আমাৰ গাঁৱৰ ঘৰৰ আগেদি এটা কেঁচা আলি আছিল,
একা বেঁকাকৈ যোৱা আলিটোৱে কেইবাখনো গাঁও চুই গৈছিল। মূল বাটৰ পৰা সোমাই
বহুদূৰলৈকে মানুহৰ ঘৰ নাছিল, দুইফালে কেৱল ধাননি পথাৰ। বাৰিষা দুইকাষৰ
পথাৰবোৰ পানীৰে চপচপীয়া হৈ পৰিলে আলিটো ৰূপত বন্ধা সেউজীয়া মণি এধাৰ এটা
যেন লাগিছিল। তথাপিও দূৰৰ গাঁৱৰ পৰা স্কুলত কলেজত পঢ়িবলৈ অহা ছোৱালীবোৰে
কিন্তু পথাৰৰ মাজৰ ‘শ্বৰ্টকাট’ বাটটো এৰা নাছিল। চেণ্ডেলযোৰ হাতত লৈ মেখেলা
কোঁচাই সিপাৰৰ গাঁওখনৰ পৰা পথাৰৰ বোকা পানী ফালি আহিছিল। আলিটো পোৱাৰ পাছত
পথাৰৰ পানীৰে ভৰি ধুই চেণ্ডেলজোৰ পিন্ধি লৈছিল। খেতিয়কৰ ঘৰৰ ছোৱালী আছিল
সেইবোৰ, বোকা পানীলৈ ভয় নকৰিছিল। আমাৰ বাবে বৰ আকৰ্ষণীয় দৃশ্য আছিল সেইটো,
মেখেলা কোঁচাই স্বচ্ছ পানীৰ মাজেৰে দপদপাই অহা ছোৱালীবোৰ। নিষিদ্ধ জগতখনৰ
সৈতে প্ৰথম পৰিচয়।
কাচপিঠীয়া আলিটো ঘাঁহেৰে ভৰা আছিল, মাজতে
এটা সৰু বগা লোৰ। ঘাঁহ মৰি নাইকীয়া হৈছিল লোৰটোত, সেয়া চাইকেল চলোৱা বাট।
লোৰটো কেতিয়াবা ইমানেই দ’ হৈ পৰিছিল যে চাইকেলৰ চকা তাৰ পাৰত লাগিলে আৰোহী
লুটিখাই পৰাৰ সম্ভাৱনা আছিল। লোৰটোৰ মাজেৰে চাইকেলখন পোনাই লৈ যোৱা
নশিকাৰুবোৰৰ বাবে সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল।
আলিটো ৰাইেজেই সাজিছিল। দুই এবছৰৰ ভিতৰতে
আলিটো ঠায়ে ঠায়ে ভাঙিছিল, মাজৰ লোৰটো বেছি দ’ হৈ গৈছিল। কাষৰীয়া কোনোবা
অসঞ্জাতী খেতিয়কে আলিটোৰ পাৰ কাটি নিজৰ খেতি মাটিৰ সীমা বঢ়াইছিল। খৰালি
গাঁৱৰ ল’ৰাবোৰ একেলগে ওলাইছিল এদিন, ভোজভাত খাই, অশ্লীল মাতেৰে আকাশ বতাহ
কঁপাই, কোৰ কটাৰী লৈ আলিটো একেদিনাই মেৰামতি কৰি পেলাইছিল। গাঁৱৰ
বোৱাৰীবোৰে পূৱা ঘৰৰ আগচোতাল সাৰোতে ঘৰৰ সমুখৰ আলিখিনিও সাৰি পেলোৱা নিজৰ
দ্বায়িত্ব বুলিয়েই ভাৱিছিল। কোনো কোনোৱে আকৌ নিজৰ ঘৰৰ সমূখত আলিটোৰ ঘাঁহবোৰ
চাঁচি চুৰুকি নদীৰ বলুকাৰ দৰে বগা কৰি পেলাইছিল। সৰু ল’ৰা ছোৱালীবোৰে
নিসংকোচে আলিটোৰ ওপৰত খেলিছিল। ধানৰ দিনৰ আলিটোতে গৰু এৰাল দিছিল। এপাৰে
এৰাল দিয়া গৰুজনীয়ে সিপাৰে ঘাঁহ খাই থাকিলে টান খাই থকা পঘাডালে চাইকেল
আৰোহীসকলক বৰ অসুবিধা দিছিল।
আলিটো পাৰহৈ টিকা গধুৰ পাতিহাঁহ কেইজনী
লপৰ থপৰকৈ সিপাৰৰ পুখুৰীটোলৈ গৈছিল, সেই সময়চোৱাত আলিটো যেন সিহঁতৰ
ব্যক্তিগত সম্পত্তিহে। সিহঁত নিজৰ গতিৰেই যাব, নিজৰ মাজতে পেকপেকাই মছগুল
হৈ যাব, লাগিলে সিফালে দৈবাসন তল নেযাওক কিয়? আলিটোৰে গধূলি নামঘৰলৈ বুলি
জুম পাতি যোৱা আইতাহঁতৰ কাৰবাৰবোৰৰ সৈতে সেই পাতিহাঁহ কেইজনীৰ কিবা অদ্ভূত
