ব দিয়া হৈছে,সৰু চৰিত্ৰ এটাকো প্ৰয়োজনীয় সন্মান আৰু সময় দিয়াত কৃপণালি কৰা নাই, প্ৰত্যেকটো সৰু সৰু কাহিনী বা চৰিত্ৰৰেই ভাল বেয়া দুইটা দিশ সফলতাৰে দেখুৱা হৈছে, পাঠকৰ নিজৰ বিচাৰৰ বাবে যথেষ্ট কিছু এৰি দিয়া হৈছে, এয়া হয়তো বহু আধুনিক উপন্যাসতো বিৰল। মহাভাৰত এখন ধৰ্মগ্ৰন্থতো হয়েই, কিন্তু এক সাহিত্য সত্ত্বা (Literary entity) হিচাপেও, মোৰ ব্যক্তিগত বিচাৰত, মহাভাৰতৰ স্থান সকলো পৌৰাণিক সাহিত্যৰ ভিতৰত সকলোতকৈ ওপৰত।

মহাভাৰতৰ মহাপ্ৰস্থান পৰ্ব মোৰ ব্যক্তিগতভাৱে প্ৰিয়তম। এই পৰ্বটোৱে সদায় মোক নিজৰ জীৱনটোৰ সৈতে মই কৰা বিচাৰ অবিচাৰ বিলাকৰ বিষয়ে আকো এবাৰ সুঁৱৰি চাবলৈ সকীয়াই দিয়ে। পাণ্ডৱ সকলে ধৰ্মযুদ্ধ কৰিলে, সেইটো তেওলোকৰ বৈষয়িক কৰ্তব্য আছিল, সততা আৰু সদিচ্ছাৰে কৰিলে, তাৰ বাবে তেওলোকে বহুতো প্ৰচলিত সামাজিক বান্ধোন বা সীমাও অতিক্ৰম কৰিলে। যুঁজত জিকিলে, নিজৰ প্ৰাপ্য বৈষয়িক অধিকাৰ সাব্যস্ত কৰিলে, তাৰ বাবে জীৱনজোৰা ত্যাগো কৰিলে। কিন্তু সকলো পোৱাৰ পাছত হেলাৰঙে সকলো ত্যাগ কৰি আন এক মহৎ অনন্দৰ সন্ধানত মহাপ্ৰস্থান কৰিলে। স্বৰ্গ ডাঙৰ কথা নহয়, কিন্তু স্বৰ্গাৰোহণৰ আকাংক্ষ্যা প্ৰয়োজনীয় বস্তু।

