ৰঙচুৱা আবেলি এটাত,
আমি বহিছিলো, শুক্লেশ্বৰ ঘাটৰ সেউজীয়া চিৰিত |
তোমাৰ কোলাত মুখ গুজি সুধিছিলিো,
- “মোক ভাল পোৱা?” “ কিয়?”
- “কাৰণ , তুমি যে মোৰ কেছুৱা,
আৰু উস্!!!!!,
আৰু উস্!!!!!,
তুমি বৰ দুষ্ট কেছুৱা |”
আবেলিতো, সন্ধিয়া সন্ধিয়া হৈ গ’ল ,
তীব্ৰ বেগে গুছি গ’ল ঘৰ্মাক্ত কেন্টাৰ,
কষ্টাৰ্জিত পাপৰ বোজা বিগ্ৰহক গতাই,
যাবলে ওলাল মন্দিৰৰ দৰ্শনাৰ্থী |
আৰু ওঁঠত লিপস্টিক সানি সাজু হ’ল বেশ্যাকেইজনী ,
এৰাতি নতুন পাপ গোটাবৰ বাবে|
আৰু , তেনেতে..
তোমাৰ দুবাহুত গজি উঠিল দুখনি শুভ্ৰ পাখি,
তোমাৰ গাৰ ইভানাৰ সুগন্ধ, শেৱালী শেৱালী হৈ গ’ল,
তুমি এজনী পৰী হৈ গ’লা – মোৰ পৰী;
তোমাৰ হাতত ধৰি, ওপঙি উঠিলো মই ;
তলত অভিসাৰ নিশাৰ গুৱাহাটীৰ |
ব্ৰহ্মপুত্ৰখন শুবলে ওলাইছিলেই,
বালিবোৰেহে খেলি আছে তৰাৰ পোহৰত,
এখন দুখনকৈ বন্ধ হ’ল উজান বজাৰৰ দুৱাৰ ;
হোস্টেলত সোমাৱাৰ সময় হ’ল, কাৰোবাৰ প্ৰেয়সীৰ |
স্ট্ৰীট লাইটবোৰ জ্বলিছে আপোনমনে ,
এন্ধাৰ আঁতৰোৱাৰ কি হা্স্যকৰ প্ৰচেষ্টা |
ভৰলূৰ পৰা অনুৰাধালৈকে অগবাঢ়ি গ’লো আমি ,
গনেশগুৰি তেতিয়া মৃত |
জালুকবাৰীত অলপ অচৰপ যৌবনৰ বতাহ তেতিয়াও আছিল,
যেতিয়া,
পল্টন বজাৰৰ পৰা ওলাই গ’ল শেষখন নাইট চুপাৰ |
“বলানা আৰু অলপ উঁৰো,
জী লও শেৱালী শেৱালী উশাহ’
অকণমান যেন কাজলসনা বিৰক্তি তোমাৰ দুচকুত,
“দেৰি হ’ল বহুত, মই এতিয়া যাও – আৰু অনুৰোধ নকৰিবা প্লীজ”
তুমিতো আৰু মোৰ দৰে দ্বায়িত্বজ্ঞানহীন নহয় |
তুমি যাবলে ওলালা, আৰু ক্ৰমান্বয়ে …
মোৰ চাৰিওকাষে গজি উঠিল , চাৰিখন কদৰ্য্য দেৱাল |
লগতে প্ৰাচীন সেই কেচেমা কেচেম গোন্ধ |
তুমি উঠি গ’লা, খাৰুৰ জনজননি তুলি
তোমাৰ ওৰ্ণাখনে আঁচুৰি গ’ল মোৰ মুখ,
বিদায় বেলাৰ উপহাৰ,
ৰাতিতো জীয়াই থকাৰ সমল;
“কালিলৈ আহিবানে ??”
- “আহিম , কিন্তু ;
দিনত আকৌ তুমি কেছুৱা হৈ নেথাকা নহয়|”
চিৰন্তন সেই আভিযোগ |
তুমি যোৱাৰ ফালে চাই,
মলিয়ন কম্বলখন গাত মেৰিয়াই ললোঁ,
শৰ্বৰী !!!!
তুমি আঁতৰি গলেই নিস্ব হৈ যাও কিয়???
(বি. দ্ৰ. তেতিয়া শুক্লেশ্বৰ ঘাটত চিলড্ৰেন পাৰ্ক নাছিল,
আছিল আন বহু কিবা কিবি ; যিবোৰ এতিয়া নাই)
No comments:
Post a Comment