Showing posts with label কৌতুক. Show all posts
Showing posts with label কৌতুক. Show all posts

Friday, May 3, 2019

উৰা বাতৰি




১৫ ডিচেম্বৰ ২০৪২ চন!!! 

পতিয়ে  পত্নীক চাহ, তামোল, নিউজপেপাৰ, ধুতি আদি  খুজি অত্যাচাৰ কৰা সমস্যাটোৰ স্থায়ী সমাধানৰ অৰ্থে আজি সংসদত এখন বিধেয়ক গৃহীত হয়। এই আইন মতে বিয়া পতাৰ লগে লগে সকলো পুৰুষৰ জিভাখন লেজাৰ অস্ত্ৰোপচাৰৰ দ্বাৰা আঁতৰাই পেলোৱা হব। আজি সংসদত শূন্য কালত উপস্থাপন হোৱা বিধেয়ক খন সৰ্বসন্মতিক্ৰমে গৃহিত কৰা হয়। ০.৫ % পুৰুষৰ বাবে সংৰক্ষিত আসনৰ সাংসদ শ্ৰীবিনয়ভূষনে বিধেয়ক খনৰ বিৰোধিতা কৰি কিবা কব বিছাৰিছিল যদিও, বাকী ৫৬৬  গৰাকী মহিলা সাংসদৰ চিঞৰ বাখৰৰ মাজত তেখেতৰ মাত শুনা নগ’ল।

সন্ধিয়া সংবাদ মাধ্যমৰ আগত “লিপষ্টিক আৰু পেডিকিউৰ” বিভাগৰ কেবিনেট মন্ত্ৰী শ্ৰীমতী চেনেহী বেগমে কয় যে এই বিধেয়ক দ্বাৰা মহিলা সকলৰ এক বহুদিনীয়া সমস্যা সমাধান পোৱা গ’ল।

১২ জানুৱাৰী ২০৪৪ চন।

দেশত অতি ক্ষীপ্ৰতাৰে বৃদ্ধি পোৱা পুৰুষ  ভ্ৰু হত্যাৰ ঘটনাসমূহত ৰাজ্যিক গৃহমন্ত্ৰী সুষমা সিনহাই উদ্বেগ প্ৰকাশ কৰে। মানৱ সম্পদ বিভাগৰ পৰা প্ৰদান কৰা এক লিখিত বিবৃতিত কোৱা হয় হয় বিংশ শতিকাৰ শেষৰ ফালে হোৱা ব্ৰেইন ড্ৰেইনৰ দৰে, ভাৰতৰ পৰা পুৰুষ ড্ৰেইনৰ ঘটনা বৃদ্ধি পাইছে, ভাৰতৰ ওচৰ পাজৰৰ দেশবোৰে সৰল টাৰ্মচত বিয়া পতাৰ সুবিধা দি এইসকল পুৰুষক আকৰ্ষণ কৰিছে।

Friday, November 25, 2016

আশাকৰো তোমালোক (১৩)

মৰমৰ মইনাহঁত, 

বৰ জৰুৰী দৰকাৰতহে মই এই মাজৰাতি তোমালোকলৈ লিখিব লগীয়া হৈছে। তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে যোৱা কিছুদিন ধৰি ফেচবুকত নকলি "আশাকৰো..." য়ে বজাৰ চানি ধৰিছে। এইবিলাক কামত আমাৰ শত্ৰুভাৱাপন্ন 'পৰোছী' গ্ৰুপৰ হাত থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এই নকলি "আশাকৰো.." বিলাকে আমাৰ অৰ্থনীতিত মাধমাৰ সোধাইছে। 

এই ষড়য়ন্ত্ৰ প্ৰতিহত কৰাত তোমালোকেও সহায় কৰিব পাৰা- আজিৰ পৰা তোমালোকে "আশাকৰো..." দেখিলেই একো নোচোৱাকৈ লাইক কমেণ্টেৰে ভৰাই নিদিবা। লাইক কৰাৰ আগতে ISI চিহ্ন আৰু হৃত্ত্বিক ৰৌচনৰ থ্ৰী-ডাইমেনচনেল হলমাৰ্ক লগোৱা ষ্টিকাৰটো চাই লবা। 

আশাকৰো তোমালোক (১২)