Thursday, December 14, 2017

জলবিদ্যুৎ আৰু পৰিবেশ সম্পৰ্কে এটা নতুন অভিজ্ঞতা

২০১৫ চনত টাৱাঙলৈ গৈছিলো, অফিচৰ কামত। উত্তৰপূৱৰ বিদ্যুৎ ব্যৱস্থাটোৰ লগত জড়িত সকলো সংস্থাৰে এখন মাহেকীয়া মীটিং হয়, তাত কাৰিকৰী আৰু ব্যৱসায়ৰ একেবাৰে ব্যৱহাৰিক সিদ্ধান্ত বিলাক লোৱা হয়, সেই সমিতিখনক Operation Co-ordination Committee বা OCC বুলি কোৱা হয়। সেইবাৰ মীটিংখন আয়োজন কৰিছিল অৰুণাচল প্ৰদেশৰ ডিপাৰ্টমেণ্ট অৱ পাৱাৰে। 
প্ৰথমদিনা গৈ আমি ডিৰাঙত থাকিব লগা হ’ল। বহুতে হয়তো নেজানে বমডিলালৈ মাত্ৰ এটা পাৱাৰ লাইন আছে, সেইটো বেয়া হ’লে সকলো অন্ধকাৰ। টাৱাঙত বিদ্যুৎ যোগানৰ বাবে মাত্ৰ এটা আইচ’লেটেড মাইক্ৰ হাইডেল আছে,(নুৰানাং পাৱাৰ হাউচ) তাৰে নোজোৰে, ৫ মেগাৱাট পাৱাৰ লাগে, উৎপাদন হয় ২ মেগাৱাট। আৰু বাহিৰৰ পৰা পাৱাৰ নিবলৈ টাৱাঙলৈ কোনো লাইনো নাই। মাহ মাহ ধৰি তাত বিদ্যুৎ যোগান ব্যাহত হৈ থাকে। মুঠতে সেই অঞ্চলটোত বিদ্যুৎ যোগানৰ ব্যৱস্থা অতি শোচনীয়। সেই বাবেই তাত মিটীংখন পতাৰ সিদ্ধান্ত লোৱা হৈছিল।
ডিৰাঙতো সেইদিনা লাইন নাছিল, জেনেৰেটৰ চলাই যেনে তেনে কাম চলোৱা হৈছিল।
আমি থকা হোটেলখনতে এসোপা বিদেশী মানুহ আছিল, সকলো বয়সীয়া। তেওলোকে মটৰ চাইকেল চলাই আহিছিল, কমেও ২০ জন মানুহ। তাকে দেখি মোৰ তেওলোকৰ লগত চিনাকী হবলৈ মন গ’ল। কিন্তু নিজে আগবাঢ়ি যোৱা অসুবিধা, বগা ছালৰ মানুহবোৰ ভাৰতলৈ আহিলে হয়তো তেওলোকক দেশতে কৈ পঠাই- উপযাচি চিনাকী হবলৈ বা বন্ধুত্ব কৰিবলৈ অহা মানুহৰ পৰা সাৱধানে থাকিবি। নিজে আগবাঢ়িলে তেওলোকৰ পৰা ভাল ব্যৱহাৰ পোৱাৰ আশা কম। গতিকে মনে মনে থাকিলো। দুই এজনে সুৰাৰ ৰাগীত অৱশ্যে হাই হেল্ল বুলি নোকোৱা নহয়।

==হেৰি প’টাৰ আৰু মধুবালা==




সৰুৰে পৰা ফেণ্টাছী জাতীয় বস্তুবোৰে মোক বৰ আকৰ্ষণ কৰে।হয়তো জোখতকৈ অলপ বেছিকৈয়ে কৰে। অন্তৰংগ বহুতে কয় মই হেনো মোতামোতি ফেণ্টাছী ৱৰ্ল্ডতে বাস কৰোঁ। হয়ো, বাস্তৱ জীৱনটোত মোৰ পাৰফৰ্মেন্স বৰ এটা সন্তোষজনক নহয়।সকলো দিশতে টানি আজুৰি কাণে কাণ মাৰি চলি থকা ধৰণৰহে। মোক দূৰৰ পৰা দেখা সকলৰ বাবে এইখিনি কথা অত্যুক্তি যেন লাগিব পাৰে, কিন্তু মোক ওচৰৰ পৰা জনা সকলে জানে। মোক কয়ো- অলপ এইখন পৃথিৱীলে নাম! কিমান বেহুচ হৈ উৰি ফুৰিবি আৰু। মোৰ সিদ্ধান্ত বা কাৰ্যপন্থাবিলাকতো ফেণ্টাছীয়ে গভীৰ প্ৰভাৱ পেলায়। ইণ্টাৰ ডিভিজন টেনিছ বল ক্ৰিকেট মেটচ এখন খেলাৰ আগনিশাও মোৰ ভালকৈ টোপনি নাহে, কোনটো বল কেনেকে মাৰিম, কোনফালে চিক্স মাৰিব পাৰিম, কেনেধৰণৰ বলত ৰিস্ক নলও, কোনজন ফিল্ডাৰৰ ফালে ওপৰলে উঠাই মাৰিব নোৱাৰি- সকলো কথা ভাৱি ভাৱি ফুল টেনচনত ৰাতিটো কটাও। মোৰ যুক্তি হল শচীন তেণ্ডুলকাৰেও বোলে টেষ্ট মেটছৰ আগদিনা শুব নোৱাৰে, গতিকে মই কিয় শুম? ফেণ্টাছী ৱৰ্ল্ডত মই নিজকে তেণ্ডুলকাৰৰ ৰূপত কল্পনা কৰি সিফালে ৱাৰ্ণ, মেকগ্ৰা, গিলেপ্সিৰ বলত চেন্সুৰি মৰাৰ পূৰ্ণ পৰিকল্পনা কৰি লও।পিছদিনা যিয়েই নহওক, ফিল্ডত থকা সময়খিনি নিজকে তেণ্ডুলকাৰ (ছেহৱাগ বুলিলে আৰু উপযুক্ত হব) বুলিয়েই ভাৱি থাকো। আৰু তেণ্ডুলকাৰোতো বহুবাৰ শূন্যত আউট হৈছে। মই যেনিবা প্ৰায়ে হও, তাতে কি হ? কিন্ত হঠাৎ কেতিয়াবা আশাকৰাতকৈ বেছি সফলতা পাই যাও- মানে মোৰ নিজৰ লেভেলত(তেণ্ডুলকাৰৰ লেভেলত নহয়)। তিনিটা চিক্স মাৰি খেল জিকাই দিও, পেনাল্টী শ্বুট আউটত বিপক্ষৰ পাঁচটাৰ ভিতৰত তিনিটা শ্বটেই বচাই দিও। আৰু মোক কোনে পায়, ফেণ্টাছী বাস্তৱায়িত হোৱাৰ সুখত মোৰ দুই তিনিটা বছৰ আৰামত কাটি যায়। 

