Sunday, August 16, 2026

মাইকেল দ ফিল্ম

কেইবাদিনো খেপিয়াই খেপিয়াই আজি মাইকেল চিনেমাখন চাই শেষ কৰিলোঁ- মাইকেন জেকচনৰ বায়’পিক। প্ৰায় মিউজিকেল চিনেমা বুলিব পাৰি, চিনেমাখনত মাইকেল জেকচনৰ “Rise to Fame” ৰ ঘটনাক্ৰম দেখুৱা হৈছে। মোৰ ৰুচি অনুযায়ী উপভোগ্য চিনেমা- মই বায়’পিক সাধাৰণতে জাম্প কৰি কৰি চাও- কিন্তু মাইকেলৰ কিছুমান দৃশ্য ঘুৰাই ঘুৰাই চাইছোঁ! এটা কথাই কও- চিনেমাখন নিৰ্মাণ কৰোঁতে বিতৰ্কবোৰ এৰাই চলি- মাইকেল জেকচনক ভাল পোৱা মানুহখিনিক উদ্দেশ্য কৰিয়েই চিনেমাখন নিৰ্মাণ কৰা হৈছে। মাইকেল জেকচনক আমি সংগীতৰ বাবে মনত ৰাখিব খোজোঁ- তেঁওৰ জীৱনৰ বিতৰ্কবোৰৰ বাবে নহয়। চিনেমাখনত তাৰেই এটা সচেতন প্ৰচেষ্টা চলোৱা হৈছে। তেখেতৰ জীৱনৰ নেতিবাচক কথাবোৰো কেৱল চুই যোৱা হৈছে, বৰ বেছিকৈ দেখুৱাই তিক্ততাখিনি অনিব খোজা নাই- লগতে একেবাৰে প্ৰপাগাণ্ডা মুভিৰ দৰে মাইকেল জেকচনক সুৰ‍‍ক্ষাও দিয়া হোৱা নাই। বাকী বিদ্বৎমহলে জানিব- কিন্তু মোৰ দৰে সাধাৰণ মানুহে মাইকেল জেকচনক সুঁৱৰিবলৈ সুন্দৰ সুবিধা এটা দিছে- আৰু আমাৰ দৰে নদাই ভদায়ে ভালেই পাব চিনেমাখন। চিনেমাখন নিৰ্মাণ কৰিছে মাইকেল জেকচনৰ ভাতৃ জাৰমাইন জেকচনে আৰু নাম ভূমিকাত অভিনয় কৰিছে তেঁওৰেই ভতিজা জাফৰ জেকচনে। জাফৰৰ অভিনয় মোৰ ভাল লাগিল- দেখাত একেবাৰে মাইকেল জেকচন যেনেই লাগিছিল।


ইংৰাজী গান শুনিবলৈ শিকাৰ বয়সত পিছে মাইকেল জেকচন মোৰ প্ৰিয় শিল্পী নাছিল- গানছ‍্ এণ্ড ৰজেছ্- মেটেলিকা-এচি ডিচি আদিৰ সোৱাদত অভ্যস্ত আমাৰ কাণবোৰে মাইকেল জেকচনৰ পাতল কণ্ঠ ভাল নেপাইছিলোঁ। কিন্তু মাইকেল জেকচনৰ নাচ মানে মুনৱাক আমাৰ সময়ত বৰ জনপ্ৰিয় আছিল। গানবোৰৰ নাম জানিছিলোঁ- বা শুনিছিলো। কিন্তু আমাৰ ধাৰণা আছিল- মাইকেন জেকচনৰ গান ছোৱালীয়েহে শুনে- আমি এই প্ৰচণ্ড পুৰুষবোৰে কিয় ভাল পাম? মই মাইকেল জেকচনৰ এটাও কেছেট কিনা নাছিলোঁ- তাতকৈ “দিল হেঁ কে মানতা নেহিঁ” ৰ নাকীসুৰীয়া গানতে সংগীতৰ সুধা পান কৰিছিলোঁ।

 

প্ৰথম মাইকেল জেকচনে মোক ইম্প্ৰেছ কৰিছিল- The Earth Song গানটোৰে। গানটো আৰু তাৰ ভিজুৱেলছে সচকিত কৰি তুলিছিল- মই ইমানদিনে কি মিছ কৰি আছিলোঁ? তাৰ পাছত তেখেতৰ গান শুনা আৰম্ভ কৰিলোঁ- আৰু এসময়ত বুজি উঠিলোগৈ কিয় মাইকেল জেকচন পৃথিৱীৰ সকলোতকৈ জনপ্ৰিয় শিল্পী বুলি কোৱা হয়।

 