মৰমৰ অকণ অকণিহঁত, 

তোমালোকে শুনি ভাল পাবা যে ফেচবুকীয়াসকলে কেৱল ইনবক্সত হাই কি কৃ্ছা মেচেজ দিয়েই নেথাকে, তেওলোকে একে সময়তে বিজ্ঞান, কলা , বাণিজ্য আদি সকলো দিশতে নজিৰ বিহীন সফলতা অৰ্জন কৰিছে। আমাৰ আটাইতকৈ বিখ্যাত ছাত্ৰজনৰ নাম হ'ল হীৰক, তোমালোকে নাম শুনিছাই ছাগে। তেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোটেই সৌৰজগতৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি গাজাৰীৰ নাম ৰৌশন কৰিছিল। সেয়ে আজিও নেপচুন গ্ৰহৰ এলিয়েন বিলাকে গাজাৰীৰ কথা ক'লে - ৰৌশন ডট কম বুলিহে কয়। 

== আশাকৰো তোমালোক (১১) ==


মৰমৰ অকণ অকণিহঁত

ভালে আছা নিশ্চয়। মহেঞ্জাদাৰো ফ্লপ হোৱাৰ পাছত মোৰ আৰু চিনেমা তিনেমা কৰিবলৈ মন নোযোৱা হৈছে। চোৱাচোন মই মানুহটোৱেই নাচনি, গতিকে পিৰিয়ড চিনেমা হ’লেও ককালটো এপাক ঘুৰাবলে মন যায় দিয়াচোন। তাতে ৰাইজে বেয়া পালে। 

গতিকে আজিকালি মই ধৰ্ম- কৰ্মত মন দিছো। গতিকে তোমালোক আজি আত্মাৰ কথা কও। মানুহে আদিৰ পৰাই চিন্তা কৰি আহিছে মৃত্যুৰ পাছত কি হয়? কিবা আছেনে মৃত্যুৰ সিপাৰে? সেই প্ৰশ্নটোৰ উত্তৰত হিন্দু দৰ্শনে আমাক তিনিটা বস্তুৰ সমস্তি বুলি কৈছে- দেহ, মন আৰু আত্মা। মৰিলে দেহটো নাইকীয়া হয়, কিন্তু মন আৰু আত্মা থাকে। মনটো ঝেং মাল.. ইয়াত আশা- পাপ- আদি লাগি থাকে, গতিকে আকৌ বেলেগ দেহত জনম লগা লগা হয়। এসময়ত জনমে জনমে পৰাচিত কৰি কৰি আত্মা মনৰ পৰা মুক্ত হয়, আৰু ভগৱানৰ লগত মিলি যায়। তাকে মোক্ষ লাভ কৰা বোলে। 

Thursday, November 24, 2016

কাম নাইকিয়া কাম

কথাটো বিশেষ ডাঙৰ নহয়, পত্নীয়ে কৈছে- আজি অণ্ডা কাৰী (আলু কণী দম) হে বনাইছো দেই, বৰ এলাহ লাগিছে। 

অসমীয়া পতিঃ- হে ভগৱান, আকৌ কণীৰ তৰকাৰী!!! কালি বনোৱা নাছিলা জানো? 

পাঞ্জাৱী পতিঃ- কি হয়া? এত্থে ৰোজ অণ্ডেঅ' ? ফিৰ.... কঈ নেঈ চোনীঅ' .. আচ্ছাদি ৱাস্তে ১৫ অণ্ডে ডালিয়োঁ...

Tuesday, August 23, 2016

আশাকৰো তোমালোক ১০


মৰমৰ অকণ অকনিহঁত

বহুদিন তোমালোকৰ ওচৰলৈ অহা নাই। চিনেমাও নাইকিয়া হ’ল, তাতে চুজানে কিখন কৰিলে তোমালোকে জানাই। মনৰ দুখত জিম কৰি কৰি নাচি আছিলো, গতিকে আহিব পৰা নাছিলো। 

তোমালোকক বহুদিন আগতে ননমংগলম ভণ্ডস্বামী চিৰকুমাৰণ নামৰ তামিল পণ্ডিত জনৰ কথা কৈছিলো নহয়, অসমলৈ আহিয়েই যে ডাকৰ বচনবোৰ নতুনকৈ লিখিছিল। তেও আচলতে চিৰকুমাৰ ইচ্ছা কৰি হোৱা নাছিল। এক ঐশ্বৰিক শক্তিৰ প্ৰভাৱতহে তেও বিয়া পাতিব পৰা নাছিল, সেই কাহিনীটোকে আজি তোমালোকক কম।