মিল আছিল।
গাঁৱৰ ডেকাবোৰে আলিটোৰ কাষত থকা পুৰণি এজাৰ এজোপাৰ তলত লগ হৈ কিবা কথা পাতিছিল, কেৰম খেলিছিল। সৰুবোৰৰ সেই ঠাইকণলৈ যোৱা নিষিদ্ধ আছিল। কোনোবা সন্মানীয় মানুহ আহিলে ডেকাকেইটা সন্ত্ৰস্ত্ৰ হৈ পৰিছিল, হাতত মুঠিতে কিবা লুকুৱাইছিল।
তথাপি আলিটো লৈ মানুহৰ আপত্তিৰ শেষ নাছিল। বাৰিষা বোকাৰে পেটপেটীয়া হৈ পৰিছিল আলিটো, খোজ কাঢ়ি যাবলৈয়ো উপায় নোহোৱা হৈছিল কেতিয়াবা। তাতে আকৌ কোনোবাই অত্যুৎসাহী হৈ বোকা মাটি জাপি দিছিল, আলিটো আৰু বেছি বেয়া হৈছিল।
যিয়েই নহওক, মনত পৰাৰে পৰা আামাৰ আলিটো
আমাৰ গাঁওখনৰ জীৱন ৰেখা আছিল। আলিটো জীৱন্ত আছিল। আলিটোৱে আমাক হহুৱাইছিল,
কন্দুৱাইছিল, জীৱনৰ এক অভিন্ন অংগ আছিল।
আলিটো লৈ আমাৰ আপত্তি কেইবাটাও আছিল। বাৰিষা বোকা হোৱাৰ লগতে সেই আলিটোৰে গাড়ী চলিব নোৱাৰিছিল। পাঁচ বছৰ বয়সত মোৰ কিবা বৰ টান অসুখ হৈছিল, ওচৰৰ হস্পিটেলৰ ডাক্তৰে আশা নাই বুলিয়েই কৈছিল। মোক গাড়ীৰে যোৰহাট চিভিল হস্পিটেললৈ নিয়াৰ সিদ্ধান্ত হৈছিল। গাড়ীখন কিন্তু মূল বাটতে ৰৈ আছিল, দেউতাই মোক আলিটোৰে কোলাত লৈ গৈছিল। সেয়া বোধহয় আগষ্ট মাহ আছিল। ভাইটিৰ জন্ম হবলৈ মাত্ৰ কেইদিনমান আছিল, সেই অৱস্থাৰেই মা লাহে লাহে পিছে পিছে আহি আছিল। অৰ্ধমৃত অৱস্থাত দেউতাৰ কান্ধত মুৰ পেলাই তেওৰ পিঠিৰ ওপৰেৰে মই দুইকাষৰ পথাৰবোৰ আৰু নিৰস আলিটোলৈ চাইছিলোঁ। আচৰিত ধৰণে সেই দৃশ্যটো মোৰ মনত স্থায়ী হৈ থাকি গ’ল, আজিও চকু মুদিলে সেই অনুভৱটো আকৌ এবাৰ চুব পাৰোঁ। আলিটোৰ বাদে সেই দিনটোৰ আৰু একো কথা মোৰ মনত নাই।
গাঁৱৰ সকলোৱে বিছাৰিছিল আলিটো পকা হওক। কামটো সহজ নাছিল। ওচৰ পাজৰৰ গাঁৱৰ আলিবোৰ ইতিমধ্যে শিলগুটি দিয়া হৈছিল, মানুহে কৈছিল PWD য়ে ল’লে। বহু আবেদনৰ মুৰতো আমাৰ আলিটো কিবা কাৰণত PWD য়ে নলৈছিল। কোনোবাই কৈছিল আমাৰ গাঁৱত হেনো ডাঙৰ ৰাজনীতিক নাই বাবেহে আলিটো পকা হোৱা নাই। মানুহবোৰ হতাশ হৈছিল, আলিটো আৰু কেতিয়াও পকা নহ’বই বুলি হুমুনিয়াহ কাঢ়িছিল।
বহুবছৰ এনেকৈয়ে পাৰ হৈ গৈছিল। মই নিজাকৈ
গাড়ী কিনাৰ পাছত কেতিয়াবা ঘৰলৈ যাবলৈ বিছাৰিলে মায়ে কৈছিল- নাহিবি, গাড়ীখন
আলিটোৰে নোসোমাই। কেতিয়াবা ছুটীৰ সময়খিনি আন ক’ৰবাত কটাবলগীয়া হৈছিল। ঘুৰাৰ
সময়ত মূল বাটত গাড়ী ৰাখি আমি কেইটা খোজকাঢ়ি গৈ মা দেউতাক চাই আহিছিলোগৈ।