মাইকেল জেকচনে বিশ্বৰ বাবে গীতক সংগীত কৰি তুলিলে- গীত, নৃত্য, ব্যদ্য, অভিনয়ৰ সংমিশ্ৰণেৰে বিশ্বক কেৱল শ্ৰোতাৰ পৰা দৰ্শক কৰি তুলিলে- গীতক কেৱল কাণৰ বাদেও আনৰ ইন্দ্ৰিয়বিলাকেৰে গ্ৰহণ কৰাৰ পথ দেখুৱালে। আমাৰ বাৰু পুৰণা হিচাপত আছিলেই এনে কথা- কিন্তু বিশ্বত নাছিল। তেঁও শিকালে।

 

এইখিনি কথা লিখাৰ কাৰণ পিছে আগতে কোৱাখিনি নহয়, কাৰণ পৃথক। চিনেমাখন চাই থাকোঁতে মোৰ লাগিল- মাইকেল জেকচনৰ জুবিন গাৰ্গৰ সৈতে সাংঘাটিক সাদৃশ্য আছে। বিশ্বাস কৰক আছে।

 

মোৰ কিয় এনে লাগিল কৈছোঁ বাৰু- জুবিন গাৰ্গৰ সৃষ্টিৰ সময়খিনি একেলগে থকা মানুহখনিয়ে বিছাৰ কৰিব মই শুদ্ধ নে ভুল!

প্ৰথম প্ৰতিভাৰ কথাকে কও- জুবিন গাৰ্গ আৰু মাইকেল জেকচন, দুয়োৰে ভকেল ৰেঞ্জ ঈশ্বৰপ্ৰদত্ত ৰূপেই সাধাৰণ মানুহতকৈ ভাৱিব নোৱাৰে ধৰণে বৃহৎ আছিল। Michael Jackson possessed an exceptionally versatile and wide vocal range that spanned nearly four octaves (roughly from $E_2$ to $F_6$ or $F_\sharp6$). – জেমিনায়ে কোৱা কথা। জুবিন গাৰ্গৰ বি‍‍ষয়ে তেনে নিৰ্দিষ্ট তথ্য পোৱা নাই যদিও (কিয় পোৱা নাই? কোনে এইখিনি কাম কৰিব? আমিো যদি নকৰোঁ- কাৰ দৰকাৰ পৰিছে?  এইখিনি কথা কোনোবাই বিজ্ঞানসন্মত ভাৱে বিশ্বৰ আগলৈ অনা কি Justice for Zubeen Garg আন্দোলনৰ অংশ হোৱা উচিত নাছিল? নকও আৰু! )  - লতা মাংগেশকাৰ, চনু নিগম, বিশাল দাদলানি আদিয়ে কোৱা- আৰু বিদেশী বহু ভকেল এক্সপাৰ্টৰ মত- লগতে আমাৰ সকলোৰে অনুভৱৰ পৰা এইটো নিশ্চিত হয় যে- জুবিনৰ কণ্ঠ মাইকেল জেকচনৰ সমপৰ্যাযৰ আছিল- হয়তো বেছিও হব পাৰে, কাৰণ মাইকেল জেকচনে তেঁওৰ নিম্নস্বৰবোৰ গীতত বৰ কমেই ব্যৱহাৰ কৰিছিল।

দুইজনে গীত নিজে লিখিছিল- সুৰ কৰিছিল- গাইছিল, মিক্সিং মাষ্টাৰিঙত নিজে থাকি ঠিকঠাক কৰিছিল। মিউজিক এৰেঞ্জাৰ য’ত ৰৈ যায়, তাতে নিজৰ অসমান্য আইডিয়াৰে গীতটোক অনন্য কৰি তুলিছিল। জুবিন গাৰ্গৰ এই কথাবোৰ আমি ভাৰতৰ অন্যতম প্ৰতিভাৱান সংগীত নিৰ্দেশক অনুৰাগ শইকীয়াৰ প’ডকাষ্ট কিছুমানৰ জৰিয়তে শুনা পাইছোঁ। তেঁওৰ সৃ‍ষ্টিৰ সময়চোৱাত লগত থকা মানুহেহে আৰু ভালকৈ জানিব। তেওলোকে কব নিশ্চয়!  কিন্তু মোৰ অনুভৱৰ বাবে সেয়াই যথেষ্ট।

তাৰপাছত কম Midas Touch ৰ কথা- দুইজনেই, য’তে হাত দিছিল- সিয়ে সোণ হৈছিল। এই বিষয়ে কথা পতাৰ প্ৰয়োজনেই নাই।