Saturday, February 25, 2017

== শংকৰদেৱ কেতিয়া জগৎগুৰু হবগৈ==


মই নিজে অসমীয়া, ভাৰতীয় আৰু আনকি মানুহ হিচাপে গৌৰৱবোধ কৰাৰ যিকেইটা প্ৰধান কাৰণ আছে তাৰ ভিতৰত অন্যতম হ’ল মহাপুৰুষ শংকৰদেৱ। গুৰুজনাৰ বিষয়ে যিমানকণেই জানিছো, দিনে দিনে মুগ্ধ হৈ পৰিছো। কিন্তু এটা কথা, মিছা মাতি লাভ নাই, সামগ্ৰিক ভাৱে আজি আমি নিজেই গুৰুজনাৰ বিষয়ে বিশেষ নেজানো, তেওৰ আদৰ্শ অনুসৰণ নকৰো, আনকি আন্তৰিক শ্ৰদ্ধাও বৰ বেছি নাই, আৰু তেওৰ বিষয়ে আমি আনক একো বিশেষ জনাব পৰা নাই। জনাবলৈ যিবিলাক উপায়ৰ কথা আমি চিন্তা কৰিছো ব্যৱহাৰ কৰিছো, সেইবিলাক একেবাৰে ফলপ্ৰসু হোৱা নাই। তাৰে এটা উদাহৰণ দিও, ১৯৮৮ চনত যেতিয়া সত্যজিত ৰায়ক শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল, তেতিয়া তেও এনেধৰণৰ কিবা এটা কোৱা মনত পৰে-

“কোন শংকৰদেৱ? মোক এই বঁটাৰ বাবে কিয় মনোনীত কৰা হ’ল?” 

Monday, February 20, 2017

==সাঁচিপাত ==


আজি ৰঞ্জিত হাজৰিকাদেৱৰ ফেচবুক আপডেট এটাই বহু কথা ভাবিবলৈ বাধ্য কৰি দিলে, আপডেটটো আছিল হাতেৰে লিখা লিখনি সম্পৰ্কীয়। পিছে, আন এটা কথাহে কবলৈ বিছাৰিছো। 

বিবৰ্তনৰ কালছোৱাত নিজকে আনতকৈ অলপ বুদ্ধিমান বুলি আৱিষ্কাৰ কৰাৰ লগে লগেই 'লিখনি' ৰ প্ৰয়োজন উপলব্ধি কৰিছিল। গুহাবাসী মানৱৰ পুৰ্বপুৰুষে শিলত ছৱি আঁকি নিজৰ অভিজ্ঞতাক পিছৰ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ প্ৰচেষ্টা কৰিছিল, আৰু আচৰিত ভাৱে এই কথাটো সকলো প্ৰাথমিক মানৱ সভ্যতাৰ ক্ষেত্ৰতে শুদ্ধ। গতিকে এই লিখা নামৰ কাৰ্যটোক আমি মানুহ হিচাপে পৰিচিত হোৱাৰ অন্যতম কাৰণ তথা উদাহৰণ বুলি কব পাৰো। 