মাছ - মাংস

কালি ভাল মাৰ খোৱাৰ পৰা বাছিলো। জাগিৰোডত চাহ একাপ খাও বুলিছিলোহে, তিনিটামান তেজাল ডেকাই আহি মোৰ চাৰ্টৰ কলাৰত ধৰি সুধিলেহে

- ধ্ৰুব কাশ্যপক চিনি পাৱ নেকি তই। তই তাৰ লগৰ নেকি? ফেচবুকত তাৰ লগত কিবা গ্ৰুপত একেলগে আছনেকি? 

মইতো আৰু এনেই চুলি দাড়ি পকোৱা নাই, তাতে ধ্ৰুকাৰ কথা জানোও- গতিকে ক’লো

ডাৱৰীয়া ডায়েৰী


ডিয়েৰ ডায়েৰী ( এইটো কমন লৈছো দেই, সকলোতে লগাই লব) 

সোমবাৰঃ- আজি দিনটো বৰ বেয়া গ’ল মোৰ, ৰিলায়েন্স ট্ৰেণ্ডজত বজাৰ কৰিব গৈছিলো, ওপৰ মহলালে যোৱা ‘এচকালেটৰ’ খনত দুই ঘণ্টা ৰৈ থাকিব লগা হ’ল। আধা গৈ পাওতেই লাইট গুচি গ’ল আকৌ, কি যে মস্কিল, লাইট নহালৈকে ৰই থাকিলো। 

মংগলবাৰঃ- আজি আকৌ গধুলিতে লাইট গ’ল। কৌৰ বাই ফোন কৰি সুধিছে – বৰ আন্ধাৰ নেকি? মই কেনেকে জানিম আকৌ, মই একো দেখাই পোৱা নাই। 

আশাকৰো তোমালোক ৯



মৰমৰ অকণ অকণিহঁত



তোমালোকে মন কৰিছা নিশ্চয়, আজি কিছুদিনৰ আগৰে পৰা ফেচবুকৰ কেইজনমান সদস্যই  ফেচবুকত #Readers_Challenge নামৰে এটা অপসংস্কৃতি আৰম্ভ কৰিছে। তোমালোকে এইবোৰৰ দ্বাৰা প্ৰভাৱান্বিত নোহোৱাই মংগল। কেতিয়াবা ভুলতে চকু পৰিলেও, আৰু সেই কিতাপবোৰৰ নাম বাপ-জনমত নুশুনিলেও তোমালোকে হতাশ নহবা।  কাৰণ সেইবোৰ কেৱল তোমালোকৰ দৰে নতুন প্ৰজন্মক হীণমান্যতাত ভোগোৱাৰ নিকৃষ্ট কৌশলহে মাত্ৰএই ফেচবুকতে এনে মহৎ পণ্ডিত আছে, তেওলোকৰ অধ্যয়নৰ তুলনাত #Readers_Challenge লিখাসকল  ধুলিকণাৰ জোৰৰো  নহয়।

Wednesday, January 6, 2016

ফটহু স্পেচিয়েল -২

তেতিয়া ফটহু  ইণ্ডিয়ান আৰ্মিৰ কেপ্টেইন, পাকিস্তানৰ লগত তমোময় যু্দ্ধ চলি আছে। ছেংমাৰ ৰেকৰ্ড ভাল, আজিলেকে কোনো বেটল হৰা নাই। পিছে লগত থকা চচা, আংক, পাংক, ৰুণ্টু, তালিক আদি সৈন্যবোৰহে অলপ কাণীয়া টাইপৰ। কেতিয়াও যুদ্ধ দেখি পোৱা নাই, নিজ হাতেৰে পানী এগিলাছো লৈ খাই পোৱা নাই, যুদ্ধক্ষেত্ৰত এনিটাইম মাকলৈ, প্ৰেয়সীলৈ মনত পেলাই কন্দা কটা কৰি থাকে। পিছে ছেংমাৰ আপত্তি নাই, তেও হেনো ইহঁতক লৈয়েই যুদ্ধ জিকি দেখুৱাব।

নামঘৰীয়া

তপুখুৰাৰ বহাত সেইদিনা আবেলি চহৰৰ পৰা অচিনাকী ল'ৰা এজন আহি ওলালহি, ডেকা ল'ৰা, দেখিবলৈ অলপ চচাৰ লগত মিল আছে। আহিয়েই তপুৰ ভৰিত পৰি ক'লে

- "খুৰা আজি মোক আপুনি সহায় কৰিব লাগিব। বৰ আশা কৰি আহিছো।"

- "কি সহায় লাগে হে তোমাক?"