কিছু পাৰ্থক্যও আছে মাইকেল জেকচন আছিল পাব্লিক পাৰফৰমেন্সৰ মানুহ, কিন্তু জুবিন গাৰ্গে বিশেষকৈ ষ্টুডিঅ’ৰ কামতহে বেছি গুৰুত্ব দিছিল। মোৰ একান্ত ব্যক্তিগত অনুভৱ দেই- ভুলো হব পাৰে। তাৰোপৰি মাইকেল জেকচনে জীৱনত ৩০০ মান গানহে কৰিছিল- জুবিন গাৰ্গে কি কৰিছিল আমি জানোৱেই

তাৰ পিছতে আহে ‌ফিলান্থ্ৰফী, জীৱ-জন্তু আৰু প্ৰকৃতিৰ প্ৰতি অনুৰাগ, সাধাৰণ মানুহৰ এজন হৈ জীয়াই থাকিব পৰা দক্ষতা, পতিতজনৰ প্ৰতি দায়িত্ববোধ- মাইকেল জেকচনে দুৰাৰোগ্য শিশুৰ বাবে কৰা কামবোৰৰ কথা চিনেমাখন চাইহে বুজিছোঁ- জুবিনে কৰাবোৰ আমি সকলোৰে চকুৰ আগতে হৈছে।

আচৰিত কথা, চেহেৰাতো বহুত মিল আছে- ক্ষীণ, স্কোৱাৰ ফেচ!

থাকিল বিতৰ্কবোৰৰ কথা- দুইজনৰে জীৱন বিতৰ্কৰেই ভৰি থাকিল। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে কিছুমান নিধকে সেই বিতৰ্কবোৰ উলিয়াই থকা দেখিছোঁ। নিধক মানুহৰ কথা পাতি পোষ্টটো নষ্ট নকৰোঁ। কিন্তু সেই বিতৰ্কবোৰে এজনকো সৃষ্টিৰ পথৰ পৰা আঁতৰাব পৰা নাছিল- সিয়ো এক সাদৃশ্যই। সকলো বিতৰ্কৰ উত্তৰ তেওলোকে এটা উপায়েৰেই দিছিল- নিত্য নতুন অমৰ সৃষ্টিৰে। এটা কথা সদায়েই কৈ আহিছো আৰু কৈ থাকিম, আমাৰ দৰে পথালি চকুৱা নৰ মনিচৰ জুবিন গাৰ্গ বা মাইকেল জেকচনক Judge কৰাৰ ক্ষমতা নাই- গতিকে নকৰিব।

আৰু শেষত আহিব সকলোতকে দুৰ্ভাগ্যজনক মিলটো- মাইকেল জেকচনেও ৫০ বছৰ বয়সতে এৰি গ’ল আমাক। জুবিনেও!!!

বহু কথা কবলৈ আছে- পিছে বৰ দীঘল হব। কোনোবাই আলোচনাটো আগবঢ়ালে সহযোগ কৰিম। শেষত মোৰ মনত অহা দুটা প্ৰশ্ন কৰোঁ

১। যদি জুবিন গাৰ্গৰ জন্ম অসমত নহৈ আমেৰিকাত হ’লহেতেন? যদি জুবিন গাৰ্গে ইংৰাজীত গীত গালেহেঁতেন? এনেই ভাৱকচোন!

২। আজি বিশ্বই যি ধৰণে মাইকেল জেকচনক আৱৰি ৰাখিছে বা ৰাখিব খুজিছে আমি পাৰিছোনে?

শেষত কও- এই পোষ্টটো পঢ়ি যদি আপোনাৰ অনুভৱ হৈছে যে – “কুছ ভী? কত মাইকেল আৰু আৰু ক’ত জুবিন গাৰ্গ?” বা “কোন মাইকেলৰ লগত আমাৰ জুবিনদাক তুলনা কৰিব আহিছ তই? ক’ত এই অধিকাৰ পালি?” 

তেনে এই পোষ্টটো আপোনাৰ বিচাৰ বু্দ্ধিৰ লেভেলতকৈ বহুত ওপৰৰ, অনুগ্ৰহ কৰি অভদ্ৰামি নকৰিব! মোৰ টাইমনলাইনত মই দিছো- মোৰ কথা। 

আৰু কোনোবাই যদি সঁচাকৈ দুজন মহান সংগীতজ্ঞ জুবিন গাৰ্গ আৰু মাইকেল জেকচনৰ মাজত কিবা মিল থাকিব পাৰে বুলি অনুভৱ কৰে- আহকচোন কথা পাতোঁ। জুবিন গাৰ্গ এনে আলোচনাৰেই থাকক আমাৰ মাজত- আলোচনাৰ অৰ্থ ওলোৱা সদায় জৰুৰী নহয়- আলোচনাৰ মাজতো জুবিন থাককচোন।

No comments:

Post a Comment