কামৰূপী লিপি নামেৰে জনাজাত আমাৰ এই অঞ্চলটোৰ আদিলিপি, যি অসমীয়া, বাংলা, মৈথিলী, আনকি উড়িয়া লিপিৰো উৎস বুলি মানি লোৱা হয়, সেই লিপিৰ প্ৰথম আৱিষ্কৃত পৰিচয়, গোলাঘাট জিলাৰ সৰুপথাৰত পোৱা ৫ম শতিকাৰ মাজভাগৰ নাগজৰী-খনিকৰ শিলালিপিৰ জৰিয়তে পোৱা হয়। কিন্তু এই লিখনি লিপিৰ বিষয়ে নহয়, লিখাৰ উপায় সমূহৰ বিষয়েহে। প্ৰথমৱস্থাত মানুহে গুহাৰ উলম্ব শিলৰ দেৱাল বিলাকত লিখা আৰম্ভ কৰিছিল। ই হয়তো এক প্ৰাকৃতিক প্ৰক্ৰিয়া, কাৰণ আজিকালিও প্ৰায় সকলো শিশুৱে ঘৰৰ দেৱালতেই প্ৰথম লিখা বা অঁকাৰ প্ৰচেষ্টা চলায়। শিশু মনস্তত্ত্ববিদ সকলেও ঘৰৰ দেৱালৰ এটা অংশ শিশুৱে আঁক-বাক কৰি 'লেতেৰা' কৰিবলৈ এৰি দিয়াৰে পোষকতা কৰে। আদিম মানৱেও আন আন বহু ঠাইত লিখাৰ প্ৰচেষ্টা কৰি কৰি শেষত বুজি পালে শিলৰ উলম্ব দেৱালত লিখিলেহে সেই লিখনি স্থায়ী হব। তাৰ পাছত ক্ৰমে ফলিৰ আকৃতিৰ শিলত লিখিবলৈ ল'লে, লিখাৰ সুবিধাৰ লগতে 'লেখনি' ইঠাইৰ পৰা সিঠাইলৈ লৈ যোৱাৰো সুবিধা হ'ল। কিন্তু লিখাৰ আৰু উন্নত সাধনৰ বাবে মানৱৰ প্ৰচেষ্টা অব্যাহত থাকিল, আৰু আধুনিক যুগত 'কাগজ' ৰ আৱিষ্কাৰ হ'লগৈ। মধ্যৱৰ্তী সময়চোৱাত মানুহে গছৰ পাতত, বাকলিত লিখিলে, নানান উপায় উলিয়ালে, মিছৰীয় সকলে পেপিৰাছৰ উদ্ভাৱন কৰিলে। 

==এনিথিং বাট খামোছ ==



শত্ৰুঘ্ন সিনহা কোনো কালে মোৰ প্ৰিয় অভিনেতা নাছিল, তেওৰ ‘খামোছ’ নামৰ বিখ্যাত ডাইলগটোৱেও কোনোদিনে মোক প্ৰভাৱিত কৰা নাছিল। তেওৰ চিনেমাবোৰো বৰ বেছি ভাল নেপাইছিলো। তাৰ বিপৰীতে লেখক বা বক্তা শত্ৰুঘ্ন জন আকৌ মোৰ বৰ প্ৰিয় আছিল। তেওৰ অগতনানুগতিক কথন ভংগী আৰু প্ৰত্যেকটো বাক্যৰ পাছত লুকাই থকা প্ৰচণ্ড আত্ম বিশ্বাসে মোক সদায় আকৰ্ষিত কৰি আহিছিল। লেখক হিচাপে বোধকৰো তেওক প্ৰথম লগ পাইছিলো  'ফিল্মফেয়াৰ' নামৰ আলোচনীখনৰ এটা প্ৰশ্নোত্তৰ শিতানত। সেইসময়ৰ সকলোতকৈ বুদ্ধিদীপ্ত আৰু হাস্যৰসযুক্ত প্ৰশ্নোত্তৰ শিতান আছিল সেইটো। 

