ৰিণ্টুৱে কুৱেইটৰ সাগৰৰ মাজৰ তেলখাদৰ পৰা হোৱাটচএপত
এগালমান অদৰকাৰী মেচেজ দি থকাৰ মাজতে ক'লে.....
-"দাদা, ৰাভাদেউ
এদিনৰ কাৰণে আহিছিল, কাইলৈ পুৱাতে যাবগৈ।"
কি ভাৱি ক'লে কব নোৱাৰো, কিন্তু মেচেজটো পায়েই মই ফোনটো সামৰিব লগা হ'ল
কি ভাৱি ক'লে কব নোৱাৰো, কিন্তু মেচেজটো পায়েই মই ফোনটো সামৰিব লগা হ'ল
********
এনেকৈয়ে আহি থাকিবা
তুমি বিষ্ণু ৰাভা,
কেতিয়াবা জ্যোতিকো ক'বা
আহিবলৈ,
মহাপুৰুষ দুজনাকো জনাবা
কথাটো,
ৰসৰাজ, ভূপেনদাকো লগতে।
কেৱল এটা কথা,
মাত্ৰ এদিনীয়াকৈ আহিবা,
আমাৰ বৰ নাটনি
সময়ৰ।
বছৰেকীয়া শ্ৰাদ্ধৰ
দিনাই আহিলে ভাল,
সেইদিনা আমি ঢাক ঢোল
বজাই তোমাক সুৱঁৰিম।
টেটু ফালি চিঞৰিম
'বিষ্ণু ৰাভা এতিয়া
কিমান ৰাতি?'
বা পৰকীয়া প্ৰেমিকাৰ
চকুত চকু থৈ গাম
'পৰজনমৰ শুভলগনত...'
বাচ............
তাৰ পাছত আমি আকৌ
ব্যস্ত হব লাগিব
আমাৰ 'মহৎ' কামত।
তোমাক সুঁৱৰি চিঞৰি
থাকিলে
ভৰিবনে পেট কাৰোবাৰ?
তুমি নুবুজিবা ৰাভা,
এতিয়া যুগ সলনি হ'ল।
এতিয়া পেট ভৰোৱাৰ যুগ,
পৰৰ কেচুৱাৰ মুখৰ ভাত
কাঢ়ি,
ঘৰৰ বিদেশী কুকুৰটোক
খুওৱাৰ যুগ।
কলেজত প্ৰথম বাৰ্ষিকতে,
মাত্ৰ দামী ষ্মাৰ্ট ফোন
এটাৰ বাবে
হেলাৰঙে এৰাতিৰ বাবে বেশ্যা হোৱাৰ যুগ।
তোমাৰ সাম্যবাদ, তোমাৰ
তাণ্ডৱ, তোমাৰ তেজক লৈ
এতিয়া ৰাজনীতি কৰাৰ যুগ।
তথাপিও তুমি আহিবা
ৰাভা,
এনেই এবাৰ ফুৰি আহো
বুলি,
তুমি ভাল পোৱা দেশখনলৈ,
যাৰ বাবে প্ৰাণ দিলা,
সেই মানুহবোৰলৈ।
কিন্তু , ..........
বাচ, ..................
মাত্ৰ এদিনৰ বাবে।
মালা পিন্ধি, ভাষণ
শুনি, তুমি লিখা গান শুনি, আবৃত্তি শুনি,
লগতে অলপ অচৰপ ঘৰিয়ালৰ
চকু পানী চাই,
পিছদিনা কালিহী-কালিহী
পুৱাতে ঘুৰি যাবা।
নহ'লে তুমি দুখ পাবা ৰাভা,
বৰ দুখ পাবা।
বি. দ্ৰ.:- কবিতা লিখিব
নেজানো, এনেই মন গ'ল কাৰণে শাৰীবোৰ কবিতাৰ দৰে সজাই দিছো। এইয়া এক দুখ মাথো, ইয়াক কবিতা হিচাপে মূল্যাংকণ নকৰিবলৈ অনুৰোধ
থকিল।
No comments:
Post a Comment