পতি-পত্নী

পিকলু বৌ ( ফ'ৰ দা ৰুকিজ, চি ইজ মিছেচ ভূ-দা) য়ে ব্ৰেকফাষ্ট বনাই(ৰান্ধি??) আছিল, ব্ৰেকফাষ্ট মানে পাওৰুটি গৰম কৰি অলপ বাটাৰ সানিব, আকৌ গৰম কৰি বাটাৰখিনি গলাব, আৰু লগত কণীৰ অমলেট। 

হঠাতে ভূদা দৌৰাদৌৰিকৈ পাকঘৰত সোমালহি। আহিয়েই চিঞৰ বাখৰ আৰম্ভ...
-" হেই ....হেই,...... কি কৰিছা? কৰিছা কি তুমি? তুমি একদম কেয়াৰফুল নহয়, গেছটো ইমান বেছিকে কেলে দিছা, চব ব্ৰেড জ্বলি যাব এতিয়া,..... হে ভগৱান!

== মহৎ লোকৰ বৃহৎ বাণী ==


১। তিনি গৰাকী শাহুৰ লগত সংসাৰ কৰাতকৈ বনবাসেই শ্ৰেয় – সীতামাতা

২। মোৰ প্লাষ্টিকৰ ফুল গছ কেইডাল মৰি থাকিল, কাৰণ মই তাত পানী দিয়াৰ ভাও দিবলে পাহৰি গলোঁ – জুতিবাই পেটাল 

৩। মৰাৰ পাছত স্বৰ্গলে গ’লে অকলে অকলে বৰ হৈ যাব লাগিব, কাৰণ মোৰ দোস্তি বিলাকে চব মিলি নৰকত পাৰ্টি কৰি থাকিব – কলিতাংচু পৰ্বতীয়া 

৪। মহিলাৰ মন পুৰুষতকে বহুত চাফা, কাৰণ তেওলোকে সঘনে মন সলাই থাকে- ছেংমাৰ্ক্স

৫। তুমি কিবা নেজানা?? গুগল কৰা; তুমি কাৰোবাক চিনি নেপোৱা?? ফেচবুক কৰা; তোমাৰ ভোক লাগিছে?? হেৰা শুনিছানে...– জয়দীপুম্বা ৰুবাম্বা ! 

৬। মই তোমাক মোৰ পিঠি খনৰ সমান ভাল পাও, আচলতে কলিজাখন বুলি কব লাগিছিল, কিন্তু ভাবিলো, মোৰ পিঠিখন তো কলিজাখনতকৈ বহুত ডাঙৰ- চচাজেনেগাৰ!!

৭। মই ৫ মিনিটতে আহি পাম, যদি নেপাও.....এই মেচেজটো আকৌ পঢ়িবা- ৰিণ্টুদেৱ পৰমহংস 

৮। চুমা এটা ধাৰলে দিবানি? কাইলে ঘুৰাই দিম...প্ৰমিজ – চেৰ্পা চিখৰ চৰ্গে 

৯। নিজৰ চেহেৰাটো আইনাত দেখি মন বেয়া নকৰিবা, ভাবি লবা তুমি এটা হেণ্ডচাম বান্দৰ – B- fire !! 

১০। আঠটা গ্ৰহ, ২০৪ খন দেশ, ৮০৯ টা দ্বীপ, ৭ খন মহাসাগৰ, ৬০০ কোটি মানুহ, আৰু মই আজিও বৰলা – ননভাই ৰামুভাই পৰদেশাই !!

নন-ভেজ জুক

হা হা হা! আই হেভ হেকড অভিজিত কলিতা’জ  একাউণ্ট, এণ্ড পষ্টিং ইন হিজ নে’ম। ৱণ্ট ষ্ট’প টিল হিজ ৰেপ’ ইজ ৰুইনড লাইক হে’ল। পে’ টাইম.......চিউড’ গড অভিজিত কলিতা .... গ’ টু হে’ল ......
>
নন-ভেজ জুক নং ১:- ( মানে ননৰ ভেজা ফ্ৰাই জুক)
>
>

পুলিচঃ- তুমি যিখন ষ্কুটিত খুন্দিয়ালা, সেইখনৰ ৰং কি আছিল? 