এইবাৰ ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত তেওক নিমন্ত্ৰণ কৰালৈ বহু তৰ্ক বিতৰ্ক চলি আছে, সেইবোৰত মাত মাতিবলৈ নেযাও, কিন্তু ব্যক্তিগত ভাৱে তেওৰ কথা শুনিবলৈ পোৱাতো মোৰ বাবে বৰ সৌভাগ্যৰ কথা হ’ল। 

যদিও অভিনেতাৰূপেহে তেও বেছি প্ৰখ্যাত, কিন্তু তেওক এই উৎসৱলৈ নিমন্ত্ৰণ কৰা হৈছিল তেওৰ সদ্য প্ৰকাশিত জীৱনী “এনিথিং বাট খামোচ” ৰ বিষয়ে কথা পাতিবলৈ হে। তেওৰ সৈতে আছিল জীৱনীখনৰ লেখিকা ভাৰতী এচ প্ৰধান আৰু তাৰ সম্পাদক জন (নামটো পাহৰিলো)। 

== বালি- শিলগুটিৰ সাধু ==


কলেজৰ শ্ৰেণীকোঠাটোলে প্ৰফেচাৰ সোমাই আহিল, হাতত এটা ডাঙৰ মোনা। তেও ধীৰে সুস্থিৰে এটা এটাকৈ মোনাৰ পৰা অদ্ভূত বস্তু কিছুমান উলিয়াই টেবুলৰ ওপৰত ৰাখিবলৈ আৰম্ভ কৰিলে। প্ৰথমতে উলিয়ালে এটা ডাঙৰ আইনাৰ বৈয়াম। তাৰ পাছত কিছুমান ডাঙৰ ডাঙৰ শিলগুটিত উলিয়াই তেও বৈয়ামটোত ভৰাবলৈ লাগিল। শিলগুটি আৰু নোজোৰা হোৱাত তেও ছাত্ৰসকলক সুধিলে 

- বৈয়ামটো ভৰ্তি হ’লনে?

- হ’ল চাৰ।

এইবাৰ তেও আৰু কিছুমান সৰু সৰু শিলগুটি বৈয়ামটোত ভৰাবলৈ লাগিল। ডাঙৰ শিলগুটিবোৰৰ মাজে মাজে আৰু বহুত সৰু শিলগুটি সোমাল। তেও বৈয়ামটো জোকাৰি জোকাৰি যিমান পাৰে সৰু শিলগুটি সুমুৱালে।

-এইবাৰ হ’ল নে?

==পদ্মপতি চাৰ==

-মে' আই কাম ইন চাৰ?


- গে'ট আউট 

কিন্তু সকলোৱে ভৱাৰ দৰে কথাটো ইয়াতে শেষ নহয়। মোৰ যদি কামটো সঁচাকৈয়ে বৰ জৰুৰী..আৰু যদি আন কোনো ৰাষ্টা নাই, মই আকৌ এবাৰ চেষ্টা কৰিবই লাগিব। মই আকৌ দুৱাৰখনৰ ওচৰলে যাম আৰু কম....

- চাৰ মই আপোনাৰ লগত কথা পাতিবই লাগিব!

- কি লাগে? 

ইয়াৰ পাছত আৰু কোনো সমস্যা নাই। যিমানেই ডাঙৰ অসুবিধা নহওক..যিয়েই সমস্যা নহওক...কোনো নিৰাশ হৈ ঘুৰি অহাৰ উদাহৰণ নাই। 

***

ষষ্ঠ চেমিষ্টাৰৰ পৰীক্ষা চলি আছে, কেমিকেলৰ সঞ্জয় মিত্ৰ হঠাৎ গুৰুতৰ ভাৱে অসুষ্ঠ হৈ পৰিল। বিদ্যুৎহঁতে প্ৰিন্সিপালৰ ওচৰলৈ গ'ল এম্বুলেন্স বিছাৰি- আৰু গালি খাই ঘুৰি আহিল। হোষ্টেলত আমাৰ বেটচৰ কেইটাৰ বাবে কোনো নাই। উপায়বিহীন হৈ আমি ৰিক্সা এখন মাতি আনিলো, আৰু মই ৰিক্সাখনত সঞ্জয়ক লৈ কলেজ ডিচপেচেৰীখনলৈকে ওলালো, বাকীবোৰ পিছে পিছে খোজকাঢ়ি আহি আছে। 


