Wednesday, January 22, 2020

বতৰৰ লিমাৰিক

 (১)
লোল আৰু ইণ্টাৰনেচনেল খিলাড়ী একে লগে বহি;
লিখিছে সৰ্বহাৰাৰ কবিতা দুয়ো হাঁহি হাঁহি;
ইংৰাজীলে অনুবাদ হব,
হাইলেভেলত প্ৰকাশ পাব,
শুনি লোৱা কেকোঁৰা পাৰ্টি “তোহাৰ নিস্তাৰ নাহি”।

(২)
টেটুলেকে খাই উগাৰোতেই মোৰ মনত পৰিল,
আজিচোন শ্ৰেণী সংগ্ৰাম কৰিবলৈকে থাকিল;
জ্বালাময়ী ভাষাৰে,
সৰ্বহাৰাৰ দুখেৰে,
লিখি দিলো এটা কবিতা, মাথোঁ দহ মিনিট লাগিল।

(৩)
কেঅ’ছ থিয়ৰী, পীছ কনফ্লিক্ট পঢ়িলো ভাগে ভাগে,
পঢ়া শুনা জোখতকৈ অলপ বেছিয়েই হ’ল চাগে;
জ্ঞানে কৰে পেটত লৰফৰ,
ওলাবলৈ লগাইছে খৰধৰ,
থিয়ৰীবোৰ সিঁচিবলেকে মোক পথাৰ এখন লাগে।



(৪)
কাজিয়া ভঙা মোৰ ব্যৱসায়, তুমি হয়তো নাজানা,
কাজিয়া লাগিলেই আহি থাকে মোৰ মোটা খাজানা;
দেশত যদি শান্তি হয়,
হাই কাজিয়া বন্ধ হয়,
মোৰ দোকান কেনেকে চলিব তুমিয়েই কোৱানা!

(৫)
নামে চেহেৰাই তেও অসমীয়া কলা-সংস্কৃতিৰ চৰ্দাৰ,
বঁটা-বাহন, মেল মীটিং সকলোফালে তমস্কাৰ,
এজেণ্ডা তেওৰ হিডেন,
অসমৰ হব লাডেন,
চহৰতে বহি চলাই আছে সুবিধাবাদৰ দৰবাৰ।

No comments:

Post a Comment