17.95+ জ’ক ( পোৱালীকেইটা ফুট..)


 জুইভাইৰ ডেকাকালৰ কথা, বজাৰ কৰিবলে বঙাইগাও চিটিলৈ আহিছিলে পিছে সেইদিনা বজাৰ বাছ   ঘুৰি গৈ পাওতে ৰাতি হ’ল। সকলো মানুহ নামিল, শেষত কেৱল এঞ্জেল প্ৰিয়ংকা প্ৰিয়দৰ্শিনী আৰু জুই ভাই বাকী ৰ’ল, দুয়ু একেখন গাঁৱৰে। তাতে আকৌ বাছৰ পৰা নামি হাবিতলীয়া বাটেৰে দুমাইল মান গ’লেহে তেওলোকৰ গাঁও পাইগৈ। আকাশত জোনৰ পোহৰ, তলত ঘিটমিটিয়া এন্ধাৰ, জুইভাই আগে আগে, ....এঞ্জেল পিছে পিছে। জুইভাইৰ ইফালে বজাৰ হেভী,........ ছাগলী এটা, মূৰ্গী এটা, মৰাপাটৰ পঘা এডাল, লাখুটি এডাল আৰু এলুমিনিয়ামৰ বাল্টি এটা, যেনেতেন গোটেইকেইটা মাল দুখন হাতেৰে মেনেজ কৰি গৈ আছে, সংসাৰ চলাবলে এইবোৰ বস্তু লাগেই দিয়কচোন।

কইনাৰ সৌন্দৰ্য্য আদি দুটামান কৌতুক

১। তলৰ জুকটো মই লিখা নাই, ছেংমাই লিখি মোৰ নামত পোষ্ট কৰিবলে দিছে। আচলতে তাৰ হাতত মই যৌৱন কালত প্ৰিয়ংকা গান্ধীলে লিখা দুখনমান প্ৰেমপত্ৰ আছে, সেইকেইখনকে মোৰ ঘৈণীক দেখুৱাই দিম বুলি ব্লেকমেইলিং কৰি আছে, ফোনতে অমৰিছ পুৰী টাইপ হু হু হা হা কে হাঁহিছেও। মই নিঃসহায়। মই আচলতে এনেকুৱা জ’ক লিখাটো দূৰৰে কথা, নপঢ়োও, আৰু কেনেবাকে ভুলতে পঢ়িলেও, বিলকুল নেহাঁহো। 

জুকটো এনেধৰণৰ ( ৰাইজক নেহাঁহিবলৈ টানি অনুৰোধ জনাইছো দেই!!!)

আশাকৰো তোমালোক -৮



মৰমৰ মইনাহঁত


ফেচবুকৰ ইতিসাহত বহু বীৰ বীৰাংগনাৰ ত্যাগ আৰু সাহসৰ সোণালী কাহিনী ৰূপালী আখৰেৰে লিখা আছে। আজি যি গৰাকী বীৰাংগনাৰ কথা মই  কবলে ওলাইছো তেওৰ নাম পল্লুগাভৰু। (গাভৰু শব্দটোৱে ইয়াত নাম হে বুজাইছে, বয়স বুজোৱা  নাই)





