দাপোনখনত এখন ছৱি!
কি বা কয় তাক মান্য অসমীয়াত?
মনত পৰিল ৰব- ‘প্ৰতিবিম্ব’;
আকৌ ভালকৈ লিখো,
দাপোনখনত এটা প্ৰতিবিম্বৰ সাধুটো কব খুজিছিলো।
এটা নে দুটা ছাঁ?
দুটাই হব পায়।
ছাঁ-পোহৰৰ খেল চলিছিল,
ৰব! নে বিম্ব প্ৰতিবিম্বৰ?
আকৌ লাগিল নহয় খেলিমেলিখন।
ৰব! প্ৰথমতে সাধুটো কও, তাৰ পাছত ভাৱিম!
দাপোনত প্ৰতিবিম্ব দুটা গলিছিল বৰফৰ দৰে।
গৰমত!!
নে ভয়ত? অনিশ্চিত!
পিছে সাধুটো তেনেই ছুটি,
মাত্ৰ দুটা শাৰীতে শেষ!
চোতালত,
আইতাৰ কোলাত,
আৰামেৰে শুই শুই শুনিব পৰা সাধু নহয়।
থিয়ৈ থিয়ৈ একেঘোটে ‘বটমচ আপ’ কৰিব লাগিব।
বহু চেষ্টা কৰিও সাধুটো দীঘল কৰিব পৰা নাই মই।
কিন্তু তাৰ আগতে আৰু এটা প্ৰশ্নৰ উত্তৰ বিছাৰিব
লাগিব,
তেহে সোৱাদ লগা হব সাধুটো।
জানিব লাগিব আমি দাপোনখন কেনে আছিল?
উত্তল? নে অবতল? নে সমতল!
উত্তল হ’লেই ভাল।
উত্তল দাপোনত প্ৰতিবিম্ব অনুভৱ হোৱাতকৈ ওচৰত থাকে বোলে!
কিন্তু মই নিশ্চিত নহয়! দাপোনখন অবতলো হব পাৰে,
তেতিয়া আকৌ ওলোটা হব ঘটনাটো!
হলেনো কি হ’ল? সাধুটোহে আচল।
সকলো কথাৰে বৈজ্ঞানিক ব্যাখ্যাৰ প্ৰয়োজনেই বা কি?
সাধুটো ছাঁ –পোহৰ আৰু দাপোনত এটা প্ৰতিবিম্বৰ!
এতিয়া কেৱল প্ৰতিবিম্ব এটা নে দুটা?
কথাটো ভালকৈ জানিলেই,
মই কব পাৰিম সাধুটো!
একে উশাহতে।
No comments:
Post a Comment