== অপবিজ্ঞান মহাবিদ্যালয়ৰ আচাৰ্য্য==


ৰিফ্ৰিজাৰেটৰ বা ফ্ৰিজত থোৱা খাদ্যবস্তুৰ গুণাগুণ কম হৈ যায়, ফ্ৰিজৰ ভিতৰৰ বায়ুত থকা জলীয় ভাঁপখিনি গোট মাৰি যোৱা বাবে, পাৰ্চিয়েল প্ৰেচাৰ কমি ভিতৰখন শুকান হৈ পৰে আৰু ফলত ভিতৰত থকা খাদ্য বস্তুৰ পানীভাগ শুকাই যায়,(খাদ্যত থকা পানীখিনি বৰ দৰকাৰী বস্তু, সকলো দিশৰ পৰা), বহুদিন ফ্ৰীজত থাকি গেলি পঁচি যোৱা খাদ্যও দেখাত ভাল হৈ থকা যেন লাগে, কৃত্ৰিম পৰিবেশত বহুত অনাহুত অণুজীৱই বাঁহ লয়, বেছি ঠাণ্ডা বস্তু খালে দাঁতৰ লগতে আৰু বহু অংগৰ ক্ষতি হব পাৰে, পানী লগা জ্বৰ, কাঁহ হব পাৰে...ইত্যাদি। 

এইবোৰ সকলো মানি লব পাৰি, কিন্তু এইটো যুক্তি নোৱাৰিছোগৈ.....

"ফ্ৰিজত "ক্ল'ৰ' ফ্ল'ৰ' #কাৰ্বন# (বা চি এফ চি বা ফ্ৰিঅন)" নামৰ এবিধ গেচ ব্যৱহাৰ হয়, আৰু ভিতৰত থকা খাদ্য বস্তুৰ লগত সি মিহলি হয়। যি #কাৰ্বনক# আমি নিশ্বাসত সদায় বাহিৰ কৰি থাকো (কাৰ্বন ডাই অক্সাইড) ভাৱি চাওকচোন, সেই #কাৰ্বন# খালে আমাৰ দেহৰ কিমান ক্ষতি হব পাৰে"

এয়া হেনো এগৰাকী বিখ্যাত আচাৰ্যই এটা টিভি চেনেলত কোৱা কথা। পিছে মই নিজে দেখা নাই। আলোচনাত এজন সহকৰ্মীয়ে কোৱা হে শুনিছো, আলোচনাৰ খাতিৰত কথাখিনি আচাৰ্যই এনেকৈয়ে কৈছে বুলি ধৰি লৈছো, কাৰণ ইয়াৰ উদ্দেশ্য কোনো আচাৰ্যক সমালোচনা কৰা নহয়। 

Monday, November 14, 2016

== সকলোতে অলপ বেছি বেছি ৰাজনীতি হৈছে==

 বন্ধু ভাষ্কৰজ্যোতি বৰুৱাৰ এটা আপডেটৰ আঁত ধৰি, 

এইকেইদিন মোৰ ফেচবুক মুলতঃ দুই ধৰণৰ মানুহৰহে কথা বাৰ্তা, আপডেট আদি চলি থকা যেন লাগিছে, আৰু দুই শ্ৰেণীয়েই বিপৰীত মেৰুত অৱস্থান কৰিছে। 

প্ৰথম বিধৰ মতে আগৰ ৬৫ বছৰৰ চৰকাৰ বোৰে যত যি কৰিলে সকলো বেয়া, এতিয়াৰ চৰকাৰ খনে কৰা সকলো কাম বিৰাট ভাল। আৰু ইয়াৰ একমাত্ৰ কাৰণ প্ৰধানমন্ত্ৰীজন। 

২য় বিধঃ- এতিয়াৰ চৰকাৰ খনে যি কৰি আছে এইসকলো কামে দেশখনক জহন্নামে নিব। তেওলোকে আজিলৈকে লোৱা সকলো পদক্ষেপেই ভুল আৰু এইবোৰেই সাধাৰণ জনতাক ভীষণ সমস্যাত পেলাইছে।