ত্ৰয়োদশ শতিকাৰ কথা, দেশৰ আকাশলৈ নামি আহিল দুৰ্ঘোৰ অমানিশা। 'কুব'লাইখান নামৰ এজন পৰদেশলোভী মহাপৰাক্ৰমী  ৰজাই অসম দেশ আক্ৰমণ কৰিলে। আৰু অসমীয়াসকলো তেওলোকৰ মহান সেনাপতি তালিকধৰ সৰুফুকনৰ নেতৃত্বত শক্তিশালী শত্ৰুৰ  বিৰূদ্ধে যুদ্ধ দিবলৈ সাজু হ'ল। সেই সময়ত এটা নিয়ম আছিল যে, পতি যুদ্ধলৈ গ'লে পত্নীয়ে ৰাতিটোৰ ভিতৰতে সূতা কাটি তাঁত বৈ কৱছ কাপোৰ তৈয়াৰ কৰি পতিক পিন্ধাই যুদ্ধলৈ পথিয়াব লাগে, নহ'লে অমংগল হয়। পিছে তালিকৰ পত্নী পল্লুগাভৰুয়ে সূতা/কৱছ এই বিলাক বস্তু চিনি নোপোৱা, আচলতে তাঁত বোলা বস্তুটো খায়েই নে পিন্ধে, তাক নজনা বাবে, বজাৰৰ পৰা ৪০ টকা দি কিনি অনা বাংলাদেশী সেউজীয়া হালধীয়া লুঙী এখন পিন্ধায়েই তালিকক যুদ্ধলে পথায়। কিন্তু এই বিশ্বাস সঁচা বুলি প্ৰমানিত হয়। কুবলাই খানৰ তৰোৱালৰ আঘাতত তালিকৰ লুঙী খুলি যায় আৰু তেও লাজে অপমানে মৰ্মাহত হৈ হিমালয়ৰ এটা গুহাত আত্মগোপন কৰি হোৱাটচএপ কৰাত মগ্ন হৈ পৰে।

ঘৰুৱা দিহা


আপোনাৰ ঘৰত সাপ ওলাইছেনে কেতিয়াবা? ঘৰৰ ভিতৰত সাপ ওলোৱাটো সঁচাকৈয়ে বিপদজনক কথা, মাৰিবলৈয়ো বেয়া লাগে, ভয়ো লাগে(জয় মনসা মাতা)..মুঠতে হুলস্থুলীয়া কাৰবাৰ এটা, কি কৰিব, কাক মাতিব, কেনেকে খেদিব নানান টা প্ৰশ্ন। এনেধৰণৰ আৰু বহুত সমস্যা আছে জীৱনত। গতিকে অমুকাই  আপোনালোকৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি, এনেবোৰ ঘৰুৱা সমস্যা সমাধানৰ অৰ্থে, অভিজ্ঞ সদস্য সকলৰ মতামতৰ ভিত্তিত এখন পুথি প্ৰস্তুত কৰিছে, যাৰ নাম- ঘৰুৱা দিহা(ৱিথ এ টুইষ্ট)। 



কিতাপখনত দিয়া চিয়'ৰ শ্বট উপায় বিলাকৰ নমুনা হিচাপে এই সাপ ওলোৱা চেপ্টাৰটো তলত দিয়া হ'ল। অভিজ্ঞ জ্ঞানী লোক সকলে এই সমস্যাটোৰ পৰা হাত সাৰিবলৈ কিছুমান উপায় দেখুৱাইছে, আপোনালোকে তাৰে যিকোনো এটা বা তাতোধিক বিনামূল্যে ব্যৱহাৰ কৰিব পাৰিব। 

আশাকৰো তোমালোক -৬

মৰমৰ অকণ-অকণিহঁত



আজিৰ পৰা প্ৰায় তিনিহেজাৰ বছৰৰ আগতে যেতিয়া মানৱ জাতিৰ আন আন সদস্যসকলে প্ৰায় জন্তুৰ দৰে জীৱন নিৰ্বাহ কৰিছিল, তেতিয়াই  সভ্যতাই চূড়ান্ত শিখৰত অৱস্থান কৰিছিল।  শ্ৰীশ্ৰী ছেংমায়ন দেৱে এখন গ্ৰন্থ প্ৰণয়ন কৰিছিল, যিখনৰ নাম আছিল “টইলেট সূত্ৰ”। এই গ্ৰন্থখনত পাইখানা কৰাৰ ভিন ভিন নিয়ম আৰু তাৰ উপকাৰ বা অপকাৰ সম্পৰ্কে বিশদ বিৱৰণ দিয়া হৈছে। ইয়াৰ উপৰিও পাইখানা কৰাৰ নানান আসন বা প’জ আৰু তাৰ সুবিধাসমূহ বৰ্ণনা কৰা হৈছে। বিশ্বৰ কোন কোন প্ৰান্তৰ কোন কোন লোকে কেনেদৰে পাইখানা কৰে, পাইখান কৰাৰ আচল সুখ কেনেকে অনুভৱ কৰিব পাৰি, তাৰ ইতিহাস আৰু প্ৰক্ৰিয়া গ্ৰন্থখনত চিত্ৰসহকাৰে দিয়া হৈছিল। এই গ্ৰন্থখনৰ প্ৰভাৱ আজিও আমাৰ সমাজত বিৰাজমান! তাৰ প্ৰমাণস্বৰূপে তোমালোকে হনী সিঙৰ ‘me and friends latring in field’ নামৰ ৭১ জন লোকক টেগোৱা ফটোখনলৈ মন কৰিব পাৰা। 