এদিন এটা সুখবৰ আহিল, আলিটো পকা হ’ব। প্ৰধান মন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনত পৰিল আমাৰ আলিটো। চৰকাৰী মানুহ আহিল- তেওঁলোকে ক’লে আলিটোৰ মাজভাগৰ পৰা দুইফালে ন ফুটকৈ মাটি লাগিব, মূঠ ওঠৰ ফুট। আৰু তাৰ বাবে যাৰ যি মাটি যায় যাব, কোনো ক্ষতিপূৰণ দিয়া নহব।
নাই নেলাগে! কিহৰ ক্ষতিপুৰণ আকৌ? গাঁৱৰ
ৰাইজ উঠি আহিল, বহুবছৰীয়া সপোন এটা ফলিয়াবলৈ লৈছে। কোনোবাই নিজৰ জেওৰা
চকোৱা ভাঙিলে, কোনোবাই পোৱাতী তামোল গছ কাটিলে, কোনোবাই পকা জপনাখনকে
ভেঁটিৰে সৈতে খান্দি উঠালে। এটা উৎসৱ হ’ল গাঁওখনত। ঘৰঘৰাই ৰ’ড ৰ’লাৰ সোমাল,
শিলগুটি, বালিৰে ছৌদিশ ধূলিময় হ’ল, আলকতৰাৰ গোন্ধে মলমলাই গ’ল। আলকতৰা
গলাবলৈ ৰাইজে নিজে খৰি কাটি দিলে।
এসময়ত আলিটো পকা হ’ল। কিচকিচীয়া ক’লা
আলকতৰা পিন্ধি আলিটো আধুনিকা হ’ল। গাঁৱৰ আপত্তিবোৰ নাইকীয়া হ’ল। আলিটো আৰু
বোকা নহয়, ৰোগগ্ৰস্ত শিশুক আৰু দেউতাকে কান্ধত পেলাই মূল বাটলৈ কঢ়িয়াই আনিব
নেলাগে। আমিও ছুটীৰ সময় ছোৱা আন ঠাইত কটাব নেলাগে।
পকা আলি হোৱাৰ লগে লগে আমাৰ গাঁওখনৰ
চেহেৰাই সলনি হৈ গ’ল। আগতে গাঁওখনলৈ আহিবলৈ হেহোঁ নেহো কৰা বহুলোকে খেতি
পথাৰবোৰ কিনি তাত অট্টালিকা সজালে, অচিনাকী মানুহেৰে গাঁওখন ভৰি পৰিল।
বাৰিষাৰ চপচপীয়া পথাৰবোৰ নাইকীয়া হ’ল, গাভৰুবোৰো টাটা মেজিকেৰে স্কুললৈ
আহিব পৰা হ’ল। কিশোৰবোৰে মোবাইল ফোনত নিষিদ্ধ আনন্দৰ সন্ধান কৰা হ’ল আৰু
এটা কথা হ’ল; আমাৰ পকা আলিটোৰে গাড়ী আহিব পৰা হ’ল। দিনেৰাতিয়ে বাগিছাবোৰৰ
পৰা চাহপাতৰ ট্ৰাক চলিল। অপৈণত কিশোৰে ফ’ৰলেনত ঘৰ- মাটি যোৱা পইচাৰে কিনা
মটৰচাইকেলবোৰ বতাহৰ গতিৰে অহা যোৱা কৰিবলৈ ধৰিলে। সঘনাই কাৰোবাক গাড়ী-
বাইকে খুন্দিয়ালে, কোনোবা অকাৰণতে চিতভোলোঙা খাই পৰিল। লাইচেন্স লোৱাৰ
বয়সেই নোহোৱা ড্ৰাইভাৰৰ হাত ভৰি হেৰাল।
এক নতুন অসুখ আৰম্ভ হ’ল। আলিটোলৈ ভয় লগা হ’ল।
এক নতুন অসুখ আৰম্ভ হ’ল। আলিটোলৈ ভয় লগা হ’ল।
ল’ৰা ছোৱালীবোৰ আজিকালি আলিলৈ নাহে,
মাক-দেউতাকে আহিবলৈ নিদিয়ে। আমি ঘৰত থকা সময়চোৱাত আমাৰ এটাই চিন্তা,
কেনেবাকৈ সৰুবোৰৰ কোনোবা এটা আলিলৈ গ’ল নেকি? আমি বাৰীৰ জেওৰাবোৰ পকা কৰি
দিলোঁ, গধুৰ লোৰ জপনাৰে ঘৰবোৰ আলিৰ পৰা নিলগাই পেলালোঁ।
আজিও গাঁৱত আগৰ সমানেই মানুহ মৰে। বেমাৰত
চিকিৎসা নেপোৱাৰ বাবে নহয়, বোকাত পিছলি পৰি কঁকাল ভাগিও নহয়। আজিকালি
মানুহবোৰ গাড়ীৰ খুন্দাত মৰে, নিশা শান্তিৰে শুব নোৱাৰাৰ বাবে মৰে,
ধোঁৱা-ধূলিয়ে হাঁওফাও বোৰ গেলাই পেলোৱাৰ বাবে মৰে, খোজ নেকাঢ়ি গাড়ীত উঠি
ফুৰাৰ বাবে চুগাৰ প্ৰেচাৰ হৈ মৰে।
আৰু আলিটো! সি মৰা অজগৰ এটা হ’ল আজিকালি।
☆★☆★☆
No comments:
Post a Comment