Showing posts with label শিশুৰ পদ্য. Show all posts
Showing posts with label শিশুৰ পদ্য. Show all posts

Wednesday, January 6, 2016

বাঘ আৰু বান্দৰ


বাঘ এটা গৈ আছিলে মাৰি তামাম চাল,
ষ্ট্ৰাইপৱালী ড্ৰেছ পিন্ধি, স্পাইকৱালী বাল।
কোনে জানো খান্দি থৈছিল দ এটা গাঁত,
বাঘ বপুৰা ধাৰামকৈ পৰিলগৈ তাত।
জাঁপ মাৰি, ৰলিং কৰি চেষ্টা বহুত দিলে,
কোনোপধ্যে গাঁতৰ পৰা ওলাব নোৱাৰিলে।

Tuesday, February 18, 2014

ড’ৰেমন আৰু জিয়া (অকবত প্ৰকাশিত)

সেইদিনা স্কুল বন্ধ আঠাইছ নৱেম্বৰ,
ৰেমন পুৱাতে আহি ওলাল আমাৰ ঘৰ;
ফোঁপাই জোপাই ঘট ঘটকে পানী গিলাছ খাই,
সুধিলে সি দেশৰ খবৰ গম পাৱনে নাই?
মই কলো এইকেইদিন ওলোৱা নাই ভাই,
পৰীক্ষা আহি আছে, পঢ়া হোৱা নাই।