আৰু চাৰিবেৰৰ মাজত বন্ধ,
অন্ধতাৰ গৌৰৱেৰে উদ্ভাসিত,
গান্ধাৰী;
শত পূত্ৰৰ মৃত্যুৰ যান্ত্ৰণাতকৈয়ো ভয়াবহ
হয়তো নিজকে হেৰুৱাৰ বেদনা,
মৰুৰ দেশৰ প্ৰখৰ তাপে
কঠোৰ কৰা প্ৰাণ,
হব পাৰে তোমাৰ।
ক্ষমতাৰ ৰাগীত মতলীয়া মানুহবোৰে;
তৈয়াৰ কৰা নিয়মবোৰত
তুমি তথাপিও উত্তীৰ্ণ,
ৰাজৰাণী, সতী, মহিয়সী নাৰী
আৰু কিবা কিবি!!
সেয়েহে নাই তোমাৰ অধিকাৰ,
নিজকে জুমি চোৱাৰ!
যোৱা গান্ধাৰী,
আকৌ এবাৰ প্ৰতীয়মান কৰা,
নিজকে;
নীতিপালকৰ অহেতুক সমাজত!
তেওলোকৰ নিৰ্ধাৰিত পৰীক্ষাৰে।
পূত্ৰহন্তা পাণ্ডৱক হাঁহি মুখে আদৰি
প্ৰমান কৰা তোমাৰ ব্যক্তিত্ব!!
নুখুলিবা তোমাৰ চকুৰ আঁৰ কাপোৰ,
খুলিলেও লাভ নাই,
ৰৈ আছে কলীয়া কানাই,
ৰূধিবলে তোমাৰ সুপ্ত দাবানল।
কেৱল কালিলৈ মোক নকবা,
তুমি নিপীড়িতা, শোষিতা, নিষ্পেষিতা!
নিৰ্যাতিতা!
কাৰণ মই এতিয়া ইতিহাস লিখিম,
তোমাৰ কথাৰে মোৰ,
ঐতিহ্যৰ গৰিমা বখানিম !
তোমাৰ বাবে এৰি দিম বাৰু তাৰে দুখিলা পাত,
মানুহ হৈ এদিনো জীয়াই থাকিব নোৱাৰাৰ দুখ
পাহৰি যোৱাৰ সুবিধা অকণ দিম,
যুগ যুগ ধৰি মানুহে তোমাৰ সাধুকথা শুনিব,
চালাম থুকিব!!
আৰু কি লাগে গান্ধাৰী?
আমাৰ অন্ধ চকু দেখি অন্ধ হোৱাৰ বিনিময়ত?
No comments:
Post a Comment