পাইখানা কৰা মানুহ এক সহজাত প্ৰবৃত্তি, হলেও পাইখানা কৰাৰ ইমান বিষদ বিৱৰণ থকা গ্ৰন্থ বিশ্বত বিৰল। বিখ্যাত জাৰ্মান সংস্কৃত পণ্ডিত লানী চিয়নে এই গ্ৰন্থখনৰ সম্পৰ্কে এইবুলি মন্তব্য কৰিছে - Though taking shit is a natural process, it’s still a taboo to talk about it in public, but the great Pundit Chengmayan has studied it is so detail, that too 3000 years back, and turned the mere act of taking shit to a graceful form of Art. 

ভাবি চোৱাচোন মইনাহঁত, যিসময়ত আন মানুহে পশুৰ দৰে জীৱন কটাইছিল, নিজৰ পাইখানাকে খাদ্য বুলি গ্ৰহণ কৰিছিল, সেই সময়তে এই দেশত পাইখানা কৰাৰ ওপৰত গ্ৰন্থ প্ৰণয়ন কৰা হৈছিল। গতিকে মইনাহঁত, তোমালোকে আমাৰ ঐতিহ্যৰ সম্পৰ্কে সচেতন হোৱা প্ৰয়োজন, আজিলৈ এৰিলো।

মৰমৰে
তোমালোকৰ

আশাকৰো তোমালোক -৭

মৰমৰ মইনাহঁত,



 আজি মই তোমালোকক যিজন ব্যক্তিৰ বিষয়ে কবলৈ ওলাইছো,তেওৰ কথা শুনাৰ পাছত তোমালোকৰ মন গৌৰৱত ফুলি উঠিব। 

বাল্মিকীয়ে ৰামায়ন লিখাৰ বহুদিনৰ আগৰ কথা, আচলতে তেতিয়া বাল্মিকীয়ে অ আ ক খ শিকিয়েই আছিল। সেই সময়তে বাল্মিকীৰ জ্যেষ্ঠ ভাতৃ লাল-মিকীয়ে ('লাল' টো কেপিটেল লেটাৰত) পৃথিৱীৰ প্ৰথমখন 'ভিতৰপকীয়া' মহাকাব্য "কামায়ন" লিখি উলিয়াইছিল। মহান পণ্ডিত লাল্মিকীয়ে এই খন গ্ৰন্থ বিক্ৰী কৰি অপাৰ ধন সম্পত্তি আৰ্জন কৰিছিল, কিন্তু পিছত তেও নিজৰ ভুল উপলব্ধি কৰে আৰু তাৰ প্ৰায়শ্চিত্ত কৰিবলৈ কঠোৰ সাধনাত মগ্ন হয়। জনশ্ৰুতি মতে তেওৰ সাধনা ইমানেই কঠোৰ আছিল যে, তেওৰ গাত চাল-ওকনি, চিকৰা আদিয়ে বাঁহ বান্ধিছিল। হাজাৰ বছৰ জোৰা সাধনাৰ পাছত তেও দিব্যজ্ঞান লাভ কৰে আৰু তেতিয়াৰ পৰাই তেও আগৰ বেয়া স্বভাৱ বিলাক এৰি এজন বিশ্বত্ৰাস ডকাইত হিচাপে জীৱন নিৰ্বাহ কৰিবলৈ লয়। তাৰ পছৰ পৰা তেও ৰাইজৰ মাজত ' হতচিৰি হতচিৰি দানৱাদিদানৱ দৈত্যবন্ধু ডাকু ৰিণ্টুকৰ সিং টোমাৰ বামানয়শাস্ত্ৰী' নামে পৰিচিত হয়। পিছত এল পি স্কুলৰ হে'ডচাৰে নামটো দীঘল হোৱাযেন দেখি তাক ছুটি কৰি শ্ৰী ৰিণ্টুমণি দত্ত কৰি দিয়ে। 

মইনাহঁত, আজিলৈ এৰো


মৰমেৰে
তোমালোকৰ