Wednesday, January 22, 2020

অকবিতা

(১) = প্ৰেম=

মোলৈ হোৱাটএপচ কল কৰিবা সোণজনী;
মোৰ প্ৰিয়তমা পত্নীয়ে,
ফোনটো এনগেজ থাকিলে
সন্দেহ কৰে!

(২) =ভোক=

আস! ভোকৰ কি যান্ত্ৰণা!!
ইফালে ঘৰত মেগী এপেকেটো নাই।
কাষৰ ঘৰৰ খুড়ীয়ে
চাহ খাবলৈ মাতিব বুলি
বাট চাই থাকোতে,
বেলি দেখোন মুৰৰ ওপৰেই পায়।
খুড়ীওচোন আজি,
বাৰান্দালেকে ওলোৱা নাই।


(৩) =পৰীক্ষা=

নাই, এইবাৰো নহ'ল পঢ়া!
অহাবছৰ কিন্তু ৰক্ষা নাই,
পাৰ্টি, গাৰ্লফ্ৰেণ্ড সকলো বাদ।
অকল পঢ়িম আৰু পঢ়িম!
পাছ কৰিবই লাগিব মই,
অহাবাৰ!
কেতিয়াবা ভাৱ হয়,
কবিৰাজ কেইটাৰ লগ লোৱাই
ভাল আছিল নেকি?
তেতিয়াই!

এতিয়া মূল কথালৈ আহো। ধৰি লওক, ওপৰৰ পংক্তি কেইটা 'অ-কবিতা' নহয়, একদম পুৰাপৰি ফুল ফ্লেজেড 'কবিতা'। তেনে কি হ'লহেতেন! এই কবিতাই কিমান যে মানুহৰ অন্তৰ চুই গ'লহতেন! কিমান যে পাঠকে নিজকে বিছাৰি পালেহেতেন এই শাৰী কেইটাৰ মাজত! কিমান নতুন নতুন কবিতা পঢ়া মানুহৰ সৃষ্টি হ'লহেতেন।

অসমত যে কবিতা লিখা মানুহ বেছি, পঢ়া মানুহ কম, সেই সমস্যাটো চাগে চিৰদিনৰ বাবেই নোহোৱা হৈ গ'লহেতেন!

(আৰু কেইটামান আছে লিখা, কিন্তু ৰাজহুৱা ঠাই কাৰণে ইয়াত দিয়া নাই)

*****

লিখি থাকোতেই এটা প্ৰশ্ন জাগিল,
'অ-কবি' আৰু 'অ-কবিতা' বাৰু থাকে বুলি জানো, কিন্তু 'অ-সাহিত্যিক' বা 'অ-শিল্পী' শব্দদুটা শুনা কেতিয়াও নাইচোন!

No comments:

Post a Comment